কোনো এটা ভাষাৰ মূল ভেটি হ’ল ব্যাকৰণ। অসমীয়া ভাষা সঠিকভাৱে লিপিবন্ধন আৰু প্ৰকাশ কৰিবৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সমষ্টিকেই অসমীয়া ব্যাকৰণ বোলা হয়। প্ৰখ্যাত লেখক সত্যনাথ বৰাৰ মতে, “যি পুথি পঢ়িলে অসমীয়া ভাষাত কথা ক’বলৈ আৰু অসমীয়া লিপি লিখিবলৈ শিকিব পাৰি, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে”।
ব্যাকৰণ চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত, বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাহ্মণ গ্ৰন্থসমূহৰ মাজেদি। অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ কৰে পাণিনিৰ দ্বাৰা ৰচিত ‘অষ্টাধ্যায়ী’ নামে খ্যাত “শব্দানুশাসনম” নামৰ গ্ৰন্থৰ মাজেৰে। অসমত এই ব্যাকৰণ চৰ্চাৰ আৰম্ভ হয় উনবিংশ শতিকাত, ইংৰাজ বিষয়া আৰু আমেৰিকান মিছনেৰীসকল অসমলৈ অহাৰ পাছতহে। ১৮৩৯ চনত ইংৰাজ বিষয়া উইলিয়াম ৰবিন্সন চাহাবে ৰচনা কৰা “A Grammar of the Assamese Language” নামৰ ব্যাকৰণখনেই হ’ল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ।
ধ্বনি বা বাগ্ধ্বনি : মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্ধ্বনি, বা চমুকৈ ধ্বনি বোলে। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়। প্ৰাকৃতিৰ বিচাৰ বিশ্লেষণৰ নাম প্ৰাকৃতিবিজ্ঞান (morphemics and morphology)। বিভিন্ন স্তৰত এইবোৰৰ ভাষানিৰপেক্ষ বিচাৰ বিশ্লেষণ হ’ব পাৰে; আৰু সেই কাৰণে সামান্য (general) ধ্বনিবিজ্ঞান, বৰ্ণবিজ্ঞান আৰু প্ৰাকৃতিবিজ্ঞান তথা সমস্ত বাগ্বিজ্ঞানৰ (general linguistics) সৃষ্টি হৈছে। বাগ্বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষানিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে।
বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়। অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়।
শব্দ বিভক্তি:-
মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ বা ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয়। সেই বৰ্ণ বা বৰ্ণ সমষ্টিকেই শব্দ বিভক্তি বোলে। শব্দ বিভক্তি ৭ প্ৰকাৰৰ আছে। তলত উল্লেখ কৰা হ’ল।
প্ৰথমা বিভক্তি – এ (ই):-
(আ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ই’ যোগ হয়) যেনে :শিখা + এ = শিখাই (ই, ঈ, ঐ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘য়’ আৰু উ,ঊ,ঔ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ৱ’ যোগ হয়) যেনে : হৰি + এ= হৰিয়ে। মধু + এ= মধুৱে।
দ্বিতীয়া বিভক্তি – ক:-
কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। অপ্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি লোপ পায়। যেনে—ভাতক খাওঁ। ইয়াত ক লোপ পাই ভাত খাওঁ হৈছে। প্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি ব্যৱহাৰ হয়। যেনে – তাইক ভাল পাওঁ
তৃতীয়া বিভক্তি – এ, ৰে, দি, দ্বাৰা, দ্বাৰাই:-
কৰণ কাৰকত তৃতীয়া বিভক্তি হয়। যেনে – হাতে, হাতেৰে, হাতেদি ষষ্ঠী বিভক্তিৰ পিছত অনুসৰ্গ ৰূপে দ্বাৰ ব্যৱহাৰ হয়। দ্বাৰ শব্দৰ লগত আ যোগ কৰি কৰণ বোধক অনুসৰ্গ দ্বাৰা সৃষ্টি কৰা হয়। দ্বাৰা শব্দৰ পিছত এ যোগ কৰি দ্বাৰাএ = দ্বাৰাই বা দ্বাৰায় উদ্ভৱ হৈছে। যেনে—ৰামৰদ্বাৰা বা দ্বাৰাই(দ্বাৰায়)
চতুৰ্থী বিভক্তি – লৈ:-
দিশ, লক্ষ্য, উদ্দেশ্য প্ৰকাশ কৰিবলৈ চতুৰ্থী বিভক্তি ব্যৱহৃত হয়। যেনে—ঘৰলৈ, স্কুললৈ আহ্, যা, চা আদি ধাতুৰ লগত চতুৰ্থী বিভক্তি হয়। যেনে – ঘৰলৈ যা। ভৱিষ্যত কালত ক্ৰিয়া সম্পন্ন বুজাবলৈ কালবাচক শব্দত চতুৰ্থী বিভক্তি যোগ হয়। যেনে – কাইলৈ যাম।
পঞ্চমী বিভক্তি – ৰ, পৰা:-
অপাদান কাৰকত পঞ্চমী বিভক্তি যোগ হয়। ব্যাপ্তি, উৎপন্ন, মুক্তি, আৰম্ভ আদি ভাব বুজালে অপাদান কাৰক হয়। যেনে – গছৰ পৰা গুটি সৰে। কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে পঞ্চমী বিভক্তি যোগ হয়। যেনে – সৰু কালৰ পৰা সি দুষ্ট।
ষষ্ঠী বিভক্তি – ৰ:-
নাম শব্দ বা সংজ্ঞা শব্দৰ মাজত সম্বন্ধ বুজাবলৈ ষষ্ঠী বিভক্তি যোগ হয়। যেনে – গৰুৰ গাখীৰ। 'গাখীৰ' নামৰ শব্দৰ 'গৰু' নামৰ শব্দৰ লগত সম্বন্ধ আছে। সেইকাৰণে ষষ্ঠী বিভক্তি যোগ হৈছে। ভাববাচ্যৰ বাক্যত কৰ্তৃকাৰকত ষষ্ঠী বিভক্তি যোগ হয়। যেনে – মোৰ যোৱা নহ’ব।
সপ্তমী বিভক্তি – ত, এ:-
অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়। যেনে- স্কুলত কোনো নাই। তুলনা বুজাবলৈ সপ্তমী বিভক্তি ব্যৱহাৰ হয়। যেনে – ৰীণাতকৈ বীণা ডাঙৰ। অসমাপিকা ক্ৰিয়া লোপ পালে সপ্তমী বিভক্তি হয়। যেনে : ৰামৰ কথাত সকলো স্তম্ভিত হ’ল। ইয়াত ‘কথা শুনি’ৰ অসমাপিকা ক্ৰিয়া লোপ পাই অকল কথা আছে। গতিকে সপ্তমী বিভক্তি যোগ হৈ কথাত হৈছে।
অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মনকৰিবলগীয়া বিষয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ড॰ মহেশ্বৰ নেওগৰ 'নিকা অসমীয়া ভাষা' আৰু ড॰ গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ' নামৰ কিতাপ দুখনত উল্লেখ কৰা নিয়মসমূহ তলত আলোচনা কৰা হ'ল।
কাৰক (Case সংজ্ঞা: ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ আছে, তাক কাৰক বোলে। অসমীয়াত ছবিধ কাৰক আছে। তলত উল্লেখ কৰা হ'ল। ■কৰ্তা কাৰক (Nominative) ■কৰ্ম কাৰক (Accusative) ■কৰণ কাৰক (Instrumental) ■সম্প্ৰদান কাৰক (Dative) ■অপাদান কাৰক (Ablative) ■অধিকৰণ কাৰক (Locative)
কৰ্তা কাৰক: যি স্বতন্ত্ৰ অৰ্থাৎ প্ৰধান ভাৱে কোনো কাম কৰে সেয়ে কৰ্তা। ক্ৰিয়া সম্পাদনত ক্ৰিয়াৰ লগত কৰ্তাৰ প্ৰধান সম্বন্ধ। কৰ্তৃ-বাচ্যৰ বাক্যত কৰ্তাত প্ৰথমা বিভক্তিৰ প্ৰয়োগ হয়। যেনে- সি যায়। ইয়াত যোৱা ক্ৰিয়া 'সি' সম্পাদন কৰিছে বাবে 'সি' কৰ্তা। কিছুমান অকৰ্মক ক্ৰিয়াৰ কৰ্তাত 'এ' বিভক্তি যোগ নহয়। যেনে- ৰাম আহিল। গছ পৰিল। আনহাতে, হাঁহ, কান্দ, নাচ, আদি অকৰ্মক ধাতুৰ কৰ্তাত ১মা বিভক্তি 'এ' যোগ হয়। যেনে- হাঁহে, কান্দে, নাচে ইত্যাদি। কৰ্ম বাচ্যৰ বাক্যত কৰ্তাতো ১মা বিভক্তি হয়। কৰ্তাত ৩য়া বা ষষ্ঠী বিভক্তি যোগ হয়। যেনে- তেওঁৰ ব্যাকৰণ লিখা হ'ল। বা তেওঁৰদ্বাৰা ব্যাকৰণ লিখা হ'ল। উভয় বাক্যতে 'ব্যাকৰণ' কৰ্ম হলেও 'হ'ল' ক্ৰিয়াৰ কৰ্তা ৰূপে প্ৰয়োগ হৈছে। প্ৰকৃত কৰ্তা তেওঁ। উক্ত কৰ্ম বাচ্যৰ প্ৰথম বাক্যত কৰ্তাত ষষ্ঠী আৰু দ্বিতীয় বাক্যত তৃতীয়া বিভক্তি প্ৰয়োগ হৈছে।
কৰ্ম কাৰক: যাৰ ওপৰত ক্ৰিয়া হয় বা ক্ৰিয়াৰ যি ব্যাপ্য বা ইপ্সিত তাকেই কৰ্ম বুলি কোৱা হয়। অৰ্থাৎ কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰি সম্পূৰ্ণতা লাভ কৰে সেয়েই কৰ্ম। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। যেনে- ৰামে অঞ্জলিক ভাল পায়। ইয়াত 'ৰামে' কৰ্তা কাৰক। আৰু 'অঞ্জলি'ৰ ওপৰত 'ভাল পোৱা' ক্ৰিয়া ব্যাপ্ত হৈছে। গতিকে 'অঞ্জলি'ৰ লগত ২য়া বিভক্তিৰ চিন 'ক' যোগ হৈছে। কিছুমান ক্ৰিয়াৰ দুটা কৰ্ম থাকে। সেই ক্ৰিয়াবোৰক দ্বিকৰ্মক ক্ৰিয়া কোৱা হয়। অপ্ৰাণীবাচক কৰ্মটো ক্ৰিয়াটোৰ প্ৰধান বাবে মুখ্য প্ৰাণীবাচক কৰ্মটোক গৌণ কৰ্ম কোৱা হয়। অপ্ৰাণীবাচক অৰ্থাৎ মুখ্য কৰ্মত বিভক্তি লোপ পায়। যেনে- সি মোক কিতাপখন দিলে। 'মোক' প্ৰাণীবাচক বাবে গৌণ কৰ্ম। গতিকে ২য়া বিভক্তি যোগ হৈছে। আনহাতে 'কিতাপখন' অপ্ৰাণীবাচক বাবে মুখ্য কৰ্ম। গতিকে ২য়া বিভক্তি লোপ পাইছে। অসমাপিকা ক্ৰিয়াৰ কৰ্ম থাকিব পাৰে। সেই কৰ্মতো ২য়া বিভক্তি হয়। অপ্ৰাণীবাচক কৰ্ম হ'লে ২য়া বিভক্তি লোপ পায়। যেনে- সি ভাত খাই স্কুললৈ গ'ল। ইয়াত 'খাই' অসমাপিকা ক্ৰিয়াৰ 'ভাত' কৰ্ম। অসমাপিকা ক্ৰিয়া বাবে ২য়া বিভক্তি লোপ পাইছে।
কৰণ কাৰক: কৰ্তাই যাৰ দ্বাৰা ক্ৰিয়া সম্পাদন কৰে তাকেই কৰণ কাৰক বোলে। কৰণ কাৰকত ৩য়া বিভক্তি যোগ হয়। যেনে- অসীমে কটাৰীৰে তামোল কাটিছে। ইয়াত তামোল 'কাটিছে' ক্ৰিয়াটো 'অসীম' কৰ্তাই 'কটাৰী'ৰ দ্বাৰা সম্পাদন কৰিছে। গতিকে 'কটাৰীৰে' কৰণ কাৰক আৰু ইয়াত ৩য়া বিভক্তি যোগ হৈছে। সম্প্ৰদান কাৰক: যাৰ উদ্দেশ্য নিজ স্বত্ব ত্যাগ কৰি কিবা এটা বস্তু দান কৰি দিয়া বুজায়, তাকেই সম্প্ৰদান কাৰক বোলে। যেনে- গোপাললৈ শৰাই এখন দিবা। সম্প্ৰদান কাৰকত সাধাৰণতে চতুৰ্থী বিভক্তি যোগ হয়। কিন্তু কেতিয়াবা ২য় বিভক্তিও যোগ হয়। যেনে- গুৰুক দক্ষিণা দিলোঁ। অপাদান কাৰক: যাৰপৰা পৃথক হোৱা, উৎপন্ন হোৱা, আৰম্ভ হোৱা, নীৰস্ত হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, অন্তৰ্ধান হোৱা, ব্যাপ্ত বা স্খলন হোৱা বুজায় তাকে অপাদান কাৰক বোলে। অপাদান কাৰকত ষষ্ঠী বিভক্তিৰ চিন ব্যৱহাৰ হোৱাৰ উপৰিও পৰা অনুসৰ্গ যোগ কৰা হয়। যেনে- পৃথক-- তিলৰপৰা তেল ওলায়। জন্ম-- গুটিৰপৰা গছ হয়। আৰম্ভ-- ১ তাৰিখৰ পৰা তুমি আহিবা। ভয়-- বনত বাঘৰপৰা সাৱধান। ৰক্ষা-বেমাৰৰপৰা ৰক্ষা পাবলৈ সাৱধান হ'বা। অন্তৰ্ধান- মানুহজন সভাৰপৰা গুছি গ'ল। ব্যাপ্তি-- সোমবাৰৰপৰা সি অহা নাই। স্খলন-- গছৰপৰা ফল সৰিল।
অধিকৰণ কাৰক: যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ কৰ্তা আৰু কৰ্মই যাৰ ওচৰত ক্ৰিয়া সম্পাদন কৰে তাকেই অধিকৰণ কাৰক বোলে। অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়। যেনে- পানীত মাছ থাকে। ইয়াত 'আছে' ক্ৰিয়াৰ আধাৰ পানী। গতিকে অধিকৰণ কাৰক। অধিকৰণ কাৰক প্ৰধানকৈ দুবিধ। তলত উল্লেখ কৰা হ'ল। (ক) কালাধিকৰণ (খ) আধাৰাধিকৰণ (ক) কালাধিকৰণ: যি সময়ত ক্ৰিয়া সম্পন্ন হয় তাকেই কালাধিকৰণ কোৱা হয়। যেনে- সন্ধ্যা সময়ত ঘূৰি ফুৰা অনুচিত। (খ) আধাৰাধিকৰণ: যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ য'ত ক্ৰিয়া সম্পন্ন হয় তাকেই আধাৰাধিকৰণ কোৱা হয়। ইয়াক তিনিটা ভাগত ভগাব পাৰি। (১) একদেশ -- পানীত মাছ থাকে। (গোটেইখিনি পানীত মাছ নাথাকে, কিছু অংশতহে থাকে) (২) ব্যাপ্ত -- সাগৰৰ পানীত লোণ আছে। (গোটেই সাগৰৰ পানীতেই লোণ থাকে) (৩) বিষয় -- গীতাৰ গানত বৰ ৰাপ। (ইয়াত 'গান' বিষয়ৰ ওপৰত ক্ৰিয়া সম্পন্ন হৈছে।
ক্ৰিয়াৰ ভাব ৰূপ (Moods) :- বাক্যত ব্যৱহৃত বিভিন্ন ক্ৰিয়াৰ প্ৰকাশৰ প্ৰক্ৰিয়া বা ভাব-ৰূপ বা অৰ্থ বুজাবলৈ চাৰিবিধ ভাব-ৰূপৰ সহায় লোৱা হয়।
১) নিৰ্দেশক (Indicative)
২) সম্ভাব্য (Conditional)
৩) অনুজ্ঞা (Imperative)
৪) নিমিত্তাৰ্থক (Infinitive)
নিৰ্দেশক ভাব-ৰূপ – সাধাৰণ ভাবে ক্ৰিয়াৰ ভাব প্ৰকাশ কৰা ক্ৰিয়াৰ ৰূপক নিৰ্দেশক ৰূপ বোলে। যেনে – খাওঁ, খাম ইত্যাদি। ইয়াত কেৱল ক্ৰিয়াৰ কাৰ্য্যৰ কথা উল্লেখ আছে আৰু ক্ৰিয়াৰ ভাব-ৰূপ প্ৰত্যক্ষ ভাবে প্ৰকাশ পাইছে।
সম্ভাব্য ভাব-ৰূপ – সম্ভাৱনা থকা অৰ্থ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয়, তাকেই সম্ভাব্য ভাব-ৰূপ বোলা হয়। যেনে – যদি তুমি আহিলাহেঁতেন একেলগে ফুৰিবলৈ গ’লোহেঁতেন। ইয়াত ‘গ’লোহেঁতেন’ ক্ৰিয়াই সম্ভাৱনা প্ৰকাশ কৰিছে। ( সম্ভাব্য ক্ৰিয়া প্ৰকাশ কৰিবলৈ, যদি, হেঁতেন, হ’বলা ইত্যাদিৰ সহায় লোৱা হয়। যেনে - যদি তুমি আহিলাহেঁতেন একেলগে ফুৰিবলৈ গ’লোহেঁতেন। এই বাক্যত ‘যদি’ আৰু ‘হেঁতেন’ৰ সহায় লোৱা হৈছে। আনহাতে অনিশ্চিত অৰ্থত ‘হ’বলা’ বা ‘হ’ব পায়’ ব্যৱহাৰ কৰা হয়। যেনে – সি কামটো কৰিব হ’বলা। )
অনুজ্ঞা ভাব-ৰূপ – আদেশ, অনুৰোধ, প্ৰাৰ্থনা, আশীৰ্বাদ ইত্যাদি অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ ৰূপক অনুজ্ঞা ভাব-ৰূপ বোলে। যেনে – আদেশ অৰ্থ – কামটো সোনকালে কৰা আৰু ঘৰলৈ যোৱা। আশীৰ্বাদ অৰ্থ – তোমালোকৰ মঙ্গল হ’ক (হওক)। ( অনুজ্ঞা ভাব-ৰূপ কেৱল বৰ্তমান আৰু ভৱিষ্যত কালতহে হয় )
নিমিত্তাৰ্থক ভাব-ৰূপ – কোনো ক্ৰিয়া সম্পাদনৰ বাবে বা নিমিত্তে আন ক্ৰিয়া সম্পাদিত হ’লে সম্পাদনৰ নিমিত্তে থকা ক্ৰিয়াটোৰ ভাব-ৰূপক নিমিত্তাৰ্থক ভাব-ৰূপ বোলা হয়। যেনে – মই তাইৰ ওচৰত অংক শিকিবলৈ আহিছোঁ। ইয়াত ‘আহিছোঁ’ ক্ৰিয়া ‘শিকা’ ক্ৰিয়া সম্পাদনৰ নিমিত্তে হৈছে। গতিকে ‘শিকিবলৈ’ নিমিত্তাৰ্থক ভাব-ৰূপ।
ণত্ববিধি (Change of ন into ণ) : সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি বোলে।
বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।
ষত্ববিধি (Change of স into ষ) : বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি বোলে।
সন্ধি হ'ল ওচৰাচৰিকৈ থকা দুই বৰ্ণৰ মিলন। অসমীয়া ভাষাত সন্ধি ৩ প্ৰকাৰৰ― স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। সন্ধিৰ ব্যৱহাৰ সংস্কৃত ভাষাতহে অধিক, পিচে অসমীয়া ভাষাত সংস্কৃত শব্দৰ অত্যধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো সন্ধিৰ আলোচনা কৰা হয়।
ৱিকিউৎসত অসমীয়া ভাষাৰ বহল ব্যকৰণ, লেখক সত্যনাথ বৰা বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
This article uses material from the Wikipedia অসমীয়া article অসমীয়া ব্যাকৰণ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.