উত্তৰ পূব পৰিষদ

উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম – ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই সাতখন ৰাজ্যক সদস্য হিচাপে লৈ উত্তৰ-পূব পৰিষদ গঠিত হৈছিল। এই সাতখন ৰাজ্যই দেশৰ মুঠ ভৌগোলিক খণ্ডৰ ৭.৭% আৰু দেশৰ মুঠ জনসংখ্যাৰ ৩.৮৮% সামৰি লৈছে। ২০০২ চনত ছিক্কিম উত্তৰ-পূব পৰিষদৰ অষ্টম সদস্য হিচাপে যুক্ত হৈছিল। এই সদস্য ৰাজ্য বিলাকৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী সকলক উত্তৰ-পূব পৰিষদৰ সদস্য হিচাপে লোৱা হৈছিল। পূৰ্বে যদিও অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালেই উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ আছিল, বৰ্তমান অধ্যক্ষৰ পদটো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত ক্ৰমানুসাৰে আৱৰ্তিত হয়। NEC-ৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।

উদ্দেশ্য

উত্তৰ-পূব পৰিষদৰ প্ৰধান উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হ’ল[উদ্ধৃতিৰ প্ৰয়োজন]:

  • সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সমাজিক উন্নয়নৰ বাবে সংহত আঁচনি গ্ৰহণ কৰা।
  • সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক অসমতা দূৰ কৰা।
  • উপযোগী আঁচনি আৰু প্ৰকল্পৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰা আৰু তাক কাৰ্যকৰী কৰাৰ অৰ্থে বিহিত ব্যৱস্থা হাতত লোৱা।
  • উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ মজত সমন্বয়, সহযোগিতা আৰু ঐক্য বৃদ্ধি কৰা।
  • অঞ্চলটোৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনি মূলক উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা।
  • হাতত লোৱা আঁচনিৰ কাৰ্যকৰী পদ্ধতি সম্পৰ্কে আলোচনা কৰা আৰু তাক কাৰ্যকৰী কৰাৰ বাবে প্ৰচেষ্টা চলোৱা।
  • উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত গ্ৰহণ কৰিবলগীয়া প্ৰকল্প আৰু আঁচনিৰ উপকাৰিতা আৰু যথাৰ্থতা নিৰ্ণয়ৰ বাবে জৰীপ কাৰ্য চলোৱা।

কাৰ্যৱলী:

উত্তৰ-পূব পৰিষদৰ প্ৰধান কাৰ্যৱলী তলত উল্লেখ কৰা হ’ল[উদ্ধৃতিৰ প্ৰয়োজন]:

  1. উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ দ্ৰুত আৰু সম-উন্নয়নৰ ব্যৱস্থা কৰা।
  2. সাধাৰণ সমস্যা সমাধানৰ বাবে অৰ্থনৈতিক আঁচনিত গুৰুত্ব দিয়া।
  3. উদ্যোগিক উন্নয়ন আৰু বিকাশৰ বাবে বুনিয়াদী সা-সুবিধা শক্তিশালী কৰা।
  4. কৃষি পদ্ধতিৰ পৰিৱৰ্তন অনা আৰু হস্তশিল্পৰ আধুনিকীকৰণ।
  5. অঞ্চলটোৰ অৰ্থনৈতিক সম্পদৰ প্ৰণালীৱদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা

ভূমিকা

উত্তৰ-পূব পৰিষদে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে[উদ্ধৃতিৰ প্ৰয়োজন]। বৰ্তমান সময় কালত উত্তৰ-পূব পৰিষদক গোটেই উত্তৰ-পূব অঞ্চলৰ সুষম অৰ্থ-সামাজিক উন্নয়নৰ বাবে এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি মূলক সংস্থা বুলি গণ্য কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

উত্তৰ পূব পৰিষদ উদ্দেশ্যউত্তৰ পূব পৰিষদ কাৰ্যৱলী:উত্তৰ পূব পৰিষদ ভূমিকাউত্তৰ পূব পৰিষদ তথ্য সংগ্ৰহউত্তৰ পূব পৰিষদ বাহ্যিক সংযোগউত্তৰ পূব পৰিষদঅসমঅৰুণাচল প্ৰদেশউত্তৰ-পূৰ্বাঞ্চলছিক্কিমত্ৰিপুৰানাগালেণ্ডমণিপুৰমিজোৰামমেঘালয়শ্বিলংৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

লক্ষ্মীনন্দন বৰাসংখ্যাআইজাক নিউটনমেকুৰীবৰগীতঅসমীয়া গালি-গালাজবিহুগীতয়েছে দৰজে ঠংচিঅসমীয়া প্ৰতিদিনঅলিম্পিকঅৰুণাচল প্ৰদেশমৌৰ্য সাম্ৰাজ্যবায়ু প্ৰদূষণআহোম জনগোষ্ঠীশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰসোণোৱাল কছাৰী২১ এপ্ৰিলআল্লাহজুবলী বৰুৱাঅখণ্ড সংখ্যাজয়সাগৰ পুখুৰীঅসমত দেখা চৰাইবোৰক্ষচৰক পূজাবৌদ্ধ ধৰ্মৰাম নৱমীমিচিং জনগোষ্ঠীপ্ৰাকৃতিক দুৰ্যোগকুচিয়া মাছসতী সাধনীসতী ৰাধিকাবিষুৱ ৰেখাভাৰতত মহিলা শিক্ষাছক্ৰেটিছঘৰ শালিকাবুঢ়ী আইৰ সাধুগগনাবৰপেটা (লোকসভা সমষ্টি)ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনহস্তীবিদ্যাৰ্ণৱসাগৰভাৰতৰ ৰাষ্ট্ৰপতিঢেকীয়াখোৱা বৰনামঘৰভাৰতৰ প্ৰধানমন্ত্ৰীভট্টদেৱউপভাষা১৬ এপ্ৰিলকবিতাভাৰতৰ শাস্ত্ৰীয় নৃত্যকিংখাপদৰিদ্ৰতালোকভাষাঅসমৰ পৰম্পৰাগত সাজ- পাৰনাগৰিকত্বযোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাইষ্ট ইণ্ডিয়া কোম্পানীমধুপুৰ বহুদূৰডিমাছা জনগোষ্ঠীকোচ ৰাজবংশভাৰতৰ জিলাসমূহৰ তালিকাসংস্কৃতিব্ৰহ্মপুত্ৰ নদপটলহিন্দু ধৰ্মঢোঁৰা সাপআহোম-মোগলৰ সংঘৰ্ষমাৰ্ক্সবাদঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাব’হাগওজাপালিঅসমৰ সাহিত্যিকসকলৰ তালিকাফলৰ তালিকা🡆 More