চন্দ্ৰবিন্দু ঁ

 ঁ (চন্দ্ৰবিন্দু) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪১ নং আখৰ হিচপে আছে যদিও ই এটা বৰ্ণ নহয়, এটা নাসিক্যধ্বনিহে৷ ই সদায় স্বৰবৰ্ণৰ ওপৰত বহি নাসিক্য ধ্বনি সূচায়, অৰ্থাৎ ইয়াক উচ্চাৰণ কৰোঁতে স্বৰধ্বনি নাকেৰে উচ্চাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইংৰাজী N ধ্বনিযুক্ত বৰ্ণ বুজাবলৈয়ো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে: Nagaon=নগাঁও৷ নিজে নিজে উচ্চাৰিত হ’ব নোৱাৰে বাবেই ই বৰ্ণ নহয়৷ অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে কিছুমান নীতি-নিয়ম ধৰাবন্ধা আছে৷ চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ তাৰতম্যত শব্দৰ অৰ্থৰ তাৰতম্য ঘটে৷ কিছুমান বৰ্ণত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ বিধি-নিষেধ আছে৷ যেনে: ঙ, ঞ, ণ, ন আৰু ম বৰ্ণৰ ওপৰত কেতিয়াও চন্দ্ৰবিন্দু ব্যৱহৃত নহয়৷ কাৰণ, উল্লিখিত বৰ্ণকেইটা নিজেই একো একোটা নাসিক্য বৰ্ণ৷ প্ৰকৃততে সংস্কৃতৰ নাসিক্য ধ্বনি “অনুস্বাৰ(ং), ঙ, ঞ, ণ, ন,আৰু ম’’ নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত ৰূপ অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু৷

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ

  1. অসমীয়া ভাষাৰ তদ্ভৱ শব্দত সংস্কৃতৰ অনুস্বাৰ, ঙ, ঞ, ণ, ন আৰু ম ধ্বনি পৰিৱৰ্তিত হৈ অসমীয়াত চন্দ্ৰবিন্দুৰূপে ব্যৱহাৰ হয়৷ যেনে; বংস>বাঁহ, অঙ্ক>আঁক, পঞ্চ>পাঁচ, কণ্টক>কাঁইট বা কাঁটা, দন্ত>দাঁত, গ্ৰাম>গাঁও, জাম্প>জাঁপ আদি৷
  2. বৰ্তমান আৰু অতীতকালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদত আৰু সাম্ভাৱ্য ভূতকালৰ “হেঁতেন’’ পৰসৰ্গতো (হ+এ) ’এ’ৰ ওপৰত চন্দ্ৰবিন্দু বহে৷ যেনে: খালোঁ, পঢ়োঁ, খাইছিলোঁ, পঢ়িছিলোঁ, খালোঁহেঁতেন ইত্যাদি৷
  3. ক্ৰিয়াপদৰ অসমাপিকা ৰূপ গঠন কৰোঁতে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগে৷ যেনে: খাওঁতে, যাওঁতে, পঢ়োঁতা, দিওঁতা ইত্যাদি৷
  4. নামপদৰ বহুবচন বুজোৱা “হঁত’’ আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা “হঁক’’ প্ৰত্যয়তো চন্দ্ৰবিন্দু ব্যৱহৃত হয়৷ যেনে: সিহঁত, মাহঁত, যোৱাহঁ, খোৱাহঁক আদি৷
  5. মৃত লোকক বুজাবলৈ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷
  6. কিছুমান তদ্ভৱ শব্দত নথকা স্বত্বেও স্বতঃস্ফুৰ্ত নাসিক্যভৱনৰ বাবে কিছুমান অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে সঁচা, আঁহত, আঁঠু আদি৷

চন্দ্ৰবিন্দু ব্যৱহাৰত নিষেধ

  1. আদেশ বা অনুৰোধ বুজোৱা অনুজ্ঞাৰ তৃতীয় পুৰুষৰ ক্ৰিয়াবিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷ যেনে: খাওক, লওক, যাওক আদিত৷
  2. ইংৰাজী also, too বুজোৱা অৰ্থত ও ব্যৱহাৰ হ’লে, তাত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা নহয়৷ যেনে: সিও, ক’লেও, গ’লেও, তুমিও ইত্যাদি৷
  3. অনুস্বাৰ, ঙ, ঞ, ণ, ন, আৰু ম বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷

চন্দ্ৰবিন্দুৰ ব্যৱহাৰত অৰ্থৰ ভিন্নতা

চন্দ্ৰবিন্দুৰ ভুল প্ৰয়োগে অসমীয়া ভাষাৰ শব্দৰ প্ৰকৃত অৰ্থ প্ৰকাশ নকৰে৷ যেনে: তেও(তথাপি)-তেওঁ( তেখেত), বাহ(চৰাইৰ বাহ)-বাঁহ(বাঁহগছ) আহত(আঘাতপ্ৰাপ্ত)-আঁহত(আঁহতগছ) আদি৷

তথ্য সূত্ৰ

Tags:

চন্দ্ৰবিন্দু ঁ চন্দ্ৰবিন্দুৰ ব্যৱহাৰচন্দ্ৰবিন্দু ঁ চন্দ্ৰবিন্দু ব্যৱহাৰত নিষেধচন্দ্ৰবিন্দু ঁ চন্দ্ৰবিন্দুৰ ব্যৱহাৰত অৰ্থৰ ভিন্নতাচন্দ্ৰবিন্দু ঁ তথ্য সূত্ৰচন্দ্ৰবিন্দু ঁ

🔥 Trending searches on Wiki অসমীয়া:

অম্বিকাগিৰি ৰায়চৌধুৰীচিলাৰায়অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাএচিদ বৰষুণকাৰ্বি আংলং জিলাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাএশিঙীয়া গঁড়পৰিৱেশ অধ্যয়নমৃত্যুঞ্জয়অসমৰ মুখা শিল্পঅযোধ্যা (পৌৰাণিক নগৰ)শৰাইঘাটৰ যুদ্ধইন্দিৰা গান্ধীপৃথিৱীতেজীমলামাৰ্চভটিমাবেটুপাতছনেটবাবৰঅসমীয়া জাতিধৰিত্ৰী দিৱসশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯লভিতাআহোম ৰাজবংশনাটকসাঁচিপাতমানচিত্ৰডিব্ৰুগড়ভট্টদেৱগগনাওজাপালিহেমাংগ কুমাৰ দত্তভাৰতীয় ৰেলনৱ-বৈষ্ণৱ ধৰ্মমায়া সীতাউইলিয়াম শ্বেইকছপীয়েৰঅসমীয়া ভাষাবাক্সা জিলাহৰপ্পাকামৰূপ ৰাজ্য২৩ এপ্ৰিলঅসমীয়া বান্দৰনৰেন্দ্ৰ মোদীবিশেষ্য পদপাচন তন্ত্ৰঅসমীয়া ব্যাকৰণকাগজমুগা (ৰেচম)বিহুৰ খাদ্যবিপৰীতাৰ্থক শব্দলুৰিন জ্যোতি গগৈজয়সাগৰ পুখুৰীইয়াত এখন অৰণ্য আছিলদৰ্শনসৰস্বতী পূজাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপ্ৰাচীন গ্ৰীচজাপিদক্ষিণ আমেৰিকাকনকলতা বৰুৱাপ্ৰণৱজ্যোতি ডেকাপিম্পৰা গুচোৱাঅসমীয়া খাদ্যাভ্যাসশীতল যুদ্ধপৰিৱেশ তন্ত্ৰশ্ৰীকৃষ্ণকীৰ্তনএহাত ডাবাঅসমৰ তামোল-পাণ সংস্কৃতিকীৰ্তন-ঘোষালোকসভাৰ অধ্যক্ষনদীব'হাগ বিহুবৃহস্পতি গ্ৰহ🡆 More