ইছলামাবাদ: পাকিস্তানৰ ৰাজধানী চহৰ

ইছলামাবাদ (ইংৰাজী: Islamabad; /ɪzˈlɑːməˌbɑːd/; উৰ্দু: اسلام آباد‎, Islāmābād, হিন্দুস্তানী উচ্চাৰণ: ) হৈছে পাকিস্তানৰ ৰাজধানী। ই ফেডাৰেল ইছলামাবাদ টেৰিটৰীৰ অন্তৰ্গত। ই পাকিস্তনৰ নৱম বৃহৎ চহৰ, ইয়াৰ জনসংখ্যা দুই নিযুততকৈও অধিক। আনহাতে ৫ নিযুতকৈও অধিক জনসংখ্যাৰে ইছলামাবাদ ৰাৱলপিণ্ডি মহানগৰীয় এলেকা হৈছে পাকিস্তানৰ তৃতীয় বৃহত্তম অঞ্চল। নগৰখন পাকিস্তানৰ অতি প্ৰয়োজনীয় ৰাজনৈতিক কেন্দ্ৰ স্বৰূপ। কেপিটেল ডেভেলপমেণ্ট অথ'ৰিটিৰ সহযোগত চহৰখন ইছলামাবাদ মেট্ৰ'পলিটান কৰ্প'ৰেচন পৰিচালনা কৰে। ইছলামাবাদ দেশৰ উত্তৰ-পূৱত অৱস্থিত। ই উত্তৰে ৰাৱলপিণ্ডি জিলা আৰু মাৰগালা হিলছ্ নেচনেল পাৰ্কৰ মাজত অৱস্থিত। ঐতহাসিকভাবে এই অঞ্চলটো পঞ্জাব আৰু খেইবাৰ পাখটুংখাৱাৰ অন্তৰ্গত আছিল। ১৯৬০ চনত কৰাচীৰ পৰা পাকিস্তানৰ ৰাজধানী স্থানান্তৰ কৰিবৰ বাবে ইছলামাবাদৰ গঠন কৰা হৈছিল। নগৰসমূহৰ প্ৰধান পৰিকল্পনা অনুসৰি ইছলামাবাদক আঠটা ভাগত ভাগ কৰা হৈছে, প্ৰশাসনিক, ডিপ্ল'মেটিক এনক্লেভ, আৱাসিক এলেকা, শৈক্ষিক বিভাগ, উদ্যোগিক বিভাগ, ব্যৱসায়িক এলেকা, আৰু গ্ৰামীন আৰু সেউজ এলেকা। মাৰগালা হিলছ্ নেচনেল পাৰ্ক আৰু ছাকাৰপাৰিয়ান পাৰ্ককে ধৰি বহু উদ্যান আৰু অৰণ্যৰ বাবে অঞ্চলটো বিখ্যাত।

চহৰখনত দক্ষিণ এছিয়াৰ আটাইতকৈ বৃহৎ মঠ, ফৈছাল মঠৰ দৰে বহুতো কীৰ্তিচিহ্ন আছে। ই পৃথিৱীৰ চতুৰ্থ বৃহত্তম মঠ। ইয়াত থকা অন্য কীৰ্তিচিহ্ন কিছুমান হৈছে, পাকিস্তানৰ ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু ডেমক্ৰেটিক স্কোৱাৰ। ইছলামাবাদৰ মানৱ উন্নয়নৰ সূচাংকৰ হাৰ অতি উচ্চ, ই বেলজিয়ামৰ সমপৰ্যায়ৰ। ই পাকিস্তানৰ আটাইতকৈ ব্যয়বহুল নগৰ, আৰু নগৰখনৰ জনসংখ্যা গৰিষ্ঠ সংখ্যক লোকেই মধ্য আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোক। কোয়েইড-ই আজাম বিশ্ববিদ্যালয় আৰু এনইউএছটিকে ধৰি নগৰখনত মুঠ ১৬খন বিশ্ববিদ্যালয় আছে। পাকিস্তানৰ ভিতৰত ইছলামাবাদতেই সকলোতকৈ কম অপৰাধ সংঘটিত হয়, অপৰাধ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বিভিন্ন স্থানত প্ৰায় ১৯,০০টা চিচিটিভি কেমেৰা লগোৱা আছে।

নামকৰণ

ইছলামাবাদ নামটো ইছলাম আৰু আবাদ শব্দ দুটাৰ পৰা গঠন কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে ইছলামৰ নগৰইছলাম এটা আৰবিক শব্দ, ই ইছলাম ধৰ্মক বুজায় আৰু আবাদ হৈছে পাৰ্ছিয়ান শব্দ, ই বসবাস কৰা ঠাই বা নগৰ বুজায়।

যমজ চহৰ আৰু ভগ্নী নগৰ

ইছলামাবাদৰ যমজ চহৰ আৰু ভগ্নী নগৰসমূহ হৈছে:

  • আমান, জৰ্ডান
  • বেইজিং, চীন
  • ছিউল, দক্ষিণ কোৰিয়া
  • জাকাৰ্টা, ইণ্ডোনেছিয়া ১৯৮৪, ২০১০ চনৰ পৰা পুনৰ আৰম্ভ হৈছে
  • আবু ধাবি, সংযুক্ত আৰৱ আমিৰাত

পৰিবহণ

ইছলামাবাদ সমগ্ৰ বিশ্বৰ সৈতে ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যোগেৰে সংযোজিত। এই বিমানবন্দৰ ইছলামাবাদৰ নিকটৱৰ্ত্তী ফতেহ জংগত অৱস্থিত। ইয়াৰ পূৰ্বে বেনজিৰ ভুট্ট' ইণ্টাৰনেচনেল এয়াৰপৰ্ট আছিল ইছলামাবাদৰ প্ৰধান বিমানবন্দৰ। সেই বিমানবন্দৰক পূৰ্বতে ইছলামাবাদ বিমানবন্দৰ বোলা হৈছিল। ই পাকিস্তানৰ তৃতীয় বৃহৎ বিমানবন্দৰ আৰু ই ইছলামাবাদৰ বাহিৰৰ চাকালা, ৰাৱলপিণ্ডিত অৱস্থিত। ২০০৪-২০০৫ বৰ্ষত বেনজিৰ ভুট্ট' ইণ্টাৰনেচনেল এয়াৰপৰ্টে প্ৰায় ২.৮৮ নিযুত যাত্ৰীক ২৩,৪৩৬খন বিমানেৰে সেৱা আগবঢ়াইছিল। বৰ্তমান সেই বিমানবন্দৰ পাকিস্তান বায়ুসেনাৰ অন্তৰ্গত।

তথ্য সংগ্ৰহ

Tags:

ইছলামাবাদ নামকৰণইছলামাবাদ যমজ চহৰ আৰু ভগ্নী নগৰইছলামাবাদ পৰিবহণইছলামাবাদ তথ্য সংগ্ৰহইছলামাবাদen:Help:IPA for Englishইংৰাজী ভাষাউৰ্দু ভাষাকৰাচীপাকিস্তানৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:IPA for Hindi and Urdu

🔥 Trending searches on Wiki অসমীয়া:

জিকিৰভাৰতীয় ৰেলপ্ৰদূষণহেমেন্দ্ৰ প্ৰসাদ বৰুৱাডেণ্ড্ৰ'বিয়ামনিমাতী কইনাগঙ্গা নদীবাক্সা জিলাগোলকীয় উষ্ণতা বৃদ্ধিঅসমীয়া কবিতাডি এন এবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবাণীকান্ত কাকতিঅসমৰ তেল শোধনাগাৰশামুকঅসমৰ লোকবাদ্যসালোক সংশ্লেষণবাইখো পূজাভূমি প্ৰদূষণকুচিপুড়িসাধুকথাছি জিনপিংইণ্টাৰনেটচুতীয়া ৰাজ্যনৰেন্দ্ৰ মোদীকামাখ্যা দেৱীঅসমীয়া খবৰঅসমৰ নদীসমূহৰ তালিকাভট্টদেৱৰ গদ্যশৈলীকামৰূপ ৰাজ্যবৰপেটা সত্ৰঅসমৰ ৰেচম শিল্পদশাৱতাৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগহীৰেন গোহাঁইভাৰতৰ উপৰাষ্ট্ৰপতিন'বেল বঁটা বিজয়ী (সাহিত্য)সম্পাদনাজৱাহৰলাল নেহৰুহৰি-হৰ যুদ্ধনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পযৌন নিৰ্যাতনহনুমান জয়ন্তীসাম্যবাদকাৰ্ল মাৰ্ক্সঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাতিৱা জনগোষ্ঠীবাথৌ পূজাএলবাৰ্ট আইনষ্টাইনকাগজ ফুললোককথাগোৱালপাৰা জিলাঅসমৰ চিত্ৰকলাৰ ইতিহাসচৰ্যাপদগুণমালানাগাৰা নামশ্ৰীমন্ত শংকৰদেৱটাই সংস্কৃতিৰ ৰূপৰেখাপীযুষ হাজৰিকাআনন্দ চন্দ্ৰ আগৰৱালাপ্ৰাকৃতিক পৰিৱেশঔপনিৱেশিক অসমমাছঅসমীয়া লোকসাহিত্যভাৰতীয় ভাষাঅংকীয়া নাটসৰ্বানন্দ সোণোৱালঅসমীয়া ভাষামৌন ওঁঠ মুখৰ হৃদয়জয়সাগৰ পুখুৰীবৰাক নদীআহোম ভাষাবৃক্ষ🡆 More