উইলিয়াম শ্বেইকছপীয়েৰ

ৱিলিয়াম শ্বেক্সপীয়াৰ (ইংৰাজী: William Shakespeare; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু এভনৰ চাৰণকবি বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন নাটক, ১৫৪টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।

ৱিলিয়াম শ্বেক্সপীয়াৰ
উইলিয়াম শ্বেইকছপীয়েৰ
নেশ্বনাল প’ৰ্ট্ৰেট গেলাৰি, লণ্ডনৰ চাণ্ডচ প’ৰ্ট্ৰেট
জন্ম ২৬ এপ্ৰিল, ১৫৬৪ত খ্ৰীষ্টধৰ্মত দীক্ষিতকৰণ (জন্ম তাৰিখ অজ্ঞাত)
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভন, ৱাৰৱিকশ্বায়াৰ, ইংলেণ্ড
মৃত্যু ২৩ এপ্ৰিল, ১৬১৬(৫২ বছৰ)
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভন, ৱাৰৱিকশ্বায়াৰ, ইংলেণ্ড
পেচা নাট্যকাৰ, কবি, অভিনেতা
ৰাষ্ট্ৰীয়তা ইংৰাজ
সময় ইংৰাজী নৱজাগৰণ
দাম্পত্যসংগী এন হাথাৱে (বি. ১৫৮২১৬১৬)
সন্তান
  • ছুজানা হল
  • হেমনেট শ্বেক্সপীয়াৰ
  • জুডিথ কুইনী
আত্মীয়-স্বজন
  • জন শ্বেক্সপীয়াৰ (পিতৃ)
  • মেৰী শ্বেক্সপীয়াৰ (মাতৃ)

স্বাক্ষৰ উইলিয়াম শ্বেইকছপীয়েৰ

ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত জন্ম লাভ কৰা শ্বেক্সপিয়াৰে ওঠৰ বছৰ বয়সত এন হাথাৱেক বিয়া কৰায় আৰু ছুজানা, হেমনেট আৰু জুদিথ নামৰ তিনিটি সন্তানৰ পিতৃ হয়। ১৫৮৫ৰ পৰা ১৫৯২ লৈ তেওঁ লণ্ডনত এগৰাকী অভিনেতা, লেখক হিচাপে বিখ্যাত হৈ পৰে আৰু পিচলৈ কিংছ মেন হিচাপে জনাজাত হোৱা লৰ্ড চেম্বাৰ্লেইনছ মেন নামৰ নাট্য প্ৰতিষ্ঠানটিৰ অংশীদাৰ হয়। খুব সম্ভৱ ৪৯ বছৰ বয়সত ১৬১৩ চনত তেওঁ অৱসৰ লৈ ষ্ট্ৰেটফ’ৰ্ডত থাকিবলৈ লয় আৰু তাতেই কিছু বছৰ পিছত মৃত্যুবৰণ কৰে। শ্বেক্সপীয়াৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি সীমিত তথ্য উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ শাৰীৰিক অবয়ৱ, যৌনত্ত্ব, ধৰ্মীয় বিশ্বাস আৰু তেওঁৰ নাম থকা ৰচনাসমূহ সঁচাকৈয়ে তেওঁ লিখা হয় নে নহয় তাক লৈ বিতৰ্কৰ অন্ত নাই।

শ্বেক্সপীয়াৰে তেওঁৰ বেছিভাগ লিখনি ১৫৮৯ আৰু ১৬১৩ৰ মাজত ৰচনা কৰে। প্ৰথমাৱস্থাত তেওঁ মূলতঃ মিলনান্তক আৰু ইতিহাসমূলক নাট লিখি ষোল্ল শতিকাৰ শেষলৈ সেই ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰে। তাৰ পিছত তেওঁ হেমলেট, কিং লীয়াৰ, অ’থেলো, মেকবেথ আদি বিয়োগান্তক নাট লিখে যাক ইংৰাজী ভাষাৰ উত্কৃষ্ট সাহিত্য কৰ্মৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। শেষৰ ফালে তেওঁ নিজাকৈ ৰোমাঞ্চ বা ট্ৰেজিকমেডী শ্ৰেণীৰ নাট লিখাৰ উপৰিও আন আন লিখকৰ লগত যুক্ত হৈয়ো বহুতো নাটক ৰচনা কৰে।

তেওঁৰ জীৱনকালতে শ্বেক্সপীয়াৰৰ ভালেকেইখন নাটক গুন তথা শুদ্ধতাৰ কোনো মানদণ্ড নোহোৱাকৈ প্ৰকাশ পায়। ১৬২৩ চনত “ফাৰ্ষ্ট ফলিঅ’” নামৰ এক সংস্কৰণত দুখনত বাদে তেওঁৰ প্ৰায় আটাইকেইখন নাট প্ৰকাশ পায়। বেন জনছনে ইয়াৰ পাতনিত এটা কবিতা লিখে আৰু শ্বেক্সপীয়াৰক “কোনো এটা যুগৰ নহয়, বৰং সৰ্বকালৰ” বুলি অভিহিত কৰে।

নিজৰ দিনতো শ্বেক্সপীয়াৰ এজন নামজ্বলা কবি আৰু নাট্যকাৰ আছিল যদিও ১৯ শতিকালৈ তেওঁৰ নামে বৰ্তমানৰ খ্যাতি পোৱা ২০ শতাব্দীত শিক্ষা আৰু অভিনয়ৰ ক্ষেত্ৰত হোৱা বিপ্লৱে শ্বেক্সপীয়াৰৰ কৰ্মৰাজিৰ পুনৰাৱিস্কাৰ আৰু নৱ অভিযোজনৰ বাট মুকলি কৰে। আজি বিশ্বৰ চাৰিওদিশে তেওঁৰ নাট সমূহৰ জনপ্ৰিয়তা আকাশলঙ্ঘী আৰু সাংস্কৃতিক বা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ পৌনঃপৌনিক অধ্যয়ন, ৰূপায়ণ আৰু পুনৰনুবাদ হৈয়েই আছে।

জীৱন

প্ৰাৰম্ভিক জীৱন

উইলিয়াম শ্বেইকছপীয়েৰ আছিল নগৰ সমিতিৰ সদস্য তথা এজন গ্লোভাৰ জন শ্বেইকছপীয়েৰ আৰু এক ধনী খেতিয়কৰ জীয়াৰি মেৰী শ্বেইকছপীয়েৰৰ সন্তান। . ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত তেওঁৰ জন্ম হয় আৰু তাত ২৬ এপ্ৰিল ১৫৬৪ তাৰিখে তেওঁক খ্ৰীষ্টধৰ্মত দীক্ষিত কৰা হয়। তেওঁৰ জন্মৰ প্ৰকৃত তাৰিখ অজ্ঞাত যদিও ইয়াক ২৩ এপ্ৰিল তাৰিখে ছেইণ্ট জৰ্জ ডে হিচাপে পালন কৰা হয়। ঘৰৰ আঠজন সন্তানৰ ভিতৰত উইলিয়াম আছিল তৃতীয় কিন্তু জ্যেষ্ঠ জীৱিত সন্তান।

কোনো নথিগত তথ্য নাথাকিলেও বেছিভাগ জীৱনীকাৰে বিশ্বাস কৰে যে তেওঁ ষ্ট্ৰেটফ’ৰ্ডৰ ঘৰৰ পৰা এমাইল দূৰত থকা কিংছ নিউ স্কুল নামৰ এখন বিনামূলীয়া শিক্ষানুষ্ঠানত শিক্ষালাভ কৰিছিল।

উইলিয়াম শ্বেইকছপীয়েৰ 
ট্ৰেটফ’ৰ্ড-আপন-এভনত থকা জন শ্বেইকছপীয়েৰৰ গৃহ যাক উইলিয়াম শ্বেইকছপীয়েৰৰ জন্মস্থান বুলি বিশ্বাস কৰা।

ওঠৰ বছৰ বয়সত শ্বেইকছপীয়েৰে ছাব্বিশ বছৰীয়া এন হাথাৱেক বিয়া কৰায়। ইয়াৰে ছমাহ পিছত হাথাৱেই কন্যা সন্তান ছুজানাক জন্ম দিয়ে। ইয়াৰ দুবছৰ পিছত তেওঁ হেমনেট আৰু জুদিথ নামৰ এহাল যঁমজ ভাই-ভনীৰ মাতৃ হয়। কোনো অজ্ঞাত কাৰণত হেমনেটৰ এঘাৰ বছৰত মৃত্যু হয় আৰু ১১আগষ্ট, ১৫৯৬ তাৰিখে সমাধিস্থ কৰা হয়।


লণ্ডন আৰু মঞ্চ জীৱন

"All the world's a stage,
and all the men and women merely players:
they have their exits and their entrances;
and one man in his time plays many parts..."
“এই ধৰাখন এক মঞ্চ,
নৰ-নাৰী তাৰেই কলাকাৰ:
কোনোৱে কৰে প্ৰৱেশ কোনোৱে প্ৰস্থান;
আকৌ কোনোৱে অংশীদাৰ হয় একাধিক ভূমিকাৰ...”

এজ য়ু লাইক ইট, দ্বিতীয় খণ্ড, দৃশ্য ৭, ১৩৯–৪২

ঠিক কেতিয়াৰ পৰা শ্বেইকছপীয়েৰে লিখিবলৈ আৰম্ভ কৰিছিল সেয়া স্পষ্ট নহয় যদিও কিছুমান তথ্যই কয় যে তেওঁৰ অধিকাংশ নাটকে ১৫৯২ চনত লণ্ডণৰ মঞ্চত স্থান পাইছিল। ১৫৯৪ চনৰ পৰা শ্বেইকছপীয়েৰৰ নাটক সমূহ কেৱল শ্বেইকছপীয়েৰকে ধৰি কেইজনমান শিল্পীৰ মালিকানাধীন “লৰ্ড চেম্বাৰলেইনছ মেন” নামৰ দলটিয়ে মঞ্চস্থ কৰিবলৈ লয় আৰু শীঘ্ৰেই ই লণ্ডনৰ শীৰ্ষ নাট্যদল হৈ পৰে। ১৬০৩ চনত ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত নতুন ৰজা জেমচ১ম এ ইয়াক ৰাজকীয় মৰ্যাদা দি দলটিৰ নাম “কিংছ মেন”লৈ সলনি কৰে।

১৫৯৪ৰ কোৱাৰ্টো সংস্কৰণত শ্বেইকছপীয়েৰৰ কিছুমান নাটক প্ৰকাশিত হয়। ১৫৯৮ মানলৈ তেওঁৰ নামটো বিক্ৰীৰ এক আকৰ্ষণ হৈ পৰে আৰু তেওঁৰ নাম প্ৰথম পৃষ্ঠাত প্ৰকাশিত হ’বলৈ ধৰে। এজন নাট্যকাৰ হিচাপে খ্যাতি লাভ কৰাৰ পিছত শ্বেইকছপীয়েৰে নিজৰ তথা আনৰ নাটকত অভিনয় কৰিবলৈ লয়।


জীৱনৰ পাছচোৱা আৰু মৃত্যু

উইলিয়াম শ্বেইকছপীয়েৰ 
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত থকা শ্বেইকছপীয়েৰৰ প্ৰতিকৃতি।

১৬০৬–১৬০৭ৰ পিছত শ্বেইকছপীয়েৰে অতি কম নাটক লিখিবলৈ লয় আৰু ১৬১৩ৰ পিছত এখনো নিলিখে। তেওঁৰ শেষৰ নাট তিনিখন হয়তো জন ফ্লেট্চাৰৰ লগত লগ হৈ লিখা আছিল যিয়ে শ্বেইকছপীয়েৰৰ পিছত কিংছ মেন দলৰ নাট্যকাৰৰ বাব লাভ কৰিছিল।

নিজ পত্নী আৰু দুই জীয়ৰীক এৰি শ্বেইকছপীয়েৰে ২৩ এপ্ৰিল, ১৬১৬ত মৃত্যুবৰণ কৰে। ১৬০৭ চনত চুজানাই জন হল নামৰ এক চিকিত্সকক বিয়া কৰায় আৰু শ্বেইকছপীয়েৰৰ মৃত্যুৰ দুমাহ পূৰ্ব্বে যুদিথে থমাছ কুইনীক বিয়া কৰায়।

মৃত্যুৰ দুদিন পিছত শ্বেইকছপীয়েৰক হ’লী ট্ৰিনিটি চাৰ্চৰ চেনচেলত সমাধিস্থ কৰা হয়। তেওঁৰ সমাধিত থকা শিলালিপিখনত এটা শাপ খোদিত কৰা আছে যাক সেই গীৰ্জাঘৰৰ ২০০৮ চনৰ স্থানান্তৰণৰ সময়ত সাৱধানে এৰাই চলা হয়:

উইলিয়াম শ্বেইকছপীয়েৰ 
শ্বেইকছপীয়েৰৰ কবৰস্থান।

Good frend for Iesvs sake forbeare,
To digg the dvst encloased heare.
Bleste be ye man yt spares thes stones,
And cvrst be he yt moves my bones.

(অসমীয়া অৰ্থ: হে বন্ধু, যীশুৰ শপত নিজক সম্বৰণ কৰা,। ইয়াত আবদ্ধ হৈ থকা মাটি নাখান্দিবা‌‌॥ যিয়ে ইয়াক স্পৰ্শ নকৰে তেওঁ আশীৰ্ব্বাদ পাঁওক,। আৰু যিয়ে মোৰ হাড়ত হাত লগাই তাৰ গাত শাঁওপাত লাগক। )

১৬২৩ কিছু বছৰ আগতে নৰ্থ ৱালত শ্বেইকছপীয়েৰৰ লিখি থকা অৱস্থাৰ আৱক্ষ মূৰ্তি এটা উন্মোচন কৰা হয়। আৰু ইয়াত তেওঁক নেষ্টৰ, ছক্ৰেটিছ আৰু ভাৰ্জিলৰ লগত তুলনা কৰা হৈছে।

ইয়াৰোপৰি সমগ্ৰ বিশ্বতে ভালেমান মূৰ্তি আৰু স্মৃতিচিহ্নত শ্বেইকছপীয়েৰ ৰ নাম উল্লেখ আছে।

সমালোচকৰ মতামত

"তেওঁ কোনো এক যুগৰ নহয়, বৰং সৰ্বকালৰ। "

—বেন জনছন

জীৱিতকালক শ্বেইকছপীয়েৰে পূজ্য কবিৰ সন্মান লাভ নকৰিলেও যথেষ্ট প্ৰশংসা লাভ কৰে। . ১৫৯৮ চনত সাহিত্যিক ফ্ৰান্সিছ মেৰেছে তেওঁক ইংৰাজ সাহিত্যিকৰ এটা দলৰ ভিতৰত মিলনান্তক আৰু বিয়োগাত্মক উভয় দিশতে "সৰ্বশ্ৰেষ্ঠ" আখ্যা দিয়ে। . আৰু কেমব্ৰিজৰ ছেইণ্ট জৰ্জ কলেজৰ পাৰনাছাছ নাটসমূহৰ লেখকসকলে তেওঁক চ'চাৰ, গ'ৱাৰ, স্পেঞ্চাৰ আদিৰ লগত স্থান দিয়ে। ফাৰ্ষ্ট ফলিঅ'ত বেন জনচনে তেওঁক "যুগপ্ৰাণ, আমাৰ মঞ্চৰ প্ৰশংসা, আনন্দ আশ্চৰ্য্য" বুলি অভিহিত কৰে যদিও আন এক ঠাইত "শ্বেইকছপীয়েৰে কলা বিচাৰে" বুলিও কয়।

উইলিয়াম শ্বেইকছপীয়েৰ 
লিংকন পাৰ্ক, চিকাগোত থকা উইলিয়াম শ্বেইকছপীয়েৰৰ মূৰ্তি।

১৭ শতিকাৰ শেষৰফালে ধ্ৰুপদী সাহিত্যৰ ধাৰণা অস্পষ্ট হৈ পৰে। ফলত সেই সময়ৰ সমালোচক সকলে শ্বেইকছপীয়েৰক জন ফ্লেট্চাৰ আৰু বেন জনচনতকৈ তলতহে স্থান দিয়ে। উদাহৰণস্বৰূপে থমাছ ৰায়মাৰে কমিক আৰু ট্ৰেজেডী মিহলি কৰি পেলোৱা বাবে শ্বেইকছপীয়েৰক ভৰ্ত্‍সনা কৰে। সি যি কি নহওক কবি, সমালোচক জন ড্যাইডেনে কয় যে "মই তেওঁক(বেন জনছন) শ্ৰদ্ধা কৰো, কিন্তু শ্বেইকছপীয়েৰক ভাল পাঁও। " ৰাইমাৰৰ মতামত বহুদশকলৈ চলি থাকে কিন্তু ওঠৰ শতিকাত সমালোচকসকলে শ্বেইকছপীয়েৰৰ প্ৰাকৃতিক প্ৰতিভাক স্বীকাৰ কৰে। ১৮০০ চনলৈ তেওঁ ইংলেণ্ডৰ জাতীয় কবি হিচাপে প্ৰতিপত্তি লাভ কৰে। ১৮ আৰু ১৯ শতিকাত গোটেই বিশ্বতেই শ্বেইকছপীয়েৰৰ সাহিত্যকৰ্মই বিশেষ খ্যাতি লাভ কৰে। ৰোমাণ্টিক যুগত কবি তথা সাহাত্যিক দাৰ্শনিক ছেমুৱেল টেইলৰ কলেৰিজে তেওঁক প্ৰশংসা কৰে আৰু আগষ্ট ৱিলহেল্ম শ্বেলগেলে জাৰ্মান ৰমন্যাসবাদৰ ধাৰাত তেওঁৰ নাটকসমূহ অনুবাদ কৰে। ১৯শতিকাত শ্বেইকছপীয়েৰৰ প্ৰতিভাৰ প্ৰশংসাই সীমা চেৰাই যায়। . নাট্যকাৰ, সমালোচক জৰ্জ বাৰ্ণাড শ্ব'ই শ্বেইকছপীয়েৰৰ এই পূজনক "বাৰ্ডোলেট্ৰী" আখ্যা দিয়ে। তেওঁ কয় যে ইবছেনৰ প্ৰকৃতিবাদে শ্বেইকছপীয়েৰৰ ৰচনাক মূল্যহীন কৰি তুলিছে। কিন্তু বিংশ শতাব্দীৰ কলাৰ ক্ষেত্ৰত হোৱা আধুনিক বিপ্লৱে শ্বেইকছপীয়েৰৰ লিখনিক দলিয়াই পেলোৱাৰ সলনি দুয়োহাতে আঁকোৱালি লয়। টি এচ ইলিয়টে বাৰ্ণাড শ্ব'ৰ বিৰূদ্ধে থিয় দি কয় যে শ্বেইকছপীয়েৰৰ "পৌৰাণিকতা"ই তেওঁক আধুনিক হে কৰিহে তুলিছে। ১৯৫০ৰ দশকত সাহিত্য সমালোচনাৰ এক নৱতম ঢৌৱে আধুনিকতাবাদক পিছ পেলাই প্ৰতি-আধুনিকতাবাদৰ আলোকত শ্বেইকছপীয়েৰৰ লিখনি অধ্যয়নৰ নতুন বাট মুকলি কৰি দিয়ে। . ১৯৮০ৰ দশকত শ্বেইকছপীয়েৰৰ লিখনি গঠনবাদ, নাৰীবাদ, নতুন ইতিহাসবাদ, আফ্ৰিকান আমেৰিকান সাহিত্য আদি বিভিন্ন ধাৰাৰ সৈতে সানমিহলি হৈ পৰে।

শ্বেইকছপীয়েৰ সম্বন্ধীয় বিতৰ্ক

লিখনি

শ্বেইকছপীয়েৰৰ মৃত্যুৰ প্ৰায় ২৩০ বছৰ পিছত তেওঁৰ নামত থকা লিখনি সমূহ দৰাচলতে তেওঁ লিখিছিল নে নাই তাক লৈ বিতৰ্ক আৰম্ভ হয়। কিছুমানে ইয়াক হয়তো ফ্ৰান্সিছ বেকন বা খ্ৰিষ্টোফাৰ মাৰ্লো অথবা এডৱাৰ্ড দে ভেৰেৰ লিখনি বুলি সন্দেহ কৰে। অৱশ্যে অতি কম সংখ্যক পণ্ডিতে এই বিষয়ত সন্দেহৰ থল থকা বুলি ভাবিলেও এই বিষয়ৰ প্ৰতি একৈশ শতিকাতো আকৰ্ষণৰ অভাৱ নাই।

ধৰ্ম

কিছুমান পণ্ডিতৰ মতে শ্বেইকছপীয়েৰৰ পৰিয়ালৰ সদস্য সকল কেথলিক আছিল, যি সময়ত কেথলিক ধৰ্ম আইনবিৰূদ্ধ আছিল। পণ্ডিতসকলে শ্বেইকছপীয়েৰৰ নাটকত কেথলিকিজমৰসপক্ষ আৰু বিপক্ষ উভয় দিশৰে সাক্ষ্য বিচাৰি পায় কিন্তু সত্য উদ্ধাৰৰ পথ এতিয়াও অসম্ভৱ হৈ আছে।

যৌনতা

শ্বেইকছপীয়েৰৰ যৌনতাৰ কিছুমান দিশ এতিয়াও অন্ধকাৰত আছে। ওঠৰ বছৰ বয়সত তেওঁ ছাব্বিশ বছৰীয়া এন হাথাৱেক বিয়া কৰায়, যি সেই সময়ত গৰ্ভৱতী আছিল। বহুতে মতপোষণ কৰে যে শ্বেইকছপীয়েৰৰ চনেট সমূহ আত্মজীৱনীমূলক আৰু ডেকা ল’ৰাৰ প্ৰতি থকা শ্বেইকছপীয়েৰৰ আকৰ্ষণৰ প্ৰতীক। কিন্তু কিছুমানে ইয়াক শাৰীৰিক প্ৰেমৰ সলনি অন্তৰংগ বন্ধুত্বৰ প্ৰকাশ বুলিহে অভিহিত কৰে। আকৌ এক বিবাহিত মহিলাক উদ্দ্যেশ্যি তেওঁ লিখা ২৬টা ডাৰ্ক লেডী চনেট তেওঁৰ উভগামিতাৰ প্ৰতীক বুলি ধৰা হয়।

শাৰীৰিক অৱয়ব

শ্বেইকছপীয়েৰৰ শাৰীৰিক অৱয়বৰ কোনো লিখিত বিৱৰণ পোৱা নাযায় আৰু তেওঁ নিজা প্ৰতিকৃতি অংকন কৰাৰো কোনো তথ্য নাই। গতিকে ষ্ট্ৰেটফ’ৰ্ডৰ শ্বেইকছপীয়েৰৰ প্ৰতিমূৰ্ত্তিয়েই তেওঁৰ অৱয়বৰ উত্তম সাক্ষী। ওঠৰ শতিকাৰ শ্বেইকছপীয়েৰৰ প্ৰকৃত চিত্ৰৰ চাহিদাই শ্বেইকছপীয়েৰৰ সঁচা প্ৰতিকৃতি বৰ্তি থকা বুলি জনৰৱ তোলে। ইয়াৰ ফলত বহুতো নকল চিত্ৰৰ নিৰ্মাণ, বেলেগ লোকৰ চিত্ৰৰ পুনৰনামকৰণ আদি ঘটনা ঘটে।

কৰ্মৰাজি

নাটকৰ শ্ৰেণীবিভাজন

উইলিয়াম শ্বেইকছপীয়েৰ 
ছাৰ জন গিলবাৰ্টৰ দ্য প্লেজ অৱ উইলিয়াম শ্বেইকছপীয়েৰ, ১৮৪৯।

১৬২৩ চনত “ফাৰ্ষ্ট ফ’লিও”ত শ্বেইকছপীয়েৰৰ নাটক সমূহক মিলনান্তক(কমেডী), ইতিহাসমূলক(হিষ্ট্ৰী) আৰু বিয়োগান্তক(ট্ৰেজেডী) এই তিনিটা ভাগত ভাগ কৰা হয়। ইয়াত দ্য টু নোবল কিন্সমেন আৰু পেৰিক্লিছ, প্ৰিন্স অৱ টায়ৰা এই নাটক দুখন ধৰা হোৱা নাই। কিন্তু বিশেষজ্ঞ সকলৰ মতে যিহেতু ইয়াৰ অধিকাংশই শ্বেইকছপীয়েৰৰ দ্বাৰাৰচিত, ইয়াকো তেওঁৰ ৰচনাৱলীৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ফাৰ্ষ্ট ফ’লিওত শ্বেইকছপীয়েৰৰ কোনো কবিতাৰ কথা উল্লেখ কৰা হোৱা নাছিল।

১৯ শতিকাৰ শেষভাগত এডৱাৰ্ড ড’ডেনে শ্বেইকছপীয়েৰৰ শেহতীয়া চাৰিখন কমেডীক “ৰোমাঞ্চ” আখ্যা দিয়ে আৰু বহুতো পণ্ডিতে ইয়াক “ট্ৰেজিকমেডী” আখ্যা দিলেও ৰোমাঞ্চ নামটিহে অধিক জনপ্ৰিয়। এইনাটক সমূহ আৰু যৌথভাৱে লিখা “টু নোবল কিংছন” নাটকখন তৰা চিহ্ন (*)ৰে সূচিত কৰা হৈছে। ১৮৯৬ চনত ফ্ৰেডেৰিক এছ বোৱাছে অল ইজ ৱেল ডেট এণ্ডছ ৱেল, মীজাৰ ফৰ মীজাৰ, ট্ৰইলাছ এণ্ড ক্ৰেছিডা আৰু হেমলেট এই কেইখন নাটকক ‘‘দুবিধাজনক নাট’’ বা ‘‘প্ৰব্লেম প্লেজ’’ আখ্যা দিয়ে কাৰণ ইয়াক একেষাৰে কমেডী বা ট্ৰেজেডী আখ্যা দিব নোৱাৰি। অৱশ্যে ইয়াৰে হেমলেটক সকলোৱে ট্ৰেজেডী বুলি মানি লৈছে। বাকী দুবিধাজনক নাটসমূহ “‡” চিহ্নৰে সূচিত কৰা হৈছে।

যিবোৰ নাট শ্বেইকছপীয়েৰৰ দ্বাৰা আংশিক ভাৱে ৰচিত বুলি বিশ্বাস কৰা হয় তাক “†” চিহ্নৰেচিহ্নিতকৰা হৈছে। তেওঁৰ বাকী লিখনি সমূহ “অপ্ৰামাণিক ৰচনা” হিচাপে তালিকাভুক্ত কৰা হৈছে।


কৰ্মৰাজি

    কমেডী
  • অল ইজ ৱেল ডেট এণ্ডছ ৱেল
  • এজ য়ু লাইক ইট
  • দ্য কমেডী অৱ এৰৰ্ছ
  • লাভ্ছ লেবাৰ্ছ লষ্ট
  • মীজাৰ ফৰ মীজাৰ
  • দ্য মাৰ্ছেণ্ট অৱ ভেনিছ
  • দ্য মেৰী ৱাইভছ অৱ ৱিণ্ডছ’ৰ
  • এ মিডছামাৰ নাইট্স ড্ৰীম
  • মাচ্চ এডো এবাউট নাথিং
  • পেৰিক্লিছ, প্ৰিন্স অৱ টায়াৰ *†
  • দ্য টেমিং অৱ দ্য শ্ৰিউ
  • দ্য টেম্পেষ্ট *
  • টুৱেলফ্থ নাইট
  • দ্য টু জেণ্টলমেন অৱ ভেৰ’ণা
  • দ্য টু নোবল কিন্সমেন *†
  • দ্য ৱিণ্টাৰ্ছ টেল *

    ইতিহাসমূলক
  • কিং জন
  • ৰিচাৰ্ড দ্বিতীয়
  • হেনৰী চতুৰ্থ, প্ৰথম খণ্ড
  • হেনৰী চতুৰ্থ, দ্বিতীয় খণ্ড
  • হেনৰী পঞ্চম
  • হেনৰী ষষ্ঠ, প্ৰথম খণ্ড
  • হেনৰী ষষ্ঠ, দ্বিতীয় খণ্ড
  • হেনৰী ষষ্ঠ, তৃতীয় খণ্ড
  • ৰিচাৰ্ড তৃতীয়
  • হেনৰী অষ্টম

    ট্ৰেজেডী
  • ৰোমিও এণ্ড জুলিয়েট
  • কোৰিঅ’লেনাছ
  • টাইটাছ এণ্ড্ৰোনিকাচ
  • টিমন অৱ এথেন্স
  • জুলিয়াছ ছিজাৰ
  • মেকবেথ
  • হেমলেট
  • ট্ৰলিয়াছ এন্দ ক্ৰেছিডা
  • কিং লীয়েৰ
  • অ’থেলো
  • এণ্টনী এণ্ড ক্লিওপেট্ৰা
  • ছিম্বেলিন *

    কবিতা
  • শ্বেইকছপীয়েৰৰ চনেট'
  • ভেনাছ এণ্ড এডোনিছ
  • দ্য ৰেপ অৱ লুক্ৰীছ
  • দ্য পেশ্যনেট পিলগ্ৰিম
  • দ্য ফিনিক্স এণ্ড দ্য টাৰ্টল
  • এ লাভাৰ্ছ কমপ্লেইণ্ট

    হেৰাই যোৱা নাটক
  • লাভছ লেবাৰ্ছ ৱোন
  • দ্য হিষ্ট্ৰী অৱ কাৰ্ডেনিও

    অপ্ৰামাণিক ৰচনা
  • আৰ্ডেন অৱ ফেভাৰ্শ্বেম
  • দ্য বাৰ্থ অৱ মাৰ্লিন
  • এডৱাৰ্ড তৃতীয়
  • লোক্ৰিন
  • দ্য লণ্ডন প্ৰোডিগেল
  • দ্য প্যুৰিটান
  • দ্য চেকেণ্ড মেইডেন্স ট্ৰেজেডী
  • চাৰ জন ওল্ডকেছল
  • থমাছ লৰ্ড ক্ৰমৱেল
  • এ য়ৰ্কশ্বায়াৰ ট্ৰেজেডী
  • ছৰ থমাছ ম’ৰে


টোকা

পাদটীকা

আৰু চাওক

বাহ্যিক সংযোগ



Tags:

উইলিয়াম শ্বেইকছপীয়েৰ জীৱনউইলিয়াম শ্বেইকছপীয়েৰ সমালোচকৰ মতামতউইলিয়াম শ্বেইকছপীয়েৰ শ্বেইকছপীয়েৰ সম্বন্ধীয় বিতৰ্কউইলিয়াম শ্বেইকছপীয়েৰ কৰ্মৰাজিউইলিয়াম শ্বেইকছপীয়েৰ টোকাউইলিয়াম শ্বেইকছপীয়েৰ তথ্য সংগ্ৰহউইলিয়াম শ্বেইকছপীয়েৰ আৰু চাওকউইলিয়াম শ্বেইকছপীয়েৰ বাহ্যিক সংযোগউইলিয়াম শ্বেইকছপীয়েৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মুছলমানপ্ৰান্তিকনলিনীবালা দেৱীশীতল যুদ্ধহিন্দু ধৰ্মজল প্ৰদূষণভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাৰতত মহিলা শিক্ষাচিপাহী বিদ্ৰোহ ১৮৫৭তগৰঝুমুৰগৌৰৱ গগৈআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবুঢ়ী আইৰ সাধুমনোবিজ্ঞানবিষ্ণুৰাম মেধিহাজোঅসমীয়া ভাষা আন্দোলনসৰ্বশিক্ষা অভিযানচৰাইডিম্পু বৰুৱামৰাণ (নগৰ)দুৰ্গা অষ্টমীৰাজিয়া চুলতানাকোণতিল পিঠাচাকৈ-চকোৱাবৰপেটা (লোকসভা সমষ্টি)অশ্বমেধপৰিমেয় সংখ্যাঅসমৰ ধান খেতিৰ সঁজুলিসমূহকীৰ্তন ঘোষা সংকলননীলকণ্ঠী ব্ৰজনবীনচন্দ্ৰ বৰদলৈহাই নান্নাঅসমীয়া পুৰণি সাহিত্যমিচিং নৃত্য আৰু গীত মাতলতাকটা ৰণগৱেষণাজ্ঞানপীঠ বঁটানিউয়ৰ্ক মহানগৰশিৱসাগৰৰ শিৱদৌলঅভিধানসময়বৰপেটা সত্ৰঅপৰিমেয় সংখ্যাপদ (ব্যাকৰণ)অসমীয়া লোক-সংস্কৃতিত পূজা-পাতলমাজুলীৰ মৃৎ শিল্পমোৰ জীৱন সোঁৱৰণহেমচন্দ্ৰ গোস্বামীভাৰতীয় ভাষাপৃথিৱীনাৰীবাদচ'মাংকানপ্ৰাকৃতিক পৰিৱেশনাস্তিকতামানস ৰাষ্ট্ৰীয় উদ্যানলক্ষ্মীনাথ বেজবৰুৱাআয়তক্ষেত্ৰদন্দুৱা দ্ৰোহলোক-সংগীতআহোম ৰাজ্যঅসমীয়া উপন্যাসস্বামী বিবেকানন্দকালিৰাম মেধিআবেগজৱাহৰলাল নেহৰুচকৰি ফেঁটী বুৰঞ্জীঅসম আন্দোলনভূপেন হাজৰিকাফ্ৰান্সভবেন্দ্ৰ নাথ শইকীয়াবৰপেটাবাণীকান্ত কাকতি🡆 More