খো-খো

খো-খো (হিন্দী: खो-खो) এক পৰম্পৰাগত ভাৰতীয় ক্ৰীড়া। প্ৰাচীন ভাৰতৰ পৰা আৰম্ভ হোৱা আটাইতকৈ পুৰণি আউটড'ৰ ক্ৰীড়াসমূহৰ ভিতৰত খো-খো অন্যতম। ভাৰতীয় উপমহাদেশৰ কাবাডীৰ পিছতেই খেলুৱৈক চুব লগীয়া খেলৰ ই দ্বিতীয় জনপ্ৰিয় পৰম্পৰাগত খেল। খো-খোক আয়তাকাৰ ক’ৰ্টত খেলা হয় য’ত ক’ৰ্টৰ দুয়ো মূৰত দুটা খুঁটা সংযোগ কৰা এটা কেন্দ্ৰীয় পথ থাকে। খেলৰ সময়ত আক্ৰমণকাৰী দলৰ ৯জন খেলুৱৈ খেলপথাৰত থাকে, ইয়াৰে আঠজন কেন্দ্ৰীয় পথত বহি, আনহাতে প্ৰতিৰক্ষাকাৰী দলৰ তিনিজন দৌৰবিদ ক'ৰ্টৰ চাৰিওফালে দৌৰি ফুৰিব লাগে যাতে আক্ৰমণ কাৰি দলৰ পৰা খেদি অহা খেলুৱৈ জনৰ স্পৰ্শৰ পৰা হাত সাৰিব পৰা যায়। আক্ৰমণকাৰী দলৰ প্ৰতিজন বহি থকা খেলুৱৈয়ে কেন্দ্ৰীয় লেনৰ পৰা পৰস্পৰৰ বিপৰীত দিশৰ ফালে মুখ কৰি বহি থাকে।

খো-খো
খো-খো
এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰই খো-খো খেলি থকা দেখা গৈছে
প্ৰথমবাৰ খেলা হয় ভাৰত
বৈশিষ্ট্য
সংস্পৰ্শ স্বীকৃত
দলৰ সদস্য প্ৰতিপক্ষত ১২ জনকৈ খেলুৱৈ, ৯জন খেলপথাৰত আৰু তিনিজন অতিৰিক্ত
উপকৰণ দুটা সৰু খুটা

যিকোনো সময়তে আক্ৰমণকাৰী দলৰ এজন খেলুৱৈয়ে (“সক্ৰিয় চেজাৰ" বা "আক্ৰমণকাৰী") ক'ৰ্টৰ চাৰিওফালে দৌৰি প্ৰতিৰক্ষাকাৰী দলৰ সদস্যসকলক স্পৰ্শ কৰাৰ চেষ্টা কৰিব পাৰে, প্ৰতিটো স্পৰ্শত এক নম্বৰ লাভ কৰিব আৰু প্ৰতিজন স্পৰ্শ কৰা ডিফেণ্ডাৰে খেলপথাৰ এৰি যাব লাগিব; তথাপিও, সক্ৰিয় চেজাৰে কেন্দ্ৰীয় লেন পাৰ হৈ খেলপথাৰৰ আন আধা অংশত প্ৰৱেশ কৰিব নোৱাৰে, আৰু লগতে কেৱল তেওঁলোকে প্ৰথম খোজ লোৱা দিশতহে দৌৰিব লাগিব (যিকোটো মেৰুৰ ফালে মুখ কৰি)। সক্ৰিয় চেজাৰে হয় বহি থকা দলৰ সতীৰ্থৰ সৈতে ভূমিকা সলনি কৰে ("খো" বুলি কওঁতে পিছফালে স্পৰ্শ কৰি) যিয়ে ক'ৰ্টৰ আন আধা অংশৰ ফালে মুখ কৰি থাকে আৰু সেয়েহে ইয়াৰ প্ৰৱেশাধিকাৰ পায়, বা যিকোনো এটা খুঁটালৈ দৌৰি যায় আৰু তাৰ পিছত দিশ/আধা সলনি কৰে। প্ৰতিটো দলৰ দুটা টাৰ্ণত স্ক’ৰ কৰিবলৈ আৰু দুটা টাৰ্ণ ডিফেণ্ড কৰিবলৈ থাকে, প্ৰতিটো টাৰ্ণ ৯ মিনিটৰ বাবে থাকে। খেলৰ শেষলৈকে যিটো দলে সৰ্বাধিক পইণ্ট লাভ কৰে সেই দলেই জয়ী হয়।

সমগ্ৰ দক্ষিণ এছিয়াতে এই খেলবিধ ব্যাপকভাৱে খেলা হয়, আৰু দক্ষিণ এছিয়াৰ বাহিৰৰ অঞ্চল যেনে দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডতো এই খেল খেলা হয়। ভাৰত আৰু পাকিস্তানৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সঘনাই এই খেল খেলে। এয়া প্ৰতিযোগিতামূলক খেল। ২০২২ চনৰ আগষ্ট মাহত ভাৰতত আলটিমেট খো খো নামৰ এই ধৰণৰ প্ৰথম বাণিজ্যিক খেলৰ উন্মোচন কৰা হয়।

জোখ-মাখ

  • মুঠ এলেকাৰ প্ৰয়োজনীয়তা ৩০ মিটাৰ x ১৯ মিটাৰ (সকলো ফালৰ পৰা ১.৫ মিটাৰ বহল লবীকে ধৰি। )
  • দুয়োটা মেৰুৰ পিছফালে ১.৫ মিটাৰ x ১৬ মিটাৰ মুকলি ক্ষেত্ৰকে ধৰি খেলৰ ক্ষেত্ৰ ২৭ মিটাৰ x ১৬ মিটাৰ।
  • মেৰুৰ দূৰত্ব ২৪মিটাৰ ২৪মিটাৰ দৈৰ্ঘ্য x ৩০চে.মি. প্ৰস্থৰ দুটা খুঁটা সংযোগ কৰা কেন্দ্ৰীয় পথ।
  • কেন্দ্ৰীয় পথক ছেদ কৰা প্ৰতিটো পথ(৮)-ৰ জোখ ১৬মিটাৰ x ৩৫চে.মি.
  • মেৰুৰ আকাৰ - উচ্চতা (মাটিৰ স্তৰৰ পৰা - ১২০চে.মি.ৰ পৰা ১২৫চে.মি., ব্যাস ৯–১০চে.মি.)

নিয়মসমূহ

  • এই খেলখনত দুটা দল থাকে য'ত ১২ জনকৈ খেলুৱৈ থাকে (এছিয়ান খো - খো ফেডাৰেচনৰ নিয়ম অনুসৰি ১৫ জনকৈ খেলুৱৈ) দলটোত থাকে আনহাতে প্ৰকৃততে মাত্ৰ ৯জন খেলুৱৈহে খেলপথাৰত খেলি থাকে।
  • খেলখনত দুটা ডিফেন্স আৰু দুটা চেজ টাৰ্ণৰে গঠিত ৪টা টাৰ্ণ আছে।
  • উপৰ্যুক্ত নিয়ম দুটা উলংঘা কৰিব নোৱাৰিব।
  • প্ৰতিজন পুট আউট ডিফেণ্ডাৰে চেজিং টিমলৈ এটা পইণ্ট আনে।
  • অধিক পইণ্ট লাভ কৰা দলটোক বিজয়ী হিচাপে ঘোষণা কৰা হয়।

স্ক'ৰ তালিকা

এটা টাৰ্ণ ৯ মিনিটৰ আৰু খেলখনত মুঠ ৪টা টাৰ্ণ খেলা হয় (প্ৰতিটো দলৰ ২টা টাৰ্ণ স্ক'ৰ কৰিবলৈ থাকে)। যাৰ সৰ্বাধিক পইণ্ট আছে তেওঁ খেলত জয়ী হয়। ২টা টাৰ্ণৰ পিছত যিটো দলে আটাইতকৈ কম পইণ্ট লাভ কৰে সেই দলটোৱে আক্ৰমণ কৰিব লাগে। (আন দলটোক স্পৰ্শ কৰিবলৈ)

ব্যুৎপত্তি

এই নামটো মাৰাঠীৰ শব্দ खोखो (খো-খো)-ৰ পৰা আহিছে। খো শব্দটো খেল খেলি থাকোঁতে আমন্ত্ৰণ কৰা শব্দৰ অনুকৰণমূলক।

তথ্যসূত্ৰ

Tags:

খো-খো জোখ-মাখখো-খো নিয়মসমূহখো-খো স্কৰ তালিকাখো-খো ব্যুৎপত্তিখো-খো তথ্যসূত্ৰখো-খোকাবাডীহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

জৱাহৰলাল নেহৰুৰুক্মিণী দেৱী অৰুণ্ডেলকাৰেঙৰ লিগিৰীসংঘাতজাতীয়তাবাদপঞ্চভুজকমলাকান্ত ভট্টাচাৰ্য্যকাগজ ফুলপ্ৰাক-ইতিহাসফাকুৱাআহোম-মোগলৰ সংঘৰ্ষভাৰতীয় দৰ্শনবিয়া নামলুৰিন জ্যোতি গগৈবিশ্ব গ্ৰন্থ দিৱসপাচন তন্ত্ৰভাৰতীয় চলচ্চিত্ৰকলিতা জনগোষ্ঠীপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যগুপ্ত সাম্ৰাজ্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকানাগালেণ্ডমোৰ জীৱন সোঁৱৰণধৰ্মবিষুৱ ৰেখাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লচীনা-তিব্বতীয় ভাষামাৰ্ক্সবাদকাঠৰ জোখ মাপযোৰহাট (লোকসভা সমষ্টি)জ্যোতি সংগীতহৰিদেৱকাৰ্বি আংলং জিলাগণৰাজ্য দিৱস (ভাৰত)ছি জিনপিংঅসমীয়া ভাষাচ'মাংকানজ্যোতিপ্ৰসাদ আগৰৱালাজৈৱ বৈচিত্ৰ্যনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯আলোচনীঅৰ্থনীতিআকবৰগোলকীকৰণমৌলিক সংখ্যাসাঁথৰমিৰি জীয়ৰীমহাদেশসাম্যবাদভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাঅসমৰ জিলাসমূহপাচনডি এন এমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫ছনেটজীৱনৰ বাটতশকুন্তলা (চলচ্চিত্ৰ)অসমীয়া পুৰণি সাহিত্যবুৰঞ্জীঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমহাভাৰতহিতেশ্বৰ বৰবৰুৱাহিমালয়লোক-নৃত্যখেৰাইযোগাসনসালোক সংশ্লেষণপ্ৰব্ৰজনব'হাগ বিহুপিম্পৰা গুচোৱাচিলাৰায়অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমৰ কাঁহ শিল্পঅসমীয়া খবৰশৰৎচন্দ্ৰ চট্টোপাধ্যায়🡆 More