অসমৰ ধান খেতিৰ সঁজুলিসমূহ

অতীজৰে পৰাই অসমীয়া মানুহে খেতিৰ লগত জড়িত হৈ আহিছে, কৃষি কৰ্মৰ লগত জড়িত কিছু সঁজুলিৰ হ'ল নাঙল আৰু যুঁৱলি, লাহনি, ওখোন আদি।

অসমৰ ধান খেতিৰ সঁজুলিসমূহ
গৰু গাড়ী

নাঙল

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
এজন খেতিয়কে পথাৰত নাঙলৰ যোগেদি মাটি চহ কৰা দৃশ্য

খেতিয়কৰ আৰু খেতিৰ প্ৰধান আহিলা হৈছে নাঙল। এই নাঙল তৈয়াৰ কৰিবলৈ জামুক, পমা, নাইবা সোনাৰু গছ হলে ভাল হয়, পাৰিলে গছৰ কিছু বেকা অংশ পালে সাজিবলৈ সুবিধা হয়, গছৰ গা-ডোখৰৰ ৬ ফুটমান অংশ কাটি আনি তাক ছাচ, দা বা হাতোৰাহীৰে ছাচি ছাচি নাঙলৰ আকৃতি দিয়া হয়। নাঙলৰ হাতেৰে ধৰা অংশটোক কুটী বুলি কোৱা হয় আৰু মাটি চহাৱলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লোৰ সংযোগ কৰা হয় যাক কোৱা হয় ফাল বুলি, ফালখন নাঙল তলৰ অংশৰ খোলনিত মজবুতকৈ লাগি থাকিবলৈ এডাল বাঁহৰ শলা লগোৱা হয়, তাক কোৱা হয় 'বেঙা' বুলি।

যুঁৱলি

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
যুঁৱলি

ফাল খনৰ কিছু ওপৰত এটা ফুটা কৰি তাত বাঁহৰ গুডি সহিতে ৭ ফুটমান দৈৰ্ঘ্যৰ এটা বাঁহৰ 'ইহ' লগোৱা হয়। ইহৰ আগফালে কেইটামান খাজ কাটি ৰখা হয়, সেই খাজত যুঁৱলিখন ৰছীৰে বান্ধিব পাৰি। এই ৰছী ডালক 'আউচ' বুলি কোৱা হয়। প্ৰায় ৬ ফুটমান দৈৰ্ঘ্যৰ এটুকুৰা ভলুকা বাঁহ দুই মুৰে গাঠিৰে সৈতে কাটি যুঁৱলি সজা হয়, যুঁৱলিৰ দুয়োটা মূৰত গৰুৰ ডিঙি সোমাব পৰাকৈ জোখেৰে দুটা ফুটা (ইপাৰ সিপাৰকৈ কৰা খোলনি) কৰি সেই ফুটাৰে দুটা বাঁহৰ খুটি সুমুৱাই দিয়া হয় যাতে গৰুৰ ডিঙিটো ইফালে-সিফালে লৰচৰ নকৰে। সেই খুটি দুটাক শলমাৰি বোলা হয়। যুঁৱলিৰ সোঁ-মাজতে আৰু দুটা সৰু ফুটা কৰি সৰু সৰু দুটা বাঁহৰ সলা লগাই দিয়া হয়, সেই দুটাক নিগনি খুটি বুলি কোৱা হয়। তাৰ তলেদি নাঙলৰ ইহটো দি ৰছীৰে বান্ধি দিয়া হয়।

নাঙল আৰু যুঁৱলি তৈয়াৰ হোৱাৰ পাছত বলধ গৰু দুটাৰ কান্ধত জুৱলিৰ দুই মূৰ লগাই বান্ধি দিযে, এনেকৈ বান্ধি দিয়া ৰছী ডালক জুত বুলি কোৱা হয়। এইদৰে নাঙল যুঁৱলি আৰু গৰুহাল সাজু হ'লেহে হালোৱাই নাঙলৰ কুটীত ধৰি পথাৰত ঘূৰাই ঘূৰাই হাল বায়। হাল বোৱাৰো নিয়ম আছে, এপাক এপাক কৈ এটা নিদিষ্ট অংশ চহাই শেষ হলে সেই অংশক এটা 'আউচ' বুলি কোৱা হয়। এডৰা মাটি এবাৰ চহাই হলে এচাহ মাৰি হ'ল বুলি কোৱা হয়। এইদৰে এডৰা মাটি কেইবা চাহো মাৰিলেহে খেতিৰ উপযুক্ত হৈ উঠে।

মৈ

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
মৈ

সাধাৰণতে দুফাল আৰু কেতিয়াবা তিনি ফাল ৭ ফুটমান দৈৰ্ঘ্যৰ বাঁহক দীঘলকৈ ৰাখি মাজত খোলনি কৰি প্ৰায় ২ বা ৩ ফুট দৈৰ্ঘ্যৰ চাৰিডোখৰ বাঁহক পথালিকৈ সংযোগ কৰি মৈ তৈয়াৰ কৰা হয়। হাল বোৱাৰ পিছত নাঙলৰ সীৰলুৰ আঁচবোৰৰে ফহিঁয়াই পেলোৱা পথাৰৰ মাটিৰ পৃষ্ঠভাগ সমান কৰিবলৈ মৈ ব্যৱহাৰ কৰা হয়। যুঁৱলিৰ পৰা নাঙল সোলকাই মৈখন মৈ-টকাৰে (কেতিয়াবা দীঘল দুডাল ৰছীৰে) যুঁৱলিৰ লগত সংযোগ কৰি দিয়া হয়, হালোৱাই মৈ মাজৰ থিয় বাঁহৰ পাত দুডোখৰত ভৰি দি থিয় হৈ গৰু হালক নিৰ্দ্দেশ দি আগুৱাই লৈ যায়।

ডলি-মাৰি

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
ডলি-মাৰি

নাঙলেৰে মাটি চহোৱাৰ পিছত ৰৈ যোৱা তুলনামূলক মাটিৰ ডাঙৰ চপৰাবোৰ ভাঙি গুড়ি কৰিবৰ বাবে ডলি-মাৰি ব্যৱহাৰ কৰা হয়। প্ৰায় ১.৫ দৈৰ্ঘ্যৰ এটুকুৰা সৰু কঠিন কাঠ শিলিখা গুটিৰ আকৃতিত কাটি লোৱা হয়। ইয়াৰ পিছত শিলিখা গুটি আকৃতিৰ কাঠ টুকুৰাৰ দুয়োটা মূৰ প্ৰায় ১ ইঞ্চিমানকৈ কাটি দিয়া হয়। কাঠ টুকুৰাৰ প্ৰায় সোঁ-মাজতে এটা ফুটা কৰি এডাল ৬ ফুট মান দীঘল বাহঁৰ নাল লগোৱা হয়। এই নালডালেৰে ডলি-মাৰিক হাতত লৈ কাঠৰ টুকুৰাটোৰে মাটিৰ চপৰাবোৰ কোবাই গুড়ি কৰা হয়।

লাহনী

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
লাহনী

পানী সিচা কাৰ্য্যত ব্যৱহাৰ কৰা এবিধ সঁজুলি। তেলৰ টিন বা আন টিনৰ ২ফুটমান কাটি এটা মুৰত বাঁহৰ নাল এটা লগাই আৰু আনটো মুৰত পথালিকৈ বাঁহৰ শলা এডাল লগাই টিন ডোখৰ আৰু নালৰ মাজত সংযোগ কৰি ৰখা হয়। খেতিৰ মাটিত উপযুক্ত পানীৰে পৰিপূৰ্ণ কৰিবলৈ ওচৰৰ পানী থকা অংশৰ পৰা লাহনীৰে পানী সিঁচাত ব্যৱহাৰ কৰা হয়।

ওখোন

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
মৰণা মাৰোঁতে ব্যৱহাৰ কৰা ওখোন

আগলি বাঁহৰ ৫ফুটমান আৰু সেইবাঁহৰ আগভাগত লাগি থকা আখি এটাৰ ৬ ইঞ্চি মান ৰাখি (বাঁহ গছৰ গাঠি) কাটি লোৱা হয় আৰু সেই আগবাঁহ ডোখৰৰ গোটেই গাটো কটাৰী বা দা-ৰে চাচি নিমজ কৰি লোৱা হয়। গাঠি অংশ ৰছী বা তাঁৰেৰে বান্ধি জ্বুইত কিছু সময় সেকি ধেনু আকৃতিৰ কৰি লোৱা হয়। সাধাৰণতে মৰণা মৰাৰ সময়ত মৰণাৰ খেৰ বোৰ জোকাৰিবলৈ বা গোটাবলৈ ওখোন ব্যৱহাৰ কৰা হয়। ঠাই বিশেষে এই সঁজুলিবোৰ বেলেগ বেলেগ নামৰে জনাজাত হ'ব পাৰে।

বাওঁকা বা বিৰীয়া

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
ধানৰ ডাঙৰি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা এপাত বিৰীয়া

এফাল ভলুকা বাঁহ, দুই মূৰ জোঙা কৰি চাঁচি লৈ নিমজ কৰা হয়, মাজৰ অংশটি দুই মূৰতকৈ কিছু বহল আকাৰৰ কৰা হয়, যাতে কান্ধত ল'বলৈ সুবিধা হয়। এই বাওঁকা (বিৰীয়া) পথাৰৰ পৰা ধানৰ মুৰিয়া (ধানৰ একোটা মোঠা)বোৰ দুই মূৰত খোচমাৰি চিলাই কান্ধত লৈ কঢ়িওৱা কামত ব্যৱহাৰ কৰা হয়। দুই মূৰত অতি কমেও ৫টাকৈ ১০টামান মুৰিয়া কঢ়িয়াই আনিব পাৰি।

হোলোঙা

বিৰিয়া আৰু হোলোঙাৰ ব্যৱহাৰ প্ৰায় একেই। পাৰ্থক্য মাথোঁ এটাই বিৰিয়া এফাল বাঁহেৰে তৈয়াৰ কৰা হয় আৰু হোলোঙা গোটা জাতি বাঁহেৰে তৈয়াৰ কৰা হয়।

কাঁচি

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
এখন কাঁচি

লোৰে তৈয়াৰী এবিধ সঁজুলি। ইয়াক ধান কটা কামত ব্যৱহাৰ কৰা হয়। দেখিবলৈ কাঁচখন সাইলাখ কাঁচি জোনটোৰ দৰেই। সাধাৰণতে কমাৰেহে কাঁচি, কোৰ, নাঙলৰ ফাল আদি তৈয়াৰ কৰিব পাৰে। কাঁচিৰ এটা ফালে সৰু সৰু বেকা বেকা আগৰ পৰা গুৰিলৈকে অসংখ্য ধাৰ থকা দাঁত থাকে যিয়ে ধান সহজে কটাত সহায় কৰে। গুৰিৰ অংশটো কিছু জোঙা কৰা থাকে যাতে তাত হাতেৰে ধৰিব পৰাকৈ এটা নাল লগাবলৈ সুবিধা হয়, নালটো কাঠৰে হাতৰ মুঠিৰ জোখেৰে কাটি লৈ এটা মূৰত বেৰি (লোৰ আঙঠি সদৃশ)লগোৱা হয় যাতে নালটো কেনেবাকৈ ফাটি নাযায়। বেৰি নালৰ মূৰত লগাই হলেই কাঁচিৰ জোঙা অংশটি জ্বুইত গৰম কৰি গৰমে গৰমে সেইটো বেৰিৰ মাজিদি নালটোত সুমুৱাই দিয়া হয়।

কোৰ

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
এখন কোৰ

লোৰে তৈয়াৰী এখন ৬ ইঞ্চিমান দৈৰ্ঘ্যৰ এটা মূৰত ধাৰ থকা সঁজুলি যাৰ এটা ওপৰৰ ফালে এটা বাঁহৰ বা কাঠৰ নাল লগোৱা হয়। এই কোৰেৰে পথাৰৰ আলিবোৰৰ পাৰবোৰ কাটি কাটি ঘাঁহ থকা অংশ আঁতৰাই পেলাই পুনৰ নতুনকৈ আলি দিয়া হয় যাতে আলিবোৰ সমান আৰু পোন হৈ পৰে আৰু আলিৰ মাজেদি যাতে খেতিৰ লাগতিয়াল পানী বাহিৰলৈ ওলাই যাব নোৱাৰে।

কোৰোণা

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
এখন কোৰোণা

ধান মেলিবলৈ আৰু গোটাবলৈ কোৰোণা ব্যৱহাৰ কৰা হয়। দেখাত ধেনুখনৰ আকৃতিৰ কাঠৰ তক্তাৰে তৈয়াৰ কৰা হয়। কাঠৰ বহল তক্তা এখন অৰ্দ্ধ-চন্দ্ৰাকৃতিত কাটি লৈ ধেনুভিৰিয়া অংশটোৰ পৰা ২ ইঞ্চিমান তলত আৰু সোঁ আৰু বাঁওফালৰ পৰা সোঁ-মাজত এটা ফুটা কৰি বাঁহৰ ৪-ৰ পৰা ৬ ফুটমান দীঘল এডাল নাল লগোৱা হয়।

গৰুগাড়ী

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
গৰুগাড়ী

দুটা কাঠৰ চকাযুক্ত এখন গাড়ী যাক এহাল বলধ গৰুৱে টানি লৈ যায়। পথাৰৰ ধান ঘৰলৈ কঢিওৱা কামত এই গাড়ীব্যৱহাৰ হয়। গৰুগাড়ীৰ আগ অংশত নাঙলত ব্যৱহাৰ কৰাৰ দৰেই এখন যুঁৱলি থাকে। এই যুঁৱলিতো হালৰ দৰেই দুফালে দুটা বলধ গৰু লগাই গাড়ী চলোৱা হয়। গাডীখনৰ দুফালে দুটা কাঠৰে তৈয়াৰী চকা থাকে, চকাৰ দাঁতিবোৰ কাঠৰেই তৈয়াৰ কৰা। কাঠৰ দুইটা চকাত এচটা ফাল লগোৱা থাকে যাতে চকাবোৰ চলিলে সহজে কাঠবোৰ ক্ষয় বা নষ্ট হৈ নাযায়, চকাৰ মাজৰ অংশটোক ঢোল বুলি কোৱা হয়। চকা দুটাৰ আকাৰ এটা বৃত্তৰ দৰে আৰু প্ৰায় ১.৫০মিটাৰমান ওখ থাকে। চকা দুটা এডাল লোহাৰ ধুৰাৰে (লোৰ ৪ইঞ্চিমান বহল আৰু প্ৰায় ৮ফুটমান দীঘল) সংযোগ হৈ থাকে, ধুৰাডালৰ দুইমূৰত চকা কেইটা সহজে ঘূৰিব পৰাকৈ মৰাপাট মেৰিয়াই দি তাত তেল লগাই দিয়া হয়। এই ধুৰাডাল আকৌ গাড়ীখনৰ লগত দয়োফালে দুটা টেটেলা আৰু দুডাল বাঁহৰ ফৰৰ লগত লগহৈ সংযোগ হৈ থাকে। টেটেলা হল কাঠৰে তৈয়াৰী দুই মুৰ সৰু আৰু মাজৰ ঠাইত অলপ মোটা, মোটা অংশটোত একোটাকৈ খাজ কৰা থাকে যাতে ধুৰাডাল সেই খাজত খাপ খাই পৰে। টেটেলাৰ ওপৰৰ ফালটোত আকৌ ফৰডাল খাপ খাব পৰাকৈ খাজ কৰা থাকে। ফৰ মানে হৈছে ভলুকা বাঁহৰ ১২ৰ পৰা ১৪ফুটমান দীখল টুকুৰা, যুঁৱলিৰ লগত সংলগ্ন হৈ একেবাৰে গাড়ীৰ পাছৰ অংশলৈকে থাকে। এতিয়াৰ ইন্ধন চালিত গাড়ীৰ 'ছেচিছ'ৰ লগত ইয়াক ৰিজব পাৰি। গৰুগাড়ীৰ চাঙখন বাঁহৰ কামিৰে বৈ বৈ তৈয়াৰ কৰা হয়, চাঙখনৰ আগফালৰ অংশত এচটা সৰু কাঠৰ তক্তা আৰু পাছৰ অংশত এচটা দীঘল তক্তা লগোৱা থাকে। এই তক্তা দুখনৰ দুইমূৰত দুটাকৈ বাঁহৰ ২ফুটমান ওখ খুটা লগাই তাত বাঁহৰ দাং লাগাই দিয়া হয়। খুটাৰ ওপৰৰ দাং পৰি যাব নোৱাৰাকৈ ৰছীৰে তলৰ চাংখনৰ লগত ওপৰৰ পৰা তললৈ পকাই পকাই দিয়া হয়। এখন গৰুগাড়ী সাজোতে অতি কমেও ১৫ৰ পৰা ২০ দিন মান সময়ৰ প্ৰয়োজন হয়। গৰুগাড়ীৰ চালক জনক গাৰোৱান বুলি কোৱা হয়।

মোখোৰা

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
বেতেৰে নিৰ্মিত এযোৰ মোখোৰা

মোখোৰা হল মৰণা মাৰোতে গৰুৰ মুখত বন্ধা সৰ্বসাধাৰণতে বেতেৰে আৰু কেতিয়াবা বাঁহেৰে সজা সঁজুলি। মোখোৰা বেতৰ সুত বা বাঁহৰ সৰু সৰু ১ ছেণ্টি মিটাৰ মান বহল কাঠিৰ লগত ৫ মিলি মিটাৰ মান ডাঠ কাঠি তুলি গৰুৰ মুখৰ আকৃতিত বৈ তৈয়াৰ কৰা হয়। মৰণা মাৰোতে বা হাল বাওঁতে গৰুৰ মুখত পিন্ধাই দিয়া হয় যাতে গৰুহালে ধান খায় নষ্ট কৰিব নোৱাৰে।

জাপি

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
জাপি

বাঁহ আৰু তাল গছৰ পাত বা টকৌ গছৰ পাত ব্যৱহাৰ কৰি জাপি তৈয়াৰ কৰা হয়। এই জাপি ৰদ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয়, জাপি বিহুত আৰু সন্মানসূচক সম্বৰ্ধনা জনাবলৈও ব্যৱহাৰ কৰা হয়। জাপিৰ আকাৰ বিভিন্ন ধৰণৰ আছে- বৰ জাপি, সৰু জাপি। খেতি-পথাৰত ব্যৱহাৰ কৰা জাপিৰ আকাৰ ১ মিটাৰতকৈ কম বহল ঘূৰণীয়া (বৃত্তাকাৰ)। মাজ অংশটোত হালোৱাজনৰ মূৰত খাপ-খাই পৰাকৈ এটা জোঙা কৰা অংশ থাকে। প্ৰথমতে ঘূৰণীয়া আকৃতিৰ (চালনি আকৃতি) মাজত সৰু সৰু ফাক থকা দুখন ছাল(জালি) বৈ তৈয়াৰ কৰি লোৱা হয়, এই চালনি আকৃতিৰ ছাল দুখন বওঁতে একেবাৰে কেন্দ্ৰবিন্দুৰ পৰা আৰম্ভ কৰি ৮ ইঞ্চিমান বৈ হোৱাৰ পাছত এটা অলপ ডাঠ ঘূৰণীয়া শলিৰে বান্ধি ওপৰৰ অংশ জোঙা কৰা হয। এনেকৈ দুয়োখন ছাল বৈ হোৱাৰ পাছত টকৌ পাত বা তাল পাত ঘূৰণীয়াকৈ কাটি দুইখন ছালৰ মাজত পাৰি দিয়া হয় আৰু ঠায়ে ঠায়ে গাঠি দিয়া হয়।

তোম

কঠীয়া ধান (ধানক সঁচ) সযতনে ৰাখিবলৈ তোম ব্যৱহাৰ কৰা হয়। জাতি বাঁহৰ কাঠি তুলি একমিটাৰ মান দীঘল আৰু প্ৰায় ২.৫ ফুট বহল কৈ এখন বাকনি (জালি সদৃশ)বৈ তৈয়াৰ কৰি লোৱা হয়। বাৰমিহলি ধানৰ ভালৰো ভাল ধান বাচি লৈ পাছৰ বছৰৰ বাবে সঁচ হিচাপে ৰখিবলৈ তোমৰ ভিতৰখন প্ৰথমে ধানখেৰেৰে পাতলীয়াকৈ অলপো সুৰুঙা নথকাকৈ পাৰি লোৱা হয়। কেনিও যাতে কোনো চিদ্ৰ নাথাকে তাক নিশ্চিত কৰি লৈ কঠীয়া ধানখিনি সযতনে তোমটোৰ ভিতৰত ভৰাই তোমৰ মুখখন বাঁহৰ কাঠিৰে বান্ধি বন্ধ কৰি দিয়া হয়। এনে তোমত ২০ কিলো'লৈকে ধান আঁটে। এনেকৈ তোমৰ ভিতৰত বহুদিনলৈ কঠীয়া ধান সাঁচি ৰাখিব পাৰি।

ডুলি

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
বাহেঁৰে নিৰ্মিত এযোৰ ডুলি

পথাৰৰ পৰা শস্য ঘৰলৈ আনি বছৰটোৰ বাবে সাঁচি ৰাখিবলৈ ডুলি ব্যৱহাৰ কৰা হয়। সাধাৰণতে ভঁৰাল নাথাকিলে বা ভঁৰালত ধান ৰাখিবলৈ পৰ্যাপ্ত ঠাইৰ অভাৱ হ'লেই ডুলি ধান থ’বলৈ ব্যৱহাৰ কৰা হয়। ডুলিটো ওখই প্ৰায় ২ৰ পৰা ২.৫ মিটাৰ মান ওখ আৰু ১.৫ৰ পৰা ২ মিটাৰ মান বহল থাকে। বাঁহৰ ১ ইঞ্চিমান বহল কাঠি তুলি ঢাৰি বোৱাৰ নিচিনাকৈয়ে ডুলিৰ বাবেও বেৰ আৰু তলখন বৈ তৈয়াৰ কৰা হয়। ধান উলিয়াবলৈ আৰু ভৰাবলৈ ওপৰৰ ফালৰ মুখখন খোলাকৈ ৰখা হয়।

দোণ্

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
বাঁহৰ কাঠী আৰু বেতৰ সুতেৰে নিৰ্মিত এটা দোণ্

পুৰণি কৃষিপ্ৰধান অসমৰ গ্ৰাম্য অৰ্থনীতিত 'দোণ্'ৰ এক সুকীয়া স্থান আছিল। দগা-পাল্লা বা তেনে ধৰণৰ মান্য সজুঁলি অসমৰ গ্ৰাম্য চহা জীৱনত প্ৰৱেশ কৰাৰ আগেয়ে ধান বা তেনেধৰণৰ শস্যৰ পৰিমাণ জোখ-মাপ কৰিবৰ বাবে দোণ্ ব্যৱহৃত হৈছিল। বাঁহৰ কাঠী আৰু বেতৰ সুতেৰে নিৰ্মিত দোণত ওপচাকৈ শস্যৰ গুটি ৰাখিলে পাঁচ সেৰ হয়।

ভঁড়াল

ভঁড়াল ঘৰ হ'ল ধান সংৰক্ষণ কৰিবলৈ সাজি লোৱা ঘৰ। খেতিয়কে শস্য পথাৰৰ পৰা চপাই আনি সেই শস্য বছৰটোৰ কাৰণে বা ভবিষ্যতৰ কাৰণে সংৰক্ষণৰ কৰিবলৈ ব্যৱহাৰ কৰে। দেখাত ঘৰটো চাংঘৰ সদৃশ। ইয়াৰ মজিয়াখন মাটিৰ পৰা ২ ফুটমান ওপৰত ৰাখি ঘৰটো সজা হয় যাতে শস্যবোৰ সহজে মাটিৰ ভাপ লাগি সেমেকি বা নষ্ট হৈ নাযায়। ঘৰটো কাঁঠ বা বাঁহৰে সজা হয়। মজিয়াখন মাটিৰ পৰা ওপৰত ৰাখিবলৈ ডাঙৰ কাঁঠৰ বা বাঁহৰ খুটা ব্যৱহাৰ কৰা হয়। কিছুমান ঠাইত খুটাৰ ঠাইত ডাঙৰ ডাঙৰ শিলো ব্যৱহাৰ কৰা হয়, যাক উধান বুলি কোৱা হয়। ওপৰৰ চালখন খেৰেৰে চোৱা হয়। ভঁড়াল ঘৰটোৰ ভিতৰখন বাঁহৰ বেৰা (বাকনি) দি কেইবাটাও কোঠা সজা হয় যাতে বেলেগ বেলেগ ধান বেলেগে বেলেগে ৰাখিব পৰা যায়। ভঁড়ালৰ দুৱাৰ মুখত ধান উলিওৱা আৰু সুমোৱাৰ সুবিধাৰ বাবে চাংঘৰৰ বাৰাণ্ডাৰ (balcony) নিচিনাকৈ এটা অংশ থাকে। সেই অংশটোক গাঢৰি বা গাধৈ বুলি কোৱা হয়।

আলোকচিত্ৰ

অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
শাওণ মাহত মাটি মৈয়াই থকা কৃষক আৰু ভুঁই ৰোৱা ৰোৱনী
শাওণ মাহত মাটি মৈয়াই থকা কৃষক আৰু ভুঁই ৰোৱা ৰোৱনী  
অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
মৈত লগোৱা অৱস্থাত এটা মৈ-টকা
মৈত লগোৱা অৱস্থাত এটা মৈ-টকা  
অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
এচটা বাওঁকা আৰু এযোৰ সিকিঁয়া
এচটা বাওঁকা আৰু এযোৰ সিকিঁয়া  
অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
মৰণা মৰা দৃশ্য
মৰণা মৰা দৃশ্য  
অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
এজন মানুহে ওখোনৰে খেৰ জোকাৰিছে
এজন মানুহে ওখোনৰে খেৰ জোকাৰিছে  
অসমৰ ধান খেতিৰ সঁজুলিসমূহ 
মৰণা মৰা হোৱাৰ পাছত ধানৰ পৰা পতান, খেৰ ইত্যাদি বাচিবৰ বাবে ডলাৰে বা দিয়া দৃশ্য
মৰণা মৰা হোৱাৰ পাছত ধানৰ পৰা পতান, খেৰ ইত্যাদি বাচিবৰ বাবে ডলাৰে বা দিয়া দৃশ্য  

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  1. বৃদ্ধি ডট এএইউ ডট এচি ডট ইন Archived 2012-05-19 at the Wayback Machine
  2. আইএদিজি ডট ইন


Tags:

অসমৰ ধান খেতিৰ সঁজুলিসমূহ নাঙলঅসমৰ ধান খেতিৰ সঁজুলিসমূহ যুঁৱলিঅসমৰ ধান খেতিৰ সঁজুলিসমূহ মৈঅসমৰ ধান খেতিৰ সঁজুলিসমূহ ডলি-মাৰিঅসমৰ ধান খেতিৰ সঁজুলিসমূহ লাহনীঅসমৰ ধান খেতিৰ সঁজুলিসমূহ ওখোনঅসমৰ ধান খেতিৰ সঁজুলিসমূহ বাওঁকা বা বিৰীয়াঅসমৰ ধান খেতিৰ সঁজুলিসমূহ হোলোঙাঅসমৰ ধান খেতিৰ সঁজুলিসমূহ কাঁচিঅসমৰ ধান খেতিৰ সঁজুলিসমূহ কোৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহ কোৰোণাঅসমৰ ধান খেতিৰ সঁজুলিসমূহ গৰুগাড়ীঅসমৰ ধান খেতিৰ সঁজুলিসমূহ মোখোৰাঅসমৰ ধান খেতিৰ সঁজুলিসমূহ জাপিঅসমৰ ধান খেতিৰ সঁজুলিসমূহ তোমঅসমৰ ধান খেতিৰ সঁজুলিসমূহ ডুলিঅসমৰ ধান খেতিৰ সঁজুলিসমূহ দোণ্অসমৰ ধান খেতিৰ সঁজুলিসমূহ ভঁড়ালঅসমৰ ধান খেতিৰ সঁজুলিসমূহ আলোকচিত্ৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহ তথ্য সংগ্ৰহঅসমৰ ধান খেতিৰ সঁজুলিসমূহ বাহ্যিক সংযোগঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমীয়া মানুহকৃষি

🔥 Trending searches on Wiki অসমীয়া:

ছক্ৰেটিছবৰপেটানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯তোলনি বিয়াভাৰতীয় ৰিজাৰ্ভ বেংকপ্ৰথম বিশ্বযুদ্ধঅসমৰ তেল শোধনাগাৰছট পূজাঅসমৰ নদীসমূহৰ তালিকামুদ্ৰাস্ফীতিইংৰাজী ভাষাউদাৰনৈতিকতাবাদদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকাতি বিহুচৰকাৰমই আৰু নেফাসত্যনাথ বৰাকাগজ ফুলঅসমীয়া বৰ্ণমালাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলৰামধেনুজামুগুৰিহাটদুৰ্গা পূজাৰুবুল মাউতভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাসংবিধান দিৱস (ভাৰত)ৰুদ্ৰেশ্বৰ দেৱালয়হিউৱেন-চাংসাঁচিপাতহিন্দুত্বচিংফৌ জনগোষ্ঠীপ্লেটোমৃত্যুঞ্জয়অভিধানঅসমীয়া খবৰবিষ্ণুপ্ৰসাদ ৰাভাবিহুৰ খাদ্যগুণাভিৰাম বৰুৱাঅশোক স্তম্ভদৌল গোবিন্দ মন্দিৰমাৰ্ক্সবাদএশিঙীয়া গঁড়মানৰ অসম আক্ৰমণআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসম লোকসেৱা আয়োগমণিপুৰী নৃত্যগড়গাঁওহিন্দু ধৰ্মবনঘোষাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাচন্দ্ৰযান-৩ভাৰত ত্যাগ আন্দোলনমৌখিক ইতিহাসকামৰূপ জিলাঅনিৰুদ্ধদেৱঅসমীয়া ভাষাতগৰগণৰাজ্য দিৱস (ভাৰত)লক্ষ্মীনাথ বেজবৰুৱাআইজাক নিউটনছ'ভিয়েট সংঘঅসমত দেখা পোৱা মাছৰ তালিকাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰংমিলিৰ হাঁহিমাৰ্চফণী শৰ্মাচৈয়দ আব্দুল মালিকএ পি জে আব্দুল কালামদেৱব্ৰত দাসভাৰতীয় সাহিত্যইণ্টাৰনেটহেপাটাইটিছ বিবাথৌ পূজাকদমশূন্যমাটিৰ হিচাপ🡆 More