অসমৰ সমস্যা

ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে। অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত (১) নিবনুৱা সমস্যা (২) বানপানী সমস্যা (৩) বিদেশী সমস্যা (৪) উগ্ৰপন্থী সমস্যা (৫)খাদ্য সমস্যা। মূলত এই পাঁচটাই অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ উন্নতিত সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে।

নিবনুৱা সমস্যা

সাধাৰণ অৰ্থত কৰ্ম-সংস্থাপন নোহোৱা শিক্ষিত লোককহে নিবনুৱা বোলা যায় যদিও ইয়াৰ অৰ্থই শিক্ষিত অশিক্ষিত সকলোকে সামৰি লয়। দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ নহয়। আনুসাঙ্গিক বহুতো কাৰণেও ইয়াত প্ৰভাৱ পেলাইছে।

অসমৰ ক্ৰটিপূৰ্ণ শিক্ষানীতিৰ কাৰণে বছৰি শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাই আহিছে। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল একোটা ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলিছে। যাৰ কাৰণে নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে।

কুটীৰ শিল্পৰ অৱনতিৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। কমাৰ, কুমাৰ, সোণাৰী, কহাৰ আদি ব্যৱসায় অসমৰ মানুহে প্ৰায় এৰি দিছে। ইয়াৰ লগতে বাহঁ-বেতৰ কৰ্মও অসমত কৰিব পৰা এটা সহজ কাম, যাৰ কাৰণে লগা কেঁচা মাল অসমত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এই কুটীৰ শিল্পৰ কামসমূহ বাহিৰৰ পৰা মানুহ আহি কৰা দেখা যায়।

অসমত উৎপন্ন হোৱা খাৰুৱা তেল, মৰাপাট, কুহিয়াঁৰ আদিৰ পৰিমাণৰ তুলনাত উদ্যোগৰ সংখ্যা তেনেই সীমিত। অসমত খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়। সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱা হয়। তাৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই। অসম নদীমাতৃক দেশ যদিও জলবিদ্যুৎ উৎপাদন কৰি নতুন কল-কাৰখানা স্থাপন কৰাৰ সম্ভাৱনা আছে। আনহাতে অসমত যিকেইটা উদ্যোগ আছে তাৰে প্ৰায়কেইটা বাহিৰৰArindom borah মালিকৰ। তেওঁলোকৰ স্বজন-প্ৰীতিৰ ফলত সেইবোৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়। চৰকাৰৰ ধনৰ অভাৱতো বহু স্কুল-কলেজত আসন খালী থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়। ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহনা যোগাই আহিছে।

পৰিশ্ৰমৰ মৰ্যাদা নুবুজা বাবেও অনেক লোক নিবনুৱা হ'ব লগাত পৰিছে। অসমৰ চাহবাগান, ধানবনা কল, কাঠফলা কল, কয়লাৰ খনি, ইটাভাটা আদিত কাম কৰা বনুৱাৰ ভিতৰত অধিকাংশই বাহিৰৰ বনুৱা। কামৰ বাচ বিচাৰেও অসমত নিবনুৱা সংখ্যা বৃদ্ধি কৰি তুলিছে।

বানপানী সমস্যা

অসমৰ বানপানী সমস্যা এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বৃকীতি লাভ কৰিছে। অসমত ভৌগোলিক অৱস্থিতিয়েই বানপানীৰ এটা মূল কাৰণ। ১৯৫০ চনৰ ভূমিকম্পৰ পিচতে ব্ৰহ্মপুত্ৰকে আদি কৰি অন্যান্য কিছুমান নদীৰ তলি বাম হোৱাত তাৰ কাষৰ ঠাই সমূহত বানপানীৰ সৃষ্টি হয়। বানপানীৰ ফলত মানুহৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ ফলত অসমৰ একমাত্ৰ সম্বল আহু আৰু শালিধানৰ খেতি নষ্ট হয়। ইযাৰ লগতে মৰাপাট, পাণ, আদা, হালধি, শাক-পাচলি, আদি কৃষিজাত শস্য নষ্ট হয়। বানপানীয়ে মানুহৰ ঘৰ পোহনীয়া জীৱ-জন্তুৰো বিস্তৰ ক্ষতি সাধন কৰে। সঞ্চিত ভঁৰালৰ ধান নষ্ট হোৱাৰ ফলত মানুহৰ মাজত অকাল, অনাটনে দেখা দিয়ে। বানপানীয়ে আলি-পদূলি তল নিয়াৰ ফলত যাতায়াতৰ অসুবিধা হয়। মানুহৰ মাজত জ্বৰ, গ্ৰহণী আদি মহামাৰিৰ সৃষ্টি হয়। বানপানীৰ ফলত চৰকাৰ তথা জনসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। বানপানীৰ সমস্যা অসমৰ এটা জ্বলন্ত সমস্যা।

অবৈধ অনুপ্ৰবেশকাৰী সমস্যা

বছৰে বছৰে বাংলাদেশকে ধৰি পশ্চিমবঙ্গ, নেপাল, বিহাৰ, ৰাজস্থান আদি অন্যান্য ঠাইৰ পৰা কৰ্মৰ সন্ধানত অসমলৈ আহি অসমত স্থায়ী-অস্থায়ী ভাৱে থাকি যোৱাৰ ফলত অসমত বিদেশী সমস্যাৰ সৃষ্টি কৰিছে। অসমত বিদেশী সমস্যাই অসমৰ আনুসাঙ্গিক বিভিন্ন সমস্যাৰো সৃষ্টি কৰিছে। নিবনুৱা সমস্যা, খাদ্য সমস্যা, জনসংখ্যাৰ সমস্যা, বাসস্থানৰ সমস্যা, ভূমি সমস্যা, অৰ্থনৈতিক সমস্যা আদি অনেক সমস্যাৰ সৃষ্টি কৰিছে। চৰকাৰৰ উদাসীনতাই এই সমস্যা বৃদ্ধিত অৰিহণা যোগাইছে। অসমৰ ৰাজনীতিতো বিদেশী সমস্যাই বিৰূপ প্ৰভাৱ পেলাই আহিছে।

১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত অসমত এক বৃহৎ সংখ্যক অবৈধ বাংলাদেশীৰ সীমান্তৰ উন্মুক্ত অংশই দি প্ৰবেশ ঘটে। যাৰ ফলত বহুতো হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু অসমৰ অৰ্থনীতিত এক চাপ পৰিছে। এই অনুপ্ৰবেশকাৰীসকলৰ সস্তীয়া শ্ৰম আৰু পাৰিশ্ৰমিকৰ বাবে থলুৱা লোকসকলে কৰ্মসংস্থাপন হেৰুৱাব লগাত পৰিছে।

উগ্ৰপন্থী সমস্যা

ভাৰতৰ নিষিদ্ধ ঘোষিত সংগঠন
উত্তৰ-পূব ভাৰত
  • নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম)
  • নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ)
  • নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং
  • সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)
  • পিপুলচ লেবৰেছন আৰ্মি
  • কাংলেই য়াৱোল কান্না লুপ (কে ৱাই কে এল)
  • জোমি লিভ'লুশ্বনেৰি ফৰ্ণ্ট
  • পিপ'লছ ৰিভ'লুছ'নেৰী পাৰ্টি অব কাংলেইপাক (প্ৰিপাক)

উগ্ৰপন্থীৰ সমস্যা অসমৰ বৰ্তমান এটা প্ৰধান সমস্যা। অন্যান্য সমস্যাসমূহে উগ্ৰপন্থী সৃষ্টিত বিশেষভাৱে অৰিহনা যোগাইছে। অসমত থকা সকলো সমস্যা নিবাৰণৰ কাৰণেই 'অসম সংযুক্ত মুক্তি বাহিনী' (আলফা) বিপ্লবী সংগঠনৰ জন্ম হয় যদিও আজি অসমত বৰ্তমান আলফা এটা প্ৰধান উগ্ৰপন্থী সংগঠন হৈ উঠিছে। ইয়াৰ লগতে অসমৰ অন্যান্য বড়ো, ৰাভা, কাৰ্বি, ডিমাছা, জনজাতি সমূহৰ মাজতো নিজ নিজ জাতিৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতো উগ্ৰপন্থী গোটৰ সৃষ্টি হৈছে। এই উগ্ৰপন্থী সংগঠন সমূহে অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। মূলত ৰাজ্য চৰকাৰ আৰু উগ্ৰপন্থীদলসমূহৰ বিবাদ নিষ্পত্তি অন্তৰালত সৰ্বসাধাৰণৰ অশান্তি হয়।

খাদ্য সমস্যা

খাদ্য সমস্যা সৃষ্টি হোৱাৰো মূল কাৰণ বিদেশী সমস্যা, জনসংখ্যা সমস্যা, বানপানী সমস্যা আদিয়েই প্ৰধান। জনসংখ্যাৰ অনুপাতে অসমত দিনে দিনে শস্যৰ উৎপাদন কমি আহিছে। আনহাতে গাওঁসমূহত উন্নতি কৃষি পদ্ধতিৰ সু-ব্যৱস্থা তথা তাৰ প্ৰতি সজাগ নোহোৱাৰ কাৰণেও শস্যৰ উৎপাদন কম। একেডৰা মাটিতে বছৰি একেবিধৰ খেতি কৰি থকাৰ ফলতো মাটিৰ উৰ্বৰা শক্তি কমি যায়। সময় মতে বৰষুণৰ পানীৰ অভাৱৰ লগতে কৃত্ৰিম উপায়েৰে উপযুক্ত পানী যোগানৰ ব্যৱস্থা নথকাতো শস্যই লাগতিয়াল পানী লাভ নকৰে। কিছুমান দালাল শ্ৰেণীৰ লোকে অধিক লাভৰ আশাত কিছুমান খাদ্য শস্য জমা কৰি ৰখাৰ ফলতো খাদ্যশস্যৰ নাটনিয়ে দেখা দিয়ে। বানপানীয়ে বহু মানুহৰ পথাৰত বালি পেলোৱাৰ ফলতো উপযুক্ত মাটিৰ অভাৱে দেখা দিয়ে।

অসমৰ সমস্যাৰ ভিতৰত এই কেইটাই প্ৰধান যদিও বহুক্ষেত্ৰত চৰকাৰৰ উদাসীনতাও ইয়াৰ কাৰণে জগৰীয়া। সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এটাৰ পিছত এটা নতুন সমস্যাই গা কৰি উঠিছে। দেখা যায় যে অসমৰ প্ৰতিটো সমস্যাই এটাৰ লগত আনটোৰ অঙ্গাগীভাৱে জড়িত।

তথ্য সংগ্ৰহ

Tags:

অসমৰ সমস্যা নিবনুৱা সমস্যাঅসমৰ সমস্যা বানপানী সমস্যাঅসমৰ সমস্যা অবৈধ অনুপ্ৰবেশকাৰী সমস্যাঅসমৰ সমস্যা উগ্ৰপন্থী সমস্যাঅসমৰ সমস্যা খাদ্য সমস্যাঅসমৰ সমস্যা তথ্য সংগ্ৰহঅসমৰ সমস্যা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাজীৱনীআইজাক নিউটনস্তনচৰকাৰী ভাষা আন্দোলন (অসম)মাইলছ ব্ৰনছনউপভাষাকৰম পূজাগঙ্গা নদীলং ৱাক টু ফ্ৰীডমৰছী টনা খেলহেম বৰুৱাভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানজয়মতী (২০০৬ চলচ্চিত্ৰ)দীৰ্ঘেশ্বৰী দেৱালয়যতীন্দ্ৰ নাথ দুৱৰামহেন্দ্ৰ সিং ধোনিতাল (বাদ্যযন্ত্ৰ)ম’বাইল ফোনঅজন্তা গুহাসমূহমুদ্ৰা বজাৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসম জাতীয় পৰিষদমায়ংঅসমৰ চিত্ৰকলাৰ ইতিহাসউৎসৱমহেশ্বৰ নেওগপদ্মনাথ গোহাঞি বৰুৱালক্ষ্মীনন্দন বৰাঅসমৰ ধান খেতিৰ সঁজুলিসমূহপাৰ্ৱতি প্ৰসাদ বৰুৱাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাআহোম-মোগলৰ সংঘৰ্ষশ্ৰীনিবাস ৰামানুজনবাঁহী (আলোচনী)কাৰেঙৰ লিগিৰীৰামসমাজবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসংগীতমৌখিক পৰম্পৰাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাৰাভা জনগোষ্ঠীবড়োলেণ্ডহেটুলুকামানৱ ভূগোলগান্ধীবাদগণেশগৌতম বুদ্ধসীতানাথ ব্ৰহ্মচৌধুৰীকীৰ্তন-ঘোষামুদ্ৰাৰমজানগুৱাহাটী পৌৰ নিগমঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাভাৰতত মহিলা শিক্ষানাৰীবাদ আৰু সমতাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫চুডাংফাকুশল কোঁৱৰমোৱামৰীয়া বিদ্ৰোহৱিকিপিডিয়াৰ তালিকাকমলাকান্ত ভট্টাচাৰ্য্যনাৰীবাদপ্ৰহ্লাদইছলামভ্ৰাম্যমাণ থিয়েটাৰমৌখিক ইতিহাসভাৰতৰ জাতীয় পতাকাডাইনীবিদ্যা🡆 More