কাৰেংঘৰ: পিৰামিড আকৃতিৰ ৰাজমহল

75°49′36″E / 26.923611°N 75.826667°E / 26.923611; 75.826667

কাৰেংঘৰ বা কা-ৰৌণ (ইংৰাজী: Kareng Ghar or Ka-Rwan) আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমশিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।

কাৰেংঘৰ
কাৰেংঘৰ: নামকৰণ, স্থাপত্য, গেলেৰী
শিৱসাগৰ জিলাৰ কাৰেং ঘৰৰ সন্মুখৰ অংশ
সাধাৰণ তথ্য
স্থাপত্য শৈলী আহোম সাম্ৰাজ্যকালীন স্থাপত্য
অৱস্থিতি শিৱসাগৰ, অসম, ভাৰত
স্থানাংক 26°55′25″N 75°49′36″E / 26.923611°N 75.826667°E / 26.923611; 75.826667
নিৰ্মাণ আৰম্ভ ১৭৫১
প্ৰযুক্তিৰ বিৱৰণ
গঠন পদ্ধতি ইটা আৰু থলুৱা ভাবে বনোৱা বিলাতী মাটি
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক স্বৰ্গদেউ চুক্লেংমুং, ৰাজেশ্বৰ সিংহ

নামকৰণ

অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নাম কাৰেং ঘৰ। ইয়াত ঘৰ শব্দটো অপ্ৰয়োজনীয় যদিও এইক্ষেত্ৰত 'ঘৰ' শব্দটো এটা বিশেষ ৰাজকাৰেংৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে।

স্থাপত্য

কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবিচজনে (বৰকাকতী) লিখিছিল, "গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল"। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হ'-লুঙ বুলি কোৱা হৈছিল। মীৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ'ল, "ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটুৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্য দেখা যায়। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেং ঘৰ। "

গেলেৰী

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  • Kareng Ghar, Gargaon Archived 2013-07-19 at the Wayback Machine সম্পৰ্কে assamportal.com ত বিস্তাৰিত তথ্য চাওক
  • Kareng Ghar সম্পৰ্কে indiamapped.com ত তথ্য আৰু ভিডিঅ’
  • কাৰেং ঘৰ সম্পৰ্কে meghalayatimes.org ত তথ্য আৰু চিত্ৰ আছে।
  • Kareng Ghar & Talatal Ghar সম্পৰ্কে mapsofindia.com ৱেবছাইটত

Tags:

কাৰেংঘৰ নামকৰণকাৰেংঘৰ স্থাপত্যকাৰেংঘৰ গেলেৰীকাৰেংঘৰ লগতে চাওককাৰেংঘৰ তথ্য সংগ্ৰহকাৰেংঘৰ বাহ্যিক সংযোগকাৰেংঘৰভৌগলিক স্থানাংক পদ্ধতি

🔥 Trending searches on Wiki অসমীয়া:

ত্ৰিভুজৱৰ্ল্ড ৱাইড ৱেবশ্ৰীনিবাস ৰামানুজনপূৰ্ণ স্বৰাজভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআত্মাকিতাপৰংঘৰঅসমৰ সমস্যাএৰিষ্ট'টলহিমালয়হস্তমৈথুনবিবাহতাল (বাদ্যযন্ত্ৰ)অৰুণাচল প্ৰদেশৰংসাক্ষৰতাশৰৎ ঋতুসিংহস্বাস্থ্যবিহুৰ খাদ্যমহাভাৰতৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)ৰাম মন্দিৰ, অযোধ্যাকুমাৰ ভাস্কৰ বৰ্মাহাতীহাজং জনগোষ্ঠীমৰাণ জনগোষ্ঠীস্বামী বিবেকানন্দআহোম-মোগলৰ সংঘৰ্ষইণ্টাৰনেটসূৰ্যকুমাৰ ভূঞাভাস্কো দা গামাঅসমৰ পৰম্পৰাগত খেল-ধেমালিমাটিমানচিত্ৰহৰি-হৰ যুদ্ধঅসমৰ চলচ্চিত্ৰনৱ-বৈষ্ণৱ ধৰ্মকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবড়ো ভাষাচুতীয়া ৰাজ্যখনিকৰ (নাট)পিম্পৰা গুচোৱামৌখিক পৰম্পৰাব্লগমৌৰ্য সাম্ৰাজ্যদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাঅসমীয়া ব্যাকৰণমুগা (ৰেচম)ফুলগুৰি ধেৱাজৱাহৰলাল নেহৰুশিৱনাগাৰা নামবৰহমথুৰিগোৱালপাৰীয়া উপভাষাঅযোধ্যা (পৌৰাণিক নগৰ)পাইথেগাৰাছচোৰধৰাপতঞ্জলিৰ যোগসূত্ৰঢ়আকবৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীডিব্ৰুগড় বিশ্ববিদ্যালয়ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানশকুন্তলাবায়ু প্ৰদূষণবসন্ত ঋতুঅসমৰ ধান খেতিৰ সঁজুলিসমূহমঙ্গলদৈ (লোকসভা সমষ্টি)কাঞ্চন (উপন্যাস)জন গণ মনপৰ্যাবৃত্ত তালিকা🡆 More