কংকাল

কংকাল বা জকা (ইংৰাজী: Skeleton) হৈছে হাড়ৰ দ্বাৰা গঠিত দেহৰ এনে এটা সজ্জা যি জীৱক অৱলম্বন প্ৰদান কৰে। কংকাল দুই প্ৰকাৰৰ: বহিঃ কংকাল, যি জীৱক বাহিৰৰ পৰা অৱলম্বন প্ৰদান কৰে, আৰু অন্তঃ কংকাল, অৱলম্বন প্ৰদানকাৰী সজ্জাটো দেহৰ ভিতৰত থাকে। হাইড্ৰ’স্কেলেটন আৰু চাইট’স্কেলেটন নামৰ আৰু দুই প্ৰকাৰৰ কংকালৰ উল্লেখ কৰা দেখা যায়।

কংকাল
কংকাল
ছিডনিৰ অষ্ট্ৰেলিয়ান মিউজিয়ামত ৰখা এটা মানুহৰ আৰু এটা ঘোঁৰাৰ কংকাল।
সবিশেষ
চিনাক্তকাৰক
গ্ৰীক σκελετός
MeSH D012863
দেহতাত্ত্বিক পৰিভাষা

প্ৰকাৰ

বহিঃ কংকাল

কংকাল 
এটা পৰুৱাৰ বহিঃ কংকাল

বহিঃ কংকাল দেহৰ বাহিৰফালে থাকে। বহু অমেৰুদণ্ডীৰ বহিঃ কংকাল থাকে। ই জীৱটোৰ কোমল কলা আৰু অংগবোৰ বাহিৰৰ পৰা আগুৰি ধৰি সুৰক্ষা প্ৰদান কৰে। জীৱৰ সহজাত বৃদ্ধিৰ লগে লগে কিছুমান বহিঃ কংকাল গঠন হয়, পতংগৰ দৰে অন্য বহু সন্ধিপদীৰ ক্ষেত্ৰত এনে হয়। কাইটিন (সন্ধিপদীৰ), কেলচিয়ামৰ যৌগ (শৈল প্ৰৱাল আৰু কোমলদেহী প্ৰাণীৰ ক্ষেত্ৰত) আদি বিভিন্ন পদাৰ্থৰ দ্বাৰা বহিঃ কংকাল গঠন হয়।

পতংগৰ বহিঃ কংকালে কেৱল সুৰক্ষা প্ৰদানেই নকৰে, ইয়াৰোপৰি ই পেশী সংযোজনৰ অৱস্থান, শুকাই যোৱাৰ পৰা ৰক্ষা পাবলৈ জলৰোধী আৰু পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ বাবে সংবেদন অংগ হিচাপেও কাম কৰে। সেইদৰে কোমলদেহীবোৰৰ খোলাবোৰেও প্ৰায় একেই কাম কৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে ই সংবেদন অংগ হিচাপে কাম নকৰে।

কোনো জীৱৰ দেহৰ মুঠ ভৰতকৈ ইয়াৰ বাহ্যিক কংকালৰ ভৰ বেছি হব পাৰে, সেইবাবে, বহিঃ কংকাল থকা স্থলচৰ প্ৰাণীবোৰ তুলনামূলকভাৱে সৰু হয়।

অন্তঃ কংকাল

কংকাল 
বাদুলীৰ আভ্যন্তৰিণ কংকাল।

অন্তঃ কংকাল হৈছে জীৱৰ আভ্যন্তৰিণ অৱলম্বন প্ৰদানকাৰী সজ্জা, লৱনযুক্ত কলাৰ দ্বাৰা গঠিত আৰু মেৰুদণ্ডীৰ সাধাৰণ বৈশিষ্ট। গঠনৰ ক্ষেত্ৰত অন্তঃ কংকালৰ যথেষ্ট ভিন্নতা দেখা যায়, যদিও সকলো ক্ষেত্ৰতে প্ৰধান কাৰ্য হৈছে অৱলম্বন প্ৰদান কৰা, আৰু ই পেশীয় বল পৰিবহনৰ এটা কাৰ্যপদ্ধতি। এটা প্ৰকৃত অন্তঃ কংকাল মেজ'ডাৰ্মেল কলাৰ পৰা বিকশিত হয। একাইন'ডাৰ্ম আৰু ক'ৰডেটবোৰৰ এনে অন্তঃ কংকাল থাকে।

হাইড্ৰ'স্কেলেটন

হাইড্ৰ'স্কেলেটন (জল কংকাল) হৈছে পেশীৰে আগুৰি থকা, চাপযুক্ত তৰলেৰে পূৰ্ণ কোমল কলাৰে গঠিত অৰ্ধ কঠিন গঠন। দেহৰ অংশবোৰত লম্বভাৱে আৰু বৃত্তাকাৰভাৱে থকা পেশীৰ সংকোচন-প্ৰসাৰণৰ যোগেদি এনে জীৱৰ চলন সম্ভৱ হয়। এনে কংকালযুক্ত জীৱৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে কেচু।

চাইট'স্কেলেটন

চাইট'স্কেলেটনে (কোষীয় কংকাল) কোযৰ আকৃতি সুস্থিৰ আৰু সংৰক্ষণ কৰে। এনে কংকালৰ গঠনৰ ক্ষেত্ৰত বহু ভিন্নতা দেখা যায়। ই কোষৰ আকৃতি নিয়ন্ত্ৰণ কৰে, সুৰক্ষা প্ৰদান কৰে, কোষীয় চলন (ফ্লেজেলা, চিলিয়া আদিৰ জৰিয়তে) সম্ভৱ কৰে, আৰু আন্তঃকোযীয় পৰিবহন (যেনে- কোষানুবোৰৰ চলন) আৰু কোয বিভাজন দুয়োটা প্ৰক্ৰিয়াতে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কংকাল প্ৰকাৰকংকাল লগতে চাওককংকাল তথ্য সংগ্ৰহকংকাল বাহ্যিক সংযোগকংকালইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যত মালিতাধ্বনিতত্ত্বজয়সাগৰ পুখুৰীআমলখিখাজুৰাহোবাৰেচহৰীয়া ভাওনা মহোৎসৱঅসমৰ কাঁহ শিল্পনগাজৰী-খনিকৰগাঁৱৰ শিলালিপিফুলগুৰি ধেৱাজীৱনীসমাৰ্থক শব্দইছলামভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামানস ৰাষ্ট্ৰীয় উদ্যানসৌৰজগতঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাজৈৱ বৈচিত্ৰ্যঅস্বাভাৱিক মনোবিজ্ঞানফাগুনচৰকাৰী ভাষা আন্দোলন (অসম)দৰ্শন২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনআত্মজীৱনীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅলিম্পিকঅসমীয়া লোকসাহিত্যঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভাৰতীয় দৰ্শনযোৰহাটভূপেন হাজৰিকাবৰপেটা (লোকসভা সমষ্টি)কললিংগ বৈষম্য আৰু ভাৰতীয় নাৰীনীলপৱন বৰুৱাতলাতল ঘৰঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলবানপানীদিনলিপিনগাঁও জিলাৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থামাৰ্ক্সবাদসতী সাধনীশোণিতপুৰ জিলাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাযৌন প্ৰৱেশক্ৰিয়াবড়োলেণ্ডলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানতাজমহলতাল (বাদ্যযন্ত্ৰ)বিশ্ব থিয়েটাৰ দিৱসমানক বিচলনশ্ৰীকৃষ্ণকীৰ্তনউত্তৰ-পূব ভাৰতহিউৱেন-চাংৱিকিমিডিয়া আন্দোলনঅৰুণাচল প্ৰদেশএকচেটীয়া বজাৰমামণি ৰয়ছম গোস্বামীভাৰতৰ ৰাষ্ট্ৰপতিঅসমৰ কুঁহিলা শিল্পপদাৰ্থ বিজ্ঞানঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিডাইনীবিদ্যাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাৰতৰ নিৰ্বাচন আয়োগহোলিকামিডিয়াৱিকিঅসম সাহিত্য সভাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকাউণ্টি কিউলেনমহেশ্বৰ নেওগকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান🡆 More