মানৱ উন্নয়ন সূচক

মানৱ উন্নয়ন সূচক (ইংৰাজী: Human Development Index) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়। এখন দেশৰ মানৱ উন্নয়ন সূচক বেছি হয় যদিহে দেশখনৰ জীৱন প্ৰত্যাশা বেছি হয়, শিক্ষাৰ মানদণ্ড উন্নত হয় আৰু জনমূৰি মুঠ ঘৰুৱা উৎপাদন অধিক হয়| ভাৰতৰ অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু পাকিস্তানৰ অৰ্থনীতিবিদ মাহবুব উল হকে এই সূচক উলিয়াইছিল যিটো পিছলৈ ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা দেশসমূহৰ উন্নয়ন জুখিবলৈ ব্যৱহাৰ কৰা হয়।

মানৱ উন্নয়ন সূচক
World map representing the inequality-adjusted Human Development Index categories (based on 2018 data, published in 2019).
  0.800–1.000 (very high)
  0.700–0.799 (high)
  0.550–0.699 (medium)
  0.350–0.549 (low)
  Data unavailable

মাহবুব উল হকৰ মতে মানুহে জীৱনত হ’ব বিচৰাটো বা কৰিব বিচৰাটো কৰিব পাৰে নে নাই তাৰ ওপৰত এই সূচকটো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে সুখাদ্য, সুস্বাস্থ্য, শিক্ষা, জীৱিকা, সামাজিক জীৱনত অংশগ্ৰ্হণ আদি। এই কথা লক্ষণীয় যে সকলোৰে বাছনি কৰাৰ অধিকাৰ আছে- কোনোবাই ধৰ্মীয় কাৰণত লঘোণে থকা আৰু কিনিবলৈ সামৰ্থ্য নথকা বাবে লঘোণে থকাৰ মাজত বহুত পাৰ্থক্য আছে।

দিশসমূহ আৰু গণনা পদ্ধতি

২০১০ চনৰ ৪ নৱেম্বৰত প্ৰকাশ পোৱা মতে তিনিটা দিশ সামৰি লোৱা হৈছে।

  1. দীৰ্ঘ আৰু সুস্বাস্থ্যকৰ জীৱন: জন্মৰ সময়ত জীৱন প্ৰত্যাশা
  2. শিক্ষা সূচক: বিদ্যালয়ত যোৱাৰ গড় বছৰ আৰু বিদ্যালয়ত যোৱাৰ আনুমানিক বছৰ
  3. জীৱন ধাৰণৰ মান: জনমূৰি মুঠ ৰাষ্ট্ৰীয় উৎপাদন

গণনা কৰাৰ উপায়

    জীৱন প্ৰত্যাশা সূচক(LEI): মানৱ উন্নয়ন সূচক 

LE(Life Expectancy)- জীৱন প্ৰত্যাশা

LEI-Life Expectancy Index

জন্মৰ সময়ত জীৱন প্ৰত্যাশা ৮৫ হ'লে জীৱন প্ৰত্যাশা সূচক ১ হ'ব আৰু জন্মৰ সময়ত জীৱন প্ৰত্যাশা ২০ হ'লে জীৱন প্ৰত্যাশা সূচক হ'ব ০।

    শিক্ষা সূচক(EI): মানৱ উন্নয়ন সূচক 

EI- Education Index

    2.1 বিদ্যালয়ত যোৱাৰ গড় বছৰ সূচক(MYSI): মানৱ উন্নয়ন সূচক 

২০২৫ চনলৈ এই সূচকটোৰ উচ্চমান ১৫ ধৰা হৈছে।

    2.2 বিদ্যালয়ত যোৱাৰ আনুমানিক বছৰ সূচক(EYSI): মানৱ উন্নয়ন সূচক 
  • MYSI(Mean Year of Schooling Index)- বিদ্যালয়ত যোৱাৰ গড় বছৰ সূচক
  • EYSI(Expected Year of Schooling Index)- বিদ্যালয়ত যোৱাৰ আনুমানিক বছৰ সূচক

3. আয় সূচক(II): মানৱ উন্নয়ন সূচক  II- Income Index

জনমূৰি মুঠ ঘৰুৱা উৎপাদন ৭৫০০০ ডলাৰ হ'লে আয় সূচক হ'ব ১ আৰু ১০০ ডলাৰ হ'লে আয় সূচক ০ হ'ব।

মানৱ উন্নয়ন সূচক হৈছে ওপৰৰ গোটেইকেইটা সূচকৰ গুণোত্তৰ প্ৰগতি

মানৱ উন্নয়ন সূচক 

লগতে চাওক

তথ্যসূত্ৰ

Tags:

মানৱ উন্নয়ন সূচক দিশসমূহ আৰু গণনা পদ্ধতিমানৱ উন্নয়ন সূচক লগতে চাওকমানৱ উন্নয়ন সূচক তথ্যসূত্ৰমানৱ উন্নয়ন সূচকঅমৰ্ত্য সেনইংৰাজী ভাষাৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

ভাওনাসতী সাধনীহাইদাংবৰুণীনীতি আয়োগসত্যনাথ বৰাগাৰো জনগোষ্ঠীপীযুষ হাজৰিকাজৈন ধৰ্মগঙ্গা নদীহীৰেন ভট্টাচাৰ্যভাৰতৰ উপৰাষ্ট্ৰপতিশকুন্তলাঅসমৰ সমস্যামূলা গাভৰুমালিনী থানমৃদুলা বৰুৱাযুগ্ম সংখ্যাকৰ্ণ (অংগ)সৰ্বশিক্ষা অভিযানস্বাস্থ্যমানৱ ভূগোলকাৰ্বি আংলং জিলাঅসমআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডভাৰতৰ ৰাষ্ট্ৰপতিমানস ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া ৰাজ্যপালসকলৰ তালিকাকোষ (জীৱবিজ্ঞান)গৌতম বুদ্ধমাদাৰ টেৰেছামৰাণ জনগোষ্ঠীভাৰতীয় দৰ্শনঅসমৰ চলচ্চিত্ৰজোনবিৰি (অলংকাৰ)আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঅভ্যাসচ'জুনউদাৰনৈতিকতাবাদযোৰহাটচিলাৰায়কৌটিল্যৰ অৰ্থশাস্ত্ৰকালিচৰণ ব্ৰহ্মযাদৱ পায়েংঅসমীয়া জাতিসুঁৱৰিফুলগুৰি ধেৱাহিউৱেন-চাংকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলসৰ্বেপল্লী ৰাধাকৃষ্ণণশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘমোৰ জীৱন সোঁৱৰণনেমুচাণক্যসুতুলীভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনএচিদ বৰষুণৰবীন্দ্ৰনাথ ঠাকুৰৱিকিপিডিয়াঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাবিশ্বনন্দইজৰাইলহেমকোষহয়গ্ৰীৱ মাধৱ মন্দিৰপাঠ্যক্ৰমৰাজ্যসভাশিৱসাগৰ জিলাযোৰানামকাগজকানাই বৰশী বোৱা শিলালিপিৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানজয়সাগৰ পুখুৰীঅনুবাদ🡆 More