কম্পিউটাৰ হাৰ্ডৱেৰ

এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ আৰু চফ্টৱেৰ। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়। তাৰ পাছত ইয়াত অপাৰেটিং চিষ্টেম ইনষ্টল কৰা হয় আৰু ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি বিভিন্ন চফ্টৱেৰ ইনষ্টল কৰা হয়।

কম্পিউটাৰ হাৰ্ডৱেৰ
আধুনিক ব্যক্তিগত কম্পিউটাৰৰ হাৰ্ডৱেৰসমূহ:
1. মনিটৰ
2. মাডাৰবৰ্ড
3. চি পি ইউ
4. RAM
5. এক্সপান্সন কাৰ্ড
6. শক্তি বিতৰণ ইউনিট
7. অপ্টিকেল ডিস্ক ড্ৰাইভ
8. হাৰ্ড ডিস্ক ড্ৰাইভ
9. কীবৰ্ড
10. মাউচ

কম্পিউটাৰ হাৰ্ডৱেৰৰ শ্ৰেণীবিভাজন

হাৰ্ডৱেৰসমূহক বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰিব পৰা যায়। ইয়াত প্ৰক্ৰিয়াকৰণৰ স্তৰ অনুসৰি শ্ৰেণীবিভাজিত কৰা হৈছে:

  1. ইনপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক নিৰ্দেশ প্ৰদান কৰিব পাৰি অৰ্থাৎ ইনপুট দিব পাৰি, সেইবোৰক ইনপুট যন্ত্ৰ বোলা হয়। যেনে: কীবৰ্ড, মাউচ আদি।
  2. প্ৰক্ৰিয়াকৰণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশ প্ৰচেচ বা প্ৰক্ৰিয়া কৰা হয়, তাকে প্ৰক্ৰিয়াকৰণ বা প্ৰচেচিং যন্ত্ৰ বোলা হয়। কীবৰ্ডৰ সহায়ত প্ৰদান কৰা নিৰ্দেশ কীবৰ্ড পোৰ্টৰ মাধ্যমত মাডাৰবৰ্ড পাইগৈ, য’ত তাক প্ৰচেচ কৰা হয়। সেয়ে মাডাৰবৰ্ড হৈছে এটা প্ৰক্ৰিয়াকৰণ যন্ত্ৰ।
  3. আউটপুট যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশৰ ফলাফল দেখা যায়, সেইবোৰক আউটপুট যন্ত্ৰ বোলা হয়। যেনে: মনিটৰ, প্ৰিণ্টাৰ আদি।
  4. সংৰক্ষণ যন্ত্ৰাংশ: যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা প্ৰকৃয়াকৃত তথ্য বা ফলাফল সংৰক্ষণ কৰা হয়, সেইবোৰক সংৰক্ষণ বা ষ্টোৰেজ যন্ত্ৰাংশ বোলা হয়। যেনে: চিডি ৰোম, হাৰ্ড ডিস্ক আদি।

তথ্যসূত্ৰ

Tags:

অপাৰেটিং চিষ্টেমকম্পিউটাৰকম্পিউটাৰ মাউচ

🔥 Trending searches on Wiki অসমীয়া:

হিন্দুত্বসাঁথৰচন্দ্ৰপ্ৰভা শইকীয়ানীফলগামখাৰুখামটি জনগোষ্ঠীঅসমীয়া লিপিৰ বুৰঞ্জী১৯ এপ্ৰিলতেজপুৰস্বদেশী আন্দোলনমায়ংদেওহাঁহইয়' জিমামহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডআহোম ৰাজ্যকবিতাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)পৰিৱেশ তন্ত্ৰবিৰিঞ্চি কুমাৰ বৰুৱাবড়ো জনগোষ্ঠীহিউৱেন-চাংভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবিহু নৃত্যকথা কবিতাঅসমত দেখা চৰাইবোৰঅম্বিকাগিৰি ৰায়চৌধুৰীএকাদশী তিথিফাকে জনগোষ্ঠীঅসমত দেখা পোৱা মাছৰ তালিকাধেমাজিএ পি জে আব্দুল কালামশৰাইঘাটৰ যুদ্ধবংগ বিভাজন (১৯০৫)হিমা দাসসেউজ সাৰজণ্ডিছজামুগুৰিহাটহেমকোষহীৰেন গোহাঁইসোণোৱাল কছাৰীবড়ো চুক্তি ২০২০শোণিত কুঁৱৰীৰমন্যাসবাদসাত বিহুহিমন্ত বিশ্ব শৰ্মানীতি আয়োগঅসমীয়া প্ৰতিদিনভূমিকম্পইণ্টাৰনেটজিকিৰনামঘোষাঈয়াৰুইঙ্গমঅসমৰ বনৌষধিকামাখ্যা মন্দিৰখ্ৰীষ্টান ধৰ্মপাটকাইৰ ইপাৰে মোৰ দেশভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাথমাছ আলভা এডিচনম'হৰ শিঙৰ পেঁপাকম্পিউটাৰপুৰুষোত্তম দাসনীতিপালমানগৰমডিমা হাছাও জিলাঅসমৰ ইতিহাসজীৱনীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকামোৱামৰীয়া বিদ্ৰোহঅশোকৰ অনুশাসনযোগাসনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভক্তি প্ৰদীপৰাম মন্দিৰ, অযোধ্যাপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ মন্ত্ৰ-সাহিত্যগোপালদেৱমুঠিখাৰু🡆 More