কল্পনা চাওলা

কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন'ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে। ইয়াৰোপৰি তেওঁৰ সন্মানাৰ্থে ভালেমান পথ, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

কল্পনা চাওলা
কল্পনা চাওলা
জন্ম ১৭ মাৰ্চ, ১৯৬২
কৰ্নাল, পূব পঞ্জাব, ভাৰত
(বৰ্তমানৰ হাৰিয়ানা, ভাৰত)
মৃত্যু ১ ফেব্ৰুৱাৰী, ২০০৩ (৪০ বছৰ)
শিক্ষানুষ্ঠান পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়
ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটন
ইউনিভাৰ্ছিটি অৱ ক'ল'ৰাড’ বোল্ডাৰ
মহাকাশত কটোৱা সময় ৩১ দিন, ১৪ ঘণ্টা, ৫৪ মিনিট
নিৰ্বাচন ১৯৯৪ নাছা গোট
অভিযান STS-87, STS-107
অভিযানৰ প্ৰতীক কল্পনা চাওলা কল্পনা চাওলা
বঁটা Congressional Space Medal of Honor

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল। কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল। কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আটাইতকৈ সৰু সন্তান। কল্পনা চাওলাৰ সুনীতা আৰু দীপা নামে দুজনী ভনী আৰু সঞ্জয় নামে এজন ভাতৃ আছিল। উল্লেখযোগ্য যে জন্মৰ পাছতেই কল্পনা চাওলাৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম “ম’ণ্টু” ৰাখিছিল, কিন্তু তিনি বছৰ বয়সত কল্পনা চাওলাই “কল্পনা” নামটো আনুষ্ঠানিক নাম হিচাপে বাছি লয়।

কল্পনা চাওলাই কৰ্নালৰ টেগোৰ বাল নিকেতন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ কৰ্নালৰ দয়াল সিং কলেজ আৰু ডাভ কলেজ ফৰ ৱুমেনতো শিক্ষা গ্ৰহণ কৰিছিল। ভাৰতৰ পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈমানিকী অভিযান্ত্ৰিকী বিষয়ত স্নাতক ডিগ্ৰী (BSc) লাভ কৰাৰ পাছত তেওঁ ১৯৮২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৮৪ চনত ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটনৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত স্নাতকোত্তৰ (MSc) ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৮৮ চনত ইউনিভাৰ্ছিটি অৱ ক’ল'ৰাড’ বোল্ডাৰৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত পি এইচ ডি লাভ কৰে।

জীৱিকা

কল্পনা চাওলা 
২০০১ চনত এছ টি এছ-১০৭ অভিযানৰ মহাকাশচাৰীসকল। বাওঁফালৰ পৰা সোঁফাললৈ: ব্ৰাউন, হাজবেণ্ড, ক্লাৰ্ক, কল্পনা চাওলা, এণ্ডাৰছন, মেককুল আৰু ৰামোন

১৯৮৮ চনত কল্পনা চাওলাই কেলিফ'ৰ্ণিয়াত অৱস্থিত নাছাৰ এমিছ গৱেষণা কেন্দ্ৰত গৱেষক বিজ্ঞানী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনলৈ আৱেদন দিয়ে। হাউষ্টনত অৱস্থিত জনছন মহাকাশ কেন্দ্ৰত বহুতো পৰীক্ষা-নিৰীক্ষা আৰু আনুষ্ঠানিক সাক্ষাৎকাৰৰ অন্তত ১৯৯৪ চনৰ ডিচেম্বৰ মাহত সংগঠনটোৱে তেওঁক নিৰ্বাচিত কৰে। ১৯৯৫ চনৰ মাৰ্চ মাহত এজন মহাকাশচাৰী প্ৰাৰ্থী হিচাপে তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনত যোগদান কৰে। এবছৰীয়া প্ৰশিক্ষণ আৰু মূল্যাংকন সম্পূৰ্ণ কৰাৰ পাছত মহাকাশচাৰী কাৰ্যালয়ত ইভিএ/ৰ'ব'টিক্স আৰু কম্পিউটাৰ শাখাত কাৰিকৰী কাৰ্যসমূহ কৰিবলৈ কল্পনা চাওলাক কৰ্মচাৰীৰ প্ৰতিনিধিত্বকাৰী হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-10) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহত শ্বাটল্ এণ্ড্ ষ্টেশ্ব’ন ফ্লাইট্ ক্ৰূ ইকুইপমেণ্টৰ প্ৰতিনিধিত্বকাৰী হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৭ চনৰ এছ টি এছ-৮৭ (STS-87) আৰু ২০০৩ চনৰ এছ টি এছ-১০৭ (STS-107) অভিযানত কল্পনা চাওলা মহাকাশলৈ গৈছিল। কল্পনা চাওলাই মহাকাশত সৰ্বমুঠ ৩০/৩১ দিন ১৪ ঘণ্টা আৰু ৫৪ মিনিট সময় অতিবাহিত কৰিছে।

প্ৰথম মহাকাশ অভিযান

১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-87) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলা নিৰ্বাচিত হয়। উক্ত অভিযানত কল্পনা চাওলাই ৩৭২ ঘণ্টা আৰু ৩৪ মিনিট সময় মহাকাশত পৰিভ্ৰমণ কৰে।

দ্বিতীয় মহাকাশ অভিযান

২০০০ চনত এছ টি এছ-১০৭ (STS-107) অভিযানৰ মহাকাশচাৰী হিচাপে কল্পনা চাওলা তেওঁৰ দ্বিতীয় মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত হয়। ২০০৩ চনৰ ১৬ জানুৱাৰী তাৰিখে এছ টি এছ-১০৭ (STS-107) অভিযানৰ বাবে তেওঁ স্পেছ শ্বাটল্ কলম্বিয়াত মহাকাশলৈ প্ৰত্যাৱৰ্তন কৰে। ১৬ দিনীয়া উক্ত অভিযানটোত সফলতাৰে প্ৰায় আশীটা পৰীক্ষা সম্পন্ন কৰা হৈছিল। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে অভিযানটোৰ হঠাৎ পৰিসমাপ্তি ঘটে যেতিয়া আমেৰিকান মহাকাশযান স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীত অৱতৰণ কৰাৰ নিৰ্দিষ্ট সময়তকৈ ১৬ মিনিট আগতেই ধ্বংসপ্ৰাপ্ত হয়।

মৃত্যু

২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত সংঘটিত স্পেছ শ্বাটল্ কলম্বিয়া দুৰ্ঘটনাত ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মহাকাশত এছ টি এছ-১০৭ (STS-107) অভিযান সমাপ্ত কৰি পৃথিৱীত অৱতৰণ কৰাৰ কেইমুহূৰ্তমান আগতে স্পেছ শ্বাটল্ কলম্বিয়া ধ্বংসপ্ৰাপ্ত হয়। দুৰ্ঘটনাটোত কল্পনা চাওলাৰ সৈতে নিহত হোৱা বাকী ছয়জন মহাকাশচাৰী আছিল ক্ৰমে কমাণ্ডাৰ ৰিক ডি. হাজবেণ্ড, পাইলট উইলিয়াম চি. মেককুল, পেলোড কমাণ্ডাৰ মাইকেল পি. এণ্ডাৰছন, পেলোড বিশেষজ্ঞ ইলান ৰামোন (প্ৰথম ইজৰাইলী মহাকাশচাৰী), অভিযান বিশেষজ্ঞ ডেভিড এম. ব্ৰাউন আৰু আন এজন অভিযান বিশেষজ্ঞ লৰেল বি. ক্লাৰ্ক।

ব্যক্তিগত জীৱন

সন্মান আৰু স্বীকৃতি

  • Asteroid 51826 Kalpana chawla, one of seven named after the Columbia's crew.
  • On February 5, 2003, the Prime Minister of India announced that the meteorological series of satellites, MetSat, was to be renamed "Kalpana". The first satellite of the series, "MetSat-1", launched by India on September 12, 2002 was renamed "Kalpana-1".
  • 74th Street in Jackson Heights, Queens, New York City has been renamed "Kalpana Chawla Way" in her honor.
  • The Kalpana Chawla Award was instituted by the Government of Karnataka in 2004 to recognize young women scientists.
  • NASA has dedicated a supercomputer to Chawla.
  • One of Florida Institute of Technology's student apartment complexes, Columbia Village Suites, has halls named after each of the astronauts, including Chawla.
  • The NASA Mars Exploration Rover mission has named seven peaks in a chain of hills, named the Columbia Hills, after each of the seven astronauts lost in the Columbia shuttle disaster. One of them is Chawla Hill, named after Chawla.
  • Steve Morse from the band Deep Purple created the song "Contact Lost" in memory of the Columbia tragedy along with her interest in the band. The song can be found on the album Bananas.
  • Novelist Peter David named a shuttlecraft, the Chawla, after the astronaut in his 2007 Star Trek novel, Star Trek: The Next Generation: Before Dishonor.
  • The Kalpana Chawla ISU Scholarship fund was founded by alumni of the International Space University (ISU) in 2010 to support Indian student participation in international space education programs.
  • The Kalpana Chawla Memorial Scholarship program was instituted by the Indian Students Association (ISA) at the University of Texas at El Paso (UTEP) in 2005 for meritorious graduate students.
  • The Kalpana Chawla Outstanding Recent Alumni Award at the University of Colorado, given since 1983, was renamed after Chawla.
  • The University of Texas at Arlington, where Chawla obtained a Master of Science degree in aerospace engineering in 1984, opened a dormitory named Kalpana Chawla Hall in 2004.
    কল্পনা চাওলা 
    Kalpana Chawla Hall, University of Texas Arlington
    In addition, the university dedicated the Kalpana Chawla Memorial on May 3, 2010, in Nedderman Hall, one of the primary buildings in the College of Engineering.
  • The girls' hostel at Punjab Engineering College is named after Chawla. In addition, an award of INR twenty-five thousand, a medal, and a certificate is instituted for the best student in the Aeronautical Engineering department.
  • The Government of Haryana established the Kalpana Chawla Planetarium in Jyotisar, Kurukshetra.
  • The Indian Institute of Technology, Kharagpur, named the Kalpana Chawla Space Technology Cell in her honor.
  • Delhi Technological University named a girls' hostel block after Chawla.
  • A military housing development at Naval Air Station Patuxent River, Maryland, has been named Columbia Colony, and includes a street named Chawla Way.
  • Hostel blocks in Maulana Azad National Institute of Technology, SRM Institute of Science and Technology, Sagar Institute of Research & Technology, VIT University, Samrat Ashok Technological Institute and Pondicherry University have been named after Chawla.
  • Kalpana Chawla Government Medical College (KCGMC) is a Medical College located in Karnal, Haryana, India named after Chawla.
  • Kalpana Chawla Chowk is a name given/dedicated to a crossroad in Borivli, Mumbai in memory of the astronaut.
  • The Kalpana One Space Settlement is named in her honor.
  • A block is named as Kalpana Chawla Block in her honor in ABES Engineering college Ghaziabad(Uttar Pradesh) India.

তথ্য সূত্ৰ

বাহ্যিক সংযোগ

Tags:

কল্পনা চাওলা প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাকল্পনা চাওলা জীৱিকাকল্পনা চাওলা মৃত্যুকল্পনা চাওলা ব্যক্তিগত জীৱনকল্পনা চাওলা সন্মান আৰু স্বীকৃতিকল্পনা চাওলা তথ্য সূত্ৰকল্পনা চাওলা বাহ্যিক সংযোগকল্পনা চাওলাইংৰাজী

🔥 Trending searches on Wiki অসমীয়া:

অশোকৰ অনুশাসনহেমপ্ৰভা চুতীয়াএহাত ডাবাচৰকাৰঅণুবীক্ষণ যন্ত্ৰবৰষুণবেটুপাতপাইক প্ৰথাইন্দ্ৰেশ্বৰ বৰঠাকুৰসত্ৰীয়া নৃত্যবড়ো চুক্তি ২০২০মামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিশ্বনাথ চাৰিআলিডিমাছা জনগোষ্ঠীসাঁথৰবাঁহঅসমৰ জিলাসমূহনিমাতী কইনামিচিং জনগোষ্ঠীৰ সাজপাৰসিন্ধু সভ্যতাশিৱঢোলআমলখিলিঅ'নাৰ্ড' দা ভিন্সিবৰপেটা সত্ৰভূপেন্দ্ৰ সংগীতমাছআলেকজেণ্ডাৰ গ্ৰাহাম বে'লভাতচন্দ্ৰধৰ বৰুৱাআহোম ৰাজ্যচলচ্চিত্ৰবৰগীতচৰাইদেউ জিলাবগেজাৰী গীতখিলঞ্জীয়া লোকঅসমত দেখা পোৱা সাপবোৰঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাফলকোষ (জীৱবিজ্ঞান)পাতি শগুণলোকসভানলবাৰী নগৰজোনাকী (আলোচনী)মণিকৰ্ণেশ্বৰ দেৱালয়মেজিগুৰুপ্ৰসাদ দাসভগৎ সিংদীপলিনা ডেকাঅসমীয়া বৰ্ণমালাডিম্পু বৰুৱামোৱামৰীয়া বিদ্ৰোহঅসমৰ জাতীয় গীতআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমৰ সাধুকথাৰঘুনাথ চৌধাৰীঅসম আৰক্ষীতলাতল ঘৰমাৰাঠা সাম্ৰাজ্যঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবঙালী ভাষাঋতুকলবাজেটলুৰিন জ্যোতি গগৈমানচিত্ৰভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনপ্ৰেমচন্দবকুল ফুলৰ দৰে (গ্ৰন্থ)ঘৰ শালিকামৌখিক লোকসাহিত্যভাৰত🡆 More