উদজান: পৰ্য্যাবৃত্ত তালিকাৰ প্ৰথম মৌল

উদজান বা হাইড্ৰ'জেন (ইংৰাজী: Hydrogen) এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H। ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম। হাইড্ৰ'জেনৰ সচৰাচৰ পোৱা আইছ'টপটো হৈছে 'প্ৰটিয়াম'।

উদজান: ইতিহাস, বিশেষত্ব, অৱস্থিতি
হাইড্ৰ'জেন ডিছচাৰ্জ (বৰ্ণালী) টিউব
উদজান: ইতিহাস, বিশেষত্ব, অৱস্থিতি
ডিউটেৰীয়াম ডিছচাৰ্জ (বৰ্ণালী) টিউব
Schematic drawing of a positive atom in the center orbited by a negative particle.
প্ৰ'টিয়াম, হাইড্ৰ'জেনৰ সাধাৰণ আইছ'টপ, এটা প্ৰ'টন আৰু এটা ইলেক্ট্ৰন থাকে। অন্য আইছ'টপৰ দৰে নিউট্ৰন নাথাকে।
উদযান তৰঙ্গ

ইতিহাস

হাইড্ৰ'জেন গেছ পোণপ্ৰথমে হেনৰি কেভেণ্ডিছ নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৭৮১ চনত আৱিষ্কাৰ কৰিছিল। তেওঁ এই গেছ আৱিষ্কাৰ কৰাৰ সময়ত নাম ৰাখিছিল 'দাহ্য বায়ু'। পাছত ফৰাচী ৰসায়নবিদ এণ্টোয়ান লৰেণ্ট লেভয়ছিয়াৰে এই দাহ্য বায়ুক 'জল উৎপাদক' বুলি নামকৰণ কৰে। বায়ুৰ সংস্পৰ্শত জ্বলিলে পানী উৎপন্ন হোৱাৰ ধৰ্মটোৰ বাবে ইয়াক এই নামেৰে নামকৰণ কৰা হয়। পানীৰ ৰাসায়নিক সংকেত H2O। পানী দুটা H ৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু থাকে।

বিশেষত্ব

H2 গেছ বৰ্ণহীন,গন্ধহীন আৰু স্বাদহীন। পানীৰ লগত ইয়াৰ দ্ৰৱণতাৰ মাত্ৰা কম। হাইড্ৰ'জেনৰ এটা অণুত দুটা পৰমাণু থাকে। এই গেছ দাহ্য,কিন্তু দহনত সহায় নকৰে। অক্সিজেন গেছ জ্বলালে হাইড্ৰ'জেন গেছৰ নীলা শিখা আৰু পানী উৎপন্ন হয়। সেই কাৰণে ইয়াক 'জল উৎপাদক' বুলি কোৱা হয়।

অৱস্থিতি

হাইড্ৰ'জেন গেছ মুক্ত অৱস্থাত নিচেই কম পৰিমাণে পোৱা যায় যদিও যৌগ হিচাপে প্ৰচুৰ পৰিমাণে পোৱা যায়। হাইড্ৰ'জেনৰ মূল উৎস হ'ল পানীঅম্ল, ক্ষাৰ আৰু অন্যান্য বহুতো জৈৱ যৌগত হাইড্ৰ'জেন থাকে।

পৰীক্ষাগাৰত প্ৰস্তুতি

উদজান: ইতিহাস, বিশেষত্ব, অৱস্থিতি 
First tracks observed in liquid hydrogen bubble chamber at the Bevatron
উদজান: ইতিহাস, বিশেষত্ব, অৱস্থিতি 
The Space Shuttle Main Engine burnt hydrogen with oxygen, producing a nearly invisible flame at full thrust.

সাধাৰণতে, এচিড,খাৰ আৰু পানীৰ পৰা এই গেছ প্ৰস্তুত কৰা হয়। পৰীক্ষাগাৰত জিংক ছালফেট আৰু পনীয়া ছালফিউৰিক এচিডৰ লগত সাধাৰণ উষ্ণতাত বিক্ৰিয়া ঘটাই হাইড্ৰ'জেন গেছ প্ৰস্তুত কৰা হয়। অলপ পৰিমাণৰ H2 উৎপন্ন কৰিবৰ বাবে পৰীক্ষাগাৰত উলফ বটল ব্যৱহাৰ কৰা হয়। পানী অপসাৰণৰ দ্বাৰা ইয়াক সংগ্ৰহ কৰা হয়। প্ৰয়োজনমতে বা নিয়মিতভাৱে হাইড্ৰ'জেন পাবৰ বাবে 'কিপৰ যন্ত্ৰ' ব্যৱহাৰ কৰা দৰকাৰ। বিশুদ্ধ হাইড্ৰ'জেন গেছৰ পাবৰ বাবে 'u' আকৃতিৰ টিউবত বেৰিয়াৰ হাইড্ৰ'জেনৰ পালত আৰু গৰম জলীয় দ্ৰৱণ নিকেল তড়িৎ বিশ্লেষণ কৰিলে কেথডদ্বাৰত H2 গেছ উৎপন্ন হয়। পনীয়া ছালফিউৰিক এচিড বা পনীয়া হাইড্ৰ'ক্লৰিক এচিডৰ লগত লো,এলুমিনিয়াম,মেগনেছিয়াম আদি ধাতুৰ বিক্ৰিয়া ঘটালে H2 উৎপন্ন হয়। উত্তপ্ত আৰু গাঢ় কষ্টিক বা কষ্টিক পটাছৰ দ্ৰৱনৰ লগত জিংক,এলুমিনিয়াম ধাতুৰ বিক্ৰিয়া ঘটাইও H2 উৎপন্ন কৰিব পৰা যায়।

উদজান: ইতিহাস, বিশেষত্ব, অৱস্থিতি 
Depiction of a hydrogen atom with size of central proton shown, and the atomic diameter shown as about twice the Bohr model radius (image not to scale).

ৰাসায়নিক ধৰ্ম

হাইড্ৰ'জেন এবিধ উৎকৃষ্ট বিজাৰক। পেলাডিয়াম প্লাটিয়াম,নিকেল,কোবাল্ট আদি ধাতুৱে উত্তপ্ত অৱস্থাত হাইড্ৰ'জেন গেছ শোষণ কৰিব পাৰে। ধাতুৱে এনেদৰে গেছ শোষণ কৰা প্ৰক্ৰিয়াক অন্তৰ্ধৃতি বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰে শোষিত হাইড্ৰ'জেনক 'অন্তৰ্ধৃত হাইড্ৰ'জেন' নামেৰে জনা যায়। কোনো যৌগৰ পৰা উৎপন্ন হোৱা মুহূৰ্ততে হাইড্ৰ'জেনক 'জাইমান হাইড্ৰ'জেন' নামেৰে জনা যায়। সাধাৰণ হাইড্ৰ'জেনতকৈ জায়মান হাইড্ৰ'জেন অধিক শক্তিশালী বিজাৰক পদাৰ্থ। সাধাৰণ উষ্ণাতাত হাইড্ৰ'জেন 'অৰ্থ' আৰু 'পেৰা' হাইড্ৰ'জেন হিচাপে ৩.১ অনুপাত সাম্যৱস্থাত মিশ্ৰণ হৈ থাকে।

ব্যৱহাৰ

  • হাইড্ৰ'জেন গেছ পাতল বাবে ইয়াক বেলুনত ব্যৱহাৰ কৰা হয়।
  • অক্সিজেন আৰু হাইড্ৰ'জেন গেছ মিশ্ৰণ কৰি 'অক্সি-হাইড্ৰ'জেন' শিখা উৎপন্ন কৰা হয়। এই শিখাৰ উষ্ণতা ২৫০০° C পৰ্য্যন্ত হয়। জ্বালাই কামত এই শিখা ব্যৱহাৰ কৰা হয়।


তথ্য সংগ্ৰহ

লগতে চাওক

  • Chart of the Nuclides (17th সম্পাদনা). Knolls Atomic Power Laboratory. 2010. ISBN 978-0-9843653-0-2. http://www.nuclidechart.com/. 
  • Ferreira-Aparicio, P; M. J. Benito, J. L. Sanz (2005). "New Trends in Reforming Technologies: from Hydrogen Industrial Plants to Multifuel Microreformers". Catalysis Reviews খণ্ড 47 (4): 491–588. doi:10.1080/01614940500364958. 
  • Newton, David E. (1994). The Chemical Elements. প্ৰকাশক New York: Franklin Watts. ISBN 0-531-12501-7. 
  • Rigden, John S. (2002). Hydrogen: The Essential Element. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 0-531-12501-7. 
  • Romm, Joseph, J. (2004). The Hype about Hydrogen, Fact and Fiction in the Race to Save the Climate. Island Press. ISBN 1-55963-703-X.  Author interview Archived 2010-01-04 at the Wayback Machine at Global Public Media.
  • Scerri, Eric (2007). The Periodic System, Its Story and Its Significance,. প্ৰকাশক New York: Oxford University Press. ISBN 0-19-530573-6. 

বাহ্যিক সংযোগ

প্ৰৱন্ধটো শুনক (দুটা খণ্ড) · (তথ্য)
উদজান: ইতিহাস, বিশেষত্ব, অৱস্থিতি 
Spoken Wikipedia
এই শ্ৰব্য ফাইল 2006-10-28 "উদজান" তাৰিখৰ প্ৰবন্ধৰ 2006-10-28 সংস্কৰণটোৰ, আৰু সেয়ে প্ৰবন্ধৰ সাম্প্ৰতিক পৰিৱৰ্তনসমূহ প্ৰতিফলিত নকৰিবও পাৰে, অধিক তথ্যৰ বাবে (শ্ৰৱণ সাহায্য চাওক)

Tags:

উদজান ইতিহাসউদজান বিশেষত্বউদজান অৱস্থিতিউদজান পৰীক্ষাগাৰত প্ৰস্তুতিউদজান ৰাসায়নিক ধৰ্মউদজান ব্যৱহাৰউদজান তথ্য সংগ্ৰহউদজান লগতে চাওকউদজান বাহ্যিক সংযোগউদজানইংৰাজী ভাষাপৰ্য্যাবৃত্ত তালিকা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ লোকবাদ্যসোণোৱাল কছাৰীমহেশ্বৰ নেওগলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানসিন্ধু সভ্যতানাগালেণ্ডৰ সংস্কৃতিপায়ু সংগমৰংঘৰসংস্কৃত ভাষাপীতাম্বৰ কবিশালস্তম্ভ ৰাজবংশঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসম সাহিত্য সভাইংৰাজী ভাষাচামগুৰি সত্ৰহেমচন্দ্ৰ বৰুৱাআইজাক নিউটনচানডুবি বিলনামঘৰবসন্ত ৰোগনাৰী সবলীকৰণহীৰেন ভট্টাচাৰ্যমাধৱদেৱবুৰঞ্জীআজান পীৰজলবিদ্যুৎমিচিং জনগোষ্ঠীভাৰতৰ সংবিধানবিজ্ঞাপনবহুভাষাবাদচৰিত পুথিখনিকৰ (নাট)২৫ এপ্ৰিলতেজপুৰঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবিহুনাৰীবাদঅসমৰ গামোচাশোণিত কুঁৱৰীগুৱাহাটীঅসমৰ পুৰণি স্থাপত্যবিত্তীয় ব্যৱস্থাবেদকথা কবিতাহৰি-হৰ যুদ্ধমূলা গাভৰুবৰগীতগোপাল কৃষ্ণ গোখলেফাট বিহুচিপাহী বিদ্ৰোহ ১৮৫৭মানৱ উন্নয়ন সূচকচাহেবপুৰাৰ বৰষুণমৃত্যুঞ্জয়ছাইমন কমিশ্যনকানাই বৰশী বোৱা শিলালিপিমাটিৰ হিচাপভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসিংহতগৰচন্দ্ৰঅসমীয়া খাদ্যাভ্যাসপাইথেগাৰাছচুতীয়া ৰাজ্যঅসম মাধ্যমিক শিক্ষা পৰিষদআহোম ৰাজ্যকবিতাউমানন্দম'হৰ শিঙৰ পেঁপাবৰদৈচিলাব্যক্তিত্বআবেগকপিৰাইটকনকলতা বৰুৱাঅসমৰ পৰম্পৰাগত সাজ-পাৰআমেৰিকা যুক্তৰাষ্ট্ৰনিৰুপমা বৰগোহাঞি🡆 More