লেখক উৎপল দত্ত: ভাৰতীয় চলচ্চিত্ৰ সমালোচক

উৎপল দত্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী 'বিস্ময়' আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী 'ৰূপকাৰ'ৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ আকাশবাণী গুৱাহাটীত যোগদান কৰে। তেওঁৰ এখন গ্ৰন্থ '২৪ ফ্ৰেমছ' (২০০৮) আকাশবাণী গুৱাহাটীত অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈছিল। তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁ চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক।

উৎপল দত্ত
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০০৬
দাম্পত্যসংগী নম্ৰতা দত্ত
সন্তান ৰাগমালা ৰাহি দত্ত

প্ৰাৰম্ভিক জীৱন

উৎপল দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল পিছলৈ তেওঁ মাৰ্কেটিং মেনেজমেণ্টত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লাভ কৰিছিল।

কৰ্ম জীৱন

তেওঁ 'নতুন অসমীয়া' সাপ্তাহিক বাতৰি-কাকতত সাংবাদিকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ 'ৰূপকাৰ' আলোচনীত আলোকচিত্ৰ শিল্পী আৰু সাংবাদিক হিচাপে যোগদান কৰে। তাৰ পিছত তেওঁ 'বিস্ময়' আলোচনীৰ উপ সম্পাদক হিচাপে যোগদান কৰে। তেওঁ বিস্ময় প্ৰকাশনৰ মাহেকীয়া সাংস্কৃতিক আলোচনী 'ৰংঘৰ'ৰ সহযোগী সম্পাদক আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

কিছু বছৰ তেওঁ চিনেমা ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিশেষ সংবাদদাতা হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল। আকাশবাণী ৰাঁচীৰ কেন্দ্ৰ স্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহন কৰে। ইয়াৰ আগতে তেওঁ আকাশবাণীৰ অন্যান্য কেন্দ্ৰ যেনে: ডিব্ৰুগড়, নগাঁও, উইলিয়াম নগৰ, হাফলং, গুৱাহাটী আৰু ৰাঁচীৰ লগত জড়িত আছিল। অৱসৰৰ পাচত তেওঁ 'নীতিশাস্ত্ৰ গ্লোবেল চাৰভিচেজ'ত কিছুদিনৰ বাবে ’ৰাজনৈতিক উপদেষ্টা’ হিচাপে কাম কৰে। বৰ্তমান তেখেত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা শাখাৰ ডীন (অবৈতনিক) ৷

তেওঁ চলচ্চিত্ৰ সাংবাদিক পৱিত্ৰ কুমাৰ ডেকাৰ জীৱনৰ আধাৰত এখনি চুটিছবি 'বাই-লেন২' নিৰ্মাণ কৰিছে। এই ছবিখন দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ লগতে ২০১৩ চনত ইণ্ডিয়ান পেন'ৰমাটো নিৰ্বাচিত হৈছিল। তেওঁৰ দ্বিতীয় ছবি 'থ্ৰো ট্ৰাষ্ট এণ্ড ফিয়াৰ' সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ জীৱন দৰ্শনৰ ওপৰত নিৰ্মিত। এই ছবি মিহিৰ গোস্বামীয়ে প্ৰযোজনা কৰিছিল। তেওঁৰ তৃতীয় ছবি 'বৰগীত - এটি দ্ৰুপদী ৰত্ন' অসমৰ বৰগীতৰ ওপৰত নিৰ্মিত। বহুবৃত্ত তেওঁৰ শেহতীয়া ছবি। ছবিখন ভাৰতৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন দেশী বিদেশী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল ৷ ৰাজস্থান চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল ৷

তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'যি গল্পৰ শেষ নাই' প্ৰদ্যুৎ কুমাৰ ডেকা আৰু প্ৰশান্ত শইকীয়াৰ সৈতে পৰিচালনা কৰিছিল। তেওঁ চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক।

ব্যক্তিগত জীৱন

তেওঁ লেখিকা নম্ৰতা দত্তৰ সৈতে ১৯৯৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকে কন্যা ৰাগমালা দত্তৰ সৈতে গুৱাহাটীত বাস কৰে।

প্ৰকাশিত গ্ৰন্থৰাজি

  • 'আমি কেনে আছোঁ' (নাটক)
  • 'অপৰূপা আন্দামান' (ভ্ৰমণ কাহিনী)
  • 'নৈশযাত্ৰী' (উপন্যাস)
  • 'ম’জাৰ্টৰ স্বৰলিপি' (উপন্যাস)
  • 'চলচ্চিত্ৰ' (প্ৰবন্ধ সংকলন)
  • 'কি নাম এই প্ৰেমৰ'(উপন্যাস)
  • ২৪ ফ্ৰেমছ
  • 'মৰমৰ নেহা' (উপন্যাস) বড়ো ভাষালৈ অনুদিত
  • মন্ত্ৰমুগ্ধা (উপন্যাস)
  • 'চিনে কুইজ' (চলচ্চিত্ৰ বিষয়ক কুইজ)
  • 'চলচ্চিত্ৰৰ ৰসস্বাদন' (প্ৰবন্ধ সংকলন)
  • Mantramugdha (translated from Assamese)
  • Fim Appreciation (Translated from Assamese by Dr Dipsikha Bhagabati)

সম্পাদনা

  • 'চলচ্চিত্ৰ কথা'
  • 'এখন স্বচ্ছ মুখেৰে' (নৱকান্ত বৰুৱাৰ কবিতা সংকলন)
  • 'নৱকান্ত বৰুৱাৰ উপন্যাস সমগ্ৰ'
  • 'শতিকাৰ শ্ৰেষ্ঠ প্ৰেমৰ গল্প'
  • 'ছয় দশকৰ গদ্য'
  • 'সম্পাদকৰ কোঠালিত' (ভবেন্দ্ৰনাথ শইকীয়াৰ ব্যংগমূলক ৰচনা)
  • 'নোবেল বঁটা বিজয়ী লেখকৰ গল্প'
  • 'আমাৰ চিনাকি তচদ্দুক'
  • 'অনিৰ্বাণ' (চিত্ৰনাট্য)
  • 'কালসন্ধ্যা' (চিত্ৰনাট্য)
  • 'অগ্নিস্নান' (চিত্ৰনাট্য)
  • 'কোলাহল' (চিত্ৰনাট্য)
  • 'আৱৰ্তন' (চিত্ৰনাট্য)
  • 'ইতিহাস' (চিত্ৰনাট্য)
  • 'সন্ধ্যাৰাগ' (চিত্ৰনাট্য)
  • 'গাঞ্জে ফাৰিষ্টে'
  • 'চলচ্চিত্ৰ - সময় - সমাজ - নন্দনতত্ত্ব'

অনুবাদ

  • 'টুগলক এণ্ড নাগমণ্ডল' - গিৰীশ কাৰ্নাডৰ নাটক
  • 'মাত্ৰ এটা স্পৰ্শতেই বৰষুণ দিয়া মেঘ' - কে সচ্চিদানন্দনৰ কবিতাৰ অনুবাদ
  • 'দা আৰ্ট অফ ৱাৰ'
  • 'দুৰ্যোধন'
  • 'হেৰাই যোৱা বস্তুবোৰ' কে সচ্চিদানন্দনৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কাব্যগ্ৰন্থৰ অনুবাদ
  • আইলৈ চিঠি ৷ নৰেন্দ্ৰ মোডীৰ কাব্যগ্ৰন্থৰ অনুবাদ

অন্যান্য

  • 'গডমাদাৰ' - হেঙুল থিয়েটাৰৰ দ্বাৰা মঞ্চস্থ হৈছিল
  • 'কাঞ্চন' - হেঙুল থিয়েটাৰৰ দ্বাৰা মঞ্চস্থ হৈছিল আৰু একে লেথাৰিয়ে দুবছৰ মঞ্চস্থ হৈছিল
  • 'নাইট অফ ১৬ জানুৱাৰী'- ঐকতান গোষ্ঠীৰ দ্বাৰা সঞ্জীব হাজৰিকাৰ পৰিচালনাত ৰবীন্দ্ৰ ভৱনত একে লেথাৰিয়ে পাঁচটা সন্ধ্যাত মঞ্চস্থ হৈছিল|পাচত বিশ্ব নাট্য দিবসত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰাও নাটখন প্ৰচাৰ কৰা হৈছিল

বঁটা আৰু সন্মান

  • ৰেডিঅ' প্ৰডাকচনৰ বাবে ৰাপা (RAPA) বঁটা
  • সাংস্কৃতিক সাংবাদিকতাৰ বাবে মুনলাইট মিডিয়া বঁটা
  • চলচ্চিত্ৰ সমালোচনাৰ বাবে জ্যোতিৰূপা বঁটা
  • চলচ্চিত্ৰ সমালোচনাৰ বাবে জ্যোতিৰূপা নিৰোদ চৌধুৰী বঁটা
  • ৰেডিঅ' প্ৰডাক্টচনৰ বাবে লাডলী মেডিয়া বঁটা
  • বাইলেন টু ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ
  • বহুবৃত্ত ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ
  • চলচ্চিত্ৰৰ ৰসাস্বাদান গ্ৰন্থৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ সন্মান লাভ

তথ্য উৎস

Tags:

লেখক উৎপল দত্ত প্ৰাৰম্ভিক জীৱনলেখক উৎপল দত্ত কৰ্ম জীৱনলেখক উৎপল দত্ত ব্যক্তিগত জীৱনলেখক উৎপল দত্ত প্ৰকাশিত গ্ৰন্থৰাজিলেখক উৎপল দত্ত বঁটা আৰু সন্মানলেখক উৎপল দত্ত তথ্য উৎসলেখক উৎপল দত্তআকাশবাণী গুৱাহাটীবিস্ময়

🔥 Trending searches on Wiki অসমীয়া:

ডুবাইঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাজ্যোতিপ্ৰসাদ আগৰৱালাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কুচিয়া মাছমিডিয়াৱিকিঅসম লোকসেৱা আয়োগউত্তৰ গুৱাহাটীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমালিতাবিল গেট্‌ছৰাষ্ট্ৰসংঘআলুঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅণুবীক্ষণ যন্ত্ৰভাৰতৰ মুখ্য ন্যায়াধীশভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যনগাঁও জিলাসত্যনাথ বৰাকপৌ ফুলবিশ্ব গ্ৰন্থ দিৱসভূমিকম্পকথা কবিতাদিনবাঁহীস্বাভাৱিক সংখ্যাজুৰী বৰা বৰগোহাঞিশোণিত কুঁৱৰীৰোমাণ্টিক কবিতাপিম্পৰা গুচোৱাপ্লাষ্টিকঅসম সাহিত্য সভাগাৰো জনগোষ্ঠীশ্ৰীনিবাস ৰামানুজনশৰাইঘাট দলংবহল ব্যাকৰণপ্লেটোলোককথাবগেজাৰী গীতলীলা গগৈগোলকীকৰণহৰপ্পামহাদেশভট্টদেৱৰ গদ্যশৈলীমহাভৈৰৱ মন্দিৰকৰ্কট ক্ৰান্তিবাঙালী জাতিফেইচবুকলাচিত বৰফুকনগঙ্গা নদীকলিতা জনগোষ্ঠীচৰ্যাপদভাৰতীয় শিল্পকলাযোৰহাটমুদ্ৰাস্ফীতিএমিবাডিমা হাছাও জিলাসত্যেন্দ্ৰনাথ শৰ্মাচুতীয়া ৰাজ্যজুবিন গাৰ্গভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যমোৰ জীৱন সোঁৱৰণবৰগীতচৰাইদীপালী বৰঠাকুৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাচিপকো আন্দোলনআয়ুৰ্বেদআমঋণাত্মক অখণ্ড সংখ্যামানৱ ভূগোলবুঢ়ী আইৰ সাধুশ্ৰী শ্ৰী বটদ্ৰৱা থানঅতুল চন্দ্ৰ হাজৰিকা🡆 More