কিলোগ্ৰাম

কিলোগ্ৰাম (চমুকৈ কি:গ্ৰা: বা কেজি) হৈছে ভৰৰ একক। ধ্ৰুপদী (অনা-আপেক্ষিকতাবাদী) পদাৰ্থ বিজ্ঞানত বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোৰ ভৰ বুলি কোৱা হয় আৰু ই বস্তুটোৰ অৱক্ষয় নোহোৱালৈকে সলনি হ'ব নোৱাৰে। আপেক্ষিকতাবাদী পদাৰ্থ বিজ্ঞানত অৱশ্যে গতিশীল অৱস্থাত বস্তুৰ ভৰ বেগ বঢ়াৰ লগে লগে বাঢ়ি যায় বুলি ধৰা হয়। যিহেতো পোহৰৰ বেগতকৈ কোনো বস্তুৱেই বেছি বেগত যাব নোৱাৰে গতিকে পোহৰৰ বেগত গতি কৰা বস্তুটোৰ ওপৰত যিমানেই বল প্ৰয়োগ কৰা নহঁওক লাগিলে তথাপিতো তাৰ ত্বৰণ ঘটাব নোৱাৰি। নিউটনীয় বলৰ সংজ্ঞা অনুসৰি সেয়ে সেই অৱস্থাত বস্তুটোৰ ভৰ অসীম হ'ব লাগিব।

কিলোগ্ৰাম
কিলোগ্ৰাম
A computer-generated image of the international prototype kilogram (the inch ruler is for scale). The prototype is manufactured from a platinum–iridium alloy and is 39.17 mm in both diameter and height, its edges have a four-angle (22.5°, 45°, 67.5° and 79°) chamfer to minimize wear
এককটোৰ তথ্য
একক পদ্ধতি আন্তৰ্জাতিক একক পদ্ধতি
কিহৰ একক ভৰ
সংকেত kg 
একক পৰিৱৰ্তন
১ kg ... পদ্ধতিত ...ৰ সমান
   Avoirdupois    ≈  pounds 
   British Gravitational    ≈  slugs 
কিলোগ্ৰাম ২০১৯
কিলোগ্ৰাম
Kibble balance at NIST. Devices like this can weigh objects using the new definition of the kilogram in terms of the Planck constant.
এককটোৰ তথ্য
একক পদ্ধতি আন্তৰ্জাতিক একক পদ্ধতি
কিহৰ একক ভৰ
সংকেত kg 
একক পৰিৱৰ্তন
১ kg ... পদ্ধতিত ...ৰ সমান
   Avoirdupois    ≈  pounds 
   British Gravitational    ≈  slugs 

কিমান পৰিমাণে এক কিলোগ্ৰাম

ফ্ৰান্সপেৰিছ মহানগৰৰ চেইণ্ট ক্লাউদ নামৰ ঠাইত থকা ওজন আৰু মাপ সমূহৰ আন্তৰ্জাতিক কাৰ্য্যালয়ৰ ভূগৰ্ভস্থ কোঠালিৰ চন্দুকত তিনিটা স্বচ্ছ ঢেমাৰ ভিতৰত ১৮৮৯ চনৰে পৰা সযতনে থোৱা এডোখৰ প্লেটিনাম-ইৰিডিয়াম সংকৰ-ধাতুৰে তৈয়াৰী চুঙাকৃতিৰ দগাৰ ভৰকে এক কিলোগ্ৰাম ভৰ বুলি আন্তৰ্জাতিক ভাৱে বিজ্ঞানত ধৰি লোৱা হৈছিল।

কিলোগ্ৰাম নিজে সাজি লোৱা পৰিমাণ

পদাৰ্থ বিজ্ঞানত ভৰ এবিধ মৌলিক ৰাশি আৰু তাৰ এককক এইদৰে কৃটিম ভাৱে তৈয়াৰ কৰি ভৰৰ লগত সংলগ্ন আন সকলো ৰাশিৰ মাপ কৰাৰ বাবে বিজ্ঞান জগতত এইডোখৰ দগাৰ গুৰুত্ত্ব অপৰিসীম । এই ডোখৰ দগাই পেৰিছৰ সেই ভূগৰ্ভস্থ প্ৰসাদত বহি সমগ্ৰ বিজ্ঞান জগতত ১৮৮৯ চনৰে পৰা একছত্ৰী সম্ৰাটৰ দৰে আধিপত্য বিস্তাৰ কৰি আছে আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ বিজ্ঞানী সকলে মাজে মাজে নিজৰ নিজৰ ৰাষ্ট্ৰীয় কিলোগ্ৰাম দগাটোৰ সঠিকতা পৰীক্ষা কৰিবৰ বাবে সেই ঠাইলৈ তীৰ্থ কৰাদি যাব লগা হৈ আছে।

কোৱা হয় যে পেৰিছত থকা সেই দগাটোত ময়লা লাগিলে সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰে ভৰ কমি যাব আনহাতে সেই দগাটোৰ সংকৰ ধাতুৰ অৱক্ষয় ঘটিলে সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰে ভৰ বাঢ়ি যাব। গতিকে সেই দগাসম্ৰাটটোক অৱক্ষয় নোহোৱাকৈ আৰু একে সময়তে চাফা-পৰিস্কাৰ কৰি ৰাখাটো বিজ্ঞানৰ অতি জৰুৰী দায়িত্ব। আৰম্ভণীৰে পৰা ৪০ বছৰৰ মূৰে মূৰে সেই কাম ফেৰা বিজ্ঞানীমহলৰ দ্বাৰা কৰা হৈ আছে।

কিলোগ্ৰামৰ নতুন ধাৰণা আৰু সংজ্ঞা

শেহতীয়া ভাৱে পেৰিছৰ এই বিজ্ঞান জগতৰ সম্ৰাট , যি Le Grand K বুলি সম্বোধিত হয়, সিংহাচ্যুত হৈছে। বিজ্ঞানী সকলে এক কিলোগ্ৰাম ভৰৰ এক প্ৰাকৃতিক আৰু বিশ্ব-জনীন সংজ্ঞা বিচাৰি পাইছে। ১৬ নৱেম্বৰ, ২০১৮ চনত পেৰিছত হোৱা এক সন্মিলনত পৃথিৱীৰ কেবাখনো দেশে ভোটদানৰ জৰিয়তে এক গণতান্ত্ৰিক কিলোগ্ৰামক স্বীকৃতি দিছে আৰু ২০ মে ২০১৯ৰ পৰা ভৰৰ একক এই কিলোগ্ৰাম শাসনাধিষ্ঠিত হব। কিলোগ্ৰামৰ লগতে পদাৰ্থ বিজ্ঞানৰ আন তিনি মৌলিক ৰাশিৰ একক ক্ৰমে বিদ্যুত স্ৰোঁতৰ বাবে এম্পিয়াৰ , উষ্ণতাৰ বাবে কেলভিন আৰু ৰাসায়নিক অণু-পৰমাণু, আয়ন আদি গণনা কৰাৰ বাবে ব্যৱহৃত একক ম'ল ৰ সংজ্ঞাৰো পৰিৱৰ্তন হ'ব।

নিউটনৰ দ্বিতীয় সুত্ৰত পদাৰ্থ বিজ্ঞানৰ প্ৰথম তিনি মৌলিক ৰাশি ভৰ, দৈৰ্ঘ্য আৰু সময় মিলিত হৈছে। সেই সুত্ৰৰ পৰা ধৰা হৈছে যে একক ভৰক একক ত্বৰণ দিবৰ বাবে একক পৰিমাণৰ বলৰ প্ৰয়োজন। ত্বৰণৰ লগত দৈৰ্ঘ্যৰ একক মিটাৰ আৰু সময়ৰ একক ছেকেণ্ড জড়িত হৈ আছে। আনহাতে ভৰৰ একক কিলোগ্ৰাম। ইতিমধ্যে পোহৰৰ গতিবেগ আৰু পাৰমাণৱিকধৰাতলত থকা অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ সলনকম্পনাংকক বিজ্ঞানী মহলে প্ৰকৃতিৰ চিৰন্তন সত্য ধ্ৰুৱক বুলি প্ৰমাণ কৰিছে। প্ৰতি ছেকেণ্ডত পোহৰে ২৯,৯৭,৯২,৪৫৮ মিটাৰ দুৰত্ব অতিক্ৰম কৰে আৰু পাৰমাণৱিকধৰাতলত থকা একেবাৰে অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ বৰ্হিখোলত থকা ইলেক্ট্ৰনটোৱে তাৰ সামান্য তাৰতম্য থকা দুই উপশক্তিস্তৰৰ মাজত প্ৰাকৃতিক ভাৱে উঠা নামা কৰি থকাৰ ফলত প্ৰতি ছেকেণ্ডত ৯১৯,২৬,৩১,৭৭০ বাৰ (হাৰ্টজ) কম্পনাংকৰ বিদ্যুত-চুম্বকীয় তৰংগ নিৰ্গত হয়। বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলোতে এই তথ্য ধ্ৰুৱসত্য। ১৯৮৩ চনতে সেয়ে এক মিটাৰৰ সংজ্ঞা বহন কৰা দণ্ড এপাটক বিজ্ঞানী মহলে ক্ষমতাচ্যুত কৰি মিউজিয়ামলৈ নিৰ্ৱাসন দিছে। কিন্তু এতিয়ালৈকে কিলোগ্ৰামক প্ৰকৃতিৰ চিৰন্তন সত্য ধ্ৰুৱকৰ লগত জড়িত কৰি সংজ্ঞা দিব পৰা হোৱা নাছিল। যাৰ ফলত বলৰ একক নিউটনো কৃটিম ভাৱে সংজ্ঞাবদ্ধ হৈ থাকিল।

শেহতীয়া ভাৱে প্লাংকৰ ধ্ৰুৱকৰ সৈতে ভৰক জড়িত কৰিব পৰা সূত্ৰৰ আৱিষ্কাৰ হোৱা স্বত্বেও প্লাংকৰ ধ্ৰুৱকৰ সঠিক মান নিৰ্ণয় কৰিব নোৱাৰাৰ বাবেই কিলোগ্ৰামৰ প্ৰাকৃতিক সংজ্ঞা দিব পৰা হোৱা নাছিল। কিন্তু সঠিক জোখ-মাখৰ দ্বাৰা জোখ-মাখৰ লগত জড়িত বিজ্ঞানী সকলে এতিয়া প্লাংকৰ ধ্ৰুৱকৰ এক নিৰ্দিষ্ট মান নিৰ্ণয় কৰি উলিয়াইছে আৰু আন বিজ্ঞানীসকলোৱেও এই জোখ-মাখত সন্তোষ্টি লভি সেই মানত একমত হৈছে। দৰাচলতে বিজ্ঞানীসকলে পোহৰৰ বেগৰ দৰে প্লাংকৰ ধ্ৰুৱককো এক নিৰ্দিষ্ট মান প্ৰদান কৰিবলৈ সন্মতি দিয়াৰ ফলতেই ভৰৰ একক কিলোগ্ৰামৰো নিৰঙ্কুশ পৰম মান পাব পৰা হ'ল।

১৬ নৱেম্বৰ, ২০১৮ত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ওজন আৰু মাপ সমূহৰ আন্তৰ্জাতিক সাধাৰণ সভাত প্লাংকৰ ধ্ৰুৱকৰ মান 6.626 070 15 × 10-34 J s বুলি সৰ্ব-সন্মত সিদ্ধান্ত হৈছে যাৰ ফলত কিলোগ্ৰামক পোহৰৰ বেগ আৰু পাৰমাণৱিকধৰাতলত থকা অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ অন্তনিৰ্হিত শক্তি সলনকম্পনাংকৰ মানেৰে নিৰ্দিষ্ট কৰি সংজ্ঞাৱদ্ধ কৰা হ'ব । ২০ মে, ২০১৯ ৰ পৰা এই নতুন সংজ্ঞা কাৰ্য্যকৰী হ'ব।

টোকা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কিলোগ্ৰাম কিমান পৰিমাণে এক কিলোগ্ৰাম নিজে সাজি লোৱা পৰিমাণকিলোগ্ৰাম ৰ নতুন ধাৰণা আৰু সংজ্ঞাকিলোগ্ৰাম টোকাকিলোগ্ৰাম তথ্য সংগ্ৰহকিলোগ্ৰাম বাহ্যিক সংযোগকিলোগ্ৰামদ্ৰুতিপদাৰ্থ বিজ্ঞানভৰ

🔥 Trending searches on Wiki অসমীয়া:

কৃষিতৰাগছসৰ্বপল্লী ৰাধাকৃষ্ণণনিধানপুৰ তাম্ৰলিপিনাহৰৰ গীতকুটিল লিপিশাল গছনেপালী জনগোষ্ঠীজাতীয়তাবাদসমীৰ তাঁতীঢেঁকীধৰ্মদ্বীপেন বৰুৱাসাঁথৰনাঙলৰাম মন্দিৰ, অযোধ্যাউৎপাদন (অৰ্থনীতি)আধুনিকতাবাদদৰিদ্ৰতাএইচ.আই.ভি/এইড্‌ছকামিনী কাঞ্চনপ্ৰাঞ্জল শইকীয়াভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যচীনশব্দবিৰিঞ্চি কুমাৰ বৰুৱাবায়ু প্ৰদূষণমাটিৰ হিচাপবাণীকান্ত কাকতিবৈচাগুঢ়আঙুলি সঞ্চালনবিহু নৃত্যপাৰিজাত হৰণ নাটভঠেলিফকৰা যোজনাপদুমতৎসমঋকবেদশদিয়াসদৌ অসম ছাত্ৰ সন্থাঅসমৰ ৱেবছাইটসমূহৰ তালিকাকবিতাশিৱসাগৰ জিলাযোগাসনমল্লিকা ফুলহেমচন্দ্ৰ বৰুৱাৰুক্মিণী হৰণ নাটশালস্তম্ভ ৰাজবংশবিহুলখিমপুৰ (লোকসভা সমষ্টি)মেজিপিঠাপদ্মনাথ গোহাঞি বৰুৱাপাঁচালীসৌৰভ কুমাৰ চলিহাসংস্কৃতিঅসমৰ চাহ জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণহাইদাংগুগলভাষাদুৰ্গা পূজাগোলকীয় উষ্ণতা বৃদ্ধিআকবৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অসম আন্দোলনঅসমৰ সমস্যাপুৰাণবড়ো জনগোষ্ঠীঅশোক ফুলবিহুগীত🡆 More