অতুল চন্দ্ৰ বৰুৱা

অতুলচন্দ্ৰ বৰুৱা (ইংৰাজী: Atul Chandra Barua) (১৯১৬-২০০১) সাহিত্যিক আৰু সাহিত্য সমালোচক অতুল চন্দ্ৰ বৰুৱা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া আছিল। ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬ তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল।

অতুলচন্দ্ৰ বৰুৱা
জন্ম ২৯ মে, ১৯১৬চন
মাৰৈ গাওঁ, দৰং, অসম
মৃত্যু ২৫ ডিচেম্বৰ, ২০০১ চন
পেচা প্ৰশাসনিক বিষয়া, গল্পকাৰ, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়


জন্ম আৰু শিক্ষা

অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হয় ১৯১৬ চনৰ ২৯ মে’ত দৰং জিলাৰ মাৰৈ গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ভোগৰাম বৰুৱা আৰু মাতৃ আছিল প্ৰমিলা বৰুৱা। তেওঁ প্ৰাথমিক শিক্ষা মাৰৈ গাঁৱত গ্ৰহণ কৰে। ১৯২৮ চনত মাৰৈ প্ৰাইমাৰী স্কুলৰ পৰা মঙ্গলদৈ মহকুমাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে। ১৯৩২ চনত পাথৰিঘাট এম.ই. স্কুলৰ পৰা অসমৰ ভিতৰত প্ৰথম স্থান আৰু খগেন্দ্ৰ নাৰায়ণ স্মৃতি পদক লাভ কৰি উত্তীৰ্ণ হয়। ১৯৩৬ চনত তেওঁ মঙ্গলদৈ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত দুটা লেটাৰ সহ বৃত্তি লাভ কৰি মেট্ৰিক পাছ কৰে। পাছত তেওঁ ১৯৪০ চনত কটন কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

অতুল চন্দ্ৰ বৰুৱাই শিক্ষকতাৰে নিজৰ চাকৰি জীৱনৰ পাতনি মেলে। ১৯৩৭ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত তেওঁ ছিপাঝাৰ হাইস্কুল, পাথৰিঘাট এম.ই স্কুল আৰু মংগলদৈ স্কুলত শিক্ষকতা কৰে। ১৯৪৩ চনৰ পৰা ১৯৪৯ চনলৈ শ্বিলং অসম সচিবালয়ত চাকৰি কৰে। ১৯৪৯ চনত তেওঁ এ.চি.এছ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনৰ পৰা ১৯৫৩ চনলৈকে তেওঁ ৰঙিয়াত এছ.ডি.চি নিযুক্ত হয়। ১৯৫৩ চনৰ পৰা ১৯৫৮ চনলৈকে তেওঁ গুৱাহাটীত এছ.ডি.চি আৰু এছিষ্টেণ্ট ছেটলমেণ্ট অফিচাৰ হিচাপে কাৰ্য্যনিবাহ কৰে। ১৯৬৯-৭০ চনত তেজপুৰৰ সদৰ এছ ডি ও আৰু ১৯৭১-৭২ চনত এপেক্স মাৰ্কেটিং চ'ছাইটিৰ মেনেজিং ডাইৰেক্টৰ নিৰ্বাচিত হয়। ১৯৭২-৭৪ চনৰ সময়ছোৱাত তেওঁ কামৰূপ জিলাৰ এ.ডি.চি আৰু ১৯৭৪ চনত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে।

সামাজিক কৰ্ম

বৰুৱাদেৱ ১৯৪৫ চনৰ ১৪ জানুৱাৰীত জন্ম হোৱা শ্বিলং মুকুল সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৭৭-৭৯ চনত তেওঁ দৰং জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। ১৯৮৮-৯৩ চনৰ সময়ছোৱাত তেওঁ অসমীয়া চলন্ত ‍অভিধান প্ৰণয়ন সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হয়।

সাহিত্যিক অৱদান

ৰচিত পুথি

  1. শৰৎচন্দ্ৰ গোস্বামীৰ চমু জীৱনী : ১৯৪৬
  2. পুৰণি পুথিৰ সাধু (শিশু সাহিত্য) : ১৯৫১
  3. সমাহৰ্তাৰ আত্মকাহিনী :১৯৫৭
  4. সাহিত্যৰ ৰূপৰেখা : ১৯৫৭
  5. প্ৰজাপতিৰ নিৰ্বন্ধ : ১৯৫৮
  6. ওলট-পালট (শি.সা): ১৯৫৭
  7. সমালোচনা সাহিত্য : ১৯৮০
  8. ভূমি আৰু জীৱন : ১৯৫৮
  9. সাহিত্য দৃষ্টি : ১৯৬১
  10. মদন আৰু বসন্ত : ১৯৬৩
  11. নবী-কথা : ১৯৬৫
  12. সন্ধিয়াৰ সাধু (শি.সা) : ১৯৬৩
  13. ডাকে বোলে শুনা উপায় : ১৯৬৪
  14. সাহিত্য-জীৱন : ১৯৬৫

  1. লোকদেৱতা শিৱ : ১৯৬৭
  2. গল্পভাৰতী : ১৯৬৯
  3. অসমীয়া কাব্যত প্ৰেমৰ বোঁৱতী সুঁতি: ১৯৭০
  4. মাজ নিশাৰ সাধু : ১৯৭২
  5. স্মৃতিৰ ৰঙিয়া : ১৯৭৩
  6. মনসা কাব্য আৰু ওজাপালি : ১৯৭৪
  7. বাগ্মীনেতা দেশভক্ত ফুকন : ১৯৭৭
  8. অসমীয়া অভিধান আৰু ভাষা : ১৯৭৭
  9. ছন্দশিল্পী ভোলানাথ দাস : ১৯৭৮
  10. খেলিমেলি (শি.সা) : ১৯৭৮
  11. অসমীয়া লোক সাহিত্য : ১৯৮১
  12. Ojapali, Its Different Types and Functions : ১৯৮২
  13. সানমিহলি (শি.সা) : ১৯৮৬
  14. শৰৎচন্দ্ৰ গোস্বামী (বৃহৎ জীৱনী) : ১৯৮৭
  15. নৱৰত্ন (ন-জনা কৃৰ্তী পুৰুষৰ জীৱন আলোচনা) : ১৯৮৮

সম্পাদনা গ্ৰন্থ

  1. কাব্য-প্ৰভা : ১৯৪১
  2. অতীত আৰু বৰ্তমান : ১৯৫২
  3. মুকুল প্ৰকাশ : ১৯৬১
  4. হিমালয়ৰ আহ্বান : ১৯৬২
  5. মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্য : ১৯৭৪
  6. ভাষা জননীৰ সেৱাত দীননাথ চহৰীয়া: ১৯৭৪

  1. চক্ৰ-চয়ন : ১৯৭৬
  2. ভোলানাথ দাস ৰচনাৱলী : ১৯৭৭
  3. ৰঘুনাথ চৌধাৰী ৰচনাৱলী : ১৯৮০
  4. মোৰ জীৱন যাত্ৰাৰ কথা (কবি ধনাই বৰাৰ আত্মজীৱনী) : ১৯৮০
  5. গুৱাহাটী আলোচনা চক্ৰৰ ৰূপৰেখা : ১৯৮৩
  6. দৰঙী শব্দকোষ (সঙ্কলন আৰু সম্পাদনা) : ১৯৮৮
  7. অসমীয়া চলন্ত অভিধান (সহকাৰী সম্পাদক) : ১৯৮৮

ভাঙনি পুথি

  1. মহাপুৰুষ শঙ্কৰদেৱ ( শ্ৰদ্ধাঞ্জলি) : ১৯৭৫

মৃত্যু

অতুলচন্দ্ৰ বৰুৱা দেৱৰ ২০০১ চনৰ ২৫ ডিচেম্বৰত মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

অতুল চন্দ্ৰ বৰুৱা জন্ম আৰু শিক্ষাঅতুল চন্দ্ৰ বৰুৱা চাকৰি জীৱনঅতুল চন্দ্ৰ বৰুৱা সামাজিক কৰ্মঅতুল চন্দ্ৰ বৰুৱা সাহিত্যিক অৱদানঅতুল চন্দ্ৰ বৰুৱা মৃত্যুঅতুল চন্দ্ৰ বৰুৱা তথ্য সংগ্ৰহঅতুল চন্দ্ৰ বৰুৱাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

চৰ্যাপদৰাজনীতিজেং বিহুগণতন্ত্ৰএমিবালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীৱিকিঅংগৰাগ মহন্ত২২ এপ্ৰিলকামৰূপ জিলাদীৰ্ঘেশ্বৰী দেৱালয়আমভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫উপনিষদঅসমৰ কেইগৰাকীমান মহান ব্যক্তিজীৱনীচলচ্চিত্ৰৰাজহুৱা ক্ষেত্ৰআনন্দৰাম ঢেকিয়াল ফুকনহোমেন বৰগোহাঞিদেৱকান্ত বৰুৱাডিব্ৰু-শদিয়া ৰেলৱেভঠেলিকামাখ্যা দেৱীপানীভাৰতৰ নিৰ্বাচন আয়োগআজান পীৰকম্পিউটাৰৰমন্যাসবাদমাৰ্কাছ ৰাছফৰ্ডদ্বি জাতি তত্ত্বজল প্ৰদূষণঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতবাগ্‌ধ্বনিআয়ুৰ্বেদযোগ দৰ্শনসৰস্বতীকেশৱ মহন্তবসন্ত ঋতুপতঞ্জলিৰজনীকান্ত বৰদলৈনেতাই ধুবুনী ঘাটসদৌ অসম ছাত্ৰ সন্থাএছ এছ ৰাজামৌলীবসন্ত ৰোগঅসম চাহএইচ টি এম এলগোলকীকৰণগণৰাজ্য দিৱস (ভাৰত)বিৰিঞ্চি কুমাৰ বৰুৱাদশাৱতাৰঅসমীয়া লোকসাহিত্যমহাভাৰতকমলাকান্ত ভট্টাচাৰ্য্যশকুন্তলাভাৰতীয় দৰ্শনএৰিষ্ট'টলপুঁজিবাদমোৰো এটা সপোন আছেঘৰ শালিকাবুৰঞ্জী সাহিত্যশিক্ষাউমানন্দশিশুমুগা (ৰেচম)শিৱসাগৰউচ্চ ৰক্তচাপঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাহেপাটাইটিছ বি🡆 More