এণ্ড্ৰইড

এণ্ড্ৰইড বা এণ্ড্ৰৈড (ইংৰাজী: Android) হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে। তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে অনুজ্ঞাপত্ৰৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এণ্ড্ৰইড জাভা লেংগুৱেজ ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এণ্ড্ৰইড ডেভেলপমেণ্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।

এণ্ড্ৰইড
এণ্ড্ৰইড
কোম্পানী / বিকাশক গুগল
অ’পেন হেণ্ডচেট এলায়েঞ্চ
এণ্ড্ৰইড মুক্ত উৎস প্ৰকল্প
প্ৰোগ্ৰাম কৰা ভাষা C, C++, জাভা
OS পৰিয়াল ইউনিক্স-লাইক, লীনাক্স
কাৰ্যৱস্থা বৰ্তমান
উৎস মডেল মুক্ত উৎস
প্ৰাৰম্ভিক মুক্তি ২০০৮ৰ ২৩চেপ্টেম্বৰ
অন্তিম স্থায়ী মুক্তি ৪.১.১ জেলি বিন / ২০১২ৰ ২৭নবেম্বৰ
বিপণন লক্ষ্য স্মাৰ্টফোন সমূহ
টেবলেট কম্পিউটাৰ সমূহ
উপলভ্য প্ৰাকৃতিক ভাষা বহু-ভাষিক
পেকেজ ব্যৱস্থাপক গুগল প্লে, এ পি কে (ফাইল সজ্জা)
সমৰ্থিত প্লেটফৰ্ম এ আৰ এম(AMR), এম আই পি এচ(MIPS), x৮৬
কাৰ্ণেলৰ প্ৰকাৰ ম’ন’লিথিক (পুনৰসজ্জিত লীনাক্স কাৰ্ণেল)
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ গ্ৰাফিকেল বহু-স্পৰ্শকীয় (মাল্টি টাচ)
অনুজ্ঞা-পত্ৰ আপাচে লাইছেঞ্চ ২.০
জি পি এল(GPL)ৰ অন্তৰ্গত লীনাক্স কাৰ্ণেল পেটচ
আধিকাৰিক ৱেবছাইট android.com

এণ্ড্ৰইডৰ এক বিশাল বিকাশ (ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এণ্ড্ৰইড এপ্লিকেচন সমূহ গুগল প্লে আৰু আমাজ’ন এপ ষ্ট’ৰত পোৱা যায়। এণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%। ছেপ্টেম্বৰ ২০১২ত এণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।

এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তা

এণ্ড্ৰইড
এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২

এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২ অধিকাংশ এণ্ড্ৰইড যুক্ত সঁজুলিতেই সমূহত বৰ্তমান এণ্ড্ৰইড ৬ ডিচেম্বৰ ২০১০ত মুক্তি পোৱা এক পুৰণি সংষ্কৰণ ২.৩ জিনজাৰব্ৰেড ব্যৱহাৰ হৈ আছে,

সংষ্কৰণ ক’ড নাম মুক্তিৰ তাৰিখ এ পি আই লেভেল বিতৰণ (ডিচেম্বৰ ৩, ২০১২)
৪.৪ কিট-কাট N/A ১৯ ০.০%
৪.৩ জেলি বিন জুলাই ২৪, ২০১৩ ১৮ ০.০%
৪.২ জেলি বিন নবেম্বৰ ১৩, ২০১২ ১৭ ০.৮%
৪.১.x জেলি বিন জুলাই ৯, ২০১২ ১৬ ৫.৯%
৪.০.x আইচ ক্ৰীম ছেণ্ডৱিচ ডিচেম্বৰ ১৬, ২০১১ ১৫ ২৭.৫%
৩.২ হ’নিকম্ব জুলাই ১৫, ২০১১ ১৩ ১.২%
৩.১ হ’নিকম্ব মে’ ১০, ২০১১ ১২ ০.৪%
২.৩.৩–২.৩.৭ জিনজাৰব্ৰেড ফেব্ৰুৱাৰী ৯, ২০১১ ১০ ৫০.৬%
২.৩–২.৩.২ জিনজাৰব্ৰেড ডেচেম্বৰ ৬, ২০১০ ০.২%
২.২ ফ্ৰ’য়’ মে’ ২০, ২০১০ ১০.৩%
২.০–২.১ ইকলেয়াৰ অক্টোবৰ ২৬, ২০০৯ ২.৭%
১.৬ ড’নাত ছেপ্টেম্বৰ ১৫, ২০০৯ ০.৩%
১.৫ কাপকেক এপ্ৰিল ৩০, ২০০৯ ০.১%

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অপাৰেটিং চিষ্টেমইংৰাজী ভাষাগুগলজাভালীনাক্স

🔥 Trending searches on Wiki অসমীয়া:

ঋতুস্ৰাৱনিৰ্বাচনী চিয়াঁহীমৌখিক ইতিহাসথাইৰইড হৰম'নশিঙি মাছভ্ৰমণ সাহিত্যনিউটনৰ গতিৰ সূত্ৰ২০ এপ্ৰিলভাইটি (চলচ্চিত্ৰ)আহোম-মোগলৰ সংঘৰ্ষভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমৰ সাহিত্যিকসকলৰ তালিকাড়সমকামিতাগান্ধীবাদভাৰতীয় শিল্পকলাৰামএজাৰপ্লেটোফাট বিহুহিন্দুত্বগুৰুপ্ৰসাদ দাসনীলপৱন বৰুৱামোহনদাস কৰমচান্দ গান্ধীনেপালী জনগোষ্ঠীবকুল ফুলৰ দৰে (গ্ৰন্থ)ওৰাং ৰাষ্ট্ৰীয় উদ্যানঅসমৰ শাক-পাচলিৰ তালিকাহুঁচৰিপাইক প্ৰথাশূন্য২১ এপ্ৰিলগাঁও পঞ্চায়তগোলকীকৰণলোকবিশ্বাসফুলগুৰি ধেৱাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাগুৱাহাটী উচ্চ ন্যায়ালয়দ-পৰ্বতীয়াবাঁহসূৰ্যলালবাহাদুৰ শাস্ত্ৰীআউনীআটী সত্ৰঅনাভেদী যৌনক্ৰিয়ানামঘোষাশ্ৰীমন্ত শংকৰদেৱ বঁটাশদিয়ালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমঘাই ওজাচৰকাৰঅসমীয়া পুৰণি সাহিত্যমাজুলীফাকুৱাগুৰু আসনশোণিত কুঁৱৰীবিহুগীতগোৱালপৰীয়া লোকগীতহনুমানসন্ধিওদালগুৰি জিলাঅসমীয়া লোকসাহিত্যশৰৎচন্দ্ৰ চট্টোপাধ্যায়মনপ্ৰথম বিশ্বযুদ্ধপুথিভঁৰালঅসম সাহিত্য সভাপাতি শগুণমাজুলীৰ সন্ধিঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকা🡆 More