উপেন্দ্ৰচন্দ্ৰ লেখাৰু

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

উপেন্দ্ৰচন্দ্ৰ লেখাৰু (ইংৰাজী: Upendra Chandra Lekharu; ১৯০৫–১৯৭৯) এজন সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল। তেওঁ অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই গৈছে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ কৰিছিল। তেওঁ বৃন্দাবনত শ্ৰীমন্তশঙ্কৰদেৱ সেৱা সঙ্ঘৰ মন্দিৰ আৰু যাত্ৰী নিবাস স্থাপনত আগভাগ লৈছিল। তেওঁ উত্তৰ গুৱাহাটীত 'আনন্দ সমিতি' স্থাপন কৰিছিল। এই সমিতিৰ উল্লেখযোগ্য কাম আছিল এখন আলোচনা চক্ৰ আৰু আনন্দৰাম পুথিভঁৰাল স্থাপনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা।

উপেন্দ্ৰচন্দ্ৰ লেখাৰু
জন্ম ১৩ জানুৱাৰী, ১৯০৫ চন
ৰূদ্ৰেশ্বৰ, উত্তৰ গুৱাহাটী
মৃত্যু ৩ জুন, ১৯৭৯ চন
ৰূদ্ৰেশ্বৰ, উত্তৰ গুৱাহাটী
পেচা সাহিত্যিক, শিক্ষাবিদ, অধ্যাপক, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা উপেন্দ্ৰচন্দ্ৰ লেখাৰু ভাৰত
নাগৰিকত্ব ভাৰত
শিক্ষা স্নাতক(আইন), স্নাতকোত্তৰ
বিষয় অসমীয়া, বঙালী

জন্ম

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ ১৯০৫ চনৰ ১৩ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম নন্দৰাম লেখাৰু আৰু মাতৃৰ নাম আছিল সোণপাহী লেখাৰু।

শিক্ষা

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে তেওঁৰ পঢ়াশালীয়া জীৱন উত্তৰ গুৱাহাটীত আৰম্ভ কৰে। ১৯১৮ চনত তেওঁ উত্তৰ গুৱাহাটী মাইনৰ স্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত নাম লগায় আৰু ১৯২২ চনত তাৰপৰা গণিত বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজত উচ্চ শিক্ষা আৰম্ভ কৰে আৰু তাৰপৰাই ১৯২৬ চনত দৰ্শনত সন্মানসহ স্নাতক উপাধি লাভ কৰে। লেখাৰুৱে কটন কলেজতে ইংৰাজীৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও এম এ উপাধি লৈছিল বঙালীতহে। স্নাতকোত্তৰত অধ্যয়ন কৰি থকাৰ মাজতেই তেওঁ গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা আইনৰ স্নাতক সন্মান লাভ কৰিছিল।

কৰ্ম জীৱন

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে উত্তৰ গুৱাহাটীৰ কমলদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে তেওঁৰ কৰ্ম জীৱন আৰম্ভ কৰি পিচত গুৱাহাটীত ওকালতি কৰিছিল। ১৯৩৮ চনৰ পৰা ১৯৫৯ চনৰ ডিচেম্বৰলৈ সুদীৰ্ঘ একুৰি দুবছৰ কাল কটন মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁ কটন মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ১৯৬০ চনত বৃন্দাবনৰ বৈষ্ণৱ পাৰমাৰ্থিক বিশ্ববিদ্যালয়ৰ শ্ৰীশংকৰদেৱ আসনৰ বাবে গৱেষণা অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল। মামণি ৰয়ছম গোস্বামীয়ে উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ অধীনতে ৰামায়ণী সাহিত্যৰ গৱেষণা কৰিছিল। লেখাৰুৱে অসম সাহিত্য সভাৰ ধিং অধিৱেশনত (১৯৭০ চন) সভাপতিত্ব কৰিছিল। ১৯৭৪ চনত বৃন্দাবনৰপৰা আহি গুৱাহাটীৰ নিজা বাসভৱনত থাকিবলৈ লয়। কিছুকাল ‘জনশিক্ষা’ নামৰ আলোচনীৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি লেখাৰু ‘অসম ছাত্ৰ সন্মিলন’ৰ মুখপাত্ৰ ‘মিলন’ৰ সম্পাদনা সমিতিৰ লগতো জড়িত আছিল। তেখেত ‘আনন্দৰাম বৰুৱা পুথিভঁৰাল’, ‘শ্ৰীশ্ৰী শংকৰদেৱ সংঘ’ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

সাহিত্য কৰ্ম

লেখাৰুৱে প্ৰধানকৈ ধৰ্মীয় সাহিত্য চৰ্চা কৰিছিল। ছাত্ৰাৱস্থাৰেপৰা মিলন,চেতনা,আৱাহন আদি আলোচনীত প্ৰবন্ধ-পাতি লিখিবলৈ আৰম্ভ কৰা লেখাৰুৱে প্ৰৱেশিকা পৰীক্ষা দি উঠি শ্ৰীশ্ৰীৰামকৃষ্ণৰ উপদেশ পুথি এখন বঙালীৰপৰা অসমীয়ালৈ ভাঙনি কৰিছিল। তেখেতে ১৯৭০ চনত ধিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তত্ৰিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

    প্ৰবন্ধ সংকলন
  • মিলন
  • চেতনা
  • বাঁহী
  • আৱাহন
  • জয়ন্তী
  • এখনি পুৰণি পুথি
  • পুৰণি পুথি সংগ্ৰহ
  • শ্ৰীকৃষ্ণ প্ৰয়ানং নাম নাটক
  • অসমীয়া প্ৰাক শংকৰী যুগৰ বিষ্ণ আৰু বৈষ্ণৱ
  • মাধৱ কন্দলীৰ ৰামায়ণ
    অনুবাদ
  • শ্ৰীশ্ৰীৰামকৃষ্ণ উপদেশ

    গ্ৰন্থ সংকলন
  • কথা-গুৰু চৰিত (১৯৫২)
  • অসমীয়া ৰামায়ণী সাহিত্য (১৯৪৮)
  • অসমীয়া সাহিত্য সেৱক ৰজনীকান্ত বৰদলৈ (১৯৪৮)
  • কথা সাহিত্য (১৯৪০)
  • আদৰ্শ ৰচনাৱলী (১৯৪৯)
  • বিশ্ববিদ্যালয় ৰচনাৱলী
  • লক্ষ্মীনাথ বেজবৰুৱা (১৯৭৯)
  • এনক আৰ্ডেন (১৯৪৮)
  • ভক্তি বিবেক (১৯৫১) (ভাঙনি)
  • ধৰ্মপদ (১৯৪৭) (ভাঙনি)
    প্ৰবন্ধ সংকলন (ইংৰাজী)
  • Religion in Assam throughout the ages,
  • Concept of Siba according to Shree Sankardev

মৃত্যু

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ ১৯৭৯ চনৰ ৩ জুনত নিজা বাসভৱনত মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

উপেন্দ্ৰচন্দ্ৰ লেখাৰু জন্মউপেন্দ্ৰচন্দ্ৰ লেখাৰু শিক্ষাউপেন্দ্ৰচন্দ্ৰ লেখাৰু কৰ্ম জীৱনউপেন্দ্ৰচন্দ্ৰ লেখাৰু সাহিত্য কৰ্মউপেন্দ্ৰচন্দ্ৰ লেখাৰু মৃত্যুউপেন্দ্ৰচন্দ্ৰ লেখাৰু তথ্য সংগ্ৰহউপেন্দ্ৰচন্দ্ৰ লেখাৰু

🔥 Trending searches on Wiki অসমীয়া:

লক্ষ্মীধৰ শৰ্মাজয় দৌলজ্যোতিপ্ৰসাদ আগৰৱালাসংগীতঅতুল চন্দ্ৰ হাজৰিকাসমবাহু ত্ৰিভুজগীতি-ৰামায়ণঅসমীয়া লিপিৰ বুৰঞ্জীস্বাভাৱিক সংখ্যাসাধুকথাখিলঞ্জীয়া লোকব’হাগতগৰঅসমৰ কাঁহ শিল্পৰাধাগোবিন্দ বৰুৱা২২ এপ্ৰিলকেওঁট জনগোষ্ঠীবিপৰীতাৰ্থক শব্দনলিনীবালা দেৱীনীলমণি ফুকন (কনিষ্ঠ)মামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅসমীয়া ব্যাকৰণকমলাবাৰী সত্ৰঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতবগেজাৰী গীতভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫মিডিয়াৱিকিঅসমৰ জাতীয় গীতনিৰোদ চৌধুৰীধনশিৰি নদীপোৱামক্কানৱকান্ত বৰুৱাকৃষ্ণ ভূঞাসন্ধিপ্লেটোমানচিত্ৰসত্ৰঢ়শিৱগামখাৰুঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমূলা গাভৰুবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনহীৰেন ভট্টাচাৰ্যআমলখিবিশেষ্য পদমনোবিজ্ঞানসৰস্বতী পূজামৌখিক ইতিহাসপুৰাণদাণ্ডী যাত্ৰাচৰ্যাপদকলাহাতীছুনামিহিন্দু পদ্ধতিত সময়ৰ এককদৌল গোবিন্দ মন্দিৰভৌতিক সংস্কৃতিভাৰতত মহিলা শিক্ষাশ্ৰীমন্ত শংকৰদেৱনামঘোষাকৰতল কমল কমল দল নয়নব্ৰহ্মপুত্ৰ উপত্যকাপিম্পৰা গুচোৱামাটিএ পি জে আব্দুল কালামঅসমীয়া লোকসাহিত্যলোকভাষাশ্ৰীকৃষ্ণকীৰ্তনঅসমৰ তামোল-পাণ সংস্কৃতি২৪ এপ্ৰিলঅসমীয়া খাদ্যাভ্যাসচিকিৎসা বিজ্ঞানবিশেষ শিক্ষাগুৱাহাটী (লোকসভা সমষ্টি)🡆 More