কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ আৰু প্ৰভাৱিত কৰা বাবে ইয়াক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ বোলা হয়। মাজত কোনো স্নায়ুগ্ৰন্থি (ganglion) নথকাকৈ মগজুৰ কলাত সংযোজিত হোৱা বাবে ৰেটিনা আৰু নেত্ৰ স্নায়ু (প্ৰথম কৰোটিক স্নায়ু)-ৰ, লগতে ঘ্ৰাণ স্নায়ু (প্ৰথম) আৰু ঘ্ৰাণ আচ্ছাদনকো (olfactory epithelium) বহুতে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ অংশ হিচাপে গণ্য কৰে। এই মতে ঘ্ৰাণ স্নায়ু কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ একমাত্ৰ কলা যি বাহিৰৰ পৰিবেশৰ সংস্পৰ্শত থাকে। কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ পচ্ছাৎ দেহ গহ্বৰত (dorsal body cavity) অৱস্থিত; ইয়াৰে মস্তিষ্ক কৰোটিক গহ্বৰ (cranial cavity) আৰু স্নায়ুৰজ্জু স্নায়ু নলীত (spinal canal) থাকে। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত মগজুক কৰোটিয়ে সুৰক্ষা দিয়ে আৰু স্নায়ুৰজ্জুক ৰাজহাড়ে ৰক্ষা কৰে। মস্তিষ্ক আৱৰণীয়ে মগজু আৰু স্নায়ুৰজ্জু দুয়োটাকে আৱৰি থাকে।

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক গুলপীয়া ৰং আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰক হালধীয়া ৰঙেৰে দেখুওৱা ৰেখাচিত্ৰ
সবিশেষ
লসিকা 224
চিনাক্তকাৰক
লেটিন Systema nervosum centrale
pars centralis systematis nervosi
MeSH D002490
TA98 A14.1.00.001
TA2 5364
FMA 55675
দেহতাত্ত্বিক পৰিভাষা

গঠন

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ দুটা প্ৰধান অংশৰে গঠিত: মস্তিষ্ক আৰু স্নায়ুৰজ্জু। মস্তিষ্ক কৰোটিৰ গহ্বৰৰ ভিতৰত আবদ্ধ হৈ থাকে। মস্তিষ্কৰ পৰা স্নায়ুৰজ্জু কৰোটিৰ তলৰফালে থকা বিন্ধাইদি ওলাই আহে আৰু ইয়াক ৰাজহাড়ে আৱৰি ৰাখে। এই বিন্ধাটোক মহাৰন্ধ্ৰ (foramen magnum) বোলে। তললৈ আহি স্নায়ুৰজ্জু প্ৰথম বা দ্বিতীয় লাম্বাৰ ৰাজহাড়ৰ পৰ্যায়ত শেষ হয়, আৰু ই ৰাজহাড়ৰ নলীৰ ওপৰৰ অংশ অধিকাৰ কৰে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

মগজুমস্তিষ্কমস্তিষ্ক আৱৰণীমেৰুদণ্ডী প্ৰাণীস্নায়ু তন্ত্ৰৰেটিনা

🔥 Trending searches on Wiki অসমীয়া:

পঞ্চায়তী ৰাজমহাদেশঅযোধ্যা (পৌৰাণিক নগৰ)ঋতুস্ৰাৱঅসমীয়া প্ৰতিদিনধানৰামায়ণঘনত্বগৌতম বুদ্ধহেম বৰুৱাপালি ভাষামাইলছ ব্ৰনছনমৰাণ জনগোষ্ঠীকৃষ্ণকান্ত সন্দিকৈবেদকৰতল কমল কমল দল নয়নপদ (ব্যাকৰণ)ম'হৰ শিঙৰ পেঁপাহৰিদেৱৱিকিমিডিয়া ফাউণ্ডেশ্যনকামৰূপী উপভাষাকালিকা পুৰাণঅসমৰ বয়ন শিল্পপলাশীৰ যুদ্ধপাঠ পৰিকল্পনাব্ৰাহ্মী লিপিসাহিত্য সমালোচনামিচিং জনগোষ্ঠীকল্প (সময়)অসম বিধানসভাহেপাটাইটিছ বিভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগপ্ৰাকৃতিক পৰিৱেশলক্ষ্মীধৰ শৰ্মাজৈৱিক কৃষিভেঁকুৰগাঁও পঞ্চায়তপোহৰশ্ৰীকৃষ্ণকীৰ্তনশৰৎচন্দ্ৰ চট্টোপাধ্যায়নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পজন গণ মনগুপ্ত সাম্ৰাজ্যসৌৰজগতবহল ব্যাকৰণঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাআৰবী ভাষাঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকামিত্ৰদেৱ মহন্তসিন্ধু সভ্যতাছি জিনপিংৰাম সৰস্বতীঅশোক স্তম্ভইয়াণ্ডাবু সন্ধিজ্ঞানপীঠ বঁটাদুষ্যন্তভাৰতৰ সংবিধানস্বৰাজপাৰিজাত হৰণ নাটৰঘুনাথ চৌধাৰীশিশুবাজেটঅসম লোকসেৱা আয়োগদেওপাহাৰব'হাগ বিহুচৰিত পুথিজুবিন গাৰ্গপদ্মাৱতী দেৱী ফুকননীমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবসন্ত ৰোগলক্ষ্মীনাথ বেজবৰুৱাঅসমত দেখা পোৱা সাপবোৰব্ৰিটিছ ৰাজ🡆 More