ইউনিট ৭৩১

দ্বিতীয় বিশ্বযুদ্ধৰ দ্বিতীয় চীন-জাপান যুদ্ধৰ(১৯৩৭-১৯৪৫) সময়ছোৱাত প্ৰাণনাশী মানৱ সম্পৰীক্ষা কৰা জাপানী সেনাৰ এটা গোপন জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ গৱেষণা আৰু বিকাশ গোটক ইউনিট ৭৩১ (Japanese: 731部隊, Hepburn: Nana-san-ichi Butai?) বোলা হয়। ৰাজকীয় জাপানী সেনাই কৰা কিছুমান কুখ্যাত যুদ্ধ অপৰাধৰ বাবে ই দায়ী আছিল। এই ইউনিটৰ স্থান আছিল হাৰ্বিনৰ পিংফাং জিলা (এতিয়াৰ উত্তৰ-পূব চীনত)।

ইউনিট ৭৩১
ইউনিট ৭৩১
ইউনিট ৭৩১ ভৱন: মূল ঘৰটোৰ মাজত দুটা গোপন কাৰাগাৰ আছে।
স্থান পিংফাং, হাৰ্বিন, চীন
স্থানাংক 45°36′N 126°38′E / 45.6°N 126.63°E / 45.6; 126.63 126°38′E / 45.6°N 126.63°E / 45.6; 126.63
তাৰিখ ১৯৩৫-১৯৪৫
আক্ৰমণৰ প্ৰকাৰ মানৱ সম্পৰীক্ষা
জৈৱিক যুদ্ধ
ৰাসায়নিক যুদ্ধ
অস্ত্ৰ জৈৱিক অস্ত্ৰ
ৰাসায়নিক অস্ত্ৰ
বিস্ফোৰক
নিহত ভিতৰুৱা পৰীক্ষাৰ পৰা ৩,০০০-ৰতকৈও অধিক আৰু বাহিৰৰ পৰীক্ষাৰ পৰা দহ হাজাৰৰো অধিক
আক্ৰমণকাৰী Surgeon General Shirō Ishii
Lt. General Masaji Kitano
Epidemic Prevention and Water Purification Department
ইউনিট ৭৩১
ইউনিট ৭৩১-ৰ হাৰ্বিন জৈৱিক অস্ত্ৰ গৱেষণাগাৰৰ এটা ঘৰ।

আনুষ্ঠানিকভাৱে ইয়াক Epidemic Prevention and Water Purification Department of the Kwantung Army (関東軍防疫給水部本部 Kantōgun Bōeki Kyūsuibu Honbu?) (কুৱাংটুং সেনাৰ মহামাৰী প্ৰতিৰোধ আৰু পানী পৰিষ্কাৰকৰণ বিভাগ) নাম দিয়া হৈছিল। প্ৰথমতে জাপানৰ কেম্‌পিটাই সাঅমৰিক আৰক্ষীৰ অধীনত গঠিত এই বিভাগটোৰ দায়িত্ব পাছলৈ জেনেৰেল শ্বিৰ' ইশ্বিলৈ যায়। ১৯৩৪ চনৰ পৰা ১৯৩৯ চনৰ ভিতৰত ইয়াৰ ভৱনটো নিৰ্মাণ কৰা হয় আৰু ১৯৪১ চনত আনুষ্ঠানিকভাৱে "ইউনিট ৭৩১" নাম লয়।

অতি কমেও ৩,০০০ পুৰুষ, মহিলা আৰু শিশুৰ ওপৰত পিংফাঙৰ ভৱনত ইউনিট ৭৩১-য়ে নানা পৰীক্ষা চলাই হত্যা কৰিছিল। ইয়াৰ ভিতৰত কেম্‌পিটাইয়ে প্ৰতি বছৰে প্ৰায় ৬০০ গৰাকীক যোগান ধৰিছিল। ইউনিট ১০০-ৰ দৰে আন পৰীক্ষাৰ স্থানৰ হিচাপ ইয়াত ধৰা হোৱা নাই।

ইউনিট ৭৩১-ৰ জাপানী অংশগ্ৰহণকাৰীসকলৰ মতে বেছি সংখ্যক ভুক্তভোগী চীনৰ, আৰু কম সংখ্যক চোভিয়েট, মংগোলীয়, কোৰিয়ান আৰু আন মিত্ৰ পক্ষৰ যুদ্ধবন্দী আছিল। ১৯৪৫ চনৰ শেষলৈকে এই ইউনিটে জাপানী চৰকাৰৰ সাহায্য লাভ কৰিছিল।

যুদ্ধৰ শেষত অপৰাধৰ বাবে বিচাৰৰ পৰিৱৰ্তে মানৱ পৰীক্ষাত পোৱা তথ্যৰ বিনিময়ত ইউনিট ৭৩১-ৰ গৱেষকসকলক আমেৰিকা যুক্তৰাষ্ট্ৰই গোপনে ৰেহাই দিয়ে। চোভিয়েট সেনাই ধৰা আন গৱেষকসকলক ১৯৪৯ চনৰ খাবাৰস্ক যুদ্ধ অপৰাধ বিচাৰত সোধ-পোচ কৰা হয়। আমেৰিকাই এনে বিচাৰ নলালে যাতে পৰী‌ক্ষাত পোৱা তথ্য আৰু পাৰদৰ্শিতা তেওঁলোকৰ জৈৱিক অস্ত্ৰ কাৰ্যসূচীত খটুৱাব পৰা যায়। ১৯৪৭ চনৰ ৬ মে'ত মিত্ৰ শক্তিৰ সৰ্বোচ্চ কমাণ্ডাৰ ডগ্‌‌লাছ মেক্‌আৰ্থাৰে ৱাশ্বিংটনলৈ লিখে যে "জাপানীসকলক এই তথ্যবোৰ 'যুদ্ধ অপৰাধ'ৰ প্ৰমাণ বুলি গণ্য নকৰাৰ প্ৰতিশ্ৰুতি দি ইশ্বিৰ ভাষ্যকে ধৰি কিছুমান অতিৰিক্ত তথ্য আহৰণ কৰিব পৰা যায়। " ভুক্তভোগীসকলৰ ভাষ্যক সাম্যবাদী প্ৰচাৰ বুলি আওকাণ বা প্ৰত্যাখ্যান কৰা হৈছিল।

References

  • Barenblatt, Daniel. A Plague Upon Humanity: The Secret Genocide of Axis Japan's Germ Warfare Operation, HarperCollins, 2004. আই.এচ.বি.এন. 0-06-018625-9.
  • Barnaby, Wendy. The Plague Makers: The Secret World of Biological Warfare, Frog Ltd, 1999. আই.এচ.বি.এন. 1-883319-85-4, আই.এচ.বি.এন. 0-7567-5698-7, আই.এচ.বি.এন. 0-8264-1258-0, আই.এচ.বি.এন. 0-8264-1415-X.
  • Cook, Haruko Taya; Cook, Theodore F. Japan at war: an oral history, New York: New Press: Distributed by Norton, 1992. আই.এচ.বি.এন. 1-56584-014-3. Cf. Part 2, Chapter 6 on Unit 731 and Tamura Yoshio.
  • Endicott, Stephen and Hagerman, Edward. The United States and Biological Warfare: Secrets from the Early Cold War and Korea, Indiana University Press, 1999. আই.এচ.বি.এন. 0-253-33472-1.
  • Felton, Mark. The devil's doctors: Japanese Human Experiments on Allied Prisoners of War, Pen & Sword, 2012. আই.এচ.বি.এন. 978-1-84884-479-7
  • Gold, Hal. Unit 731 Testimony, Charles E Tuttle Co., 1996. আই.এচ.বি.এন. 4-900737-39-9.
  • Grunden, Walter E., Secret Weapons & World War II: Japan in the Shadow of Big Science, University Press of Kansas, 2005. আই.এচ.বি.এন. 0-7006-1383-8.
  • Handelman, Stephen and Alibek, Ken. Biohazard: The Chilling True Story of the Largest Covert Biological Weapons Program in the World—Told from Inside by the Man Who Ran It, Random House, 1999. আই.এচ.বি.এন. 0-375-50231-9, আই.এচ.বি.এন. 0-385-33496-6.
  • Harris, Robert and Paxman, Jeremy. A Higher Form of Killing: The Secret History of Chemical and Biological Warfare, Random House, 2002. আই.এচ.বি.এন. 0-8129-6653-8.
  • Harris, Sheldon H. Factories of Death: Japanese Biological Warfare 1932–45 and the American Cover-Up, Routledge, 1994. আই.এচ.বি.এন. 0-415-09105-5, আই.এচ.বি.এন. 0-415-93214-9.
  • Lupis, Marco. Orrori e misteri dell'Unità 731: la "fabbrica" dei batteri killer, La Repubblica, 14 aprile 2003,
on line too. 

Tags:

দ্বিতীয় বিশ্বযুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

গণৰাজ্য দিৱস (ভাৰত)তাল (বাদ্যযন্ত্ৰ)ছক্ৰেটিছপতঞ্জলিৰ যোগসূত্ৰনলবাৰী জিলাজলসিঞ্চনপদাৰ্থৰ অৱস্থাসীতাসাহিত্য অকাডেমি বঁটাহোৱাৎছএপঅসমীয়া ভাষা আন্দোলনঅসমৰ পৰম্পৰাগত সাজ- পাৰযোগাত্মক বিপৰীত সংখ্যাতলাতল ঘৰকৰম পূজাদিনমালিনী থানমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫অসমীয়া লিপিৰ বুৰঞ্জীঅসমীয়া বৰ্ণমালাইষ্ট ইণ্ডিয়া কোম্পানীৰাজিয়া চুলতানাহিতেশ্বৰ বৰবৰুৱাঅসমৰ চলচ্চিত্ৰচ্যু-লিক-ফাগণিতকামৰূপী উপভাষাযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীমনোবিজ্ঞানঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅব্যয় পদঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানপলাশীৰ যুদ্ধফণী শৰ্মাকুলধৰ শইকীয়াপৰিৱেশ বিজ্ঞানঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদউত্তৰ-পূব ভাৰতঅতুল চন্দ্ৰ হাজৰিকাঅণুবীক্ষণ যন্ত্ৰজাতীয়তাবাদপৰিমেয় সংখ্যাশিৱসাগৰৰ শিৱদৌলৰাজস্থানগুৱাহাটী (লোকসভা সমষ্টি)চৰ্যাপদঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতব্ৰহ্মপুত্ৰ নদযতীন্দ্ৰ নাথ দুৱৰামামণি ৰয়ছম গোস্বামীছ'ভিয়েট সংঘআহোম ৰাজবংশশিখ ধৰ্মবিত্তীয় ব্যৱস্থালক্ষ্মীনন্দন বৰাধেমাজি জিলাবাঁহীভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫কাঠৰ জোখ মাপতেজপুৰমূলা গাভৰুসৌৰভ কুমাৰ চলিহাজিকিৰদ্বি জাতি তত্ত্ববৰ্মণ ৰাজবংশবনফুলদেৱব্ৰত দাসগুৱাহাটী বিশ্ববিদ্যালয়কল্প (সময়)কাগজ ফুলহীৰেন ভট্টাচাৰ্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাদোৰোণচাৰি কুমাৰঅসমৰ নদীসমূহৰ তালিকা🡆 More