গাও চ্যিংজিয়ান

গাও চ্যিংজিয়ান (高行健 চীনা ভাষাত, ইংৰাজী: Gao Xingjian; জন্ম: ৪ জানুৱাৰী, ১৯৪০) এগৰাকী চীনা ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু অনুবাদক। ২০০০ চনত তেওঁক “সাৰ্বজনীন বৈধতা, সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু ভাষিক নিৰ্মাণ কুশলতা”ৰ বাবে সাহিত্যৰ ন’বেল বঁটা প্ৰদান কৰা হয় তেওঁ এগৰাকী বিখ্যাত অনুবাদক, চিত্ৰনাট্যকাৰ, মঞ্চনাট পৰিচালক আৰু প্ৰসিদ্ধ চিত্ৰশিল্পী।

গাও চ্যিংজিয়ান
গাও চ্যিংজিয়ান
২০১২ চনত গাও
জন্ম ৪ জানুৱাৰী, ১৯৪০ (৮৪ বছৰ)
গুৱানজ’, জিয়াংচ্যি, চীন
পেচা
  • ঔপন্যাসিক
  • নাট্যকাৰ
  • সমালোচক
  • অনুবাদক
  • চিত্ৰনাট্যকাৰ
  • পৰিচালক
  • চিত্ৰশিল্পী
ভাষা চীনা
নাগৰিকত্ব গাও চ্যিংজিয়ান চীন (1940–49)
গাও চ্যিংজিয়ান চীন (1949–98)
গাও চ্যিংজিয়ান ফ্ৰান্স (since 1998)
মাতৃশিক্ষায়তন বেইজিং ফ’ৰেইন ষ্টাডিজ ইউনিভাৰচিটি
ধৰণ এবছাৰ্ডিজিম
উল্লেখনীয় কৰ্মৰাজি এবচ্যলিউট ছিগনেল (১৯৮২)
দ্য বাছ ষ্টপ (১৯৮৩)
ৱাইল্ড মেন (১৯৮৫)
দ্য আডাৰ শ্ব’ৰ (১৯৮৬)
চউল্‌ মাউন্টেইন (১৯৯০)
উল্লেখযোগ্য বঁটা সাহিত্যৰ ন’বেল বঁটা
(২০০০)
দাম্পত্যসংগী ৱেং চুৱেজুন (王学筠); বিবাহ বিচ্ছেদ

গাওৰ জন্মস্থান চীনত তেওঁৰ নাটকক ‘মৌলিকভাৱে অযৌক্তিক’ প্ৰকৃতিৰ আৰু ‘প্ৰগতিৰ পুৰোধা’ বুলি গণ্য কৰা হয়। এবচ্যলিউট ছিগনেল (১৯৮২) চীনা পৰীক্ষামূলক থিয়েটাৰত এক সফলতা আছিল। দ্য বাছ ষ্টপ (১৯৮৩) আৰু দ্য আডাৰ শ্ব’ৰৰ (১৯৮৬) প্ৰযোজনা চীনা চৰকাৰে বন্ধ কৰি দিছিল, প্ৰশংসিত ৱাইল্ড মেন (১৯৮৫) চীনত ৰাজহুৱাভাৱে প্ৰদৰ্শিত তেওঁৰ অন্তিম কাম। তেওঁ ১৯৮৭ চনত দেশ ত্যাগ কৰে আৰু দ্য আডাৰ শ্ব’ৰ পৰা তেওঁৰ নাটকসমূহ ক্ৰমবৰ্দ্ধমান ৰূপে সাৰ্বজনীন (চীনাৰ সলনি) উদ্বেগৰ ওপৰত কেন্দ্ৰীভূত হয়, কিন্তু তেওঁৰ ১৯৮৯ চনৰ নাটক এক্সাইলে চীন আৰু বুদ্ধিজীৱীৰ চিত্ৰণৰ বাবে চীনা চৰকাৰ আৰু ‘বিদেশী গণতন্ত্ৰ আন্দোলন’, উভয়ৰে ৰোষৰ বলি হৈছিল। ১৯৯৮ চনত তেওঁক ফৰাছী নাগৰিকত্ব প্ৰদান কৰা হয়।

গাওৰ প্ৰভাৱৰ ভিতৰত আছে ধ্ৰুপদী চীনা অপেৰা, লোক সংস্কৃতি, আৰু বিংশ শতিকাৰ ইউৰোপীয় নাটক যেনে এণ্টনিন আৰ্টআউড। ১৯৮৭ চনত তেওঁ কৈছিল যে, এজন লেখক হিচাপে তেওঁক প্ৰাচাত্য আৰু প্ৰাচ্য সংস্কৃতিৰ মিলনবিন্দু ৰূপে ৰাখিব পাৰি। অৱশ্যে তেওঁ এজন অতি অন্তৰ্মুখী ব্যক্তি আৰু পিছত তেওঁ দাবী কৰিছিল যে, "ৰাজনীতি বা সাহিত্য যিয়েই নহওঁক কিয়, মই কোনো দল বা সংগঠনত বিশ্বাস নকৰোঁ বা এইবোৰ একোৰে সৈতে সম্পৰ্ক নাৰাখোঁ, জাতীয়তাবাদ আৰু দেশপ্ৰেমো ইয়াৰ অন্তৰ্ভুক্ত।" তেওঁৰ গদ্য ৰচনাবোৰ চীনত কমকৈ প্ৰচলিত; কিন্তু ইবোৰ ইউৰোপ আৰু পশ্চিমৰ আন ঠাইত উচ্চ ভাৱে প্ৰশংসিত। ন’বেল বঁটা ঘোষণাত চ্যিংজিয়ানৰ চউল্‌ মাউন্টেইন ৰ উল্লেখ বিশেষভাৱে কৰা হৈছিল।

যুদ্ধৰ সময়ৰ চীনত, ১৯৮০ চনত জিয়াংচ্যিৰ ওচৰৰ গুৱানজ’ত গাও চ্যিংজিয়ানৰ জন্ম হৈছিল। গাওৰ মূল পৈতৃক গৃহ চহৰ হ’ল জিয়াংচুৰ টাইজ’ত আৰু জেজিয়াঙত আছিল তেওঁ মাতৃশিপা। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁৰ পৰিয়াল তেওঁক লৈ নানজিংলৈ উভতি আহে। তেওঁ ১৯৯৮ চনৰ পৰা এজন ফৰাচী নাগৰিক হৈ আছে। ১৯৯২ চনত ফৰাছী চৰকাৰে তেওঁক শ্বিভেলিয়ে দ ল’অৰ্ড দি আৰ্টছ এ দি লেটাৰচ্‌ বঁটা (Chevalier de l'Ordre des Arts et des Lettres) প্ৰদান কৰে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

জয়সাগৰ পুখুৰীস্বামী বিবেকানন্দপ্ৰদূষণডিব্ৰুগড় (লোকসভা সমষ্টি)ভৌগোলিক স্বীকৃতিঅসম আৰক্ষীহাই নান্নাভূমি প্ৰদূষণকাছঅসমৰ কাঁহ শিল্পঅসমৰ ধান খেতিৰ সঁজুলিসমূহআত্মসহায়ক গোটআজান পীৰভঠেলিমেলেৰিয়াতৰাগছআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যালখিমপুৰ জিলাআঙঠি পিন্ধোৱাঅম্বিকাগিৰি ৰায়চৌধুৰীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমঙ্গলদৈ (লোকসভা সমষ্টি)হস্তমৈথুনউদ্ভিদগৱেষণালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানফকৰা যোজনাসাগৰ দেখিছা (কবিতা সংকলন)ৰজনীকান্ত বৰদলৈশৰ্কৰাকণী যুঁজলিংগভিত্তিক অধ্যয়নভগ্নাংশ (গণিত)ঘৰঅসমৰ গামোচাআহোম বিবাহ পৰম্পৰানেতাই ধুবুনী ঘাটঅব্যয় পদযাদৱ পায়েংশাল গছকনকলতা বৰুৱালীলা গগৈঅসম সাহিত্য সভাচৰিত পুথিমুঠিখাৰুকুকুৰামানৱ ভূগোলসুশোভন সোনু ৰায়সূৰ্যপুতলা নাচলাচিত বৰফুকনপিঠাধ্বনিতত্ত্বৰামধেনুঅসমৰ ৰাজ্যপালসকলৰ তালিকাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যদীপলিনা ডেকাপূৰবী বৰমুদৈৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান১৯ এপ্ৰিলঅৰুণোদইউগ্ৰতাৰা দেৱালয়আহোম ৰাজবংশভটিমাশীতল যুদ্ধশৰাইঘাটৰ যুদ্ধযুক্তৰাজ্যমদন কামদেৱ দেৱালয়দ্য টেল অফ গেঞ্জিমিৰি জীয়ৰীশিৱসাগৰৰ শিৱদৌলকোচ ৰাজবংশীঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপদ (ব্যাকৰণ)অসমৰ মন্ত্ৰ-সাহিত্য🡆 More