ঋতুস্ৰাৱ স্বাস্থ্য দিৱস

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস বিশ্বত ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস। প্ৰতি বছৰে ২৮ মে' তাৰিখে এই দিৱস পালন কৰা হয়। ২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ৱাশ্ব ইউনাইটেডে পোন প্ৰথমে বিশ্বৰ মহিলা সকলৰ হিতৰ বাবে এই দিৱসৰ পাতনি মেলিছিল। ঋতুচক্ৰৰ গড় হিচাপত ২৮ দিনৰ হোৱাৰ বাবে মে' মাহৰ ২৮ তাৰিখ বাছনি কৰা হৈছিল।

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস
ঋতুস্ৰাৱ স্বাস্থ্য দিৱস
অন্য নাম ঋতুচক্ৰ স্বচ্ছতা দিৱস
পালন কৰে গোটেই বিশ্ব
প্ৰকাৰ আন্তৰ্জাতিক
মহত্ব ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা ইয়াৰ লগত সম্পৰ্কিত অজাচাৰ সমূহ দূৰ কৰা
তাৰিখ ২৮ মে'
সম্পৰ্কিত গোলকীয় হাতধোৱা দিৱস
সংঘটন বাৰ্ষিক

নিম্নআয় আৰু উন্নয়নশীল দেশ সমূহত মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়ত প্ৰয়োজনীয় স্বচ্ছতা আহিলা সমূহৰ চয়ন মূল্য, উপলব্ধতা আৰু সামাজিক আচৰণৰ ওপৰত নিৰ্ভৰশীল। ঋতুচক্ৰৰ সময়ত মহিলাৰ স্বচ্ছতাজনিত উৎপাদন সমূহৰ উপলব্ধতা ইয়াৰ সমাধান। ছোৱালী সমূহক ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতা সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব পৰা এক সংস্কাৰ অনা আৰু এইবিষয়ে শিক্ষা দিয়া অতি গুৰুত্বপূৰ্ণ। গৱেষণাৰ পৰা পোৱা গৈছে যে বিশ্বৰ বহুতো দেশত ছোৱালীৰ ঋতুস্ৰাৱৰ সময়ত উপযুক্ত স্বচ্ছতা ব্যৱস্থাপনা উৎপাদন নথকাৰ বাবে তেওঁলোকক ঘৰৰ ভিতৰতে থাকিবলৈ দিয়া হয়। বহুক্ষেত্ৰত তেওঁলোকৰ শিক্ষা গ্ৰহণ সীমানতে অন্ত পৰে।

ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ দিনা ঋতুচক্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই দিনা মাহেকীয়া আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰা হয়। বিভিন্ন মাধ্যমৰ লগতে ছোচিয়েল মিডিয়াটো এই বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন সংগঠনে গোলকীয়, ৰাষ্ট্ৰীয় তথা স্থানীয় প্ৰেক্ষাপটত ঋতুস্ৰাৱৰ সময়ৰ স্বচ্ছতা ব্যৱস্থাপনাৰ বিষয়ে বিভিন্ন নীতি আৰু প্ৰকল্প সমূহ গ্ৰহণ কৰে।

ইতিহাস

২০১২ চনত কেইবাটাও জনস্বাস্থ্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ গোটে ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ লগত তৃণমূল পৰ্যায়ৰ সন্থাৰ লগতে সামাজিক উদ্যমী আৰু ৰাষ্ট্ৰসংঘৰ সহযোগী সংগঠন সমূহ অন্যতম। ২০১৩ চনৰ মে'মাহত ৱাছ ইউনাইটেড নামৰ সংগঠনে ছোচিয়েল মিডিয়াত এক মাহজোৰা অভিযান আৰম্ভ কৰে। তেওঁলোকে ঋতুচক্ৰৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদেশ্য আগত ৰাখি এই অভিযান আৰম্ভ কৰিছিল। সেইসময়তে তেওঁলোকে ঋতুস্ৰাৱ স্বাস্থ্যৰ ওপৰত গোলকীয় সজাগতাৰ বাবে দিৱস উদযাপন কৰিবলৈ মনস্থ কৰে।

২০১৪ চনৰ ২৮ মে' তাৰিখে গোটেই বিশ্বতে পোনপ্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস উদযাপন কৰা হয়। এইদিনা পৃথিৱীৰ বিভিন্ন ঠাইত শোভাযাত্ৰা, প্ৰদৰ্শনী, চলচ্চিত্ৰ প্ৰদৰ্শন, কৰ্মশালা আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। ১৪৫টা সহযোগী সংস্থায়ে প্ৰথম ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ জড়িত হৈ আছিল।

দিনৰ চয়ন

২৮ মে' দিনটোৰ এক সাংকেতিক অৰ্থ আছে। মে' মাহ ইংৰাজী কেলেণ্ডাৰৰ পঞ্চম মাহ আৰু ঋতুচক্ৰৰ সময়ত মহিলায়ে গড় হিচাপত পাঁচদিন ঋতুস্ৰাৱ হয়। সেইদৰে মহিলাৰ ঋতুচক্ৰ গড় হিচাপত ২৮ দিনৰ। সেয়ে মে' মাহৰ ২৮ তাৰিখে এই দিৱস পালন কৰা হয়।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস ইতিহাসঋতুস্ৰাৱ স্বাস্থ্য দিৱস দিনৰ চয়নঋতুস্ৰাৱ স্বাস্থ্য দিৱস তথ্য উৎসঋতুস্ৰাৱ স্বাস্থ্য দিৱস বাহ্যিক সংযোগঋতুস্ৰাৱ স্বাস্থ্য দিৱসঋতুস্ৰাৱজাৰ্মানী

🔥 Trending searches on Wiki অসমীয়া:

শাল গছচাৰ্লছ ডাৰউইনপলাশীৰ যুদ্ধভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যহাজোনেপালী জনগোষ্ঠীকামৰূপী উপভাষাহিউমাছধৰ্মডিব্ৰুগড় জিলাআইজাক নিউটনউপন্যাসশৰাইঘাট দলংচুটিগল্পৰাজনৈতিক দলৰামঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীপৰিৱেশ বিজ্ঞানহেমচন্দ্ৰ গোস্বামীশক্তিঅসমীয়া সাহিত্যত মালিতাঅসমৰ শাক-পাচলিৰ তালিকাপাতএচিদ বৰষুণঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলগৰু বিহুপাঠ্যক্ৰমএশিঙীয়া গঁড়যোৰহাটভাৰতীয় শিল্পকলাঅসমৰ পৰম্পৰাগত খেল-ধেমালিমাজুলীস্বৰাজৰামধেনুজোৰোণমৰুভূমিহাতীপটিঅখণ্ড সংখ্যাপ্ৰজ্ঞাআধুনিকতাবাদলোক-নৃত্যব্ৰজাৱলী ভাষাপূৰ্ণ স্বৰাজচামগুৰি সত্ৰস্বাভাৱিক সংখ্যাগামখাৰুভাষাপালি ভাষাভাৰত-আৰ্য ভাষা পৰিয়ালমণিপুৰকামৰূপ ৰাজ্যদীপলিনা ডেকাকুমাৰ ভাস্কৰ বৰ্মাচি এছ এছজয় দৌলখাৰখোৱাভীমৰাও ৰামজী আম্বেদকাৰনলিনীবালা দেৱীঅসীমত যাৰ হেৰাল সীমাকম্পিউটাৰ হাৰ্ডৱেৰউপেন্দ্ৰনাথ গোস্বামীসম্পাদনাপাৰিপাৰ্শ্বিক সংঘাতশব্দ প্ৰদূষণদৰ্শনঅসমীয়া ব্যাকৰণভাওনাতেজপুৰকানাই বৰশী বোৱা শিলালিপিআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমৰ মুখা শিল্পচ'মাংকান🡆 More