অসম মাধ্যমিক শিক্ষা পৰিষদ

অসম মাধ্যমিক শিক্ষা পৰিষদ (ইংৰাজী: Secondary Education Board of Assam) (SEBA) হ'ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।

অসম মাধ্যমিক শিক্ষা পৰিষদ
অসম মাধ্যমিক শিক্ষা পৰিষদ
ল'গ'
প্ৰতিষ্ঠা ২৯ জানুৱাৰী ১৯৬২
ধৰণ স্বায়ত্ত্বশাসিত, চৰকাৰী মাধ্যমিক শিক্ষা পৰিষদ
সক্ৰিয়তা সক্ৰিয়
প্ৰধান  কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
আনুষ্ঠানিক  ভাষা অসমীয়া, বাংলা, ইংৰাজী, হিন্দী
অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন
মাতৃ  সন্থা শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰ
ৱেবছাইট https://sebaonline.org/

এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা (High School Leaving certificate, HSLC) আয়োজন কৰে আৰু উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

ইতিহাস

অসমত মাধ্যমিক শিক্ষাৰ নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু বিকাশৰ বাবে এক মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ কাৰণে অসম মাধ্যমিক শিক্ষা অধিনিয়ম, ১৯৬১ (The Assam Secondary Education Act, 1961) (Assam Act, XXV of 1961) জাৰী কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগে ১৯৬২ চনৰ ২৯ জানুৱাৰী তাৰিখে প্ৰকাশ কৰা বিজ্ঞপ্তি নং. ১৫৯/৬১/৩৭ৰ যোগে এই অধিনিয়মখন প্ৰথম কাৰ্যকৰী কৰা হয়। এনেকৈ ১৯৬২ চনৰ ১৪ মাৰ্চ তাৰিখে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) প্ৰতিষ্ঠা হয়। ১৯৬২ চনৰ ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পৰিচালনাৰে এই পৰিষদে নিজৰ কাম-কাজ আৰম্ভ কৰে। অধিনিয়মখনৰ অনুসৰি অসম চৰকাৰে এচ চি ৰাজখোৱাক (ডি পি আই) অধ্যক্ষ আৰু মঃ এন ইছলামক (বিদ্যালয় পৰিদৰ্শক, মধ্য অসম) সচিব হিচাপে পৰিষদখন গঠন কৰে।

কাৰ্যালয়

পোনপ্ৰথমে শ্বিলংস্থিত অসমৰ ডি পি আই কাৰ্যালয়ৰ কনফাৰেন্স ৰুমত পৰিষদে নিজৰ কাম-কাজ আৰম্ভ কৰে। পাছলৈ গুৱাহাটীৰ ৰিহাবাৰীৰ এটা ভাড়াঘৰলৈ পৰিষদৰ কাৰ্যালয় সলনি কৰা হয়। এই ভাড়াঘৰত পৰিষদে ১৯৬২ চনৰ ১ জুনৰপৰা ১৯৬৩ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে কাম-কাজ চলাই নিয়ে। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়পাণবজাৰত থকা পুৰণি বিশ্ববিদ্যালয় পৰিসৰলৈ (তেতিয়াৰ কটন কলেজৰ নতুন ছাত্ৰাবাস পৰিসৰ) পৰিষদৰ কাৰ্যালয় নিয়া হয় আৰু ইয়াতে ১৯৬৩ চনৰ ২৭ ফেব্ৰুৱাৰীৰপৰা ১৯৭৬ চনৰ ১৫ জানুৱাৰীলৈকে পৰিষদে কাম-কাজ চলায়। পৰিষদৰ অধ্যক্ষ, শিক্ষা বিষয়াসকল আৰু মূল্যাংকন বিষয়াসকলৰ কাৰ্যালয়সহ পৰিষদৰ এটা অংশ ১৯৬৫-৬৬ চনৰ সময়ছোৱাত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অৱস্থিত আছিল। গুৱাহাটীৰ বামুণীমৈদানত নিৰ্মিত অসম আৰ্হিৰ ভৱনলৈ ১৯৭৬ চনৰ ১৬ জানুৱাৰীত পৰিষদৰ কাৰ্যালয় স্থানান্তৰ কৰা হয়। এই উপলক্ষে অসমৰ তেতিয়াৰ শিক্ষামন্ত্ৰী এইচ এন তালুকদাৰক অধ্যক্ষ আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক মুখ্য অতিথি হিচাপে লৈ উদ্বোধনী অনুষ্ঠানৰো আয়োজন কৰা হয়। ১৯৬৫ চনত অসম চৰকাৰে পৰিষদলৈ ৬ বিঘা মাটি আগবঢ়ায় আৰু এই মাটিতে বৰ্তমানৰ ভৱনটো নিৰ্মিত। তদানীন্তন শিক্ষামন্ত্ৰী ডি কে বৰুৱাই ৯৯ বছৰলৈ লীজত পৰিষদলৈ এই মাটি আগবঢ়াইছিল। বৰ্তমানৰ ১৫৭৫ বৰ্গ কিলোমিটাৰৰ কেইবামহলীয়া ভৱনটোৰ ১৯৮৯ চনত নিৰ্মাণ সম্পন্ন হয়।

পৰিষদৰ কৰ্মপৰিসৰ

পোনপ্ৰথমে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল সাঙুৰি অবিভক্ত অসম SEBAৰ কৰ্মপৰিসৰ আছিল। পাছলৈ বিভিন্ন সময়ত অসমৰপৰা ফাটি মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ গঠন হোৱাত আৰু প্ৰতি ৰাজ্যৰ নিজৰ শিক্ষা পৰিষদ গঠন হোৱাত SEBAৰ কৰ্মপৰিসৰ হ্ৰাস পায় আৰু বৰ্তমানৰ অসম ৰাজ্যত ই কাম-কাজ চলাই নিয়ে।

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ


Tags:

অসম মাধ্যমিক শিক্ষা পৰিষদ ইতিহাসঅসম মাধ্যমিক শিক্ষা পৰিষদ পৰিষদৰ কৰ্মপৰিসৰঅসম মাধ্যমিক শিক্ষা পৰিষদ বাহ্যিক সংযোগঅসম মাধ্যমিক শিক্ষা পৰিষদ তথ্য সংগ্ৰহঅসম মাধ্যমিক শিক্ষা পৰিষদঅসমইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নিগনিপাটকাইৰ ইপাৰে মোৰ দেশসংক্ৰমণকামৰূপ জিলাৰামমোহন ৰায়কোচ ৰাজবংশীলক্ষ্মীনন্দন বৰাপ্ৰদূষণনলিনীবালা দেৱীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লউমাচল শিলালিপিফুৰালুং ধৰ্মকামৰূপী উপভাষাপাচন তন্ত্ৰজ্যোতিপ্ৰসাদ আগৰৱালামুদ্ৰাবৰপেটা সত্ৰধনশিৰি নদীগোপীনাথ বৰদলৈআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআত্মামোৱামৰীয়া বিদ্ৰোহসাহিত্যজীৱনীআমেৰিকা যুক্তৰাষ্ট্ৰমানুহসাহিত্য অকাডেমি বঁটাব্লগবক ফুলহাঁওফাঁওওড়িয়া ভাষাকুশল কোঁৱৰপায়ু সংগমবিঘাবন্দে মাতৰম্‌ৰাজ্যসভাকুলিঅসীমত যাৰ হেৰাল সীমাৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)লখিমপুৰ জিলাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাআহোম ভাষাজৈন ধৰ্মদশাৱতাৰসমীৰ তাঁতীঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতলক্ষ্মীধৰ শৰ্মাজুবিন গাৰ্গঅসমৰ সমস্যাতেজপুৰগদ্যহীৰেন ভট্টাচাৰ্যগুৰু আসনঅসমৰ ধান খেতিৰ সঁজুলিসমূহমাধৱ কন্দলিলক্ষ্মীনাথ বেজবৰুৱাআজান পীৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰসত্যনাথ বৰাশ্ৰীমন্ত শংকৰদেৱঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহশৰৎচন্দ্ৰ চট্টোপাধ্যায়পৃথিৱীৰ বায়ুমণ্ডলবিহুৰ খাদ্যদুৰ্গাবৰ কায়স্থবিৰিঞ্চি কুমাৰ বৰুৱানেপালী জনগোষ্ঠীভাৰতৰ ইতিহাসসমাজসৌৰ শক্তিঅম্বিকাগিৰি ৰায়চৌধুৰীহিমন্ত বিশ্ব শৰ্মাভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ তেল শোধনাগাৰদুৰ্গেশ্বৰ শৰ্মা🡆 More