গুলাব বাই

গুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী। নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী। বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে। তেওঁ দা গ্ৰেট গুলাব থিয়েটাৰ কোম্পানী নামেৰে সফল নৌটংকীৰ দল প্ৰতিষ্ঠা কৰিছিল। ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

গুলাব বাই
জন্ম ১৯২৬
বালপূৰ্ব, কনৌজ জিলা, উত্তৰ প্ৰদেশ, ভাৰত
মৃত্যু ১৯৯৬
অন্য নাম গুলাব জান
পেচা মঞ্চ শিল্পী
লোক সংগীতশিল্পী
জনা যায় নৌটংকীৰ প্ৰথম মহিলা শিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ১৯৯০

প্ৰাৰম্ভিক জীৱন

১৯২৬ চনত ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ফাৰুকাবাদ জিলাৰ বালপূৰ্বা গাঁৱত গুলাব বাইৰ জন্ম হৈছিল। বিনোদনমূলক অভিনয়ৰ লগত জড়িত পিছপৰা বেদিয়া সম্প্ৰদায়ৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ১৯৩১ চনত তেওঁ কানপুৰ ঘৰানাৰ ওস্তাদ ত্ৰিমোহন লাল আৰু হাথৰাস ঘৰানাৰ ওস্তাদ মোহম্মদ খানৰ অধীনত আনুষ্ঠানিক ভাবে সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

কৰ্মজীৱন

মাত্ৰ তেৰ বছৰ বয়সতে তেওঁ ত্ৰিমোহন লালৰ নৌটংকীৰ যোগদান কৰি অভিনয় আৰম্ভ কৰিছিল। এই ধৰণৰ শিল্পকলাৰ তেওঁ প্ৰথম মহিলা পৰিবেশক আছিল। অতিশীঘ্ৰে তেওঁ সংগীতৰ এক স্বতন্ত্ৰ শৈলীৰ উন্নয়ন সাধে আৰু গুলাব জান হিচাপে প্ৰসিদ্ধি লাভ কৰে। তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা অনুভৱ কৰি তেওঁ নিজাকৈ দা গ্ৰেট গুলাব থিয়েটাৰ কোম্পানী নামেৰে এটা নৌটংকী দল প্ৰতিষ্ঠা কৰে। কিন্তু ইয়াত তেওঁৰ গুৰু ত্ৰিমোহন লালৰ মত নাছিল। গুলাব বাইৰ নৌটংকী দলৰ যাত্ৰা আৰম্ভণিৰ লগে লগেই সফলতা মুখ দেখা পায়। কোম্পানীৰ পৰিচালনাৰ দায়িত্ব আৰু বয়সৰ বাবে তেওঁ ১৯৬০ৰ দশকত তেওঁ নিজা ৰাজহুৱা পৰিবেশন কমাবলৈ বাধ্য হৈছিল। তাৰপিছত তেওঁ তেওঁৰ সৰু ভগ্নী সুখবদনক নৌটংকীৰ মুখ্য চৰিত্ৰৰ অভিনেত্ৰী হিচাপে উপস্থাপন কৰিবলৈ লয়। পিছলৈ সুখবদন নন্দ গুহ নামেৰে জনা যায়। কালক্ৰমত তেওঁ নিজৰ অভিনয় আৰু পৰিবেশন ক্ষমতাত এগৰাকী বিখ্যাত অভিনেত্ৰী তথা পৰিবেশক হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল।গুলাব বাইৰ কন্যা মধুয়ো এগৰাকী নৌটংকী শিল্পী। তেওঁৰ জীৱনৰ শেষৰ ফালে শিল্পৰূপ হিচাপে নৌটংকীৰ আবেদন ধীৰে ধীৰে লোপ পায়।

বঁটা আৰু সন্মান

১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।. দীপ্তি প্ৰিয়া মহাপাত্ৰৰ গুলাব বাই: দা কুইন অফ নৌটংকী নামেৰে তেওঁৰ জীৱনী পেংগুইন ইণ্ডিয়ায়ে প্ৰকাশ কৰিছে। ২০১৪ চনত তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন এখন নাটক কানপুৰত মঞ্চস্থ কৰা হৈছিল।

মৃত্যু

১৯৯৬ চনত ৭০ বছৰ বয়সত গুলাব বাইৰ মৃত্যু হৈছিল।

তথ্যউৎস

বাহ্যিক সংযোগ

Tags:

গুলাব বাই প্ৰাৰম্ভিক জীৱনগুলাব বাই কৰ্মজীৱনগুলাব বাই বঁটা আৰু সন্মানগুলাব বাই মৃত্যুগুলাব বাই তথ্যউৎসগুলাব বাই বাহ্যিক সংযোগগুলাব বাইপদ্মশ্ৰীভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

দৰ্শনসাঁচিপাতত্ৰিভুজঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসূৰ্যকুমাৰ ভূঞাসালোক সংশ্লেষণমহেন্দ্ৰ বৰাবাণীকান্ত কাকতিপৰিয়ালমাটিৰ হিচাপঅসমত দেখা পোৱা মাছৰ তালিকাগায়ত্ৰী মহন্তধৰ্মউপেন্দ্ৰনাথ গোস্বামীবিজ্ঞাপনউদ্ভিদচ'মাংকানহেমচন্দ্ৰ গোস্বামীপ্ৰথম বিশ্বযুদ্ধদ্বিতীয় বিশ্বযুদ্ধঅসমৰ সাহিত্যিকসকলৰ তালিকাআমদশৰথদৰং জিলাদীৰ্ঘেশ্বৰী দেৱালয়মিচিং জনগোষ্ঠীৰ সাজপাৰকাল সংহতিঘৰচিৰিকাসত্ৰশ্ৰীমদ্ভগৱতগীতাকাৰেংঘৰমই আৰু নেফাকোষ (জীৱবিজ্ঞান)ঢোলব্ৰহ্মপুত্ৰ নদমাধৱ কন্দলিবৌদ্ধ ধৰ্মভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমহাকাব্যআনন্দৰাম ঢেকিয়াল ফুকনবিপৰীতাৰ্থক শব্দযনিভাৰতীয় শিল্পকলাশৰাইঘাট দলংচকৰি ফেঁটী বুৰঞ্জীলোকসভাআহোম ৰাজবংশকম্পিউটাৰ হাৰ্ডৱেৰনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯চিৰ চেনেহী মোৰ ভাষা জননীভাষাৱেবছাইটখিলঞ্জীয়া লোকবেটুপাতওড়িয়া ভাষাঅসমৰ চাহ জনগোষ্ঠীঅসমীয়া ভাষা উন্নতি সাধিনী সভাগান্ধীবাদপাইথাগোৰাছৰ উপপাদ্যসদৌ অসম ছাত্ৰ সন্থামৈদামদেউৰী জনগোষ্ঠীমঙ্গলদৈ (লোকসভা সমষ্টি)চিলাৰায়অসমৰ ৰাজ্যপালসকলৰ তালিকাডিব্ৰুগড় জিলাবিঘাবানপানীমহামায়া ধামমঙ্গল গ্ৰহবক ফুলদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰবিৰিঞ্চি কুমাৰ বৰুৱাজাপিপ্ৰাকৃতিক দুৰ্যোগ🡆 More