উদাৰনৈতিকতাবাদ বা উদাৰতাবাদ (ইংৰাজী: Liberalism) হৈছে এনে এক ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শ যি স্বাধীনতা, শাসিত লোকৰ সম্মতি তথা আইনৰ আগত সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। উদাৰনৈতিকতাবাদৰ ইংৰাজী প্ৰতিশব্দ Liberalism শব্দটো লেটিন শব্দ Liber-ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ব মুকলি মানুহ। Liberal শব্দটোৰ প্ৰথম বাৰৰ বাবে চৌধ্য শতিকাত ব্যৱহাৰ কৰা হৈছিল। ধাৰণাগতভাৱে উদাৰনৈতিকতাবাদে ব্যক্তিৰ স্বাধীনতাত বিশ্বাস কৰে। দৰাচলতে উদাৰনৈতিকতাবাদ এটা স্থিৰ চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে এনে এটা বৌদ্ধিক আন্দোলনক প্ৰতিনিধিত্ব কৰে যি নতুন ধাৰণা আৰু নতুন পৰিস্থিতিক গ্ৰহণ কৰাৰ মানসিকতাক গ্ৰহণ কৰে। ৰাজনীতি বিজ্ঞানত উদাৰনৈতিকতাবাদৰ ধাৰণাটো ১৭ শতিকাত ইউৰোপত প্ৰচলিত সামন্তবাদৰ বিৰুদ্ধে সৃষ্টি হোৱা এটা আৰ্থ-ৰাজনৈতিক ধাৰণা হিচাপে বিকাশ লাভ কৰিছিল।
ধ্ৰুপদী উদাৰনৈতিকতাবাদ উদাৰনৈতিকতবাদৰ প্ৰথমটো পৰ্যায়। সামন্তবাদৰ পৰা পুঁজিবাদলৈ উত্তৰণৰ প্ৰথমটো পৰ্যায় আছিল এই বাগধাৰাটো। ধ্ৰুপদী উদাৰনৈতিকতাবাদে ঊনৈশ শতিকাৰ প্ৰাৰম্ভিক উদ্যোগীকৰণৰ সময়চোৱাত ইয়াৰ শীৰ্ষতম বিন্দুত উপনীত হৈছিল। সেইবাবেই ধ্ৰুপদী উদাৰনৈতিকতাবাদক "ঊনৈশ শতিকাৰ উদাৰনৈতিকতাবাদ" বুলিও কোৱা হয়। মূলতঃ ধ্ৰুপদী উদাৰনৈতিকতাবাদ ইংলেণ্ডত বিকশিত হৈছিল।
ব্যক্তিবাদক ইংৰাজীত Individualism বুলি কোৱা হয়। ব্যক্তিবাদ উদাৰনৈতিকতাবাদৰ এটা অন্যতম ধাৰণা, য'ত ব্যক্তি আৰু ব্যক্তি স্বতন্ত্ৰতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়। সোতৰ আৰু ওঠৰ শতিকাত ইউৰোপত গঢ় লোৱা প্ৰাকৃতিক অধিকাৰৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত এই ধাৰণা মূলতঃ ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ সৈতে জড়িত। ইমানুৱেল কাণ্টৰ মতে, "প্ৰতিজন ব্যক্তিৰে সমান মৰ্যাদা আৰু ব্যক্তিত্ব আছে। " মূলত ব্যক্তিবাদৰ জৰিয়তে ধ্ৰুপদী উদাৰনৈতিকতাবাদে প্ৰতিজন ব্যক্তিৰ স্বতন্ত্ৰ বিচাৰবোধক স্বীকাৰ কৰিছে আৰু ব্যক্তিৰ জীৱনৰ ওপৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।
স্বাধীনতা বা Freedom বা Liberty-ক ধ্ৰুপদী উৰাৰনৈতিকতাবাদে সৰ্বোচ্চ প্ৰমূল্য বুলি আখ্যায়িত কৰিছে। তেওঁলোকৰ মতে স্বাধীনতা এটা প্ৰাকৃতিক অধিকাৰ। জন লকৰ সামাজিক চুক্তিতত্ত্বত আমি স্বাধীনতাৰ এটা শক্তিশালী ব্যাখ্যা লাভ কৰোঁ। ধ্ৰুপদী উদাৰনৈতকিতাবাদে কয় যে স্বাধীনতাৰ প্ৰমূল্যৰ যোগেদি প্ৰতিজন ব্যক্তিয়েই বজাৰত নিজৰ পচন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। ধ্ৰুপদী উদাৰনৈতিকতাই অৱশ্যে স্বাধীনতাৰ ব্যাখ্যা আগবঢ়াওতে ইতিবাচক স্বাধীনতাৰ কথাহে কৈছিল। অৰ্থাত ই নেতিবাচক স্বাধীনতাই প্ৰদান কৰা সীমাহীন স্বাধীনতাৰ কথা কোৱা নাছিল। জন ষ্টুৱাৰ্ট মিলে তেওঁৰ বিখ্যাত গ্ৰন্থ On Libertyত উল্লেখ কৰিছে যে ব্যক্তিৰ স্ব-সম্পৰ্কিত বিষয়ত ৰাষ্ট্ৰ বা আন কোনো সংস্থাই হস্তক্ষেপ কৰাটো অনুচিত, কিন্তু আনৰ সৈতে সম্পৰ্কিত বিষয়ত ন্যূনতম সীমাবদ্ধতা থকাটো প্ৰয়োজন।
জেৰেমী বেন্থাম আৰু জন ষ্টুৱাৰ্ট মিলে উপযোগিতাবাদৰ জৰিয়তে ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ অন্য এটা পৃথক ধাৰাৰ আৰম্ভ কৰিছিল। জেৰেমী বেন্থামে উপযোগিতাবাদৰ জৰিয়তে অধিকাৰ আৰু প্ৰাকৃতিক অধিকাৰৰ ধাৰণাক সম্পূৰ্ণভাৱে নস্যাৎ কৰিছিল আৰু কৈছিল যে ব্যক্তি স্বাৰ্থৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাষ্ট্ৰৰ দায়িত্ব এই স্বাৰ্থক পূৰণ কৰাটো। তেওঁলোকে যুক্তি আগবঢ়াইছিল যে ৰাষ্ট্ৰৰ দায়িত্ব "সৰ্বাধিক ব্যক্তিক সৰ্বাধিক সুখ" (Greatest Happiness to greatest people) প্ৰদান কৰাটো। উপযোগিতাবাদে ধ্ৰুপদী উদাৰনৈতিকতাবাদক এটা অন্য গতি প্ৰদান কৰিলে, কিয়নো এই ধাৰণাৰ যোগেদি ব্যক্তিৰ আচৰণৰ ব্যাখ্যা আগবঢ়োৱা সহজ হৈ পৰিল। অৱশ্যে সমালোচকসকলে দেখুৱাই দিছে যে এই আদৰ্শটো মূলত Majoritarian বা সংখ্যাগৰিষ্ঠকেন্দ্ৰিক।
সামাজিক ডাৰউইনবাদ ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ এটা অন্যতম বিতৰ্কিত ধাৰণা, য'ত চাৰ্লছ ডাৰউইনৰ বিৱৰ্তনবাদৰ উদাৰনৈতিক ব্যাখ্যা আগবঢ়োৱা হৈছে। চেমুৱেল স্মাইল-এ তেওঁৰ বিখ্যাত গ্ৰন্থ Self-Help (১৮৫৯, পুনৰ প্ৰকাশ: ১৯৮৬)ত সামাজিক ডাৰউইনবাদক বুজাবলৈ কৈছিল যে, "ভগৱানে তেওঁকহে সহায় কৰে যি নিজকে সহায় কৰে। " অৰ্থাৎ এই ধাৰণাৰ যোগেদি ধ্ৰুপদী উদাৰনৈতিকসকলে যুক্তি আগবঢ়াইছিল যে দৰিদ্ৰতা আৰু অৰ্থনৈতিক অসমতাৰ বাবে দৰিদ্ৰসকল নিজেই জগৰীয়া, কিয়নো সকলোকে সমান পৰিমাণৰ অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে।
ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ অৰ্থনৈতিক অৱধাৰণাটো আদাম স্মিথৰ বিখ্যাত গ্ৰন্থ "The Wealth of Nations" (১৭৭৬) আৰু ডেভিদ ৰিকাৰ্ডৰ চিন্তাৰ মাজেৰে বিকাশ লাভ কৰিছিল। এইসকল তত্ত্ববাগীশৰ ব্যাখ্যা অনুসৰি বজাৰ এক স্বনিয়ন্ত্ৰিত প্ৰতিষ্ঠান, যি সাধাৰণতে ব্যক্তিৰ ইচ্ছা অৰ্থাত চাহিদা আৰু পছন্দ অনুসৰি পৰিচালিত হয়। মন কৰিবলগীয়া এয়ে যে এই ধাৰণা অনুসৰি ব্যক্তিৰ ব্যাখ্যা পৃথক। তেওঁলোকৰ মতে এজন ব্যক্তি বজাৰত এজন যুক্তিশীল অৰ্থনৈতিক ব্যক্তিসত্তা। আদাম স্মিথৰ মতে এখন বজাৰ স্বাভাৱিকভাৱে চাহিদা আৰু যোগানৰ পাৰস্পৰিক সম্পৰ্কৰ মাজেৰে পৰিচালিত হয়, আৰু সেইবাবে ৰাষ্ট্ৰ বা অনান্য গাঁঠনিয়ে বজাৰক নিয়ন্ত্ৰণ কৰাটো অনুচিত। বজাৰ মুকলি হ'ব লাগে। ১৯৩০ চনৰ বৃহৎ অৰ্থনৈতিক পতন (The Great Depression)-ৰ আগলৈকে স্মিথ আৰু ৰিকাৰ্ড'ৰ এই ধাৰণা ইউৰোপত অপ্ৰতিদ্বন্দ্বী হৈ আছিল। এই ধাৰণাটোৰ সৰ্বোচ্চ বিকাশৰ সময়চোৱাক Laissez-fair ধাৰণা বুলি কোৱা হয়, য'ত বজাৰক ৰাষ্ট্ৰৰ এক্তিয়াৰৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই পেলোৱা হৈছিল।
This article uses material from the Wikipedia অসমীয়া article উদাৰনৈতিকতাবাদ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.