অসমৰ মন্ত্ৰ-সাহিত্য

মন্ত্ৰ সাহিত্য হৈছে অসমীয়া লোক সাহিত্যৰ এক বিভাগ। মন্ত্ৰ সাহিত্যৰ ভিতৰত কৰতি মন্ত্ৰ, সাপৰ ধৰণী ধৰা মন্ত্ৰ, মোহিনী মন্ত্ৰ, বীৰাজৰা মন্ত্ৰ, সৰ্ব্বঢাক মন্ত্ৰ আদি উল্লেখযোগ্য। মন্ত্ৰবোৰ সাধাৰণতে বিভিন্ন দেৱ-দেৱীৰ নামত শপত দি গোৱা হয়। এই মন্ত্ৰবোৰৰ দ্বাৰা পূৰ্বতে লোক সমাজত চিকিৎসা আদি কৰা হৈছিল। তদুপৰি বিভিন্ন ক্ষেত্ৰত মন্ত্ৰৰ ব্যৱহাৰ বৈদিক যুগৰ পৰাই চলি আহিছে।

অসমৰ মন্ত্ৰ-সাহিত্য
অসমীয়া হৰফত ওঁ-কাৰ, ওঁক হিন্দু ধৰ্মত এটা বৰ্ণৰ মন্ত্ৰ হিচাপে ধৰা হয়।

বৈশিষ্ট্য

মন্ত্ৰ সমূহ প্ৰকৃততে মুখে মুখে প্ৰচলিত গীত-পদৰ দৰে। পৰৱৰ্তী কালত গীত-পদৰ দৰেই মন্ত্ৰই লিখিত ৰূপ লাভ কৰে। মন্ত্ৰসমূহ মৌখিক সাহিত্যৰ অন্তৰ্গত। গীত-পদৰ দৰে মন্ত্ৰৰ সৈতে আবৃত্তি-অভিনয় জড়িত; বেজে অভিনয় কৰি বিহঢেকীয়াৰ পাত, পচতীয়া, বিহলঙনী, নৰসিংহ, কলাকচুৰ পাত নাইবা ন-কাপোৰেৰে মন্ত্ৰ আংগিক অভিনয়সহ আবৃত্তি কৰে।

মন্ত্ৰৰ পৰম্পৰা প্ৰাক্ ঐতিহাসিক যুগৰপৰা চলি আহিছে। ঋক বেদ আদিত বহুতো মন্ত্ৰৰ উল্লেখ আছে। 'মন্ত্ৰ' শব্দটোৰ উদ্ভৱ হৈছে মন্ত্ৰ ধাতুৰ পৰা। শব্দটোৰ ব্যুৎপত্তিগত অৰ্থৰ পৰা- মন্ত্ৰ—ঘঞ কৰ্ম। ইয়াৰ অৰ্থ ক, 'to speak', কথা ক, আলাপ, উপদেশ প্ৰদান, উপদেশ গ্ৰহণ, চিন্তা কৰ্, গোপনীয়ভাৱে কথোকথন কৰ ইত্যাদি।

উদ্ভৱকাল

মন্ত্ৰ সাহিত্যৰ উদ্ভৱকাল সম্পৰ্কে সঠিক সিদ্ধান্ত এটাত উপনীত হ'ব নোৱাৰি যদিও প্ৰাক্-শংকৰী যুগত ইয়াৰ ব্যাপক চৰ্চা থকাৰ কথা অনুমান কৰা হয়। ডিম্বেশ্বৰ নেওগৰ মতে-

“মন্ত্ৰসমূহ অতি আদিম, অন্ততঃ একাদশ-দ্বাদশ শতিকাৰ পিছলৈ নাহে। বিশেষকৈ অসমীয়া সমাজত বৈষ্ণব ধৰ্মৰ ঢৌ উঠাৰ পাছত এনেবোৰ তন্ত্ৰ-মন্ত্ৰৰ ন-কৈ জন্মহোৱাৰ সম্ভৱ নহয় বুলিয়ে ভাবিব পাৰি।"

প্ৰকাৰ

মন্ত্ৰ দুবিধ, এবিধ প্ৰাৰ্থনামূলক আৰু আনবিধ ধমকি সূচক। ৰোগ-ব্যাধি উপশমৰ বাবে ওজা বা বেজে কৰা প্ৰাৰ্থনা বা স্তুতিৰ নাম প্ৰাৰ্থনা মন্ত্ৰ। যেনে—

    বন্দো বসন্ত কালী শ্যামাদেৱী মুণ্ডমালী
    বিস্ফোট নাশিনী দুঃখতাৰী।
    নাম যাৰ শীতলা বিবস্ত্ৰ শৰীৰ ভাশা
    সৰ্বক্ষণে তুমি উপকাৰী॥
    বিবস্ত্ৰ শৰীৰ যাৰ গাৱে শোভে অলঙ্কাৰ
    দশোদিশ গাৱৰ বসন।
    শুক্লকান্তি চতুৰ্ভুজা দেৱলোকে কৰে পূজা।
    বেদমাতা বৃষভ বাহন॥

কিছুমান মন্ত্ৰত ধমক বা ধমকিৰ সুৰ স্পষ্ট। ৰোগ ব্যাধিৰ প্ৰথম স্তৰত বিনয় বা প্ৰাৰ্থনামূলক মন্ত্ৰেৰে স্তুতি বা তুতি কৰা হয়। তাত কাম নহ'লে ধমক প্ৰধান বা ধমকি প্ৰধান মন্ত্ৰ প্ৰয়োগ কৰা হয়, বিশেষকৈ ভূত-প্ৰেত আদি খেদিবলৈ। বিষ-কোপ আদি নিৰাময়ৰ বাবেও ধমক বা ধকি প্ৰধান মন্ত্ৰ প্ৰয়োগ কৰা হয়। যেনে—

    শ্ৰীমহাদেৱৰ হুংকাৰ।
    চৈধ্য ভুৱনৰ দেখি নিৰন্তৰ॥
    ইং হুং হুংকাৰ চাৰি যা লংকাৰ পাৰ।
    নাহিবি অমুকাৰ ঘৰবাৰী সীমাই সঞ্চাৰ॥

অন্ধবিশ্বাস

অন্ধবিশ্বাস হৈছে মানুহৰ মনোগ্ৰাসী-বাধ্যতাৰ বিকাৰগ্ৰস্ততা (Obsessive Compulsive Disorder, OCD)। সকলো পৰিঘটনাৰে কাৰণ আৰু ফলৰ মাজত সম্পৰ্কৰ সন্ধানেই ইয়াৰ নিৰাময়ৰ প্ৰধান উপায়। বৈজ্ঞানিক দৃষ্টিভংগী আয়ত্ত কৰিবলৈ হ’লে কেইটামান নিৰ্দিষ্ট চৰ্ত আয়ত্ত কৰিব লাগে- ১) তথ্য, ২) নিৰ্মোহ বিশ্লেষণ, ৩) ইতিমধ্যে থকা প্ৰচলিত সত্য সম্পৰ্কে সন্দেহ পোষণ, ৪) পূৰ্ব অভিজ্ঞতা আৰু পূৰ্ব ধাৰণা, ৫) শুদ্ধাশুদ্ধি বিচাৰৰ প্ৰতি আগ্ৰহ। পুৰণিকালৰ অশিক্ষিত লোক সকলৰ মাজত বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ অনুশীলন হৈছিল। এই সমূহেই পৰৱৰ্তী কালত মানুহৰ মাজত প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বাগৰি আহিল। বিভিন্ন বেজ, কবিৰাজে মন্ত্ৰক এক মাধ্যম হিচাপে লৈ এই অন্ধবিশ্বাস সমূহৰ দ্বাৰা হোৱা সামাজিক অশান্তিত অৱদান আগবঢ়াই আহিছে।

তন্ত্ৰ-মন্ত্ৰৰ অঞ্চল

মায়ং অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল। এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়। মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দুৰত্বত অৱস্থিত। এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ। মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়। যাদু-মন্ত্ৰৰ ব্যৱহাৰৰ বাবে মায়ং খুবেই প্ৰসিদ্ধ আছিল। এইসম্পৰ্কে বহুতো কাহিনী প্ৰচলিত থকাৰ সম্ভেদ পোৱা যায়। উদাহৰণস্বৰূপে, মন্ত্ৰৰ বলেৰে আলহীৰ গাত পিৰা লাগি ধৰা, বহুতো দুৰত্ব কম সময়ৰ ভিতৰতে অতিক্ৰম কৰা, পিঠিত কাঁহৰ কাঁহী আঠা লাগি ধৰা আদি ঘটনাৰ কথা জনা যায়। এই অঞ্চললৈ যাদুশিক্ষাৰ উদেশ্যেৰে বহু দুৰ-দূৰণিৰ পৰাও লোক অহা বুলি জানিব পৰা যায়। কেইটামান ব্যতিক্ৰমৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল। কিংবদন্তীত মায়ঙকে ধৰি প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ গুৰুত্বপূৰ্ণ উল্লেখ আছে। উদাহৰণস্বৰূপে কচাৰী ৰাজত্বৰ মহাৰজা ঘটোৎকচে মহাভাৰতৰ যুদ্ধত অংশ লৈ যাদুমন্ত্ৰৰ প্ৰ্য়োগ কৰাৰ কথা জনা যায়।

তথ্যসূূত্ৰ

Tags:

অসমৰ মন্ত্ৰ-সাহিত্য বৈশিষ্ট্যঅসমৰ মন্ত্ৰ-সাহিত্য উদ্ভৱকালঅসমৰ মন্ত্ৰ-সাহিত্য প্ৰকাৰঅসমৰ মন্ত্ৰ-সাহিত্য অন্ধবিশ্বাসঅসমৰ মন্ত্ৰ-সাহিত্য তন্ত্ৰ-মন্ত্ৰৰ অঞ্চলঅসমৰ মন্ত্ৰ-সাহিত্য তথ্যসূূত্ৰঅসমৰ মন্ত্ৰ-সাহিত্য

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ধান খেতিৰ সঁজুলিসমূহপায়ু সংগমদেওপাহাৰপানীবেণুধৰ শৰ্মাঅয়নান্ত (গ্ৰন্থ)শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাফাকুৱাভাষাবিজ্ঞানদানৱ ৰাজবংশকাৰ্ল মাৰ্ক্সদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাজয়মতী কুঁৱৰীভাৰতৰ স্বাধীনতা আন্দোলনগোপীনাথ বৰদলৈগণেশমনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবাঁহীশৰ্কৰানৰনাৰায়ণ সেতুমদন কামদেৱ দেৱালয়অসমীয়া লোক-সংস্কৃতিপূৰবী বৰমুদৈৰামঅসমৰ কাঁহ শিল্পৰাজিয়া চুলতানালিংগভিত্তিক অধ্যয়নঅখণ্ড সংখ্যাউপন্যাসসৰ্পগন্ধাসুঁৱৰিভাৰতীয় ভাষাঅসমীয়া জলপানমানচিত্ৰডিম্বেশ্বৰ নেওগইতিহাসপ্ৰাচীৰ পত্ৰিকাঅসমৰ সমস্যামিডিয়াৱিকিসংক্ৰমণগ্ৰহঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাযোৰহাট জিলাৰ ইতিহাসনিকি তাম্বোলিপৰিসংখ্যাজেতুকামানুহঅণুবীক্ষণ যন্ত্ৰপ্ৰাগজ্যোতিষপুৰঅসমৰ ইতিহাসশৰাইঘাটৰ যুদ্ধঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাউত্তৰ গুৱাহাটীহিউৱেন-চাংদ্য টেল অফ গেঞ্জিঅভ্যাসঅসমৰ তামোল-পাণ সংস্কৃতিঅশোকাষ্টমীভট্টদেৱৰ গদ্যশৈলীবিহুগীতল'ৰাঅসহযোগ আন্দোলনমহাদেশএজাৰভাৰতীয় নাগৰিকত্ব আইনবিপৰীতাৰ্থক শব্দবৰপেটা (লোকসভা সমষ্টি)অসমৰ ভূগোলআঁহতবতাহঅপৰূপাঅসমীয়া গীতি সাহিত্যঅসমীয়া ৰাজ্যপালসকলৰ তালিকাঅনুবাদবিজ্ঞাপনবড়ো জনগোষ্ঠী🡆 More