দৃশ্যমান বা অদৃশ্য কোনো ভাবৰ ৰূপ শিল্পীৰ চিত্তৰসৰে নৱৰূপায়িত হৈ যেতিয়া স্থিতিশীল ৰূপত প্ৰকাশিত হয় তাকেই কলা বা শিল্প বোলে। এই কলা মানৱ ক্ৰিয়া-কলাপৰ বৈচিত্ৰপূৰ্ণ এক দৃশ্যৰ প্ৰকাশ আৰু এনেধৰণৰ প্ৰকাশৰ ফলত প্ৰাপ্ত পণ্য বা উৎপাদন। দৃশ্যমান বা বোধ্য এনে শিল্পকলাৰ অজস্ৰ ৰূপ বিদ্যমান। চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য, ছাপচিত্ৰ, আলোকচিত্ৰ ইত্যাদিত দৃশ্য মাধ্যম ক্ষেত্ৰত সৃষ্ট চিত্ৰ বা বস্তু সম্পৰ্কীয় আলোকপাত কৰা হয়। সাধাৰণ দৃশ্যমান জগতত আমি অভিজ্ঞতা কৰা বিনন্দীয়া প্ৰকৃতিক শিল্প বা কলা হিচাপে অভিহিত কৰা নহয়। এই প্ৰকৃতিৰ সৌন্দৰ্য অৱলোকন কৰি মানৱ মন বিস্মিত আৰু বিমূঢ় হৈ স্থিতিশীল ৰূপ দিবলৈ শিল্প সৃষ্টি কৰে। প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰ ধাৰাবাহিকতাৰ স্বাভাৱিক ৰূপত প্ৰকাশ কৰাৰ মাধ্যমতে কলাৰ সৃষ্টি হয়। অৰ্থাৎ :
চিৰন্তন নৈসৰ্গিক প্ৰকৃতিক শিল্পীৰ নিজস্ব অভিজ্ঞতাৰ পৰা উদ্ভূত ৰং, ৰেখা, শব্দ বা ৰূপকৰ আশ্ৰয়ৰ দ্বাৰা প্ৰকাশ কৰি সেই অনুভূতি অন্যৰ মনত সঞ্চাৰ কৰে বা ইয়াৰ মাধ্যমত এক পৰিচয়বোধৰ সঞ্চাৰণ ঘটোৱাকে শিল্প বা কলা হিচাপে অভিহিত কৰা হয়।
কলাৰ তিনিটা মূল শাখা হ’ল চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য। সংগীত, থিয়েটাৰ, চলচ্চিত্ৰ,নৃত্য ইত্যাদি পৰিৱেশ্য কলা আৰু সাহিত্য আৰু অন্যান্য গণসংযোগৰ মাধ্যমকো বহল দৃষ্টিত কলা অভিহিত কৰা হয়। সপ্তদশ শতাব্দী পৰ্যন্ত যিকোনো বিষয়ৰ ওপৰত দক্ষতাকেই শিল্প শিল্প বোলা হৈছিল। সপ্তদশ শতিকাৰ পিছত চাৰুকলাক সাধাৰণ বিষয়সমূহৰ পৰা বিভক্ত কৰা হয়। ৰোমাণ্টিক যুগৰ পিছত ইয়াক আৰু কিছুমান ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল: চাৰুকলা, কাৰুকলা, ললিতকলা, ইত্যাদি। শিল্পৰ সৃষ্টিকৰ্তা গৰাকীক শিল্পী বোলে। শিল্পীসকল ৰূপ-বিলাসী আৰু তেওঁৰ সৃষ্ট ৰূপেই হ’ল শিল্প। শিল্পৰ চৰিত্ৰ সত্য, অনুভূতি আৰু অন্যান্য গুণক উপস্থাপন কৰা।
শিল্পৰ বিশ্বজনীন আৱেগ আছে। শিল্পীয়ে মানুহৰ মনত আৱেগৰ জোৱাৰ তোলে। শিল্প সদায় নতুন সেয়ে চিত্ৰকলা, কবিতা, সংগীত, ভাস্কৰ্য, আৰু স্থাপত্যক সুকুমাৰ কলা বুলিও কোৱা হয়। শিল্পৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ই দৰ্শকক মাত্ৰা প্ৰদান কৰে। কলা কিহৰে গঠিত হয় এই বিষয় এতিয়াও বিবাদীত। সময়ে সময়ে কলা সম্পৰ্কীয় ধাৰণা সলনি হৈ আহিছে। কলাৰ প্ৰকৃতি আৰু ইয়াৰ লগত সম্পৰ্কিত অন্যান্য বিষয় যেনে সৃজনশীলতা আৰু প্ৰকাশভংগীৰ বিষয়ে অধ্যয়ন কৰা দৰ্শনৰ শাখাক নন্দনতত্ত্ব বোলা হয়।
কলা শব্দৰ প্ৰথম উল্লেখ ভৰতমুনিৰ "নাট্যশাস্ত্ৰ"ত পোৱা যায়। ইয়াৰ লগতে বাৎসায়ন আৰু উশনসৰ গ্ৰন্থ ক্ৰমে "কামসূত্ৰ" আৰু "শুক্ৰনীতি"তো কলাৰ বৰ্ণনা পোৱা গৈছে। সেইদৰে জৈন গ্ৰন্থ "প্ৰবন্ধকোষ", "কলাবিলাস", "ললিতবিস্তৰ" ইত্যাদি ভাৰতীয় গ্ৰন্থ সমূহত কলাৰ উল্লেখ পোৱা যায়। বেছিভাগ গ্ৰন্থত কলাৰ সংখ্যা ৬৪ বুলি উল্লেখ আছে। "প্ৰবন্ধকোষ"ত ৭২টা কলাৰ বিষয়ে আৰু "ললিতবিস্তৰ"ত ৮৬টা কলাৰ বিষয়ে উল্লেখ আছে। প্ৰসিদ্ধ কাশ্মিৰী পণ্ডিত ধৰ্মেন্দ্ৰৰ দ্বাৰা বিৰচিত "কলাবিলাস"ত আটাইতকৈ বেছি সংখ্যক কলাৰ বিষয়ে উল্লেখ আছে। ইয়াত ৬৪টা জনউপযোগী, ৩২টা ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ সম্বন্ধীয়, ৩২টা মাৎসৰ্জ-শীল-প্ৰভাৱমান সম্বন্ধীয়, ৬৪টা স্বচ্ছকাৰিতা সম্বন্ধীয়, ৬৪টা বেশ্যা সম্বন্ধীয়, ১০টা ভেষজ, ১৬টা কায়স্থ আৰু ১০০টা সাৰ কলাৰ চৰ্চা আছে। সকলোতকৈ বেছি প্ৰমাণিক সূচী "কামসূত্ৰ"ৰ আছে।
ইউৰোপীয় সাহিত্যত কলা শব্দৰ প্ৰয়োগ শাৰীৰিক বা মানসিক কৌশলৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হৈছিল। পাশ্চাত্যত কলা আৰু প্ৰকৃতিক ভিন্ন বুলি গণ্য কৰা হয়। কলাৰ সৃষ্টিক কৃত্ৰিম বোলা হয়। প্ৰকৃতিসৃষ্ট আৰু কলা দুয়ো বেলেগ বেলেগ আৰু কলা কেৱল মানুহেই সৃষ্টি কৰে। কলা আৰু বিজ্ঞানৰ মাজতো পাৰ্থক্য আছে। বিজ্ঞানত জ্ঞানত আৰু কলাত কৌশলক প্ৰাধান্য দিয়া হয়।
বৰ্তমান সময়ত কলাক মানৱিকীৰ অন্তৰ্ভুক্ত কৰা হয়। পাশ্চাত্য জগতত কলাক দুই ভাগত ভাগ কৰা হৈছে: অনুশীলন কলা আৰু ললিত কলা। পৰম্পৰাগত ৰূপত তলত উল্লিখিত সাত বিধক কলা বোলে;
আধুনিক কালত ইয়াৰ লগত ফটোগ্ৰাফী, চলচ্চিত্ৰণ, বিজ্ঞাপন আৰু কমিক্স যোগ দিয়া হৈছে।
ইয়াৰ লগতে কলাক নিম্নলিখিত প্ৰকাৰটো শ্ৰেণীবিভাজন কৰা হয়;
কিছুমান কলাত দৃশ্যমান আৰু পৰিৱেশ্য কলা দুয়োবিধৰ মিশ্ৰণ দেখা যায়, যেনে চলচ্চিত্ৰণ, নাটক ইত্যাদি।
This article uses material from the Wikipedia অসমীয়া article কলা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.