কলিতা জনগোষ্ঠী:

এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।

কলিতা (ইংৰাজী: Kalita) হৈছে উত্তৰ-পূব ভাৰতৰ অসমৰ এটা হিন্দু জনগোষ্ঠী বা জাতি। কলিতাসকল সাধাৰণ বা অসংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত। কলিতা জনগোষ্ঠীটোক - এফালে কেওঁট আৰু আনফালে গণক আৰু ব্ৰাহ্মণৰ মাজৰ এটা জনগোষ্ঠী বুলি অসমীয়া সমাজত মান্যতা প্ৰদান কৰা হয়। এছ.এল.বৰুৱাৰ দৰে বুৰঞ্জীবিদৰ মতে, ১১ শতিকাৰ ধৰ্মপালৰ শাসনকালত কলিতাসকলে উত্তৰ আৰু পূব ভাৰতৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল বুলি ধাৰণা কৰা হয়।

কলিতা জাতি
Kalita
মুঠ জনসংখ্যা
৭০ লাখ (আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
কলিতা জনগোষ্ঠী: ইতিহাস, বাৰভূঞা কলিতাসকল, কলিতাসকৰ বৰ্ণ বিভাজন ভাৰত:
        অসম ৫০  লাখ
ভাষাসমূহ

অসমীয়া ভাষা

ধৰ্ম

কলিতা জনগোষ্ঠী: ইতিহাস, বাৰভূঞা কলিতাসকল, কলিতাসকৰ বৰ্ণ বিভাজন হিন্দু ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

অসমীয়া

ইতিহাস

কলিতাসকলক বৰ্তমানৰ হিন্দুমত কৰ্মগত পেছাদাৰী বৰ্গসমূহ উত্থানৰ আগতে অসমলৈ আগমন ঘটিছিল বুলি পণ্ডিতসকলে কয়। এক অলিখিত কিংবদন্তি অনুসৰি, পৰশুৰামে ক্ষত্ৰিয়ক নিঃশেষ কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ সময়ত তেওঁৰ ক্ৰোধৰ পৰা পলায়ন কৰি অসমৰ অৰণ্যত আত্মগোপন কৰা ক্ষত্ৰিয় বোলাৰ প্ৰসংগত কলিতাসকলক কুললুপ্ত (কুল অৰ্থাৎ জাতি আৰু লুপ্ত অৰ্থাৎ লুকাই যোৱা, হেৰাই যোৱা) বুলি কোৱা হয়। অবশ্যে কলিতাৰ প্ৰসংগত এই কুললুপ্ত বোলা ধাৰণাটো পণ্ডিত বাণীকান্ত কাকতি, কমলাকান্ত ভট্টাচাৰ্য্যকে আদি কৰি অসমৰ ভালেকেইজন লোকে মিছা ভিত্তিহীন আৰু অপমানজনক বুলিহে ব্যক্ত কৰি গৈছে। কলিতাসকলক অসমত স্থায়ীভাৱে নিবাস কৰিবলৈ লোৱা প্ৰথমটো আৰ্যমুলীয় জাতি বুলি কোৱা হয়। কৃষিকৰ্মই হৈছে আৰ্যৰ প্ৰাথমিক পৰিচয়, প্ৰথমাৱস্থাত উৰ্বৰ মটিৰ সন্ধানতে হয়তো আৰ্যসকল অসমলৈ প্ৰব্ৰজন কৰিছিল আৰু অনাৰ্যৰ লগত যুদ্ধ কৰি ভূমি অধিকাৰ সুৰক্ষিত কৰিছিল,আৰু তাৰ বহু পাছতহে ইয়ালৈ ব্ৰাহ্মণসকলৰ আগমন হয়,আচলতে নাঙলে মাটি চহাই খেতিবাতি কৰা পদ্ধতি,আৰ্যপুত্ৰ কলিতাসকলেই অসমলৈ আনে। সেইকাৰণেই পণ্ডিতসকলে কলিতাসকলক বৈদিক আৰ্য্যজাতিৰ মূলতঃ ক্ষত্ৰিয় বৰ্ণৰ অন্তৰ্গত বুলি গণ্য কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

কনকলাল বৰুৱাই কৈছে যে আৰ্য্যৰ এটা শাখা প্ৰথমে উত্তৰ-পূবৰ পৰা অসমত প্ৰৱেশ কৰিছিল আৰু সেই আদিম আৰ্য্যসকলৰ বংশধৰসকলেই হৈছে বৰ্তমান সময়ৰ অসমীয়া কলিতাসকল। এওঁলোকেই হৈছে একমাত্ৰ "পূৰ্ববৈদিক আৰ্যজাতি" যি সৰ্বপ্ৰথমে অসমলৈ আৰ্য সংস্কৃতি কঢ়িয়াই আনিছিল।" মাধুৰ্যমণ্ডিত বৰুৱাৰ মতে, খ্ৰীষ্টপূৰ্ব ৩১৯২ চনত আলপাইনগোষ্ঠীয় কলিতাসকলে বৰ্তমানৰ অসমৰ ৰজা জল্পৰ সহায় আৰু আশ্ৰয় লৈ প্ৰথম কলিতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। খ্ৰীষ্টপূৰ্ব ২০১১ চনৰ শেষৰ ফালে কলিতা ৰাজ্য ব্ৰহ্মপুত্ৰৰ দক্ষিণ উপত্যকালৈকে বিস্তৃত হৈছিল। হিমাচল প্ৰদেশৰ কুল্লু উপত্যকা বা কুলুট বংশৰ পৰা অহাৰ বাবেই প্ৰাচীন অসমত এই ক্ষত্ৰিয় জাতিটো কলিতা নামেৰে জনাজাত আছিল কলিতাসকল হৈছে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ জনগোষ্ঠী। প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মনাথ গোঁহাঞিবৰুৱাদেৱে তেখেতৰ ‘অসম বুৰঞ্জী’ত এই কথা স্পষ্ট কৰি গৈছে যে কলিতাসকল অসমৰ আটাইতকৈ পুৰণীকলীয়া আদিবাসী, নৰক, ভগদত্ত আৰু ৰজাসকল কলিতাসকলৰ আদিপুৰুষ আছিল। ৰাজমোহন নাথৰ ‘The Background of Assamese Culture’ ত উল্লেখ কৰা অনুসৰি ২৪জন নৰকৰ ভিতৰত প্ৰথম নৰকৰ সময় আছিল খী. পূ. ২২০০ ৰ পৰা খী. পূ.২১৬৯। দ্বিতীয়ৰ পৰা তৃবিংশতিতম নৰকৰ সময় আছিল খী: পূ: ২১৬৯ৰ পৰা খী: পূ: ১৫০৯। শেষৰজন নৰকৰ সময় আছিল খী: পূ: ১৫০৯ ৰ পৰা খী: পূ: ১৪৪৯ আৰু তেওঁৰেই পুতেক আছিল ভগদত্ত।শংকৰলাল বৰুৱাই উল্লেখ কৰিছে যে ধৰ্মপালৰ ৰাজত্বকালত (১০৯৫–১১২০) কলিতাসকল উত্তৰ ভাৰতৰ পৰা অসমলৈ আহিছিল। ড° বি এছ গুহে গুজৰাটৰ "আলপাইন নগৰ ব্ৰাহ্মণ"ৰ পৰম্পৰা বৈশিষ্ট্য আদিৰ লগত উত্তৰ-পূব ভাৰতৰ আলপাইন আৰ্যসকলৰ সাদৃশ্য বিচাৰি পাইছিল। কামৰূপ ৰজা ভাস্কৰবৰ্মনৰ নিধানপুৰ ভূমি অনুদানত (৬ম শতিকা খ্ৰীষ্টাব্দ) উল্লেখ কৰা উপাধিসমূহৰ সৈতে তেওঁ কলিতাসকলক যুক্ত কৰিব খোজে।" ১৫-১৬ শতিকাত কলিতাসকলৰ অসমত এখন নিজস্ব স্বাধীন দেশ আছিল অষ্টাদশ শতিকাত ৰচিত চক্ৰপাণি বৈৰাগীৰ 'গুৰুচৰিত কথা'ত মহাপুৰুষ ভবাণীপুৰীয়া গোপাল আতাৰ পিতৃভিঠা বুলি কলিতা দেশৰ প্ৰসংগ আনিছে। প্ৰথমবাৰলৈ জাতিবাচকভাবে ১৬৫৭ খৃ. বৰপেটা সত্ৰৰ তামৰ ফলিত কলিতা শব্দৰ প্ৰয়োগ কৰা হৈছিল। তাৰ পাছলৈ দৈত্যাৰি ঠাকুৰকৃত শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেব চৰিতকে আদি কৰি বিভিন্ন লেখ ফলি শাসনত চেগা ছোৰোকাকৈ জাতিবাচক ৰূপে কলিতা শব্দৰ আহিছে।

বাৰভূঞা কলিতাসকল

অসমত আদিভূঞা আৰু পশ্চিমীয়া ভূঞা বুলি দুই শ্ৰেণীৰ কলিতা-বাৰভূঞা পোৱা যায়। বৰ্তমানৰ অসম, উত্তৰ বংগ আৰু বাংলাদেশৰো সৰহভাগেৰে গঠিত (খৃঃ 650 ৰ পাছৰপৰা) পুৰণি কামৰূপ ৰাজ্যৰ ভাঙোনৰ সময়ছোৱাতে ভূঞাসকলৰ আদি থালটো উৎপত্তি হৈছিল। শালস্তম্ভ বংশৰ নৱম শতিকাৰ ৰজা বলবৰ্মন (তৃতীয়)ৰ ৰাজত্বকালতে মাটি ভগাই লোৱাৰ কাৰ্য খুব দেখিবলৈ পোৱা হৈছিল। বৰ্মন,শালস্তম্ভ,পাল আৰু কমতাধিপতি দুৰ্লভ নাৰায়নৰ বংশাদি কলিতাসম্ভূত আছিল এই কলিতা ৰাজ্যবোৰৰ পতনৰ পাছত তেওঁলোকৰে কিছুমান ক্ষমতাশালী সামন্তই আনৰ কৰতলীয়া হিচাপে বা কেতিয়াবা স্বাধীন ভাবেও একোটা সৰু সৰু এলেকাত ভূঞা নামেৰে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি শাসন কৰিছিল,তেওঁলোকেও নিজকে ক্ষত্ৰিয় বুলিছিল। তদুপৰি কামৰূপৰ প্ৰথম আলপাইন ক্ষত্ৰিয় বৰ্ণ সম্ভূত শাসক জাতি হিচাপে কলিতাসকলকেই মূলতঃ বাৰ-ভূঞা বুলি কোৱা যায়। অসমত আৰু এচাম গোটছেৰেক পশ্চিমীয়া কায়স্থ (কলিতা) ভূঞা আছে যি চতুৰ্দশ শতিকাৰ শেষৰ ফালে কমতাৰ কলিতা ৰাজা দুৰ্লভনাৰায়ণৰ ৰাজত্বকালত কনৌজ আৰু বংগৰ পৰা প্ৰব্ৰজিত হৈছিল। এইসকল ভূঞাৰ মাজতেই মহাপুৰুষ শংকৰদেৱৰ বংশধৰো আছিল। জাতিগতভাৱে কায়স্থ (কলিতা) আৰু ব্ৰাহ্মণ এই পশ্চিমীয়া ভূঞাসকলৰ বেছিভাগকেই প্ৰথমে কোঁচৰাজ্যত সংস্থাপিত কৰাৰ পাছত নিৰাপত্তাজনিত কাৰণতেই তেওঁলোক উজাই আহি কলিতা আদিভূঞাসকলৰ লগত মধ্য অসমৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিছিল। কিন্তু পিছলৈ বিভিন্ন কাৰণবশতঃ প্ৰায় সকলোবোৰ পশ্চিমীয়া ভূঞাই কোচ ৰাজ্যলৈ পুনঃপ্ৰবজিত হৈছিল উল্লেখযোগ্য যে উজনি অসমত এইসকল ভূঞাৰ বিশেষ কোনো চিন-চাব নাই। ইয়াতকৈ অধিক এইসকলৰ বিষয়ে জনা নাযায়। আহোম ৰাজত্বৰ সময়ত পৰাক্ৰমী কলিতা আদিভূঞাসকলক চুতীয়া কছাৰী কোচ আদিৰ ভূঞাৰ লগতে দমন কৰি ৰজাই শাসনত উপযুক্ত বিষয়বাব দি সংস্থাপিত কৰিছিল। পুৰণি অসম বুৰঞ্জীসমূহৰ ঠায়ে ঠায়ে বাৰভূঞাঁৰ প্ৰসংগ বহুবাৰ আনিছে আৰু তাৰ সংজ্ঞাও দিছে এনেদৰে- ‘পাচে লাক্লি কওদেউ ২৪২৭ শকত(১৫০৫) বাৰভূঞাক বৰালে। বাৰভূঞাৰ অৰ্থ এই, এওঁলোক একৰকম হিন্দু। আকৌ আন এঠাইত এনেকৈ আছে- দেশত ৰজা নাইকিয়া হ’লে অথবা ৰজা থকা সময়তো তেওঁলোক ৪,৫,১০,১২ গ্ৰাম ততোধিক গাঁৱৰ অধিপতি আপুন এক্তাৰে হৈ দখল কৰে। সময়মতে স্বাধীন মত হৈ কোনো কোনো ৰজাৰ অধীন হৈ সেই গ্ৰামৰ কৰ-কাটল দিয়ে, ইয়াকে বাৰভূঞা বোলে। একেদৰে বাৰভূঞা চৰিতত আছে কিদৰে স্বৰ্গদেউসকলে ভূঞাৰ সতি-সন্ততিসকলক নিজ ৰাজ্যত থিতাপি লগোৱাৰ পিছত আহোম ৰাজচ’ৰাত মন্ত্ৰী ডা-ডাঙৰীয়া কেইজনৰ আসনৰ কাষতেই সেইসকলৰো বহাৰ চিন কৰি দিছিল। লাচাম কলিতা ভূঞাঁক কছাৰী ৰাজ্যৰ শাসনকৰ্তা(বৰচেতিয়া বা মৰঙীখোৱা গোহাঁই) পতাৰ পাছৰ পৰাই আহোম ৰাজত্বত ভূঞাসকলৰ মৰ্যাদা আৰু স্থান সম্পৰ্কে কিছু সম্ভেদ পোৱা যায়। আহোম ৰাজ্যত এই কলিতা ভূঞাসকলৰ বাজে কিন্তু পশ্চিমীয়া কায়স্থ (কলিতা) ভূঞাঁক আহোম ৰজাই কেতিয়াবা আদৰেৰে সংস্থাপিত কৰাৰ কথাটোত বুৰঞ্জী নিমাত। পুৰণি অসম বুৰঞ্জীত এনেকৈ আছে- "স্বৰ্গদেৱ দিহিঙীয়া ৰজাই ৰটাটেমনি দখল কৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেহি। ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বৰ বাৰভূঞাঁ আৰু এওঁলোকৰ প্ৰত্যেকৰে লগত চাৰিজনকৈ সৰু ভূঞা দি মুঠ ষাঠিজন ভূঞাক উত্তৰ পাৰে পাতিলে। ইয়াৰ ভিতৰৰ ডাঙৰ লাচাম কলিতা ভূঞাক স্বৰ্গদেৱে মৰঙিৰ পৰা ১৫৩৬ খৃঃত ডিমাপুৰ দখল কৰি কছাৰী ৰজা ডেৰচোংফাক হত্যা কৰাৰ পিছত কছাৰীবিলাকৰ ওপৰত টুৰ্পা নাম দি মৰঙিৰ শাসনকৰ্তা বা মৰঙি খোৱা গোহাই পাতি বাঁহবড়িয়া চেটিয়া পাতিলে।" Dr. JP Wade আৰু কছাৰী বুৰঞ্জীৰ মতে তেওঁৰ নাম চুৰ্পাহে আৰু কছাৰী বুৰঞ্জীয়ে তেওঁক বৰচেটিয়া বুলি কয়। তুৰ্বকৰ সৈতে হোৱা যুদ্ধত সহায় কৰি বিশ্বাসভাজন হ'ব পাৰিছিল বুলিয়েই বাৰভূঞাঁক স্বৰ্গদেউৱে অতি গুৰুত্বপূৰ্ণ মৰঙিখোৱা গোহাই পাতিলে। এই বিষয়ে পুৰণি অসম বুৰঞ্জীত এনেকৈ আছে - "পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজা কাচেঙ্গ বড় পাত্ৰগোহাইক সেনাপতি পাতি উপাই কৰি তুৰ্বকক মৰালে। আত পাচে সেই বেলা ৰটাটেমনিৰ বাৰ ভূঞায়াই কলঙৰ কাখৰত ৰলহি। মদনগিৰি, ধৰ্ম্মাই, চোমদাৰ, ৰামচন্দ্ৰ গিৰি, চন্দ্ৰ দলৈ, তামোলী দলৈ, বাহুদলৈ, বড় চোমদাৰ, এই সকল প্ৰমুখ্যে যুদ্ধক মনে আছে। ...পাচে দিহিঙ্গীয়া ৰজা বড় সন্দিকৈ সকলো বোৰে ভূঞায় যুদ্ধলৈ সলালৈ, আহিল। পাচে ভূঞাৎ সলা মাৰিলে। প্ৰথমে ৰনভঙ্গ হৈ আমাৰ হুহুকি আহি পৌষ মাস ১৪৬৩ শকত দুদিন পাচে যুদ্ধ কৰি ভূঞাক ভঙ্গাই মূৰ আনি মথাডাঙ্গত থলে। দুটা দৌল বান্ধিলে। ৰামচন্দ্ৰ গিৰি, দলিদখাঁ, প্ৰমুখো ভূঞা সকল সলাত লোকজন সহিতে দান্তে ধৰি দিহিঙ্গীয়া ৰজাত সৰণাগত হ'ল; লস্কৰো পৰিল ১৬, কটোয়াল পৰিল ১২, ঘোড়া পালে ৩০০, সেনা অনেক পৰিল। বজৰা নাও ৬০ পালে। সেই ভূঞা সকলক পুথাও দিহিঙ্গীয়া স্বৰ্গদেৱৰ আজ্ঞাএ বড়চেতিয়ায়ে উত্তৰ কোণে পাতিলে।" তদুপৰি বাৰভূঞাঁক ছুহুংমুং স্বৰ্গদেউৱে তামোলী পাচনি আদি কৰি সময়ে সময়ে তেওঁলোকৰ বিভিন্ন আদৰ্শ গ্ৰহণ কৰি পদ্ধতিগতভাৱে নিজৰ বিশ্বস্ত কৰি লৈছিল। তদুপৰি বাৰভূঞাৰ ভাই ভতিজাক মতাই আনিও স্বৰ্গদেউৱে নিজৰ খাটনিয়াৰ হিচাপে নিযুক্তি দিছিল।

কলিতাসকৰ বৰ্ণ বিভাজন

অসমৰ কলিতা সকল জন্ম অনুসাৰে অতীজৰে পৰা বহুধা বিভক্ত। কামৰূপত শাসন কৰা কলিতাসকলৰে শংকলাদিৱ,বৰ্মন, পাল আদি শাসকসকলে নিজক ক্ষত্ৰিয় বুলিছিল। বৰ্মন শাসনৰ পাছত কামৰূপত কলিতা বাৰভূঞা সকলে কৰতলীয়া প্ৰান্তীয় এলেকাৰ শাসক হিচাপে নিজক ক্ষত্ৰিয় বুলিছিল। কলিতাসকলৰে ৰজা ভাস্কৰবৰ্মাৰ দিনত উত্তৰ ভাৰতৰ পৰা আহ্ৰূত বিশেষকৈ ৰাজকাৰ্যত সহায়ৰ বাবে নিয়োজিত "কায়স্থ" পদটিত অধিষ্ঠিত হোৱা কলিতা জাতিৰ লোকসকলে পুৰুষানুক্ৰমে নিজকে কায়স্থ বুলি চিনাকি দিবলৈ ল'লে।কামৰূপী লিপিৰ উদ্ভৱ হৈছিল কলিতা সকলৰ হাততে।[উদ্ধৃতিৰ প্ৰয়োজন] কলিতা সকলৰ যিটো থুলে ধৰ্মীয় আৰু মাঙ্গলিক অনুষ্ঠানত পৌৰোহিত্য কৰি পৰিচালনাৰে আগুৱাই নিলে, ত্ৰয়োদশ শতিকাত উত্তৰ ভাৰতীয় কায়স্থ সকল ভূখণ্ডটোলৈ অহাৰ পূৰ্বে, সেই থুলটোৱেই কায়স্থৰূপে পৰিচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত ধৰ্মৰ গুৰি ধৰাৰ সমান্তৰালভাৱে সংস্কৃত পুথি সমূহৰ ভাষান্তৰ কৰি ৰচনা কৰাৰ কামটোতো এই লোক সকল নিয়োজিত হ'ল। এনেকৈ কায়স্থ ৰাজবিষয়া,পৰম্পৰাগত কামৰূপীয়া ভাষাৰ চৰ্চা তথা শিক্ষা দিয়া,ৰাজ অনুগ্ৰহ পোৱা,ধৰ্মীয় খাম কাজৰ সৈতে জড়িত কলিতাসকলৰ এটা ডাঙৰ থুলে নিজক কায়স্থ পৰিচয়ৰ লগত সংপৃক্ত কৰি ল'লে। অতীতত কোচ ৰজাসকলে কলিতা জাতিৰ পৰাই ৰাজপুৰোহিত নিৰ্বাচন কৰিছিল,[উদ্ধৃতিৰ প্ৰয়োজন] পাছলৈ কোচৰজা বিশ্বসিংহৰ দিনতহে কলিতাৰ ঠাইত ব্ৰাহ্মণক নিয়োগ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] এই ঘটনাৰ বাবে সমাজত কৰ্তৃত্ব আৰু শ্ৰেষ্ঠতাক লৈ এই উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকলৰ লগত ইয়াৰ কলিতা,দেওধাই আদি কোচ পুৰোহিতসকলৰ বহুবছৰ ধৰি সংঘৰ্ষ চলি আছিল। কমতাধিপতি দুৰ্ল্লভনাৰায়ণে আনয়ন কৰা কায়স্থ সকলে কামৰূপত থিতাপি লোৱাৰ পৰৱৰ্তীকালত, ইতিপূৰ্বে ধৰ্মীয় কাম-কাজ আৰু পুৰোহিতালি কৰ্মৰে জড়িত ‘উত্তৰী' লোৱা কলিতা সকলেও নিজকে কায়স্থ বুলিবলৈ লয়। অৱশ্যে পুৰোহিত শ্ৰেণীৰ অনেক কলিতাই 'উত্তৰী' ধাৰণ কৰিও নিজকে কায়স্থ পৰিচয়ৰে সম্পৃক্ত নকৰাকৈও ৰৈ গৈছিল। যদিও কলিতাসকলৰ নৃগোষ্ঠীয় পৰিচয় আলপাইন আৰ্য ক্ষত্ৰিয় তথাপি বৃহত্তৰ অসমীয়া সমাজ গঠনৰ উপলক্ষ্যতে হওক অথবা সময়ে সময়ে হৈ অহা বাহিৰা আক্ৰমণ বা শাসনৰ সময়তে হওক, পৰিবেশজনিত সমাজিক একতাৰ উপৰি আৰ্য সাংস্কৃতিত বিনিময় আৰু সংমিশ্ৰণৰ বাবে হোৱা ক্ৰম বিবৰ্তনৰ ফলশ্ৰুতিত এই জাতিত পদ্ধতিগতভাবে আন আৰ্য আৰু আৰ্যভিন্ন বহু মানুহো অন্তৰ্ভুক্ত হৈ পৰিল। কায়স্থসকলে বৰকলিতাকো তেওঁলোকৰ নামনাচত বুলি ঘোষণা কৰিব খোজে। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আচিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত হ’ল।[উদ্ধৃতিৰ প্ৰয়োজন]

সামাজিক জীৱন

কলিতাসকল নিজে মূলতঃ কৃষিজীৱি যদিও অসমৰ জাতীয় জীৱনৰ অংগাংগী প্ৰতিটো বৃত্তি পৰম্পৰা ব্যবস্থাত এই জাতিৰ প্ৰভাব আছে।[উদ্ধৃতিৰ প্ৰয়োজন] অতীজতে কোচসকলে ৰাজপুৰোহিত কলিতাসকৰ পৰা নিৰ্বাচন কৰিছিল,পাছলৈ কোচৰজা বিশ্বসিংহৰ দিনতহে কলিতাসকলৰ ঠাইত ব্ৰাহ্মণসকলক নিয়োগ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] আৰ্যপুত্ৰ কলিতাসকলে শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱৰ্ত্তিত প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্ম আঁকোৱালি লৈ মেধি, বুঢ়াভকত, ধৰ্মপ্ৰচাৰক, ধৰ্মাধিকাৰ আদি অনেক দায়িত্ব গ্ৰহণ কৰি অসমত মহাপুৰুষীয়া ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ভূমিকা লৈ আহিছে। তদুপৰি তেওঁলোকে আহোম -কোঁচৰ আদিৰ শাসনকালত ৰাজদূত, বিষয়া,পাইক হিচাপে কাম কৰিছিল। আহোম আৰু কোঁচ ৰাজ্যৰ অগ্ৰণী পদবীসমূহ ক্ৰমে বৰুৱা, ফুকন,চলিহা,বৰকাকতী, বৈৰাগী, খাটনিয়াৰ, ভূঞা,খাউণ্ড, ভাণ্ডাৰকায়স্থ(ভঁৰালী), কাকতি(বা কায়স্থ), নেওগ, তামূলী, খাৰঘৰীয়া আদি উপাধিবোৰ কলিতা সকলৰ মাজতো বিশেষভাবে পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] অবশ্যে ফুকন, বৰুৱা আদি উপাধিবোৰ আহোম, কলিতা আৰু ব্ৰাহ্মণ সকলৰ মাজত সমানে পোৱা যায়। তদুপৰি বৰা, বৰুৱা, শইকীয়া, হাজৰিকা আৰু ৰাজখোৱা উপাধি সমূহ আহোম, চুতীয়া, কোঁচ আৰু কলিতা সকলৰ মাজত দেখা পোৱা যায়। বৈৰাগী আৰু খাউণ্ড -এই দুয়ো উপাধি আহোম ৰজাৰ ৰাজদূত সকলক প্ৰদান কৰা হৈছিল। এই উপাধি প্ৰদান কৰোঁতে কলিতা সকলক প্ৰাধান্য দিয়া হৈছিল।আনহাতে প্ৰধানকৈ মোগল শাসিত পশ্চিম অসমত পাছলৈ ব্ৰিটিছ অসমতো কলিতা সকলে ৰাজহ বিভাগত আগস্থান পাইছিল। চিৰস্তাদাৰ,চৌধুৰী, তালুকদাৰ, মজিন্দাৰ, ঠাকুৰীয়া,তহবিলদাৰ,লহকৰ,চুবাদাৰ আদি উপাধিসমূহ ইয়াৰ উদাহৰণ। তদুপৰি কলিতা জনগোষ্ঠীৰ লোকসকলে বিভিন্ন সময়ত আন আন বৃত্তি বা কৰ্মত মনোনিবেশ কৰাৰ কাৰণে তেওঁলোকক সমাজত ভিন ভিন নামেৰে জনা গৈছিল। বহুসময়ত তেনে কাম আৰু দায়িত্বৰ ওপৰতে ভিত্তি কৰি ভিন ভিন উপাধিও লাভ কৰিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা সকলে প্ৰায় ৯৩টা উপাধি ব্যৱহাৰ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰ ভিতৰত মহন্ত, দত্ত, ভূঞা,পাগবন্ধা, কলিতা, দাস,বাৰিক, সেনাপতি,পাঠক, পাটগিৰি, পোদ্দাৰ, অধিকাৰী, বড়া, বৰ্মন, ডেকা, দিহিদাৰ, মেধী, পাটোৱাৰী, হুন্দুৰী, কায়স্থ,বৈৰাগী, সাউদ, বেজবৰুৱা, জৰামূৰীয়া,খনিকৰ,দৰবধৰা, ভকত,বাৰুকিয়াল,বৰদলৈ, ধনদিয়া, গায়ন, বায়ন, দেউৰী, নামতিয়াল, সূত্ৰধাৰ, পুৰকায়স্থ, ডাকোৱা আদিয়েই প্ৰধান। অৱাশ্যে ইয়াৰ বহু উপাধি কলিতাসকলৰ বাহিৰেও আন আন জনগোষ্ঠীৰ লোকেও ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় প্ৰত্যেকটো মহকুমাতে এই জনগোষ্ঠী পোৱা যায়। কলিতা সকল এই ভূ-খণ্ডৰ চাবেক বাসিন্দা।[উদ্ধৃতিৰ প্ৰয়োজন] ভাৰতবৰ্ষলৈ আৰ্য্যসকল অহাৰ বহু পূৰ্বেই অহা আলপাইন সকলেই হৈছে কলিতা সকলৰ নৃ-গোষ্ঠীয় পৰিচয়।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰ পাছতো অনেক সময়ত বিভিন্ন দিশৰ পৰা অনেক লোক আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আলপাইন মূলীয় কলিতাসকলৰ লগত বিলীন হৈছে। কুলুতাচ সকলৰ এটা ঠালো কলিতা সকলৰ অন্তৰ্ভুক্ত হৈছিল। কৌনজৰ পৰা অহা কিছু লোক আৰু ইয়াৰ বহু পূৰ্বেই হিমালয়ৰ পাদদেশত থকা লোকসকলৰ বহু লোক বৃহত্তৰ কলিতা সকলৰ এক অংশৰ পূৰ্বপুৰুষ বুলিব পাৰি।[উদ্ধৃতিৰ প্ৰয়োজন] পণ্ডিত ড॰ বাণীকান্ত কাকতীদেৱে কলিতা এক জাতি বুলি অভিহিত কৰিছে। এই জাতিৰ অন্তৰ্গত দুই সম্প্ৰদায় আছে। তাৰ ভিতৰত বৰ-কলিতা আৰু সৰু-কলিতা। কিন্তু কলিতাসকলৰ মাজতেই বহু শ্ৰেণীবিভাগ আৰু উচ্চ-নীচৰ ভেদাভেদ আহিল। এনেকুৱা ভেদাভেদৰ কবলত পৰি কলিতাসকলৰ মাজত কিছু সম্প্ৰদায় বিভাজিত হ’ল। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আচিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত কৰা হ’ল। এঁওলোকৰ কিছুমান আকৌ ভাৰতীয় সংবিধানৰ জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ আওঁতাত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ’ল। কিন্তু একে জীৱনশৈলিৰ গৰিষ্ঠ সংখ্যক কলিতা লোক সাধাৰণ জাতিৰ আঁওতাত থাকি গ’ল। কলিতাসকল মূলত কৃষিজীৱি আছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোধৰণৰ খাদ্যশস্যৰ উৎপাদক আছিল এঁওলোক। খেতিৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ এঁওলোকে নিজেই তৈয়াৰ কৰি লৈছিল। লোকসংস্কৃতিৰ ক্ষেত্ৰখনটো কলিতাসকল চহকী আছিল। কলিতাসকলৰ নিজা লোকবাদ্য, লোকনৃত্য, লোকাচাৰ, খাদ্যাভ্যাস, খেল ধেমালি, গৃহ নিৰ্মাণ প্ৰণালী, লোকবিশ্বাস আৰু পৰম্পৰা আছে। ভথেলী আৰু ম’হোহো উৎসৱ হৈছে কলিতাসকলৰ দুটা উল্লেখযোগ্য উৎসৱ। ইয়াৰ উপৰিও এওঁলোকৰ মাজত নিৰ্দিষ্ট কিছুমান পূজা-পাতল আৰু ধৰ্মীয় বিশ্বাস আছে। জয়পুৰীয়া কলিতা সমাজত থকা কালীপূজা ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। কলিতা সকলৰ নিজস্ব এক জুপুৰী ঘৰৰ আৰ্হি আছিল। বাঁহ,কাঠ্,বেত, ইকৰা, খাগৰী, খেৰ আদিৰে ঘৰ সজা কামাৰ লগতে মৃৎ শিল্প আৰু নৌকা শিল্পৰ কামটো এই কলিতা সকলে জড়িত। ঘৰৰ বাৰীৰ চাৰিওফালে চাৰিতা খাল খান্দি ঢাপ মাৰি লোৱাতো কলিতাসকলৰ নিয়ম। ইয়াৰ উপৰিও কলিতাসকলৰ গোহালী, ভঁৰালঘৰ, ঢেকীশাল, বৰঘৰ, ৰান্ধানীশাল আৰু জুইশাল পতাৰ নিদিষ্ট নিয়ম আৰু পৰম্পৰা আছে।[উদ্ধৃতিৰ প্ৰয়োজন]

সমল ব্যক্তি

তথ্য সংগ্ৰহ

Tags:

কলিতা জনগোষ্ঠী ইতিহাসকলিতা জনগোষ্ঠী বাৰভূঞা কলিতাসকলকলিতা জনগোষ্ঠী কলিতাসকৰ বৰ্ণ বিভাজনকলিতা জনগোষ্ঠী সামাজিক জীৱনকলিতা জনগোষ্ঠী সমল ব্যক্তিকলিতা জনগোষ্ঠী তথ্য সংগ্ৰহকলিতা জনগোষ্ঠী

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মহকুমাসমূহৰ তালিকাভাৰত-চীন যুদ্ধপঞ্চায়তী ৰাজস্বৰাজফুলকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলতথ্য প্ৰযুক্তিচকলংলোকভাষাপ্ৰাচীন ভাৰতীয় সভ্যতাঅসীমত যাৰ হেৰাল সীমাপতঞ্জলিৰ যোগসূত্ৰভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমনোবিজ্ঞানদুৰ্যোগচলচ্চিত্ৰদৰং জিলাকাৰেঙৰ লিগিৰীজেং বিহুহনুমান জয়ন্তীসাধুকথামোৰো এটা সপোন আছেপ্ৰাকৃতিক পৰিৱেশহিমালয়মিৰি জীয়ৰীহেম বৰুৱাভাস্কো দা গামাজেতুকাদুৰ্গা পূজাবংগ বিভাজন (১৯০৫)অসমীয়া প্ৰতিদিনপ্ৰাক-ইতিহাসপিঠাসন্ধিস্বাস্থ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমীয়া সাহিত্যৰুক্মিণী হৰণ নাটতেজঅসমৰ বনৌষধিযতীন্দ্ৰ নাথ দুৱৰাআল্লাহছট পূজাপাতৰাজনীতিচানডুবি বিলআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডখগেন মহন্তফুৰালুং ধৰ্মগান্ধীবাদভীমৰাও ৰামজী আম্বেদকাৰজাপিভাৰতৰ ইতিহাসবাৰেচহৰীয়া ভাওনা মহোৎসৱঅলিম্পিকশ্ৰী শ্ৰী বটদ্ৰৱা থানআবেগমহেন্দ্ৰ বৰাঢোলগায়ত্ৰী মহন্তশিক্ষাবিজ্ঞানহিন্দু পদ্ধতিত সময়ৰ এককযাদৱ পায়েংআমাৰ অসমগোলকীয় উষ্ণতা বৃদ্ধি২৫ এপ্ৰিলকিতাপশিৱবকুল ফুলৰ দৰে (গ্ৰন্থ)শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহস্বাধীনতা দিৱস (ভাৰত)ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা🡆 More