আলফ্ৰেড হিচকক

চাৰ আলফ্ৰেড জোচেফ হিচকক (ইংৰাজী: Alfred Hitchcock; জন্ম: ১৩ আগষ্ট, ১৮৯৯ - মৃত্যু: ২৯ এপ্ৰিল, ১৯৮০) এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল। তেওঁ ইংলেণ্ডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক হিচাপে সফলতা পোৱাৰ পিছত হলিউডলৈ গুচি আহে। আৰু ১৯৫৫ চনত তেওঁ যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে।

চাৰ
আলফ্ৰেড হিচকক
1955 photo of Alfred Hitchcock
আলফ্ৰেড হিচকক প্ৰেজেণ্টচ্ৰ চেটত আলফ্ৰেড হিচকক (১৯৫৫)
জন্ম আলফ্ৰেড জোচেফ হিচকক
১৩ আগষ্ট, ১৮৯৯
Leytonstone, এচেক্স, ইংলেণ্ড
মৃত্যু ২৯ এপ্ৰিল, ১৯৮০ (৮০ বছৰ)
বেল এয়াৰ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব ব্ৰিটিছ
আমেৰিকা যুক্তৰাষ্ট্ৰ (১৯৫৫ৰ পৰা)
শিক্ষা Salesian College, Battersea
শিক্ষানুষ্ঠান ইগনিয়াচ কলেজ, লণ্ডন
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • চলচ্চিত্ৰ প্ৰযোজক
  • অভিনেতা
  • চিত্ৰনাট্যকাৰ
  • চলচ্চিত্ৰ সম্পাদক
  • কলা নিৰ্দেশক
সক্ৰিয় হৈ থকা সময় ১৯১৯–১৯৮০
দাম্পত্যসঙ্গী আলমা ৰেৱিলি (বি. ১৯২৬)
সন্তান পেট্ৰিটিয়া হিচকক
ৱেবছাইট
[http:// alfredhitchcock.com]

হিচককে ৫০ বছৰতকৈও অধিক চলচ্চিত্ৰ পৰিচালনা জীৱনত পৰিচালনাৰ এক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু জনপ্ৰিয় ধাৰাৰ সৃষ্টি কৰিছে, যিটো হিচককিয়ান বুলি উল্লেখ হয়। ঊদ্বেগ, ভয়, কল্পনা অথবা সহানুভূতিৰ অভিব্যক্তিক গাঢ় কৰি তেওঁ শ্বটবোৰক এনেকৈ দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰে যে ইয়ে ছবিখনক এক অন্যন্য মাত্ৰা প্ৰদান কৰে। তেওঁৰ ছবিসমূহৰ অধিকাংশতে নাৰী চৰিত্ৰ পোৱা যায়, যিয়ে পুলিচৰ পৰা সকলো সময়তে পলাই থাকে।

জীৱনী

আলফ্ৰেড হিচককে ১৮৯৯ চনৰ ১৩ আগষ্টত লণ্ডনৰ এক ৰোমান কেথ'লিক পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ মাক-দেউতাকৰ দ্বিতীয় সন্তান আছিল। তেওঁ পঢ়া-শুনা জিচুইট ক্লাচিক স্কুল, ইগনাটিয়াচ কলেজ আৰু চালেচিয়ান কলেজত কৰিছিল। তেওঁৰ মাক আৰু আইতাক আছিল আইৰিচ বংশীয়।

প্ৰায় পাঁচবছৰ বয়সত বেয়া ব্যৱহাৰৰ বাবে তেওঁক দেউতাকে ওচৰৰ পুলিচ থানালৈ পাঁচমিনিট সময় বন্দী কৰি ৰখাৰ বাবে পঠিয়াইছিল আৰু এই সৰু বয়সৰ ভয়ঙ্কৰ অভিজ্ঞতাই পিছলৈ তেওঁ ভয়, আতঙ্ক, চাচপেঞ্চ আদি বিষয়ক ছবিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।

১৫ বছৰ বয়সত দেউতাৰ মৃত্যুৰ পিছত তেওঁ ইগনাটিচ কলেজ এৰি কাউণ্টি স্কুল অফ ইঞ্জিনিয়াৰি এণ্ড নেভিগেচনলৈ যায়। সিক্ষাজীৱনৰ সমাপ্তিত তেওঁ ড্ৰাফচমেন আৰু এডভাৰ্টাইজিং ডিজানাইৰ হিচাপে কেব'ল কোম্পানী হেনলিত আংশগ্ৰহণ কৰে।

১৯১৯ চনত হেনলি টেলিগ্ৰাফ পত্ৰিকা আৰম্ভ হয়। ইয়াৰ প্ৰথম সংখ্যাতে তেওঁৰ এগৰাকী কম বয়সীয়া নাৰীক কেন্দ্ৰ কৰি লিখা গেচ শীৰ্ষক ৰচনা প্ৰকাশিত হয়। সেই একে বছৰতে একেখন পত্ৰিকাতে তেওঁৰ পৰৱৰ্তী লেখা দ্য অ'মেন পাৰ্ট ওলায়। ইয়াত এহাল স্বামী আৰু স্ত্ৰীৰ সংঘাতপূৰ্ণ জীৱনৰ কথা ফুটি উঠে। ইয়াৰ বাদেও চৰদিদ, এণ্ড দেয়াৰ ৱাজ নো ৰেইনব' ৰ দৰে ৰচনাও লিখে। তেওঁৰ সৰ্বশেষ লেখা আছিল ফেডোৰা, য'ত তেওঁ ভাবীপত্নী কেনে হ'ব তাৰ বৰ্ণনা আছিল।

১৯২০ চনৰ শেহৰ পিনে হিচকক ফটোগ্ৰাফী আৰু চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহী হৈ উঠে। তেওঁ লণ্ডনৰ ফিল্ম প্ৰডাকচনত কাম আৰম্ভ কৰে। পেৰামাউণ্ট পিকচাৰৰ লণ্ডন শাখাত তেওঁ কিছুদিন টাইটেল কাৰ্ড ডিজাইনাৰ হিচাপে কিছুদিন কাম কৰে। তেওঁ ইংলিচটন ষ্টুডিঅ'তো কাম কৰে। এনেকৈ টাইটেল কাৰ্ড ডিজাইনাৰ হিচাপে কাম কৰি কৰি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।

আন্তঃ যুদ্ধ কৰ্মজীৱন (১৯১৯-১৯৩৯)

১৯২২ চনত নাম্বাৰ থাৰ্টিন নামৰ এখন ছবিৰ কাম আৰম্ভ কৰে। কিন্তু তেওঁৰ জীৱনৰ প্ৰথমখন ছবিয়ে অসম্পূৰ্ণ হৈ থাকি যায়। ইয়াৰ পিছত এখনৰ পিছত এথন ছবি নিৰ্মাণ কৰি যায়; য'ত আছিল ছাচপেঞ্চ,খ্ৰিলিং, ৰোমাঞ্চ। ১৯২৫ত নিৰ্মাণ কৰে দ্য প্লেজাৰ গাৰ্ডেন। ১৯২৭ত মুক্তি পায় দ্য লডজাৰ। সেই বছৰে তেওঁ আলমা ৰিভিলক বিয়া কৰায়। দ্য লেডী ভেনিচেচ্ আৰু জামাইকা ইনৰ দৰে ছবি নিৰ্মাণ কৰাৰ পিছত তেওঁৰ খ্যাতি যুক্তৰাষ্ট্ৰতো বিয়পি পৰে।

হলিউড

১৯৪০ত সপৰিয়ালে হিচককে হলিউডলৈ যায়। ১৯৪০ত ডেভিড ও চেলজ্নিকৰ প্ৰযোজনাত হিচকক পৰিচালিত ৰেবেকা ছবিখন মুক্তি পায়। ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা (ত্ৰয়োদশ একাডেমী বঁটা) লাভ কৰে। ১৯৪২ত চাব'টিউৰ মুক্তি পায়। ইয়াৰ পিছত এখনৰ পিছত এখন ক্লাচিক ছবি মুক্তি পায়। ইয়াৰ ভিতৰত অন্যতম হ'ল, লাইফবোট (১৯৪৪), স্পেলবাউণ্ড (১৯৪৫), নট'ৰিয়াচ (১৯৪৬), ৰোপ (১৯৪৮), ষ্টেঞ্জাৰচ্ অন এ ট্ৰেইন (১৯৫১), ডায়েল এম ফৰ মাৰ্ডাৰ (১৯৫৪) আৰু ৰিয়াৰ উইণ্ডো (১৯৫৪)।

১৯৫৮ আৰু ১৯৫৯ত যথাক্ৰমে মুক্তি পায় ভাৰ্টিগো আৰু নৰ্থ বাই নৰ্থৱেষ্ট। ১৯৬০ হিচককৰ চলচ্চিত্ৰিয় জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সময়। এই বছৰে মুক্তি পোৱা চাইকোৰ ব্যৱসায়িক সফলতা চলচ্চিত্ৰ ইতিহাসৰ মাইলৰ খুটী।

১৯৬৩ চনত মুক্তি পায় আৰু এখন শিহৰণকাৰী ছবি দ্য বাৰ্ডচ্ফেমিলি প্লট (১৯৭৬) তেওঁৰ পৰিচালিত শেষ ছবি। হিচককৰ কৰ্মজীৱনৰ আৰু এক উজ্জ্বল অধ্যায় আছিল ১৯৫৫ চনত প্ৰচাৰিত এক টিভি শ্বো আলফ্ৰেড হিচকক প্ৰেডেণ্টচ্। প্ৰতিটো শ্বোৰ দৈৰ্ঘ্য আছিল ২৫ মিনিট আৰু যিখন ১৯৬১ চনলৈ চলিছিল।

১৯৭৯ৰ ৭ মাৰ্চত হিচককে আমেৰিকান ফিল্ম ইঞ্চিটিউট লাইভ এচিভমেণ্ট এৱাৰ্ড পায়। বঁটা প্ৰদান অনুষ্ঠানত তেওঁ চাৰিজন মানুহৰ নামোল্লেখ কৰে, সেইকেইজন হ'ল- সম্পাদক, লেখক, জীয়ৰী পেট আৰু পত্নী আলমা ৰিভিলি; যাৰ উংসাহ, স্নেহ আৰু ভালপোৱা অবিহনে তেওঁ ইমান দূৰ আগবঢ়িব নোৱাৰিলেহেঁতেন।

এণ্টাৰেটেইমেণ্ট উইকলি আলোচনীত বিশ্ব ১০০ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ভিতৰত তেওঁৰ চাইকো, ভাৰ্টিগো, নৰ্খ বাই নৰ্থৱেষ্ট আৰু নট'ৰিয়াচেও স্থান পায়। ব্ৰিটেইনৰ বিখ্যাত এম্পায়াৰ আলোচনীৰ সকলো যুগৰ সৰ্বশ্ৰেষ্ঠ পৰিচালকৰ তালিকাত তেওঁ দ্বিতীয় স্থান অৰ্জন কৰে। আমেৰিকান ফিল্ম ইঞ্চিটিউটৰ সৰ্বাধিক শিহৰণকাৰী ছবিৰ (Most Heart Pounding Movie) তালিকাৰ প্ৰথমত চাইকোৱে ঠাই পোৱাৰ উপৰিও তেওঁৰ আন ৮খন ছবিও তাত আছে।

তেওঁক গোল্ডেন গ্লোৱ, চিনেমা জাম্প' বঁটা, লৰিয়াল বঁটা, ডিৰেক্টৰ গিফ্ট অৱ আমেৰিকান বঁটা, আমেৰিকান ফিল্ম ইঞ্চিটিউট বঁটা, একাডেমী বঁটা আদি অসংখ্য বঁটা-বাহেনেৰে সন্মানিত কৰা হৈছে।

চলচ্চিত্ৰপঞ্জী

তথ্য উংস

Tags:

আলফ্ৰেড হিচকক জীৱনীআলফ্ৰেড হিচকক আন্তঃ যুদ্ধ কৰ্মজীৱন (১৯১৯-১৯৩৯)আলফ্ৰেড হিচকক হলিউডআলফ্ৰেড হিচকক চলচ্চিত্ৰপঞ্জীআলফ্ৰেড হিচকক তথ্য উংসআলফ্ৰেড হিচককইংৰাজী ভাষাচলচ্চিত্ৰযুক্তৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

সাধুকথাজয় দৌলআউনীআটী সত্ৰবহুভাষাবাদস্বাধীনতা দিৱস (ভাৰত)ভালুকপুংইউক্লিডবুৰঞ্জীগাং‍মৌ থানকাতি বিহুঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগইলোৰা গুহাসমূহভাৰতমণিৰাম দেৱানকাংশপাৰ সত্ৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবাঁহীৰাম মন্দিৰ, অযোধ্যাশুক্ৰেশ্বৰ মন্দিৰনলবাৰী জিলালিংগভিত্তিক অধ্যয়নপাঁচালীতেজীমলাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনদিহানামতৰুণ গগৈড়যোৰহাটবন্দে মাতৰম্‌অনুবাদঠেঙ্গাল কছাৰী জনগোষ্ঠীসাঁচিপাতমৌখিক পৰম্পৰাঁ (চন্দ্ৰবিন্দু)ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানক্ৰিকেটচৰ্যাপদবিহুৰ বাদ্যযন্ত্ৰপূৰ্ণ স্বৰাজচামগুৰি সত্ৰচুডাংফামইনা পাৰিজাতনগাজৰী-খনিকৰগাঁৱৰ শিলালিপিছনেটফিফা বিশ্বকাপকৃষ্ণকান্ত সন্দিকৈহীৰেন গোহাঁইতলাতল ঘৰতৎসমপৰিৱেশ বিজ্ঞাননামঘোষাকবিতাঅসমীয়া যুক্তাক্ষৰগৰু বিহুলক্ষ্মীনাথ বেজবৰুৱাবিষ্ণুপ্ৰসাদ ৰাভাসাহিত্যঘিলাধাৰী ঘাটৰ সন্ধিফুলঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামনোমতীনামচিংঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসম বিধানসভাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাৰতৰ উপৰাষ্ট্ৰপতিৱিকিমিডিয়া কমন্সদেউলঅসমৰ কাঁহ শিল্প🡆 More