অসমীয়া ভাষাৰ শব্দসম্ভাৰ

ভাষাৰ প্ৰকাশিকা শক্তি প্ৰধানকৈ শব্দসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে। যি ভাষাৰ শব্দসম্ভাৰ চহকী সেই ভাষাৰ প্ৰকাশিকা শক্তিও বেছি। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা বাবে ইয়াত প্ৰয়োগ হোৱা অধিকাংশ শব্দ‌ই সংস্কৃতমূলীয়।

অসমীয়া শব্দমালাৰ ভাগ

  1. তৎসম
  2. অৰ্ধতৎসম
  3. তদ্ভৱ
  4. দেশী
  5. বিদেশী

তৎসম শব্দ

সংস্কৃত ভাষাৰ পৰা অবিকৃত ৰূপত অসমীয়া ভাষালৈ অহা শব্দবোৰকে তৎসম শব্দ বোলে। যেনে-সূৰ্য, ধৰ্ম, কৰ্ম, বৰ্ষা, দৰ্শন, প্ৰীতি, ঈশ্বৰ, বন্ধু, সৌন্দৰ্য, মাধুৰ্য, প্ৰাচুৰ্য, গাম্ভীৰ্য আদি।

অৰ্ধতৎসম শব্দ

সংস্কৃতৰ পৰা শব্দসমূহ অসমীয়া ভাষাত প্ৰৱেশ কৰোঁতে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আহিছে। তৎসম শব্দৰ বাহিৰেও সংস্কৃতমূলীয় বহুটো শব্দ আছে যিবোৰে উচ্চাৰণৰ তাৰতম্যৰ বাবে কিছু অপভ্ৰংশ ৰূপ লাভ কৰে। ফলত শব্দবোৰে সংস্কৃতো নহয় অসমীয়াও নহয় এনে এটা ৰূপ লাভ কৰে। এনেবোৰ শব্দকে অৰ্ধতৎসম শব্দ বোলে। যেনে-কৰম, ধৰম, চেনেহ, শ‍ইচ, ভকতি, যতন, পীৰিতি, দৰশন, ৰতন আদি।

তদ্ভৱ শব্দ

অসমীয়া ভাষাত ব্যৱহৃত অধিকাংশ শব্দ‍ই সংস্কৃত ভাষাৰ পৰা অহা। এই শব্দবোৰে ধ্বনি পৰিৱৰ্তনৰ নিয়ম মানি প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তন লাভ কৰি অসমীয়া ৰূপ লৈছেহি। এনে শব্দবোৰেকেই তদ্ভৱ শব্দ বোলা হয়। যেনে-হাত, কাণ, সাপ, দাঁত, পদুম, আধা, ভাই, কাম, হাতী, সঁচা, মিছা, খায়, কয়, পঢ়ে, মাছ, কাছ, ভাল,‌ নাক, ঘৰ আদি।

দেশী শব্দ

অসমীয়া শব্দমালাত সংস্কৃতমূলীয় শব্দসমূহৰ বাহিৰেও অসমত বসবাস কৰা আৰ্যভিন্ন নৃগোষ্ঠীসমূহৰ মাজত প্ৰচলিত (ঘাইকৈ বড়ো,খাচি,কোল,আহোম)বিভিন্ন ভাষাৰ পৰা অহা শব্দৰ প্ৰচলন দেখিবলৈ পোৱা যায়। সেইবোৰ শব্দক দেশী শব্দ বোলা হয়। যেনে-কাবৌ, খং, জঞ্জাল, জহা, বোকা, চিকৰা, গোহাৰি আদি।

বিদেশী শব্দ

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বহুতো শব্দ ভাৰতৰ বাহিৰ পৰা আহিছে। সেইবোৰক বিদেশী শব্দ বোলা হয়। বিদেশী শব্দৰ উৎস দুটা। এটা ফাৰ্চী-আৰবী আৰু আনটো ইউৰোপীয় ভাষা। মুছলমান আক্ৰমণ আৰু মুছলমান বসতিৰ ফলত আৰবী-ফাৰ্চী শব্দ আমাৰ ভাষাত জীণ গৈছে। যেনে-কিতাপ, দোৱাত, আইন, আদালত, খাজনা ইত্যাদি। ইউৰোপীয় শব্দাৱলীৰ ভিতৰত ইংৰাজী শব্দৰ সংখ্যাই বেছি। তাৰ বাহিৰে,ফ্ৰেন্স, ওলন্দাজ, পৰ্টুগীজ আদিৰ দুই চাৰিটা শব্দও প্ৰবেশ কৰিছে। যেনে- কাৰ্তিজ, কুপন, চাবন, হৰ্তন, ৰোহিতন, ইস্কাপন, বুটাম, ৰিক্সা আদি।

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

  1. ৰাজখোৱা, অৰবিন্দ [সম্পা.], যোগাযোগমূলক অসমীয়া, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৯
  2. শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, দশম সংস্কৰণ, ২০১৮

Tags:

অসমীয়া ভাষাৰ শব্দসম্ভাৰ অসমীয়া শব্দমালাৰ ভাগঅসমীয়া ভাষাৰ শব্দসম্ভাৰ তথ্যসূত্ৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰ গ্ৰন্থপঞ্জীঅসমীয়া ভাষাৰ শব্দসম্ভাৰসংস্কৃত

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাধেমাজি জিলাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অসমত দেখা পোৱা সাপবোৰমেঘালয়আহোম ৰাজবংশচেৰা-বিহুঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহিন্দু ধৰ্মবিহুৰ বাদ্যযন্ত্ৰবানপানীপ্ৰফুল্ল দত্ত গোস্বামীৱিক্স্যনেৰীউদ্ভিদ২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅঘৰী আত্মাৰ কাহিনীগুৱাহাটী বিশ্ববিদ্যালয়নলবাৰী জিলাসোণমহাকাব্যউপভাষাচাপচাৰ কুটয়ৰামমোহন ৰায়পদুমবগেজাৰী গীতচুতীয়া জনগোষ্ঠীমাধৱদেৱশোণিত কুঁৱৰীপাঠ পৰিকল্পনানৱকান্ত বৰুৱানেপালী জনগোষ্ঠীহিমন্ত বিশ্ব শৰ্মাৰুবুল মাউতভাৰতীয় সাহিত্যব্যাকৰণগুৱাহাটীআৱাহন (আলোচনী)বৈচাগুবৰহমথুৰিঋতুস্ৰাৱনাৰীতথ্য জনাৰ অধিকাৰ আইন, ২০০৫গণতন্ত্ৰফাকুৱাগড়গাঁওকৰপানীভাৰতত মহিলা শিক্ষাশ্ৰীমন্ত শংকৰদেৱএজাৰবিহু নৃত্যমনপৰম্পৰাঅসমৰ ধান খেতিৰ সঁজুলিসমূহলেটিন ভাষাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবৰা চাউলজীৱনৰ বাটতবিবাহমাজুলীৰ সন্ধিডাকৰ বচনব্ৰহ্মপুত্ৰ উপত্যকাযৌন সংগমপটলভঠেলিভাৰত ত্যাগ আন্দোলনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীৰাজ্যসভাবড়ো ভাষাশ্ৰীমন্ত শংকৰদেৱ বঁটাশালস্তম্ভ ৰাজবংশমানুহ🡆 More