ৱিকিচ'ৰ্ছ

ৱিকিচৰ্ছ বা ৱিকিউৎস (ইংৰাজী: Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। Project Sourceberg নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে Wikisource নাম দিয়া হয়।

ৱিকিউৎস
বৰ্তমানৰ ৱিকিউৎসৰ প্ৰতীক soft2i
ইউ আৰ এল www.wikisource.org
শ্লোগান উন্মুক্ত পাঠশালা
বাণিজ্যক নহয়
প্ৰকাৰ সংকলন
পঞ্জীয়ন ঐচ্ছিক
ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত

অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।

ইতিহাস

ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত। তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg) আৰু ইয়াৰ ইউআৰএল (URL) আছিল http://sources.wikipedia.org।[সংযোগবিহীন উৎস] ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্তু ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে http://wikisource.org লৈ নিয়া হোৱা নাছিল।

ৱিকিউৎসৰ সমল

ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে।

ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।

অসমীয়া ভাষাত ৱিকিউৎস

অসমীয়া ভাষাত ৱিকিউৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে। প্ৰথমে ইনকিউবেটৰৰ থকা প্ৰকল্পটোৱে ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ড'মেইন লাভ কৰে। বৰ্তমান ইয়াৰ ৱেব ঠিকনা হৈছে www.as.wikisource.org

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ৱিকিচ'ৰ্ছ ইতিহাসৱিকিচ'ৰ্ছ ৱিকিউৎসৰ সমলৱিকিচ'ৰ্ছ অসমীয়া ভাষাত ৱিকিউৎসৱিকিচ'ৰ্ছ তথ্যসূত্ৰৱিকিচ'ৰ্ছ বাহ্যিক সংযোগৱিকিচ'ৰ্ছইংৰাজী ভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ উচ্চতম ন্যায়ালয়পুষ্টিকাৰকঅসমীয়া কবিতাকিতাপগণতন্ত্ৰভাৰতৰ জাতীয় পতাকাকাতি বিহুশ্ৰীনিবাস ৰামানুজনউপন্যাসআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঈয়াৰুইঙ্গমভাৰতৰ ইতিহাসবিৰিঞ্চি কুমাৰ বৰুৱাকেতেকীকমলা মিৰিগণিত২৬ এপ্ৰিলঅসমীয়া সাহিত্যত মালিতাঅসমীয়া ভাষাপাটবাউসী সত্ৰঅসমীয়া লোক-সংস্কৃতিআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডকালিয়দমন নাটপূৰ্ণ স্বৰাজৰুদ্ৰেশ্বৰ দেৱালয়ভাস্কো দা গামাবেদব্যাসশোণিত কুঁৱৰীআহোম ধৰ্মচ'মাংকানবাংলাদেশভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহনিৰোদ চৌধুৰীপাইথাগোৰাছৰ উপপাদ্যচিপকো আন্দোলনআলেকজেণ্ডাৰ গ্ৰাহাম বে'লবাঁহঅসমৰ সাধুকথাভাৰতঅভিধানবগেজাৰী গীতকমলাকান্ত ভট্টাচাৰ্য্যবড়ো চুক্তি ২০২০অসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ নদীসমূহৰ তালিকাএ পি জে আব্দুল কালামদৰিদ্ৰতাপ্ৰাগজ্যোতিষপুৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান২৩ এপ্ৰিলজাপিৰক্তদলঅসমৰ কুঁহিলা শিল্পহাজং জনগোষ্ঠীঅৰ্জুন ভঞ্জনদুৰ্গেশ্বৰ শৰ্মাওজাপালিঅসমৰ মুখা শিল্পঅন্নপ্ৰাশনআমমামণি ৰয়ছম গোস্বামীএহাত ডাবাপদাৰ্থ বিজ্ঞানবৰ্ণালী কলিতাসালোক সংশ্লেষণতাল (বাদ্যযন্ত্ৰ)ৰাভা ভাষাহনুমান জয়ন্তীলক্ষ্মীনাথ বেজবৰুৱাপৰিৱেশ তন্ত্ৰশূন্যকানাই বৰশী বোৱা শিলালিপিবুলু ফিল্ম🡆 More