গড়মূৰ সত্ৰ

গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা ছেৱাতল গড়ৰ মূৰতে স্থাপন কৰা বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজ সত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্ত্তন কৰিব লগা হোৱা নাই। আগতে গড়মূৰ সত্ৰৰ অতুল ঐশ্বৰ্য্য সম্পত্তি আছিল। ১৮৩৬ চনত ডেভিদ স্কটৰ ইস্তহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ ২৪০০০ পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়। এই ঘটনা চলাজনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। বৰ্তমান সত্ৰখন বিশেষকৈ ইচ্ছাকৃত বৰঙনিৰ ওপৰতহে চলি আছে।

গড়মূৰ সত্ৰ
গড়মূৰ সত্ৰ
গড়মূৰ সত্ৰৰ বাটচ'ৰা

ইতিহাস

সত্ৰখনৰ ভিতৰচৰা

গড়মূৰ সত্ৰ 
গড়মূৰ সত্ৰৰ এক দৃশ্য

সত্ৰৰ কাম-কাজ

সত্ৰ ৰ কাম কাজ বিলাক হৈছে কলা সংস্কৃতি আদি বৰ্তাই ৰখা।

সত্ৰাধিকাৰসকলৰ তালিকা

গড়মূৰ সত্ৰ 
শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ প্ৰভুৰ আৱক্ষ মূৰ্ত্তি

এতিয়ালৈকে ১৫জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে।

১) ৺ জয়হৰিদেৱ

২) ৺ লক্ষ্মীনাৰায়ণদেৱ

৩) ৺ জয়ৰামদেৱ

৪) ৺ বলোৰামদেৱ

৫) ৺ হৰিদেৱ (প্ৰথম)

৬) ৺ কৃষ্ণদেৱ

৬) ৺ বাসুদেৱ

৭) ৺ ৰঘুদেৱ

৮) ৺ হৰিদেৱ (দ্বিতীয়)

৯) ৺ ভদ্ৰকৃষ্ণদেৱ

১০)৺ যোগচন্দ্ৰদেৱ

১১)৺ পীতাম্বৰদেৱ

১২)৺ কৃষ্ণচন্দ্ৰদেৱ

১৪)শ্ৰী শ্ৰী হৰিচন্দ্ৰ দেৱ

১৫)শ্ৰী শ্ৰী পৰমানন্দদেৱ (বৰ্তমানৰ সত্ৰাধিকাৰ)

লগতে চাওক

তথ্য সংগ্ৰহ

  1. চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক : শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক : দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল : ১৯৯৭ চন।
  2. পৱিত্ৰ অসম - সম্পাদক : ড॰মহেশ্বৰ নেওগ, প্ৰকাশক : ড॰প্ৰদীপ ভূঞা, প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ, প্ৰথম প্ৰকাশ : ১৯৬০চন।
  3. প্ৰবন্ধ "অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠাপোষকতা" লিখক : ড॰মাধৱ চন্দ্ৰ গোস্বামী, ৰংপুৰ তিনিশ বছৰ উদযাপন সমিতি, শিৱসাগৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "বুৰঞ্জীয়ে পৰশা ৰংপুৰত" প্ৰকাশিত, প্ৰকাশ কাল : ২০০০ চন।

বাহ্যিক সংযোগ

Tags:

গড়মূৰ সত্ৰ ইতিহাসগড়মূৰ সত্ৰ সত্ৰখনৰ ভিতৰচৰাগড়মূৰ সত্ৰ সত্ৰৰ কাম-কাজগড়মূৰ সত্ৰ সত্ৰাধিকাৰসকলৰ তালিকাগড়মূৰ সত্ৰ লগতে চাওকগড়মূৰ সত্ৰ তথ্য সংগ্ৰহগড়মূৰ সত্ৰ বাহ্যিক সংযোগগড়মূৰ সত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাৰ অধ্যক্ষভাৰতৰ সংবিধানৰ প্ৰস্তাৱনালক্ষ্মীধৰ শৰ্মাঅসমীয়া জাতিশব্দকিতাপগীতি-ৰামায়ণশ্ৰীমন্ত শংকৰদেৱদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাওৰাং ৰাষ্ট্ৰীয় উদ্যানজাপানমহাকাব্যসিংহনামঘোষাইয়াণ্ডাবু সন্ধিঅসম বিধানসভাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাসিন্ধু সভ্যতাগুণমালাৰাতাবাৰী (বিধানসভা সমষ্টি)অসমীয়া ব্যাকৰণভূমি প্ৰদূষণঅপাৰেটিং চিষ্টেমআহোম ৰাজবংশমৌলিক সংখ্যাকছাৰী ৰাজ্যশ্ৰীনিবাস ৰামানুজনমূলা গাভৰুঅসমৰ চলচ্চিত্ৰসাক্ষৰতাঅসমীয়া ভাষাৰ শব্দসম্ভাৰমাটিউমানন্দবুৰঞ্জীচন্দ্ৰপাচনচ্যু-লিক-ফাসংস্কৃত সাহিত্যহাজোজৈন ধৰ্মপুৰন্দৰ সিংহঅসমৰ সমস্যাফুলগুৰি ধেৱাহাজং জনগোষ্ঠীখ্ৰীষ্টান ধৰ্মজৈৱিক কৃষিঅসমীয়া খবৰসূৰ্যকুমাৰ ভূঞাফ্লোৰেন্স নাইটিংগেলনীলমণি ফুকন (কনিষ্ঠ)বৌদ্ধ ধৰ্মকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমেলেৰিয়াবৰপেটাজামুগুৰিহাটআহোম ভাষাইছলামমুখমৈথুনএহাত ডাবাঅসমীয়া গীতি সাহিত্যপূৰ্ণ স্বৰাজডুবি তাম্ৰলিপি আৰু ছীলকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলভাৰতৰ উপৰাষ্ট্ৰপতিকোচ ৰাজবংশনাহৰৰ গীতচন্দ্ৰকুমাৰ আগৰৱালাপদাৰ্থৰ অৱস্থাহৰেকৃষ্ণ ডেকাএণ্ড্ৰইডমহামায়া ধামৰূপালীমহাঁওফাঁও🡆 More