কেঁচুসাৰ

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

কেঁচুসাৰ (ইংৰাজী: Vermicompost) হ’ল এবিধ জৈৱ সাৰ। ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। এই উপাদানসমূহকে কেঁচু সাৰ বোলা হয়।

কেঁচুসাৰত থকা উপযোগী উপাদানসমূহ

নাইট্ৰজেন ১.৫-২.৫%
কেলচিয়াম ০.৫-১.০%
ফচফৰাচ ০.৯-১.৭%
মেগনেছিয়াম ০.২-০.৩%
পটাচ ১.৫-২.৪%
চালফাৰ ০.৪-০.৫%

তদুপৰি আইৰণ, কপাৰ, জিংক, মেংগানিজ, মূল্যবান ভিটামিন এনজাইম আৰু জিবাৰলিনৰ নিচিনা হৰমনো থাকে।

কেঁচু-সাৰ প্ৰস্তুতি

কেঁচু সংগ্ৰহ

পৃথিৱীত প্ৰায় ২৫০০ প্ৰজাতিৰ কেঁচু চিনাক্ত কৰা হৈছে যাৰ ভিতৰত প্ৰায় ৫০০টা প্ৰজাতি ভাৰতত পোৱা যায়। বিভিন্ন ধৰণৰ মাটিৰ সাপেক্ষে কেঁচুৰ বৈশিষ্ট্য পৰিৱৰ্তন হয় সেয়ে স্থানীয় মাটিত সেই স্থানৰ কেঁচুৰ সহায়ত জৈৱ সাৰ তৈয়াৰ কৰাটো এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। পেৰিওনিক্স এক্সক্যাভেটাচ আৰু লেম্পিটো মৌৰিটো এই দুইধৰণৰ কেচুয়েই সাধাৰণতে ভাৰতত ব্যবহৃত হয়। থলুৱা কেঁচু সংগ্ৰহৰ বাবে কেঁচু দেখা পোৱা মাটি চিনাক্ত কৰিব লাগে॥ ৫০০ গ্ৰাম গুড় আৰু ৫০০ গ্ৰাম সঁতেজ গোঁবৰ ২ লিটাৰ পানীত দ্ৰৱীভূত কৰি ১মি x ১মি অঞ্চলত মাটিৰ উপৰিভাগত ভালকৈ চটিয়াই দিব লাগে। শুকান পাত জাবৰ-জোথৰ আদিৰে ঠাই ডোখৰ ঢাকি দিব লাগে। ২০ ৰ পৰা ৩০ দিনলৈকে সদায় পানী চটিয়াই দিব লাগে। কেইদিনমানৰ ভিতৰতে ঠাই ডোখৰত একেলগে বহুতো কেঁচুৰ জন্ম হ’য়।

তৈয়াৰ কৰাৰ ঠাই আৰু প্ৰণাল

কেঁচুসাৰ 
টেংক/চৌবাচ্চা
  1. প্ৰথমে প্ৰয়োজন অনুযায়ী বাৰীত, বাগিচাত বা পথাৰত ইটা আৰু চিমেণ্টেৰে যিকোনো জোখৰ টেংক/চৌবাচ্চা বনাই ল’ব লাগে। এই কামৰ বাবে আদৰ্শ জোখ হল উচ্চতা ২ ফুট, বহল ৩ ফুট আৰু দীঘল সুবিধা অনুযায়ী হ’ব লাগে (প্ৰায় ১৫ ফুট)।
  2. চৌবাচ্চাৰ তলত ১-২ ইঞ্চি গুৰি মাটি ছটিয়াই তাৰ ওপৰত ১-২ ইঞ্চি আধা পচা গোবৰ দিব লাগে।
  3. জৈৱৈক পদাৰ্থসমূহ সৰু সৰুকৈ কাটি লব লগে আৰু তাৰ ওপৰত গোবৰ পানী ছটিয়াব লাগে। এই জৈৱিক পদাৰ্থসমূহ,শুকান পাত বা কৃষিজাত বৰ্জ্য পদাৰ্থ আৰু আধা পচা গোবৰ ৪-৫ ইঞ্চি ডাঠকৈ চৌবাচ্চাটোত তৰপে তৰপে জাপি যাব লাগে। মন কৰিব লাগে যাতে জাপি দিয়া জৈৱিক পদাৰ্থবোৰ ১.৫ ফুটতকৈ বেচি নহয়।
  4. জৈৱিক পদাৰ্থৰ ওপৰত সঠিক প্ৰজাতিৰ কেঁচু এৰিব লাগে। সাধাৰণতে এক মেট্ৰিক টন সাৰ তৈয়াৰ কৰিবলৈ ১ ৰ পৰা ১.৫ কেজি কেঁচুৰ প্ৰয়োজন হয়।
  5. বেডটো বেছি শুকান বা আৰ্দ্ৰ হব নালাগে। সঠিক আৰ্দ্ৰতা বজাই ৰাখিবলৈ জৈৱৈক পদাৰ্থসমূহত নিয়মিতভাবে পানী ছটিয়াই থাকিব লাগে। ইয়াৰ পিচত গাতটো চৌবাচ্চাটো পাত অথবা পুৰনি বস্তাৰে ঢাকি থব লাগে।
  6. মাজে মাজে কোৰ বা বেলচাৰে জৈৱ বৰ্জ্য পদাৰ্থবিলাক ভালকৈ ওলট-পালট কৰি মিহলাই দিব লাগে।

সাৰ সংগ্ৰহ

কেঁচুসাৰ 
চালনিৰ সহায়ত কেঁচুবিলাকক পৃথক কৰা হৈছে
কেঁচুসাৰ 
চালনিৰ ওপৰত ৰৈ যোৱা কেঁচু
  1. পদাৰ্থবিলাক সামান্যভাৱে শুকান আৰু মিশ্ৰ সাৰ গাঢ় বাদামী ৰঙৰ হলে ই ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈছে বুলি ধৰা হয়। দানাযুক্ত, ক’লা, পাতল আৰু হিউমাচ যুক্ত হ'ব।
  2. বেডৰ ওপৰত কেঁচু মটাৰ উপস্থিতি দেখা পোৱা পালে (প্ৰায় ৬০-৯০ দিনৰ ভিতৰত) কেঁচুৰ মিশ্ৰ-সাৰ ব্যৱহাৰৰ বাবে গোটাব পৰা যায়। মিশ্ৰ-সাৰৰ পৰা কেঁচু পৃথক কৰিবলৈ বেড খালি কৰাৰ ২-৩ দিন আগতেই পানী দিয়া বন্ধ কৰিব লাগে। ইয়াৰ ফলত প্ৰায় ৮০ শতাংশ কেঁচু তললৈ গুচি যাব।
  3. চালনিৰ সহায়ত কেঁচুবিলাকক পৃথক কৰিব পৰা যায়। চালনিত থাকি যোৱা কেঁচু আৰু সামান্য ডাঠ পদাৰ্থ আকৌ গাতত পেলাই দি পদ্ধতিটো পুনৰায় আৰম্ভ কৰা হয়। মিশ্ৰসাৰৰ গোন্ধ মাটিৰ নিচিনা। যিকোনো বেয়া গোন্ধৰ উপস্থিতিয়ে পচন প্ৰক্ৰিয়াটো শেষ নোহোৱা আৰু বেক্টিৰিয়াৰ কাৰ্য-ক্ৰিয়া চলি থকাৰ ইঙ্গিত দিয়ে। বাহী গোন্ধ ওলোৱাই ভেঁকুৰ লগা বা অত্যধিক তাপ পোৱাৰ কথা ইঙ্গিত কৰে যাৰ ফলত নাইট্ৰ’জেন কমি যাব পাৰে। এনে হ'লে বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে বা অধিক বৰ্জ পদাৰ্থ যোগ কৰি এই বিলাক শুকানে ৰাখি প্ৰক্ৰিয়াটো পুনৰাই আৰম্ভ কৰিব লাগে। ইয়াৰ পিচত মিশ্ৰসাৰখিনি চালনিৰে চালি লৈ পেকেটত ভৰাব লাগে।
  4. উৎপন্ন হোৱা সাৰখিনি সূৰ্য্যৰ পোহৰ পৰা ঠাইত জমা কৰি ৰাখিব লাগে যাতে কেঁচুবিলাক লাহে লাহে তললৈ জেঁকাৰ ফালে গুচি যায়। দুই বা চাৰি কোঠালিযুক্ত গাথনিত প্ৰথম কোঠালিত পানী দিয়া বন্ধ কৰি দিলে কেঁচুবিলাক নিজে নিজে এটা কোঠালিৰ পৰা নিয়মিতভাৱে উপযুক্ত পৰিৱেশ ৰক্ষাহৈ থকা আন কোঠালিলৈ গুচি যায় আৰু প্ৰক্ৰিয়াটো অব্যাহত ভাৱে চলি থাকি নিয়মিত উৎপাদন হৈ থাকে।

প্ৰয়োগ

কেঁচুসাৰ 
তৈয়াৰী কেঁচুসাৰ ঠৈলাত সংগ্ৰহ
  1. ফল-মূলৰ খেতিত শস্যৰ বয়স অনুসাৰে প্ৰতিজোপাত ১-২ কেজি কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি।
  2. শাক-পাচলিৰ খেতিত প্ৰতি বৰ্গমিটাৰত ১.১-৫ কেজি কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি।
  3. চাহ খেতিত প্ৰতিজোপা গছত ২০০ গ্ৰামকৈ কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি।

কেঁচু সাৰৰ উপকাৰিতাসমূহ

  1. কেঁচুৱে বৰ্জিত জৈৱিক পদাৰ্থ বিলাক ক্ৰমাগতভাবে ভাঙি সৰু সৰু টুকুৰাত পৰিণত কৰে যাৰ ফলত উত্তম গঠনযুক্ত, বিহহীন উত্তম সাৰ তৈয়াৰ হয় আৰু উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মানদণ্ডৰ পৰিপুৰক হিচাপে কাম কৰে।
  2. কেঁচুসাৰে মাটিত খনিজ পদাৰ্থৰ সাম্যতা বজায় ৰাখে, পুষ্টিৰ উপলব্ধতা বঢ়ায় আৰু জটিল দানা সাৰ হিচাপে কাম কৰে।
  3. কেঁচুসাৰ উৎপাদন প্ৰক্ৰিয়াত ৰোগ সৃষ্টিকাৰী অনুজীৱৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পায়।
  4. বৰ্জিত পদাৰ্থসমূহৰদ্বাৰা হোৱা পৰিৱেশ প্ৰদূশনৰ সমস্যা দূৰ কৰে।
  5. কেঁচুসাৰ উৎপাদন, অথৰ্নৈতিক বাবে দুৰ্বল আৰু যথাযথ সা-সুবিধা নোপোৱা শ্ৰেণীৰ বাবে পৰিপূৰক আয়ৰ উৎসৰূপে এটি লাভদায়ক কুটিৰ শিল্প হিচাপে গঢ়ি তুলিব পাৰি। ইয়াৰ দ্বাৰা অৰ্থ উপাৰ্জনৰ উপৰিও খেতিয়কসকলক উন্নত মানৰ জৈৱ সাৰৰ যোগান ধৰি সমাজৰ প্ৰভুত উন্নতি সাধন কৰিব পৰা হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  • কেঁচুসাৰ  ৱিকিমিডিয়া কমন্সত কেঁচুসাৰ সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

কেঁচুসাৰ ত থকা উপযোগী উপাদানসমূহকেঁচুসাৰ কেঁচু-সাৰ প্ৰস্তুতিকেঁচুসাৰ প্ৰয়োগকেঁচুসাৰ কেঁচু সাৰৰ উপকাৰিতাসমূহকেঁচুসাৰ তথ্য সংগ্ৰহকেঁচুসাৰ বাহ্যিক সংযোগকেঁচুসাৰ

🔥 Trending searches on Wiki অসমীয়া:

ভিটামিনউদাৰনৈতিকতাবাদভাৰত ত্যাগ আন্দোলনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাযৌন সংগমঅনুৰাধা শৰ্মা পূজাৰীশ্ৰীমন্ত শংকৰদেৱ বঁটাঅসমীয়া বৰ্ণমালাজৱাহৰলাল নেহৰুআয়ুৰ্বেদমহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডমানস ৰাষ্ট্ৰীয় উদ্যানঅভিধানস্বাধীনতা দিৱস (ভাৰত)মদন কামদেৱ দেৱালয়বৰাইল পৰ্বতৰামধেনুবাল্য বিবাহমাটিৰংঘৰসৈনিক স্কুল, গোৱালপাৰাগোপীনাথ বৰদলৈৱিকিপিডিয়াৰ তালিকাকবিতাকাল সংহতিনীতিপালগদ্যতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰাতি বিহুমৰুভূমিৰাজনীতিসৌৰ শক্তিব্যাকৰণতেজপুৰমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমত দেখা পোৱা সাপবোৰএজাৰঅসমৰ গামোচাশ্ৰীমন্ত শংকৰদেৱঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলনিৰ্ম্মল ভকতভক্তি প্ৰদীপকৃষিঅকলে আছোঁ কুশলে আছোঁঅসমৰ লোকবাদ্যযুক্তিধাতু আৰু অধাতুমানৱ শৰীৰডিমাছা ভাষাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলভাৰতীয় জনতা পাৰ্টিবাণীকান্ত কাকতিঅন্নপ্ৰাশনকালিদাসঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানওজাপালিঅসমৰ বয়ন শিল্পবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণহেম বৰুৱাদুৰ্গা পূজানীলপৱন বৰুৱামহো-হো উৎসৱধৰ্মকাৰ্বন ডাই অক্সাইডজোনাকী (আলোচনী)অণুবীক্ষণ যন্ত্ৰগুগলবতৰআপেলএহাত ডাবা🡆 More