আন্না মণি

আন্না মোডায়িল মণি (২৩ আগষ্ট, ১৯১৮ – ১৬ আগষ্ট, ২০০১) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমণ গৱেষণা প্ৰতিষ্ঠানত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বতৰ বিজ্ঞান সম্পৰ্কীয় ইঞ্চট্ৰুমেনটেশ্যন ক্ষেত্ৰলৈ ভালেমান গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইয়াৰোপৰি তেওঁ সৌৰ বিকিৰণ, অ'জন আৰু সৌৰ শক্তিৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰও প্ৰকাশ কৰিছে।

আন্না মণি
അന്ന മാണി
জন্ম ২৩ আগষ্ট, ১৯১৮
ত্ৰৱানকোৰ, কেৰালা
মৃত্যু ১৬ আগষ্ট, ২০০১ (৮২ বছৰ)
তিৰুৱনন্তপুৰম, কেৰালা
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ বতৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, পুণে

প্ৰাৰম্ভিক জীৱন

১৯১৮ চনত ৰামনাথপুৰমৰ পৰমাকুডি নামে ঠাইত এটা ছিৰিয়ান খ্ৰীষ্টান পৰিয়ালত আন্না মণিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল এগৰাকী অসামৰিক অভিযন্তা তথা অজ্ঞাতবাদী। আঠগৰাকী সন্তানৰ ভিতৰত আন্না মণি আছিল তেওঁলোকৰ পৰিয়ালৰ সপ্তম সন্তান। শৈশৱ কালত আন্না মণিৰ পঢ়াৰ প্ৰতি খুব ধাউতি আছিল। ৱায়কম সত্যাগ্ৰহৰ সময়ছোৱাত মহাত্মা গান্ধীৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ যথেষ্ট প্ৰভাৱিত হৈছিল। জাতীয়তাবাদী আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ কেৱল ৰেচম কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল।

মণি পৰিয়ালটো আছিল উচ্চ শ্ৰেণীৰ পেছাদাৰী পৰিয়াল য'ত ল'ৰা সন্তানবোৰক শৈশৱৰ পৰাই উচ্চ পৰ্যায়ৰ জীৱিকা এটা কৰিবলৈ সাজু কৰি তোলা হৈছিল আৰু ছোৱালী সন্তানবোৰক বিবাহৰ বাবে সাজু কৰি তোলা হৈছিল। কিন্তু আন্না মণি বাকীবোৰৰ তুলনাত অলপ বেলেগ প্ৰকৃতিৰ আছিল। শৈশৱ অৱস্থাত তেওঁ বেছিভাগ সময় কিতাপৰ মাজতেই বিভোৰ আছিল। আঠ বছৰ বয়সত তেওঁলোকৰ ৰাজহুৱা পুথিভঁৰালত থকা প্ৰায় সকলোবোৰ মালায়ালম ভাষাৰ কিতাপ পঢ়ি সাং কৰিছিল আৰু বাৰ বছৰ বয়সত ইংৰাজী ভাষাৰ গোটেইবোৰ কিতাপ পঢ়ি সাং কৰিছিল। আঠবছৰীয়া জন্মদিনত মাক-দেউতাকে উপহাৰ হিচাপে দিয়া হীৰাৰ কাণফুলি আন্না মণিয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে তেওঁ বিছাৰিছিল “এনছাইক্ল’পিডিয়া ব্ৰিটানিকা” নামৰ বিশ্বকোষখন। কিতাপৰ জগতখনে তেওঁৰ মনত নতুন নতুন ধাৰণাৰ জন্ম দিছিল যিয়ে তেওঁৰ জীৱনক এক বিশেষ গতি প্ৰদান কৰিছিল।

শিক্ষা

১৯৩৯ চনত মাদ্ৰাজৰ পাচায়াপ্পাছ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত আন্না মণিয়ে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত ১৯৪০ চনত বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত গৱেষণা কৰাৰ বাবে আন্না মণিয়ে এটা ছাত্ৰবৃত্তি লাভ কৰে। ১৯৪৫ চনত পদাৰ্থ বিজ্ঞান বিষয়ত পুনৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কলেজলৈ যায়। সি যি নহওক অৱশেষত তেওঁ বতৰ বিজ্ঞান সম্পৰ্কীয় ইঞ্চট্ৰুমেনটেশ্যন বিষয়তহে শিক্ষা গ্ৰহণ কৰে।

জীৱিকা

পাচাই কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ প্ৰফেছাৰ ছ'ল'মন পাপ্পায়াৰ তত্ত্বাৱধানত ৰুবী আৰু হীৰাৰ আলোকীয় ধৰ্মসমূহৰ ওপৰত গৱেষণা কৰে। তেওঁ পাঁচখনকৈ গৱেষণা পত্ৰ লিখি উলিয়াই তেওঁৰ পি এইচ ডি ডিছেৰটেশ্যন জমা দিছিল যদিও পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী নথকাৰ বাবেই তেওঁক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হোৱা নাছিল। ১৯৪৮ চনত ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ পুণেত অৱস্থিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগত কৰ্মজীৱনৰ পাতনি মেলে। বতৰ বিজ্ঞান সম্পৰ্কীয় ইঞ্চট্ৰুমেনটেশ্যনৰ ওপৰত তেওঁ ভালেমান গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

আন্না মণিয়ে বতৰ বিজ্ঞানৰ সা-সঁজুলিৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল হোৱাটো বিছাৰিছিল। তেওঁ এশটাতকৈও অধিক বতৰ বিজ্ঞানৰ সা-সঁজুলিৰ চিত্ৰাংকণ প্ৰমাণীকৃত কৰিছিল। ১৯৫৭-৫৮ সময়ছোৱাত তেওঁ সৌৰ বিকিৰণ পৰিমাপণ কৰাৰ উদ্দেশ্যে এটা নে'টৱৰ্ক ষ্টেচন স্থাপন কৰে। ইয়াৰোপৰি তেওঁ বাংগালোৰত এখন সৰু কৰ্মশালা অনুষ্ঠিত কৰিছিল য'ত সৌৰ বতাহ আৰু সৌৰ শক্তিৰ জোখ লোৱাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি বনোৱা হৈছিল। অ'জনৰ জোখ ল'বলৈ তেওঁ এক বিশেষ সঁজুলিৰ বিকাশ সাধন কৰিছিল। থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰত বতৰ বিজ্ঞানৰ এটা মানমন্দিৰ আৰু ইঞ্চট্ৰুমেনটেশ্যন টাৱাৰ আন্না মণিয়ে স্থাপন কৰিছিল।

আন্না মণি বহুতো বৈজ্ঞানিক সংগঠনৰ লগত জড়িত আছিল। তাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমি, আমেৰিকান বতৰ বিজ্ঞান সংঘ, আন্তৰ্জাতিক সৌৰ শক্তি সংঘ, বিশ্ব বতৰ বিজ্ঞান সংস্থা আদি উল্লেখযোগ্য।

১৯৬৯ চনত সাধাৰণ উপসঞ্চালক হিচাপে তেওঁক দিল্লীলৈ স্থানান্তৰ কৰা হয়। ১৯৭৫ চনত তেওঁ ইজিপ্টত বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই। ১৯৭৬ চনত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে আন্না মণিয়ে অৱসৰ গ্ৰহণ কৰে।

ব্যক্তিগত জীৱন

নিজৰ কৰ্মৰ প্ৰতি থকা অগাধ প্ৰেমৰ বাবে আন্না মণি কেতিয়াও বিবাহপাশত আৱদ্ধ নহ'ল।

মৃত্যু

২০০১ চনৰ ১৬ আগষ্ট তাৰিখে তিৰুৱনন্তপুৰমত আন্না মণিয়ে ইহলীলা সম্বৰণ কৰে।

বঁটা

১৯৮৭ চনত তেওঁ INSA কে. আৰ. ৰামনাথন পদক লাভ কৰে।

স্বীকৃতি

  • আন্না মণিক আন্তৰ্জাতিক অ'জন সংস্থাৰ সদস্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।
  • আন্না মণিৰ জন্মৰ শতবাৰ্ষিকীত বিশ্ব বতৰ বিজ্ঞান সংস্থাই তেওঁক স্মৰণ কৰে আৰু সাক্ষাৎকাৰসহ তেওঁৰ সংক্ষিপ্ত জীৱনবৃত্ত প্ৰকাশ কৰে।

প্ৰকাশিত গ্ৰন্থৰাজি

  • The Handbook for Solar Radiation data for India (১৯৮০ চন)

তথ্য সূত্ৰ

বাহ্যিক সংযোগ

Tags:

আন্না মণি প্ৰাৰম্ভিক জীৱনআন্না মণি শিক্ষাআন্না মণি জীৱিকাআন্না মণি ব্যক্তিগত জীৱনআন্না মণি মৃত্যুআন্না মণি বঁটাআন্না মণি স্বীকৃতিআন্না মণি প্ৰকাশিত গ্ৰন্থৰাজিআন্না মণি তথ্য সূত্ৰআন্না মণি বাহ্যিক সংযোগআন্না মণিসৌৰ শক্তি

🔥 Trending searches on Wiki অসমীয়া:

দধীচিশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘভূপেন হাজৰিকাপাৰিপাৰ্শ্বিক সংঘাতঅসমত দেখা পোৱা মাছৰ তালিকাগগনাবাজেটজলবিদ্যুৎভাৰতীয় ৰেলহাতীপটিমূলা গাভৰুপৰ্যাবৃত্ত তালিকাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰউদ্ভিদউত্তৰ-পূব ভাৰতবিষ্ণুৰাম মেধিভাৰত-চীন যুদ্ধনাট্য শাস্ত্ৰমৰুভূমিভাৰতৰ উপৰাষ্ট্ৰপতিলক্ষ্মীনাথ বেজবৰুৱাবিশ্ব মেলেৰিয়া দিৱসলাচিত বৰফুকনশিৱসাগৰৰ শিৱদৌলদশাৱতাৰৰঘুনাথ চৌধাৰীঅব্যয় পদৰুক্মিণী হৰণ নাটভূপেন্দ্ৰ সংগীতসন্ধিনিমাতী কইনাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাৱেবছাইটঅসম সাহিত্য সভামিচিং জনগোষ্ঠীজোনবিল মেলাডিব্ৰুগড়ভ্ৰাম্যমাণ থিয়েটাৰলিংগ (জৈৱিক)নগাঁও (লোকসভা সমষ্টি)বহনক্ষম উন্নয়নৰ লক্ষ্যদ্বিতীয় বিশ্বযুদ্ধবৃত্তঅলিম্পিকএলুমিনিয়ামমোহনদাস কৰমচান্দ গান্ধীমানৱ শৰীৰইউনিক’ডবিহু নৃত্যএশিঙীয়া গঁড়শালস্তম্ভ ৰাজবংশভানুমতীবেদব্যাসজৈৱ বৈচিত্ৰ্যঅৰ্থনীতিশৰৎ ঋতুহৰিদত্তঅসমৰ নদীসমূহৰ তালিকাভাৰত ৰত্নঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদনাথান ব্ৰাউনগুণমালাগোপীনাথ বৰদলৈচৰাইতিৱা জনগোষ্ঠীকাৰাটেউত্তৰ গুৱাহাটীপুথিভঁৰালশ্ৰী সূৰ্য পাহাৰ২৭ এপ্ৰিলকবিতাজীৱনীভাইটি (চলচ্চিত্ৰ)অসম আন্দোলন🡆 More