অজন্তা গুহাসমূহ

অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০ টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে। গুহাসমূহ মহাৰাষ্ট্ৰৰ ঔৰংঙ্গাবাদ জিলাৰ জলগাঁও ৰেলষ্টেশ্যনৰ কাষত থকা, আজিন্তা বা অজন্তা গাঁৱৰ সীমাত অৱস্থিত (২০ ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষাংশ আৰু ৭৫ ডিগ্ৰী ৪০ মিনিট পূৰ্ব দ্ৰাঘিমাংশ)।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
অজন্তা গুহা
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
অজন্তা গুহাসমূহ
অজন্তা গুহাসমূহ

দেশ অজন্তা গুহাসমূহ ভাৰত
ধৰণ সাংস্কৃতিক ১
মাপকাঠি i, ii, iii, vi
উদ্ধৃতি ২৪২
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া -পেছিফিক
স্থানাংক 20°33′09″N 75°42′02″E / 20.552377°N 75.700436°E / 20.552377; 75.700436 75°42′02″E / 20.552377°N 75.700436°E / 20.552377; 75.700436
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৩ (৭ম অধিবেশন)

চীনা পৰিব্ৰাজক হিউয়েন চাঙৰ ভ্ৰমণলিপিত অজন্তাৰ বৰ্ণনা আছে। গুহাসমূহ দীৰ্ঘকাল অৰণ্যৰ আঁৰত বিস্মৃত অৱস্থাত পৰি আছিল। ১৮১৯ চনত, এইসমূহ পুণৰ নতুনকৈ আৱিষ্কৃত হয়। অজন্তা আৰু ওচৰত থকা ইলোৰা ভাৰতৰ অন্যতম প্ৰধান পৰ্যটনকেন্দ্ৰ।

১৯৮৩ চনত অজন্তা গুহাসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে অন্তৰ্ভুক্ত হয়। এই বৌদ্ধ গুহাসমূহ দুটি পৰ্বত নিৰ্মিত হৈছিল। প্ৰথম পৰ্বৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীত। দ্বিতীয় পৰ্ব গুপ্ত যুগত৷ পঞ্চম আৰু ষষ্ঠ শতাব্দীত আৰু বহুতো নতুন সংযোজন ইয়াৰ লগত যুক্ত হয়। এই গুহাসমূহত উন্নত মানৰ চিত্ৰকলা আৰু ফ্ৰেস্কো দেখা যায়, ই শ্ৰীলঙ্কাৰ সিগিৰয়া (Sigiriya) চিত্ৰকলা আৰু স্থাপত্যকলাৰ অনুকৰণ। ইয়াত মুঠ ৩০ টা প্ৰস্তৰখোদিত গুহা স্মাৰক বিদ্যমান, যিটো বৌদ্ধ ধৰ্মীয় চিত্ৰকলাৰ এক অনন্য নিদৰ্শন।

আলোকচিত্ৰ



তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

বুদ্ধভাৰতমহাৰাষ্ট্ৰ

🔥 Trending searches on Wiki অসমীয়া:

যুগ্ম সংখ্যাভাৰতৰ স্বাধীনতা আন্দোলনব্যক্তিত্বযাদৱ পায়েংপায়ু সংগমহাগা গেন্দেৰাচেৰা-বিহুঅসমৰ পৰম্পৰাগত সাজ- পাৰসাহিত্য অকাডেমি বঁটাতেজপুৰবগেজাৰী গীতবিল্বেশ্বৰ দেৱালয়পাৰিজাত হৰণ নাটপতঞ্জলিৰ যোগসূত্ৰসৌৰ শক্তিৰবীন্দ্ৰনাথ ঠাকুৰজয়সাগৰ পুখুৰীমামণি ৰয়ছম গোস্বামীহিমন্ত বিশ্ব শৰ্মাৰাজিয়া চুলতানাশেৱালি ফুলমৈদামদুৰ্যোগশিশু সাহিত্যঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমীয়া ব্যাকৰণবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যজোঙাল বলহুহেপাটাইটিছ বিডিম্বেশ্বৰ নেওগবিশ্বনন্দব’হাগশব্দ (অভিধান)সৰ্বানন্দ সোণোৱালবিশেষ্য পদভাৰত ৰত্নবৈচাগুঅসমৰ জিলাসমূহনতুন দিল্লীভট্টদেৱবিহুৰ সাজ-পোচাক আৰু অলংকাৰৰুক্মিণী হৰণ নাটযোগাসনভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যগুৱাহাটীগঙ্গা নদীধুবুৰী (লোকসভা সমষ্টি)মাছফাকে জনগোষ্ঠীবৰপেটা সত্ৰনামঘোষানৰনাৰায়ণ সেতুমেলেৰিয়াচৰকাৰঅণুবীক্ষণ যন্ত্ৰডাকৰ বচনযোৰহাটঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাইবাঁকু বিচুতলাতল ঘৰমেঘালয়ভূগোলমানুহঅসমীয়া খাদ্যাভ্যাসতিৱা জনগোষ্ঠীসমাজতত্ত্বসূৰ্যগুগলযৌন প্ৰৱেশক্ৰিয়াকালিদাসঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাচীনঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল🡆 More