গণতন্ত্ৰ: চৰকাৰৰ ৰূপ

গণতন্ত্ৰ (ইংৰাজী: Democracy) হ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে হয়। যদিও শব্দটি সাধাৰণতে ৰাজনৈতিক ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও অন্যান্য সংস্থা বা সংগঠনৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য।

গণতন্ত্ৰ: উৎপত্তি, সংজ্ঞা, ইতিহাস

উৎপত্তি

গণতন্ত্ৰ বা ডেমোক্ৰেচী শব্দটো আহিছে গ্ৰীক শব্দ ডেমোক্ৰেচিয়া (δημοκρατία)-ৰ পৰা, যাৰ অৰ্থ জনগণৰ শাসন। ডেমোচ মানে হ’ল জনগণ আৰু ক্ৰাটোচ মানে ক্ষমতা। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকামানৰ পৰাই গ্ৰীচ দেশত এই শব্দটিৰ ব্যৱহাৰ হৈ আহিছে।

সংজ্ঞা

আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ সংজ্ঞা, “গণতন্ত্ৰ হ'ল ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে গঠিত, ৰাইজৰ চৰকাৰ।”

ইতিহাস

প্ৰায় আঢ়ৈহাজাৰ বছৰ আগতে বিশ্বৰ প্ৰথম গণতন্ত্ৰ সৃষ্টি হয় গ্ৰীচৰ নগৰ ৰাষ্ট্ৰ এথেন্সত। এথেন্সত গণতন্ত্ৰৰ সূচনা কৰিছিল ক্লেইস্থেনিছে ৫০৮-৫০৭ খ্ৰীষ্টপূৰ্বত। ক্লেইস্থেনিছক এথেনীয়ান গণতন্ত্ৰৰ পিতৃপুৰুষ হিচাপে জনা যায়।

বিশেষত্ব

আইনগত সমতা (legal equality), ৰাজনৈতিক স্বাধীনতা (political freedom), আইনৰ নীতি (rule of law)-ক গণতন্ত্ৰৰ মুখ্য বিশেষত্ব বুলি চিনাক্ত কৰা হৈছে। গণতন্ত্ৰত সকলো নাগৰিকেই আইনৰ চকুত সমান আৰু যিকোনো আইনী প্ৰক্ৰিয়াত সমান সুবিধা লাভ কৰিব।

ৰাজনীতি বিজ্ঞানী লেৰী ডায়মণ্ডৰ মতে গণতন্ত্ৰ চাৰিটা মূল অংশ থাকে:

  1. এটা ৰাজনৈতিক ব্যৱস্থা যাৰ জৰিয়তে মুক্ত আৰু নিকা নিৰ্বাচন পদ্ধতিৰে চৰকাৰ বাছনি আৰু সলনি কৰিব পাৰি
  2. নাগৰিকৰ দ্বাৰা ৰাজনীতি আৰু সাধাৰণ জীৱনত সক্ৰিয় অংশগ্ৰহণ
  3. সকলো নাগৰিকৰ মানৱ অধিকাৰ সুৰক্ষিত ৰখা
  4. সকলো নাগৰিকৰ ওপৰত সমানে প্ৰযোজ্য হোৱা এটা আইনী ব্যৱস্থা

তথ্য সংগ্ৰহ

Tags:

গণতন্ত্ৰ উৎপত্তিগণতন্ত্ৰ সংজ্ঞাগণতন্ত্ৰ ইতিহাসগণতন্ত্ৰ বিশেষত্বগণতন্ত্ৰ তথ্য সংগ্ৰহগণতন্ত্ৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

শিক্ষকৰুক্মিণী হৰণ নাটকুটিল লিপিআলোচনীঅতুল চন্দ্ৰ হাজৰিকাঅসমীয়া জাতিগোলাঘাট জিলাবৌদ্ধ ধৰ্মঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাউত্তৰ গুৱাহাটীসংগীতমানৱ ভূগোলৱিকিপিডিয়াৰ তালিকাৰাষ্ট্ৰসংঘচৰাইবংগ বিভাজন (১৯০৫)বায়ু প্ৰদূষণডিমাছা ভাষাএজাৰভঠেলিমৰুভূমিজোনাকী (আলোচনী)ৰীতা চৌধুৰীইছলামগেইম্‌ল'ফ্টগুগলজন গণ মনশ্ৰীকৃষ্ণকীৰ্তনমুদ্ৰাস্ফীতিসংস্কৃতিমেজিমদন কামদেৱ দেৱালয়ৱিকিমিডিয়া আন্দোলনঈয়াৰুইঙ্গমবিহুচিৰ চেনেহী মোৰ ভাষা জননীসত্ৰীয়া নৃত্যযোৰানামবিয়া নামঅসমৰ কাঁহ শিল্পঅসমীয়া উপন্যাসঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅৰূপা পটংগীয়া কলিতামাটিআহোম ৰাজবংশঅনুৰাধা শৰ্মা পূজাৰীযাদুৰাম ডেকা বৰুৱামানৱ শৰীৰনিৰ্বাচনী চিয়াঁহীখিলঞ্জীয়া লোকহেম বৰুৱাপৰিস্থিতি বিজ্ঞানমহো-হো উৎসৱমৌখিক লোকসাহিত্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহগাঁও পঞ্চায়তসত্ৰশ্ৰীমদ্ভগৱতগীতাকলমৌখিক ইতিহাসবাৰেমতৰাবকুল ফুলৰ দৰে (গ্ৰন্থ)ভাষাৰামযুগ্ম সংখ্যাহৰ্ণবিল উৎসৱলোকসভাৰ অধ্যক্ষচন্দ্ৰকুমাৰ আগৰৱালাডাকৰ বচনমিয়া খলিফাবাঙালী জাতিগোৱালপাৰা জিলাসাপ🡆 More