অমৃতসৰৰ স্বৰ্ণমন্দিৰ

পঞ্জাবৰ সু্প্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণমন্দিৰ৷ স্বৰ্ণমন্দিৰ ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ৷ স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব৷ শিখসকলে গ্ৰন্থখন দেৱ জ্ঞান কৰে৷ স্বৰ্ণ মন্দিৰত পূজাৰ কোনো প্ৰথা নাই৷ গ্ৰন্থ চাহিবৰ অখণ্ড পাঠ চলে মাথোঁ৷ এই মন্দিৰৰ কাষতে আছে স্বৰ্ণ গম্বুজ বিশিষ্ট পাঁচ মহলীয়া আকাল তখত (Akal Takht),অৰ্থাৎ চিৰকালৰ দেৱতাৰ ভৱন৷ ইয়াতে ৰাতি গ্ৰন্থ চাহিব সুৰক্ষিত অৱস্থাত ৰখা হয়৷ তদুপৰি ইয়াত আছে শিখ ধৰ্মগুৰুসকলে ব্যৱহাৰ কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ৷

অমৃতসৰৰ স্বৰ্ণমন্দিৰ
ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਸਾਹਿਬ
অমৃতসৰৰ স্বৰ্ণমন্দিৰ
অমৃতসৰৰ স্বৰ্ণমন্দিৰ
সাধাৰণ তথ্য
চহৰ অমৃতসৰ, পঞ্জাব
দেশ ভাৰত
স্থানাংক 31°37′12″N 74°52′37″E / 31.62°N 74.87694°E / 31.62; 74.87694 74°52′37″E / 31.62°N 74.87694°E / 31.62; 74.87694
নিৰ্মাণ আৰম্ভ December 1581
সম্পূৰ্ণ 1589 (Temple), 1604 (with Adi Granth)
Website
Sri Harmandir Sahib (Gurmukhi)

স্বৰ্ণমন্দিৰৰ নিৰ্মাণ কাহিনী

১৫৭৭ চনত চতুৰ্থ শিখ গুৰু ৰাম দাসে অমৃতসৰ নগৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়৷ মোগল সম্ৰাট আকবৰে ৰাম দাসক এটা পুখুৰীসহ এডোখৰ মাটি দান কৰিছিল৷ ৰাম দাসে এই পুখুৰীকে 'অমৃতসৰ' (অৰ্থাৎ অমৃতৰ সৰোবৰ) নাম দি তাক এটা প্ৰকাণ্ড সৰোবৰলৈ ৰূপান্তৰিত কৰে৷ এই সৰোবৰৰ নাম অনুসৰিয়েই নগৰখনৰ নামো অমৃতসৰ হয়৷ এই সৰোবৰৰ মাজতে ৰাম দাসৰ পুত্ৰ পঞ্চম শিখ গুৰু অৰ্জুনদেৱে ১৬০১ চনত হিন্দু আৰু মুছলমান স্থাপত্যৰ সমন্বয়ত এটা মন্দিৰ নিৰ্মান কৰে, নাম যাৰ হৰিমন্দিৰ৷ এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল লাহোৰৰ পৰা অহা মুছলমান সন্ত হজৰত মিঞা মিৰে৷ ১৬০৪ চনত অৰ্জুনদেৱে সংকলিত কৰা শিখসকলৰ ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব হৰিমন্দিৰত স্থাপন কৰা হয়৷ এনেদৰে ক্ৰমান্বয়ে অমৃতসৰ আৰু হৰিমন্দিৰ শিখসকলৰ পবিত্ৰ তীৰ্থৰূপে গঢ়ি উঠে৷ ১৭৬১ চনত আফগান আক্ৰমনকাৰী আহম্মদ শ্বাহ দুৰানি ৰ আক্ৰমণত এই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয়৷ ১৭৬৪ চনত মন্দিৰটো পুনৰ নিৰ্মাণ হয়৷ ১৮৩০ চনত মহাৰাজ ৰণজিৎ সিঙেমাৰ্বলেৰে মন্দিৰটো তিনিমহলীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ লগতে ইয়াৰ তামৰ গম্বুজ আৰু চালখন ৪০০ কিল'গ্ৰাম সোনৰ পাটেৰে মেৰিয়াই দিয়ে৷ তেতিয়াৰে পৰা এই মন্দিৰটো স্বৰ্ণমন্দিৰ হিচাপে জনাজাত হয়৷ দৰবাৰ চাহিব নামেৰেও মন্দিৰটো প্ৰসিদ্ধ৷

মন্দিৰৰ নিৰ্মাণ শৈলী

অমৃতসৰসৰোবৰটোৰপৰা মন্দিৰলৈ ৬০ মিটাৰ (১৯৬ ফুট ) দীঘল মাৰ্বলেৰে বন্ধোৱা পথ এটা আছে৷ ইয়াৰ প্ৰবেশ পথত খোদিত কৰা হৈছে গুৰুমুখী ভাষাত লিখা গ্ৰন্থ চাহিবৰ উদ্ধৃতি৷ মন্দিৰৰ কাচখচিত বেৰবোৰ হিন্দু আৰু মুছলমান স্থাপত্যশৈলীৰ সোণ আৰু ৰং-বিৰঙৰ ফুলেৰে অলংকৃত৷ স্বৰ্ণ মন্দিৰৰ চাৰিওফালে চাৰিখন দুৱাৰ৷ ইয়াৰ অৰ্থ, এই মন্দিৰ সকলো জাতি আৰু সম্প্ৰদায়ৰ বাবে মুকলি৷ মন্দিৰটোৰ সমীপতে থকা এখন বাগিচাত আছে ৫০ মিটাৰ ওখ আঠকোণ বিশিষ্ট মন্দিৰ অটল চাহিব গুৰুদ্বাৰ৷ ১৯৮৪ চনৰ ৬ জানুৱাৰিত শিখ উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাই চলোৱা "অপাৰেশ্যন ব্লু ষ্টাৰ" অভিযানত মন্দিৰটোৰ যথেষ্ট ক্ষতি হয়৷

তথ্য সংগ্ৰহ

Tags:

গুৰু গ্ৰন্থ চাহিবপঞ্জাব, ভাৰতভাৰত

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাতেজপুৰৱেবছাইটপদুমসাহিত্য সমালোচনাতথ্যৰাজ্যসভাশৰাইঘাট দলংছনেটজ্যোতি সংগীতআৱাহন (আলোচনী)সত্যাগ্ৰহওজাপালিঔষধি উদ্ভিদগণতন্ত্ৰইন্দ্ৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅনিৰুদ্ধদেৱসংস্কৃতিবৰ্মণ ৰাজবংশমিয়া খলিফাকল্প (সময়)আলুসৌৰজগতঅসমৰ ৰেচম শিল্পইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসপৰ্যাবৃত্ত তালিকাকৌটিল্যৰ অৰ্থশাস্ত্ৰকাৰ্বি আংলং জিলামানচিত্ৰআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবাবৰঅসম সাহিত্য সভানামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পহয়গ্ৰীৱ মাধৱ মন্দিৰবগেজাৰী গীতঅসমৰ তেল শোধনাগাৰশামুকপ্ৰেমচন্দঅংকীয়া নাটবিনন্দ চন্দ্ৰ বৰুৱাঅসমীয়া খবৰভাৰতীয় সাহিত্যকুচিয়া মাছৰাষ্ট্ৰসংঘনগাঁওকৰ্কট ক্ৰান্তিঅসমীয়া জাতিগৰু বিহুসোণালী বান্দৰপঞ্চভুজঅন্নপ্ৰাশনআঙুলি সঞ্চালনডিমা হাছাও জিলাইন্দিৰা গান্ধীচিপকো আন্দোলনশকুন্তলাঅসমৰ মন্ত্ৰ-সাহিত্যসমাজবাদসোণোৱাল কছাৰীবৰগীতপদ্মনাথ গোহাঞি বৰুৱাবিহুআলি আঃয়ে লৃগাংঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকুশল কোঁৱৰনগাঁও জিলাসোণগান্ধীবাদঅপৰিমেয় সংখ্যাবিবাহবামুণী পাহাৰমদন কামদেৱ দেৱালয়অসমীয়া সাহিত্যৰ অৰুণোদয় যুগসৰ্বশিক্ষা অভিযান🡆 More