দেৱী অন্নপূৰ্ণা

অন্নপূৰ্ণা (সংস্কৃত: अन्नपूर्णा, অৰ্থ: 'খাদ্যৰে পূৰ্ণ') হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী। হিন্দু ধৰ্মত পূজা-পাৰ্বণৰ উপৰিও ভগৱান প্ৰতি খাদ্যবস্তু ভোগ হিচাপে আগবঢ়োৱা হয়। সেয়ে দেৱী অন্নপূৰ্ণাক জনপ্ৰিয় দেৱী হিচাপে গণ্য কৰা হয়। তেওঁ হৈছে শিৱৰ পত্নী পাৰ্বতীৰ আন এটা ৰূপ। ভৰতচন্দ্ৰ ৰয়ে লিখা বঙালী কবিতা 'অন্নদা মঙ্গল'ত দেৱীগৰাকীক খুব প্ৰশংসা কৰা হৈছে। অন্নপূৰ্ণা সহস্ৰনামত দেৱীগৰাকীক এহাজাৰটা নামেৰে আৰু অন্নপূৰ্ণা শতনামত ১০৮টা নামেৰে স্মৰণ কৰা হৈছে।

অন্নপূৰ্ণা
খাদ্য আৰু পুষ্টিৰ দেৱী
দেৱী অন্নপূৰ্ণা
অন্নপূৰ্ণা দেৱী (সিংহাসনত বহি থকা গৰাকী) শিৱক ভিক্ষা দি থকা দেখা গৈছে, ১৮৯৫ চনৰ আনন্দ মঙ্গল নামৰ লিথ'গ্ৰাফৰ অংশ
সংস্কৃত লিপ্যন্তৰ Annapūrṇa
সংস্কৃত अन्नपूर्णा
সম্পৰ্ক দেৱী, দুৰ্গা, পাৰ্বতী (আদি পৰাশক্তি)
নিবাস কাশী
কৈলাশ
প্ৰতীক কলহ আৰু হেতা
সঙ্গী শিৱ (Dashavaktra)

তেখেতৰ নামেৰে নিৰ্মাণ কৰা কেইবাটাও মন্দিৰ বৰ্তমান বিদ্যমান। আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হৈছে বাৰাণসীৰ অন্নপূৰ্ণা দেৱী মন্দিৰ। অক্ষয়া তৃতীয়া দেৱীগৰাকীৰ জন্মদিন হিচাপে বিশ্বাস কৰা হয় আৰু সেই দিনটো মঙ্গলময় হিচাপে বিবেচনা কৰি সোণৰ গহনা ক্ৰয় কৰা হয়।

নামৰ উৎপত্তি

অন্নপূৰ্ণা এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে খাদ্য আৰু পুষ্টিদাত্ৰী। 'অন্ন' মানে খাদ্য আৰু 'পূৰ্ণ' মানে সম্পূৰ্ণ। হিমালয় পৰ্বতত থকা অন্নপূৰ্ণা শৃংগটো দেৱীগৰাকীৰ নামেৰে নামাকৰণ কৰা বুলি বিশ্বাস কৰা হৈছে। কাৰণ দেৱীগৰাকীক পৰ্বতৰ দেৱতা হিমাৱতৰ পুত্ৰী বুলি মনা হয়। দেৱীগৰাকী খাদ্যসামগ্ৰীৰ সৈতে জড়িত থকা হেতুকে পশ্চিমীয়া দেশত দেৱীগৰাকীক 'হিন্দু ৰন্ধন কলা'ৰ দেৱী বুলি কোৱা হয়।

মহত্ত্ব

দেৱী অন্নপূৰ্ণা 
অন্নপূৰ্ণাই শিৱক খাদ্য প্ৰদান কৰিছে

এদিনাখন ভগৱান শিৱ আৰু দেৱী পাৰ্বতীয়ে ভৌতিক জগতৰ বিষয়ে এখন তৰ্কযুদ্ধত লিপ্ত হ'ল। শিৱই ক'লে যে ভৌতিক জগতৰ সকলো বস্তু আনকি খাদ্যও হৈছে এক বিভ্ৰমহে মাথোন। এই কথাত পাৰ্বতী যিয়ে ভৌতিক জগতখন পৰিচালনা কৰি আছে ক্ষুণ্ণ হৈ পৰিল। গতিকে তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ঠাইতেই অন্তৰ্ধান হৈ পৰিল।

পাৰ্বতীৰ অন্তৰ্ধান হোৱাৰ লগে লগে পৃথিৱীত খাদ্যৰ খুবেই নাটনি হ'ল। শিৱৰ অনুগামীসকলে তেওঁৰ ওচৰত খাদ্য বিচাৰি হাঁহাকাৰ কৰিবলৈ ধৰিলে। কিন্তু খাদ্য পোৱা নগ'ল। অৱশেষত শিৱ আৰু তেওঁৰ অনুগামীসকলে জানিব পাৰিলে যে বাৰাণসীত থকা এটা পাকঘৰত তেতিয়াও খাদ্য সঞ্চিত হৈ আছে।

শিৱ বাৰাণসীলৈ খাদ্য বিচাৰি গ'ল। কিন্তু সেই বিশেষ পাকঘৰটো দেখি তেওঁ খুবেই আচৰিত হ'ল। কাৰণ সেই পাকঘৰটো আছিল দেৱী পাৰ্বতীৰ। তেওঁ বেঙুনীয়া ৰঙৰ কাপোৰ আৰু পাতলভাৱে সজ্জিত অলঙ্কাৰেৰে বিভূষিতা হৈ আছিল। তেওঁ এখন আসনত উপৱিষ্টা হৈ ভোকাতুৰ জনসাধাৰণক অন্ন বিলাই আছিল। এইদৰে তেওঁ শিৱক বুজাই দিছিল যে শিৱ হয়তো ভোকৰ পৰা মুক্ত কিন্তু তেওঁৰ অনুগামীসকল নহয়।

শাৰীৰিক অৱয়ব

ধৰ্মীয় গ্ৰন্থসমূহত অন্নপূৰ্ণা দেৱীক চন্দ্ৰমাৰ দৰে গোল মুখ, তিনিটা চকু আৰু চাৰিখন হাতেৰে সৈতে এগৰাকী কম বয়সীয়া দেৱীৰূপে বৰ্ণনা কৰা হৈছে। তলফালৰ বাওঁহাতখনত সুস্বাদু খাদ্যৰে ভৰপূৰ এটা কলহ আৰু সোঁহাতখনত এখন ডাঙৰ হেতা আছে। বাকী দুখন হাত অভয় আৰু বৰদা মুদ্ৰাত আছে। তেওঁৰ শৰীৰত বিভিন্ন ধৰণৰ সোণৰ অলঙ্কাৰ আছে। তেওঁ এখন আসনত বহি থাকে আৰু তেওঁৰ শিৰত চন্দ্ৰ বিৰাজমান।

তথ্য সংগ্ৰহ

Tags:

দেৱী অন্নপূৰ্ণা নামৰ উৎপত্তিদেৱী অন্নপূৰ্ণা মহত্ত্বদেৱী অন্নপূৰ্ণা শাৰীৰিক অৱয়বদেৱী অন্নপূৰ্ণা তথ্য সংগ্ৰহদেৱী অন্নপূৰ্ণাদেৱীপাৰ্বতীশিৱসংস্কৃত ভাষাহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

ৰামধেনু (আলোচনী)কিতাপ পঢ়াৰ আনন্দদুৰ্গেশ্বৰ শৰ্মাপাঠ্যক্ৰমপাইথেগাৰাছভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যজাপিগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাশ্ৰী সূৰ্য পাহাৰজয়মতী কুঁৱৰীবিষুৱ ৰেখাঅসমৰ ইতিহাসধেমাজি জিলাব্যাকৰণবাৰেচহৰীয়া ভাওনা মহোৎসৱমহিলাৰ বিৰুদ্ধে হিংসাৰাভা জনগোষ্ঠীঅসমৰ কুঁহিলা শিল্পমোগল সাম্ৰাজ্যনবীনচন্দ্ৰ বৰদলৈফাকুৱাভাস্কো দা গামাবিজ্ঞাপনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিতেজহুঁচৰিমহাকাব্যমহিম বৰাফেইচবুকহিন্দু পদ্ধতিত সময়ৰ একককালিয়দমন নাটকাৰ্বি জনগোষ্ঠীইষ্ট ইণ্ডিয়া কোম্পানীপদাৰ্থ বিজ্ঞানপৰিৱেশ বিজ্ঞানভাৰতৰ স্বাধীনতা আন্দোলনজেতুকাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহএহাত ডাবাপাঠ পৰিকল্পনাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমৰ চিত্ৰকলাৰ ইতিহাসসাক্ষৰতাবাজেটআল্লাহভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলোকসভাৰ অধ্যক্ষঅলিম্পিকভাৰতৰ জাতীয় পতাকাপুৰন্দৰ সিংহমহামায়া ধামপিম্পৰা গুচোৱাহিমবাহসৌৰ শক্তিভগ্নাংশ (গণিত)খাৰখোৱাজ্যামিতিঅসমৰ মহকুমাসমূহৰ তালিকাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰহৰিদত্তঅসমৰ মন্ত্ৰ-সাহিত্যৰাজনীতিপথৰুঘাটৰ ৰণলক্ষ্মীনাথ বেজবৰুৱাশিক্ষামাঘ বিহুঅসমত দেখা পোৱা মাছৰ তালিকাজামুগুৰিহাটগুৱাহাটীহৰপ্পাদুৰ্যোগখোলগুৱাহাটী (লোকসভা সমষ্টি)মহাসাগৰগায়ত্ৰী মহন্ত🡆 More