অসমৰ হাতী দাঁত শিল্প

হাতী দাঁত শিল্প (ইংৰাজী: Ivory Industries of Assam) পুৰণি অসমৰ কুটীৰ শিল্প সমূহৰ ভিতৰত অন্যতম আছিল৷ সেই সময়ত অসমৰ হাবিত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল আৰু হাতীৰ দাঁত আৰু হাঁড়েৰে এই শিল্প গঢ়ি উঠিল৷ আহোম যুগৰ অৰ্থনীতিতো ই বিশেষ ভূমিকা পালন কৰিছিল৷ আহোম যুগত বৈদেশিক বাণিজ্যত হাতী দাঁত প্ৰচুৰ পৰিমাণে ৰপ্তানি কৰা হৈছিল৷ অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছৰছোৱা সময়ত এই শিল্পৰ প্ৰাচুৰ্য কমি যাবলৈ ধৰে৷ নামনি অসমৰ বৰপেটা অঞ্চল হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত আছিল৷ অসমৰ এই শিল্প বৰ্তমান অৱশ্যে লুপ্তপ্ৰায় অৱস্থা পাইছেহি যদিও কেৱল বৰপেটা সত্ৰতেই হাতী দাঁতৰ শিল্প জনা লোক এতিয়াও আছে৷ হাতী দাঁত শিল্পৰ লগত জড়িত লোকসকলক “বক্তাৰ খনিকৰ’’ নামে জনা হৈছিল৷ এই লোকসকলক আহোম ৰজাসকলে যথেষ্ট মাটি-বাৰী আৰু শ্ৰমিক যোগান ধৰি জীৱিকা সুনিশ্চিত কৰাৰ লগতে শিল্পটোৰ বাবে কেঁচামালৰো যোগান ধৰিছিল৷

অসমৰ হাতী দাঁত শিল্প
বেঙেনাআটি সত্ৰত সংৰক্ষিত অন্যান্য সামগ্ৰীৰ সৈতে হাতীদাঁতৰ ফণি।

উপহাৰ

প্ৰাচীন কালৰে পৰা অসমৰ ৰজা-মহাৰজাসকলৰ মাজত উপহাৰ সামগ্ৰীত হাতী দাঁতৰ বিবিধ সামগ্ৰীৰ প্ৰচলন আছিল৷ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই যুধিষ্ঠিৰলৈ আন বস্তুৰ লগতে হাতী দাঁতৰ নাল লগোৱা তৰোৱাল উপহাৰ দিছিল বুলি মহাভাৰতত উল্লেখ আছে৷ কুমাৰ ভাস্কৰ বৰ্মাই ৰজা হৰ্ষবৰ্ধনক হাতী দাঁতেৰে নিৰ্মিত বিভিন্ন বস্তু উপহাৰ হিচাপে দিছিল৷ আহোম যুগতো ৰজাসকলে আন ৰাজ্যৰ লগত সন্ধি কৰিলে অন্যান্য বস্তুৰ লগতে হাতী দাঁতৰ বিভিন্ন বস্তু উপঢৌকন হিচাপে পঠিয়াইছিল৷ চুতীয়া ৰজা নীতিপালে ১৫২৩ চনত সন্ধিৰ প্ৰস্তাৱ দিওঁতে আহোম সেনাপতিলৈ দুখন হাতী দাঁতৰ পাটী উপহাৰ দিছিল৷ ৰুদ্ৰসিংহয়ো দিল্লীৰ সম্ৰাটলৈ কটকী পঠিয়াওঁতে হাতী দাঁতৰ পাটী, বিচনী, ডবা খেলৰ গুটি আদি উপহাৰ দিয়াৰ কথা জনা যায়৷ জয়ধ্বজ সিংহই ঔৰংজেৱলৈ, কমলেশ্বৰ সিংহই ভোটদেশৰ ৰজালৈ মিত্ৰতাৰ চিনস্বৰূপে হাতী দাঁতৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী দিছিল৷

উৎপাদিত সামগ্ৰী

হাতী দাঁতৰ পৰা থলুৱা পদ্ধতিৰে পাটী, পীৰা, তৰোৱালৰ নাল, কটাৰীৰ ডাব, লাঠি, টেমা, ফণি, সঁফুৰা, আসন, শৰাই, দেৱ-দেৱীৰ মূৰ্তি আদিৰ লগতে আন আন অলংকৰো তৈয়াৰ কৰা হৈছিল৷

পদ্ধতি

হাতী দাঁত যথেষ্ট টান আৰু নিমজ৷ সেয়ে ইয়াক কটি বিভিন্ন আকাৰ দিবলৈ সহজ৷ হাতী দাঁতৰ বেঁকা ৰূপ থলুৱা পদ্ধতিৰে পোন কৰা হৈছিল৷ বিশেষ অনুপাতত মাটি আৰু গোবৰ মিহলাই তাৰে দাঁতৰ ওপৰত লেপন দি জুইত সেকি দাঁতৰ ভাঁজ পোন কৰা হৈছিল৷

তথ্য সংগ্ৰহ

Tags:

অসমৰ হাতী দাঁত শিল্প উপহাৰঅসমৰ হাতী দাঁত শিল্প উৎপাদিত সামগ্ৰীঅসমৰ হাতী দাঁত শিল্প পদ্ধতিঅসমৰ হাতী দাঁত শিল্প তথ্য সংগ্ৰহঅসমৰ হাতী দাঁত শিল্পইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মিডিয়াৱিকিভৌতিক সংস্কৃতিআঁহতপুথিভঁৰালযতি-চিনঅসম আন্দোলনৰামধেনুসিংহৰত্নকান্ত বৰকাকতীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যৰজনীকান্ত বৰদলৈমহেশ্বৰ নেওগস্বামী বিবেকানন্দঅম্বিকাগিৰি ৰায়চৌধুৰীতিৱা জনগোষ্ঠীআনন্দৰাম ঢেকিয়াল ফুকনব্যষ্টিবাদী অৰ্থনীতিযৌন প্ৰৱেশক্ৰিয়াকামৰূপ জিলাপ্ৰদূষণঅসমীয়া ব্যাকৰণভাৰতপৰিৱেশ তন্ত্ৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মাৰ্ক্সবাদআউনীআটী সত্ৰনৱকান্ত বৰুৱাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদপিঠাবৰগীতবিত্তীয় ব্যৱস্থানিৰ্বাচনী চিয়াঁহীগমধৰ কোঁৱৰডাকৰ বচনপুৰাণবিবাহকৃষ্ণচূড়াকৃষিউৎসৱলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানতেজপুৰশৰৎচন্দ্ৰ চট্টোপাধ্যায়দেৱদাসী নৃত্যনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বিশ্ব বাণিজ্য সংস্থামোহনদাস কৰমচান্দ গান্ধীএচিদ বৰষুণলখিমপুৰ (লোকসভা সমষ্টি)যোগাসনমহো-হো উৎসৱআহোম জনগোষ্ঠীভাৰতীয় নাগৰিকত্ব আইনমণিকুন্তলা ভট্টাচাৰ্যভাষাভঠেলিবঙালী ভাষাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাভাৰত ত্যাগ আন্দোলনভূপেন হাজৰিকানলবাৰী জিলামহামায়া ধামকেলিগোলাবংগ বিভাজন (১৯০৫)ইষ্ট ইণ্ডিয়া কোম্পানীভ্ৰাম্যমাণ থিয়েটাৰবচন (ব্যাকৰণ)অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাডাইনী হত্যাকাৰেংঘৰকলশকুন্তলা🡆 More