অসমীয়া ভাষা আন্দোলন (ইংৰাজী: ) অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ সময়ে সময়ে সংঘটিত হোৱা সামাজিক তথা ৰাজনৈতিক আন্দোলন। কাৰ্যালয়সমূহত চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ১৯ শতিকাৰ পৰাই সংঘৰ্ষৰ সূচনা হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছ অধীনলৈ যোৱাৰ পৰৱৰ্তী কালত প্ৰশাসনিক সুবিধাৰ বাবে বহুতো বঙালীভাষী লোক অসমলৈ আনিছিল। তেওঁলোকৰ প্ৰৰোচনাতে অসমৰ কাৰ্যালয় আৰু ন্যায়ালয় সমূহত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু অসমৰ ৰাইজ আৰু আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাত পুনৰাই অসমত অসমীয়া ভাষা প্ৰতিষ্ঠিত হৈছিল।
ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলৱৎ হোৱাত এই আন্দোলনে আৰু বল পায়। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি অসম সাহিত্য সভায়ে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। এই আন্দোলনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যু বৰণ কৰিছিল। তেওঁৰ লগতে বহুতে এই আন্দোলনত শ্বহীদ হৈছিল। ইয়াক ’ভাষা আন্দোলন’ বুলি অভিহিত কৰা হয় আৰু ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰা হয়। এই আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন, ১৯৬০ প্ৰণয়ন কৰা হয় আৰু অসমীয়া ভাষাক ইংৰাজী ভাষাৰ সৈতে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। চৰকাৰৰ এই সিদ্ধান্তক বহুতেই আদৰণি জনায় যদিও অসমৰ কিছুমান ঠাইত বিশেষকৈ বৰাক উপত্যকাত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বৰাক উপত্যকাত বঙালী ভাষা আন্দোলন সংঘটিত হোৱাত অসম চৰকাৰী ভাষা আইন, ১৯৬০খন সংশোধন কৰা হয় আৰু ভাষিক সংখ্যালঘু সকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰা হয়। ইয়াৰ লগে লগে বৰাক উপত্যকাৰ জিলাকেইখনত অতিৰিক্তভাৱে বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।
কেইবাশতিকা আহোম আৰু অন্যান্য স্থানীয় জনগোষ্ঠীৰ অধীনত থকা অসমৰ শাসনভাৰ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়। ব্ৰিটিছে অসমৰ শাসন বংগ প্ৰশাসনৰ আওঁতাত লৈ যায়। ১৮৩৬ চনৰ এপ্ৰিল মাহত অসমৰ চৰকাৰী কাৰ্যালয় আৰু ন্যায়ালয়ৰ চৰকাৰী ভাষা পূৰ্বে প্ৰচলিত পাৰ্চী ভাষাৰ সলনি বঙালী ভাষা কৰা হৈছিল। ইয়াৰ আগতে অসমৰ সৰু সৰু ৰাজ্য সমূহত জনগোষ্ঠী সমূহৰ নিজা ভাষা প্ৰচলিত আছিল। ১৮৩৬ চনৰ পৰা আন আন চৰকাৰী কাৰ্যালয়ৰ লগতে বিদ্যালয় সমূহৰ শিক্ষণৰ মাধ্যম হিচাপে বঙালী ভাষাৰ প্ৰচলন হৈছিল। এটা দশকৰ ভিতৰতে অসমীয়া মানুহে ব্ৰিটিছৰ এই কাৰ্যৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল।
বঙালী ভাষা চৰকাৰী কাম-কাজ আৰু বিদ্যালয়সমূহত বলপূৰ্বক ভাবে জাপি দিয়া বাবে পাশ্চাত্য শিক্ষাৰে শিক্ষিত অসমীয়া আৰু সাধাৰণ সমাজৰ মানুহে লাহে লাহে বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল। এনেকৈ জাপি দিয়াৰ কাৰ্যৰ ফলত অসমৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বিকাশ মন্থৰ আৰু মানদণ্ড অতি নিম্ন হৈছিল। ব্ৰিটিছ সকলে অসমৰ প্ৰশাসনৰ বাবে বহু বঙালী মানুহ অসমলৈ আনিছিল। তাৰে বহু বঙালী ব্যক্তি বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। সেইসময়ত অসমীয়া ভাষাত পাঠ্যপুথি ৰচনাৰ বাবে কোনো উৎসাহ আৰু চৰকাৰী পৃষ্ঠপোষকতা নাছিল। ইয়াৰ ফলত অসমীয়া সাহিত্য অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। পৰৱৰ্তী দশকত অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটা এয়া অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে জাপি দিয়াৰ বাবে কোনো আন্দোলনৰ সূত্ৰপাত হোৱা নাছিল। শিক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ অভাৱ ইয়াৰ অন্যতম মূল কাৰণ। তদুপৰি সম্ভ্ৰান্ত পৰিয়ালৰ অসমীয়া সকলে তেওঁলোকৰ লিখা-মেলা আনকি ঘৰুৱা কথা-বতৰাতো অসমীয়াৰ সলনি বঙালী ব্যৱহাৰ কৰিবলৈ লৈছিল। সেয়ে চৰকাৰৰে এই ভাষা নীতি প্ৰায় এটা দশক জুৰি কোনোৱেও প্ৰশ্নৰ অৱতাৰণা কৰা নাছিল। ইয়াৰ লগে লগে চৰকাৰী পদবী সমূহত বঙালী লোকসকলৰ নিযুক্তি বাঢ়িবলৈ আৰু অসমীয়া সমাজত নিবনুৱা সমস্যা গা কৰি উঠিবলৈ আৰম্ভ কৰিছিল। অসমৰ জিলাসমূহত দ্ৰুতগতিত বঙালী আমোলাৰ বৃদ্ধিয়ে অসমৰ খিলঞ্জীয়া লোকসকলৰ সুকীয়া সাংস্কৃতিক আৰু সামাজিক পৰিচয়ত ভাবুকি কঢ়িয়াই আনিছিল। বঙালী অনুপ্ৰৱেশকাৰী সকলৰ বাবে অসমীয়া লোকসকলৰ মাজত নিজস্ব সংস্কৃতি, ভাষা আৰু পৰম্পৰা সমূহৰ লগতে ভূমি অধিকাৰৰ প্ৰতি সচেতনতা বৃদ্ধি পাবলৈ আৰম্ভ হৈছিল। অসমৰ জন-গাঁথনিৰ পৰিৱৰ্তনৰ ফলত ইয়াৰ থলুৱা ভাষা, সংস্কৃতি, অৰ্থনীতি আৰু ৰাজনৈতিক স্থিতি সলনি হ’বলৈ ধৰিছিল।
আমেৰিকান বাপিষ্ট মিছনেৰী সকলে পোন-প্ৰথমবাৰৰ বাবে অসমীয়া ভাষা উদ্ধাৰৰ বাবে কাৰ্যপন্থা হাতত লৈছিল। তেওঁলোকে স্থানীয় ৰাইজৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ নিমিত্তে অসমীয়া ভাষাত পুথি প্ৰণয়নৰ কাম আৰম্ভ কৰিছিল। তেওঁলোকৰ প্ৰচেষ্টাত ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা প্ৰথম অসমীয়া বাতৰিকাকত অৰুণোদই প্ৰকাশ পায়। তেওঁলোকে যুৱ প্ৰজন্মক আৰু বিদ্বান সকলক এই কামত আগবাঢ়ি আহিবলৈ উৎসাহ যোগাইছিল। সেইসময়ত আনন্দৰাম ঢেকিয়াল ফুকন 'অৰুণোদই যুগ'ত লিখা মেলা আৰম্ভ কৰিছিল। তেওঁ 'অসমীয়া ল'ৰাৰ মিত্ৰ' নামৰ পুথি ৰচনা কৰিছিল। গুণাভিৰাম বৰুৱায়ে একে সময়তে 'আসাম বন্ধু' ৰচনা কৰিছিল। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱায়ে 'অসমীয়া ব্যাকৰণ' আৰু 'অসমীয়া ল'ৰাৰ ব্যাকৰণ' আৰু 'হেমকোষ' আৰু 'পঢ়াশলীয়া অভিধান' ৰচনা কৰি অসমীয়া ভাষাৰ আধুনিকৰণত অৱদান বঢ়াইছিল।
১৮৭২ চনত বংগৰ লেফ্টটেনেণ্ট গভৰ্নৰ জৰ্জ কেম্পৱেলে অসমীয়া ভাষা অসমৰ স্থানীয় লোকসকলৰ বাবে প্ৰশাসন আৰু শিক্ষানুষ্ঠানত ব্যৱহাৰ কৰা হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ দুবছৰ পিছত অৰ্থাৎ ১৮৭৪ চনত অসম চীফ কমিছনাৰ প্ৰভিন্সৰ মৰ্যাদা লাভ কৰিছিল। তেতিয়া চীফ কমিছনাৰে ঘোষণা কৰে যে তেতিয়াৰ পৰা গোটেই অসমৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব। যদিও ১৯ শতিকাৰ শেষৰফালত হে মধ্য আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষাৰ মাধ্যম বঙালী ভাষাৰ ব্যৱস্থা অন্ত পৰিছিল। ১৮৯৯ চনত মাণিক চন্দ্ৰ বৰুৱায়ে অসমৰ গুৱাহাটীত এখন মহাবিদ্যালয় স্থাপনৰ বাবে ব্ৰিটিছ চৰকাৰলৈ অনুৰোধ জনাইছিল। ১৯০১ চনত অসম প্ৰদেশৰ চীফ কমিছনাৰ হেনৰী কটনে কটন কলেজ উদ্বোধন কৰিছিল।
১৮৮৮ চনত কলিকতাত অধ্যয়নৰত কেইগৰাকীমান মুষ্টিমেয় অসমীয়া ছাত্ৰয়ে অসমীয়াৰে ভাষাৰ উন্নয়নৰ বাবে অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰে। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত জোনাকী আলোচনী প্ৰকাশিত হয় আৰু অসমীয়া সাহিত্যত 'জোনাকী যুগ'ৰ সূচনা হয়।
১৯০৩-০৫ চনত বংগ ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাইছৰয় লৰ্ড কাৰ্জনৰ বংগক বিভাজিত কৰি পশ্চিমে হিন্দু অধ্যুষিত অঞ্চল আৰু পূবে মুছলমান অধ্যুষিত অঞ্চলত ভাগ কৰা সিদ্ধান্তৰ বাবে দুয়োপক্ষৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। এই সিদ্ধান্ত মৰ্মে অসম প্ৰদেশক মুছলমান সংখ্যাগৰিষ্ঠ থকা পূৰ্ব বংগৰ লগত সংযোগ কৰা বাবে অসমীয়া লোকসকলেও ইয়াৰ বিৰোধিতা কৰিছিল। এই সিদ্ধান্ত ১৯১১ চনত উঠাই লোৱা হয় আৰু অসমক পূৰ্বৰ চীফ কমিছনাৰ প্ৰভিন্সৰ ঘূৰাই দিয়া হয়।
ভাৰতৰ স্বাধীনতাৰ পিছত, ১৯৫০ চনৰে পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবী উত্থাপন হৈ আহিছিল যদিও ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ গৃহীত হোৱাৰ পিছত এই দাবী প্ৰবল হয়। ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অসমীয়া ভাষা অন্তৰ্ভুক্তিয়ে দাবীদাৰসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিছিল। অসম সাহিত্য সভাই অসমীয়াক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি দুটা প্ৰস্তাৱ গৃহীত কৰে, এটা ১৯৫০ চনত আৰু আনটো ১৯৫৯ চনত। ১৯৫৯ চনৰ এপ্ৰিল মাহত গ্ৰহণ কৰা প্ৰস্তাৱত অসমত অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবীত তাৎক্ষণিক ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰোঁতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও একেই দাবী উত্থাপন কৰে। ২২ এপ্ৰিলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ সমৰ্থনত প্ৰস্তাৱ গৃহীত কৰে। ছাত্ৰ-ছাত্ৰীসকলে একে উদ্দেশ্যতে শোভাযাত্ৰা, ধৰ্মঘট আৰু সভাৰ আয়োজন কৰে।
This article uses material from the Wikipedia অসমীয়া article অসমীয়া ভাষা আন্দোলন, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.