অসম লোকসেৱা আয়োগ: অসমৰ লোকসেৱা আয়োগ

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক লোকসেৱা আয়োগ। অসম চৰকাৰৰ অধীনৰ বিভিন্ন পদসমূহৰ বাছনি পৰীক্ষা অসম লোকসেৱা আয়োগে আয়োজন কৰে। অসম অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য কাৰ্য্যালয় অসমৰ গুৱাহাটী মহানগৰৰ খানাপাৰাৰ জৱাহৰ নগৰৰ অসম লোকসেৱা আয়োগ ভৱনত অৱস্থিত। বৰ্তমান ইয়াৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দীপক কুমাৰ শৰ্মা।

অসম লোকসেৱা আয়োগ
অসম লোকসেৱা আয়োগ: ইতিহাস, সাংবিধানিক নীতি, কাৰ্য
আয়োগৰ ৰূপৰেখা
গঠন ১ এপ্ৰিল ১৯৩৭ (1937-04-01)
পূৰ্বৱৰ্তী সংস্থা ৰাজ্যিক লোকসেৱা আয়োগ
লোকসেৱা আয়োগ
ক্ষেত্ৰাধিকাৰ অসম
মুখ্য কাৰ্যালয় অসম লোকসেৱা আয়োগ ভৱন, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী, অসম
আয়োগৰ কাৰ্যবাহী দীপক কুমাৰ শৰ্মা, অধ্যক্ষ
প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, সচিব
মুক্তি গগৈ, প্ৰফুল্ল কুমাৰ হুজুৰী, সজলেন্দু দাস লস্কৰ, অজন্তা নাথ, সদস্য
পুবালী গোহাঁই, মুখ্য পৰীক্ষা নিয়ন্ত্ৰক
ৱেবছাইট apsc.nic.in

১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰ বিধেয়ক, ১৯৩৫ৰ অনুসৰি অসম লোকসেৱা আয়োগৰ স্থাপন কৰা হৈছিল।

ইতিহাস

১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰ বিধেয়ক, ১৯৩৫ৰ অনুসৰি অসম লোকসেৱা আয়োগৰ স্থাপন কৰা হৈছিল। তেতিয়া ইংলেণ্ডৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া জেম্‌ছ হেজলেটক ইয়াৰ প্ৰথম অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫১ চনত অসম লোকসেৱা আয়োগৰ নীতি-নিয়ম কিছু সাল-সলনি কৰা হয়। এই সময়ছোৱাত জেমছ হেজলেটৰ পিছত আৰু পাঁচ গৰাকী ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া ভিন ভিন কাৰ্যকালৰ বাবে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। ১৯৫১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ সংবিধানৰ ৩১৮ অনুচ্ছেদ মতে অসম লোকসেৱা আয়োগৰ গঠন অসমৰ ৰাজ্যপালে লাভ কৰা ক্ষমতাৰ অধীনত পৰে। একেবছৰে অসম লোকসেৱা আয়োগ (কাৰ্য্য সীমিতকৰণ) বিধেয়ক সংবিধানৰ অনুচ্ছেদ ৩২০ৰ দ্বিতীয় দফা অনুসৰি গৃহীত কৰা হয়।

শিক্ষাবিদ কামেশ্বৰ দাসক অসম লোকসেৱা আয়োগৰ প্ৰথম অকাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৫২ চনৰ জুলাই মাহলৈ এই পদত অধিষ্ঠিত আছিল।

সাংবিধানিক নীতি

অসম লোকসেৱা আয়োগ ভাৰতৰ সংবিধান অনুসৰি গঠন কৰা এক সাংবিধানিক সংস্থা। সংবিধানৰ চতুৰ্দশ অনুসূচীৰ দ্বিতীয় অধ্যায়মতে ইয়াৰ গঠন কৰা হৈছে। ইয়াৰ লগতে ৰাজ্যিক লোকসেৱা আয়োগ যিকোনো প্ৰভাৱৰ পৰা মুক্ত আৰু নিজৰ দায়িত্ব নিৰপেক্ষভাৱে পালন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে।

আয়োগৰ অধ্যক্ষ আৰু সদস্যসকল ৰাজ্যৰ ৰাজ্যপালে নিযুক্ত কৰে। অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্য্যালয় ছয় বছৰ বা ৬২ বছৰলৈকে যি আগত হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

কাৰ্য

ভাৰতীয় সংবিধানৰ ৩২০ অনুচ্ছেদত উল্লেখ কৰামতে অসম লোকসেৱা আয়োগে অসমৰ লোকসেৱাৰ বিষয়াসকলৰ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য কাৰ্যসমূহ হ'ল :

  • ৰাজ্যিক চৰকাৰৰ বিভিন্ন সেৱাত প্ৰত্যক্ষ নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া
  • বিষয়াসকলৰ পদোন্নতিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ নাম চৰকাৰক জনোৱা
  • চৰকাৰী কৰ্মচাৰীৰ হিতাৰ্থে চৰকাৰক বিভিন্ন নীতিৰ প্ৰভাৱৰ কথা জনোৱা
  • চৰকাৰী বিভাগসমূহৰ বিভিন্ন পদত নিযুক্তিৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰা
  • অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়া
  • চৰকাৰী কৰ্মচাৰীৰ বেতন সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে চৰকাৰক পৰামৰ্শ দিয়া
  • চৰকাৰী চাকৰিৰ বিভিন্ন পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা

আয়োগৰ সংগঠন

অসম লোকসেৱা আয়োগৰ সংগঠন সময়ে সময়ে সলনি হৈ আহিছে। ১৯৩৭ চনৰ পৰা ১৯৫১ চনলৈ ইয়াৰ এগৰাকী অধ্যক্ষ আৰু ২-৩ গৰাকী সদস্য আছিল। ১৯৫১ চনৰ পৰা ১৯৮৬ চনলৈ এগৰাকী অধ্যক্ষ আৰু ছয় গৰাকী সদস্য আছিল। আকৌ ১৯৯১ চনত সদস্যৰ সংখ্যা ১০জনলৈ বৃদ্ধি কৰা হয়। ২০০৫ চনৰ এক সংশোধনমতে আয়োগৰ এগৰাকী অধ্যক্ষ আৰু সাতগৰাকী সদস্য কৰা হৈছে।

আয়োগৰ অধীনত সেৱাৰ তালিকা

  1. অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড)
  2. অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড)
  3. কৰ অধীক্ষক
  4. আবকাৰী অধীক্ষক
  5. জিলা পৰিবহণ বিষয়া
  6. শ্ৰম বিষয়া
  7. অসম বিত্ত সেৱা (জুনিয়ৰ দ্বিতীয় শ্ৰেণী)
  8. সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ প্ৰশাসনিক বিষয়া
  9. সমবায় শিক্ষা বিষয়া
  10. শ্ৰম পৰিদৰ্শক
  11. কৰ পৰিদৰ্শক
  12. আবকাৰী পৰিদৰ্শক
  13. ব্লক উন্নয়ন বিষয়া
  14. সহকাৰী নিয়োগ বিষয়া
  15. উপ-পঞ্জীয়ক
  16. জিলা উদ্যোগ কেন্দ্ৰৰ সহকাৰী পৰিচালক
  17. সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক
  18. সহকাৰী অডিট বিষয়া
  19. সহকাৰী একাউণ্ট বিষয়া
  20. অসম নগৰ প্ৰশাসনিক সেৱা
  21. গাইডেন্স কাউন্সেলাৰ
  22. গৱেষণা সহায়ক, জলসিঞ্চন
  23. সহকাৰী জনসংযোগ বিষয়া

২০২৩ চনৰ পৰা সহকাৰী একাউণ্ট বিষয়াৰ পদটো সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আওতালৈ অনা হয়।

তথ্য উৎস

Tags:

অসম লোকসেৱা আয়োগ ইতিহাসঅসম লোকসেৱা আয়োগ সাংবিধানিক নীতিঅসম লোকসেৱা আয়োগ কাৰ্যঅসম লোকসেৱা আয়োগ আয়োগৰ সংগঠনঅসম লোকসেৱা আয়োগ আয়োগৰ অধীনত সেৱাৰ তালিকাঅসম লোকসেৱা আয়োগ তথ্য উৎসঅসম লোকসেৱা আয়োগঅসম চৰকাৰগুৱাহাটীভাৰতীয় প্ৰশাসনিক সেৱা

🔥 Trending searches on Wiki অসমীয়া:

হৰপ্পাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাসন্ধিচিপাহী বিদ্ৰোহ ১৮৫৭ৰুদ্ৰেশ্বৰ দেৱালয়ভেঁকুৰম'হৰ শিঙৰ পেঁপাব্ৰিটিছ ৰাজআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰমাম্প্‌ছতলাতল ঘৰৰাম সৰস্বতীনেতাই ধুবুনী ঘাটমানৰ অসম আক্ৰমণঅসমৰ সমস্যামদন কামদেৱ দেৱালয়বাল্য বিবাহভাৰত ৰত্নপৰিয়ালঅংগনবাদীজলসিঞ্চনজীৱনীনেপোলিয়ন বোনাপাৰ্টজৈৱিক কৃষিলীলা গগৈগুপ্ত সাম্ৰাজ্যভট্টদেৱপাচন নলীউৎসৱপৰ্যাবৃত্ত তালিকালোক-নৃত্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীস্বাস্থ্যবৰ্মণ ৰাজবংশঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান২৩ এপ্ৰিলঅনাভেদী যৌনক্ৰিয়াআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডহিন্দুত্বমৌখিক ইতিহাসঈয়াৰুইঙ্গমঅসহযোগ আন্দোলনবিষুৱ ৰেখাকামৰূপী উপভাষাগোলকীকৰণকাৰ্বি জনগোষ্ঠীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকামাৰ্চএৰিষ্ট'টলগড়গাঁওকৃষিমণিপুৰহিমন্ত বিশ্ব শৰ্মানামনি অসমস্বাধীনতা দিৱস (ভাৰত)মণিপুৰী নৃত্যশামুকসামাজিক উপভাষাসৰ্বশিক্ষা অভিযানঅনুৰাধা শৰ্মা পূজাৰীজৱাহৰলাল নেহৰুমিঠু বৰুৱাজুবিন গাৰ্গচুটিগল্পঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদছি জিনপিংবেটুপাতৰাভা ভাষামনোবিজ্ঞানঅসমৰ তেল শোধনাগাৰভাৰত-আৰ্য ভাষা পৰিয়ালনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বাগ্‌ধ্বনিনামঘোষাসম্পাদনালোকসভাৰ অধ্যক্ষৰাজহুৱা ক্ষেত্ৰ🡆 More