ব্ৰাজিল: দক্ষিণ আমেৰিকাৰ এখন দেশ

ব্ৰাজিল, যাৰ আধিকাৰিক নাম ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল, দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যা দুয়ো দিশৰ পৰাই ই পৃথীৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা ১৯২ মিলিয়ন। তদুপৰি ব্ৰাজিল আমেৰিকা মহাদেশৰ একমাত্ৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ পৰ্তুগীজভা‍ষী দেশ।

ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল
República Federativa do Brasil  (Portuguese)
ব্ৰাজিল: নামৰ উৎপত্তি, ইতিহাস, তথ্য সংগ্ৰহ ব্ৰাজিল: নামৰ উৎপত্তি, ইতিহাস, তথ্য সংগ্ৰহ
নীতিবাক্য
"Ordem e Progresso"
পৰ্টূগীজ
(অসমীয়া: "শৃংখলা আৰু প্ৰগতি")
ৰাষ্ট্ৰীয় সঙ্গীত
noicon

(ব্ৰাজিলৰ জাতীয় সংগীত))
পৰ্টূগীজ
(অসমীয়া: ব্ৰাজিলৰ জাতীয় সংগীত)
ৰাষ্ট্ৰীয় মোহৰ
ৰাষ্ট্ৰীয় মোহৰ
পৰ্টূগীজ
(ইংৰাজী: "National Seal of Brazil")
ব্ৰাজিল: নামৰ উৎপত্তি, ইতিহাস, তথ্য সংগ্ৰহ
ব্ৰাজিল-ৰ অৱস্থান
ব্ৰাজিল-ৰ অৱস্থান
ৰাজধানী(ব্ৰাছিলিয়া)
15°47′S 47°52′W / 15.783°S 47.867°W / -15.783; -47.867
বৃহত্তম নগৰ চাও পাওল'
ৰাষ্ট্ৰভাষা (সমূহ) পৰ্তুগীজ
জনগোষ্ঠীসমূহ (2010) 47.73% শ্বেতাংগ
43.13% Brown (Multiracial)
7.61% কৃষ্ণাংগ‍
1.09% এছীয়
0.43% আমেৰিকান-ইণ্ডিয়ান
জাতীয়তাসূচক বিশেষণ Brazilian
চৰকাৰ Federal presidential constitutional republic
 -  ৰাষ্ট্ৰপতি Dilma Rousseff (PT)
 -  উপ-ৰাষ্ট্ৰপতি Michel Temer (PMDB)
 -  President of the Chamber of Deputies Marco Maia (PT)
 -  President of the Senate José Sarney (PMDB)
 -  President of the Supreme Federal Court Ayres Britto
Independence from United Kingdom of Portugal, Brazil and the Algarves 
 -  Declared 7 September 1822 
 -  Recognized 29 August 1825 
 -  Republic 15 November 1889 
 -  Current constitution 5 October 1988 
মাটিকালি
 -  Total ৮৫,১৪,৮৭৭ বৰ্গ কিমি (5th)
৩২,৮৭,৫৯৭ বৰ্গ মাইল 
 -  জলভাগ (%) ০.৬৫ (৫৫,৩৪৭ বৰ্গ কিমি)
জনসংখ্যা
 -  2012 আনুমানিক ১৯,৩৯,৪৬,৮৮৬ 
 -  ২০১০ লোকপিয়ল ১৯,০৭,৩২,৬৯৪'"`UNIQ--ref-০০০০০০০২-QINU`"' (৫th)
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $2.294 trillion (7th)
 -  জনমুৰি $11,769 (75th)
জিডিপি (নামমাত্ৰ) 2011 আনুমানিক
 -  মুঠ $2.493 trillion (6th)
 -  জনমুৰি $12,788 (53rd)
জিনি সহগ? (2012) 51.9 
মানৱ উন্নয়ন সূচক (2011) 0.718 (high) (84th)
মুদ্ৰা Real (R$) (BRL)
সময় অঞ্চল BRT (ইউটিচি−2 to −4)
 -  গ্ৰীষ্মকালীন (ডিএছটি) BRST (ইউটিচি−2 to −4)
তাৰিখ বিন্যাস dd/mm/yyyy (CE)
গাড়ী চলোৱা হয় right
ইণ্টাৰনেট টিএলডি .br
কলিং ক'ড ++55

পূব দিশত আটলাণ্টিক মহাসাগৰেৰে আৱৰা ব্ৰাজিলৰ তটৰেখা ৭৪৯১ কি.মি. দীঘল। উত্তৰে ভেনিজুৱেলা, গায়ানা, ছুৰিনাম আৰু ফ্ৰেন্স গায়ানাৰ ফৰাচী উপনিবেশ, উত্তৰ-পশ্চিমে কলম্বিয়া, পশ্চিমে ব'লিভিয়া আৰু পেৰু, দক্ষিণ-পশ্চিমে আৰ্জেণ্টিনা আৰু পাৰাগুৱে আৰু দক্ষিণে উৰুগুৱে অৱস্থিত। ইয়াৰ উপৰিও ফাৰ্ণাণ্ড’ডে ন’ৰ’ন্‌‌হা (ইংৰাজী: Fernando de Noronha), ৰ’কাছ এটল (ইংৰাজী: Rocas Atoll), ছেইণ্ট পিটাৰ আৰু প’ল ৰক্স (ইংৰাজী: Saint Peter and Paul Rocks), আৰু ট্ৰিণ্ডাডে আৰু মাৰ্টিম ভাজ (ইংৰাজী: Trindade and Martim Vaz) আদি বহুতো দ্বীপপুঞ্জ ব্ৰাজিলৰ অন্তৰ্ভুক্ত। ইকুৱেডৰ আৰু চিলিৰ বাদে সকলো দক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে।

১৫০০ খ্ৰীষ্টাব্দত পেড্ৰ’ এলভাৰেছ কাব্ৰালে (ইংৰাজী: Pedro Álvares Cabral) এই ভূখণ্ডত পদাৰ্পণ কৰাৰ পাছত ১৮১৫ চনলৈকে ব্ৰাজিল পৰ্তুগালৰ উপনিবেশ আছিল, তাৰ পাছত ইয়াক এখন ৰাজতন্ত্ৰলৈ উন্নীত কৰা হয় আৰু “পৰ্তুগাল, ব্ৰাজিল আৰু এল্‌গাৰ্ভ্‌ছ সংযুক্ত ৰাজতন্ত্ৰ (ইংৰাজী: United Kingdom of Portugal, Brazil and the Algarves) প্ৰতিষ্ঠা হয়। ১৮০৮ চনত নাপ’লেয়ই পৰ্তুগাল অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত “পৰ্তুগীজ ঔপনিবেশিক সাম্ৰাজ্যৰ” ৰাজধানী লিছ্‌বনৰ পৰা ৰিঅ’ ডে জেনিৰ’লৈ স্থানান্তিৰত কৰাত এই ঔপনিবেশীয় জোঁটবন্ধন ভাগি যায়। ১৮২২ চনত ব্ৰাজিল স্বাধীন হয় আৰু সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ "ব্ৰাজিল সাম্ৰাজ্য" প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ যোগে ৰাষ্ট্ৰখনত "ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ" প্ৰতিষ্ঠা হয়, যদিও ইয়াৰ দুতৰপীয়া সংসদ ব্যৱস্থা (আজিকালিৰ কংগ্ৰেছ) ১৮২৪ চনৰ প্ৰথম সংবিধানৰ দিনৰ পৰা চলি আহিছিল। ১৯৮৮ চনত প্ৰবৰ্তন কৰা বৰ্তমানৰ সংবিধানে ব্ৰাজিলক এক যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ আখ্যা দিয়ে।২৬খন প্ৰদেশ আৰু ৫৫৬৪টা পৌৰ নিগমেৰে এই যুক্তৰাষ্ট্ৰ গঠিত কৰে।

নমিনেল জি.ডি.পি.-ৰ হিচাপত ব্ৰাজিলৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৬ষ্ঠ আৰু ক্ৰয় ক্ষমতা সাম্যৰ (ইংৰাজী: Purchasing Power Parity) আধাৰত ৭ম(২০১১ চনত)। ব্ৰাজিল পৃথিৱীৰ সকলোতকৈ ক্ষিপ্ৰ গতিৰে উন্নতি কৰা বৃহৎ অৰ্থনীতিবিলাকৰ অন্যতম। অৰ্থনৈতিক সংস্কাৰে ব্ৰাজিলক বিশ্বত এক উল্লেযোগ্য স্থানত অধীস্থিত কৰিছে। ব্ৰাজিল ৰাষ্ট্ৰসংঘ, জি ২০ (ইংৰাজী: G20), চি.পি.এল.পি. (ইংৰাজী: CPLP), লেটিন সংঘ (ইংৰাজী: Latin Union), Organization of Ibero-American States, ‘আমেৰিকীয় দেশসমূহৰ সংগঠন’ (ইংৰাজী: Organization of American States), মাৰ্ক’ছুল (ইংৰাজী: Mercosul) আৰু দক্ষিণ আমেৰিকীয় জাতিসংঘ (ইংৰাজী: Union of South American Nations) আদিৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে, (ইংৰাজী: BRIC) দেশসমূহৰো এখন। ইয়াৰ বাদেও ব্ৰাজিল পৃথিৱীৰ ১৭খন জৈৱ-বিচিত্ৰ দেশৰ এখন, ইয়াত বন্যজীৱ, প্ৰাকৃতিক পৰিৱেশৰ লগতে ব্ৰাজিলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল বিলাকত অফুৰন্ত প্ৰাকৃতিক সম্পদ পোৱা যায়। নিশ্চিতভাৱে পৰিচিত ৬৭টা বিচ্ছিন্ন উপজাতিৰে (isolated tribes) ব্ৰাজিল পৃথিৱীৰ ভিতৰত সৰ্বাধিক অসংস্পৰ্শিত লোকৰ (uncontacted peoples) বাসস্থান।

নামৰ উৎপত্তি

ব্ৰাজিল শব্দটো ব্ৰাজিলউড নামৰ এবিধ গছৰ পৰা আহিছে, ব্ৰজিলৰ সমুদ্ৰতীৰত এই গছ উভৈনদী কৈ পোৱা যায়। .পৰ্তুগীজ ভাষাত ব্ৰাজিলউডক ‘পউ ব্ৰাচিল’ (pau-brasil) বোলা হয়, এই ব্ৰাচিল শব্দই “ অঙঠাৰ দৰে ৰঙা” বুজায়। . ব্ৰাজিলউডৰ পৰা গভীৰ ৰঙা ডাই বা ৰং প্ৰস্তুত কৰিব পাৰি, গতিকে ইউৰোপীয় বস্ত্ৰ উদ্যোগত ইয়াৰ ই এক বহুমূলীয়া সামগ্ৰী ৰূপে পৰিগণিত হৈছিল। এই ব্ৰাজিলউড ব্ৰাজিলৰ প্ৰথম ব্যৱসায়িক ভাৱে উৎপাদিত সামগ্ৰী। ১৬ শ শতিকাত ব্ৰাজিলৰ থলুৱা লোকসকলে ব্যাপক পৰিমাণে সমুদ্ৰতীৰবৰ্তী অঞ্চলসমূহৰ এই ব্ৰাজিলউড আহৰণ কৰি ইউৰোপীয় ব্যৱসায়ী সকলক (মূলতঃ পৰ্তুগীজসকলক, কেতিয়াবা ফৰাচী সকলকো) বিক্ৰী কৰি তাৰ বিনিময়ত নানান ইউৰোপীয় উদ্যোগজাত সামগ্ৰী ক্ৰয় কৰিছিল।

প্ৰাচীন পৰ্তুগীজ অভিলেখসমূহৰ মতে এই দেশৰ আধিকাৰিক নাম "পৱিত্ৰ ক্ৰুছৰ দেশ" (The land of the Holy Cross- Terra da Santa Cruz), কিন্তু ইউৰপোৰ নাৱিক সকলে সাধাৰণতে ইয়াক "ব্ৰাজিলৰ দেশ" - (ব্ৰাজিলউডৰ ব্যৱসায়ৰ বাবে) বুলিয়েই কৈছিল। এই জনপ্ৰিয় নামে কালক্ৰমত আধিকাৰিক নামক নাইকিয়া কৰি পেলালে। প্ৰাচীন নাৱিক সকলে কেতিয়াবা ব্ৰাজিলক "ভাটৌৰ দেশ" বুলিও কৈছিল।

পাৰাগুৱেৰ ৰাষ্ট্ৰীয় ভাষা “গুৱাৰানি” ত ব্ৰাজিলক পিণ্ডোৰামা বুলি কোৱা হয়। থলুৱা বাসিন্দা সকলে দিয়া এই নামৰ অৰ্থ হ’ল পাম গছেৰে আৱৰা ভূখণ্ড।

ইতিহাস

পৰ্তুগীজ উপনিবে‍শ হিচাপে

ব্ৰাজিল: নামৰ উৎপত্তি, ইতিহাস, তথ্য সংগ্ৰহ 
১৫০০ চনৰ ব্ৰাজিলৰ প্ৰথম খ্ৰীষ্টান সমাৰোহ

১৫০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত,ব্ৰাজিল নামেৰে প্ৰসিদ্ধ এই ভূখণ্ডত, Pedro Álvares Cabral ৰ অধীনস্থ পৰ্তুগীজ জাহাজৰ এটা ফ্লীট প্ৰবেশ কৰে আৰু তাৰ পাছৰ পৰাই ইয়াত এই ভূখণ্ডত পৰ্তুগাল সাম্ৰাজ্যৰ দাবী সাব্যস্ত হয়। পৰ্তুগীজ সকল বিভিন্ন থলুৱা উপজাতি সমূহৰ সম্মুখীন হয়, যি সকলে গুৱাৰানি ভাষা ব্যৱহাৰ কৰিছিল আৰু নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল। যদিও থলুৱা লোক সকলৰ লগত ১৫৩২ চনতে সন্ধি স্থাপন হৈছিল, আচলতে ১৫৩৪ চনৰ পৰাহে প্ৰকৃতাৰ্থত ব্ৰাজিলৰ পৰ্তুগীজ উপনিবেশ স্থাপন হয়। কাৰণ সেই বছৰতে পৰ্তুগীজ সম্ৰাট Dom João III য়ে ব্ৰাজিলক বাৰখন উত্তৰাধীকাৰী ৰাজ্যত ভাগ কৰি এক পৰিকল্পিত শাসনধাৰা আৰম্ভ কৰে।পিছে এই শাসনধাৰাত বহু সমস্যাই দেখা দিয়ে আৰু ১৫৪৯ চনত পৰ্তুগীজ সম্ৰাটে এই ভূখ্ণ্ড শাসন কৰিবৰ বাবে এজন গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰে।পৰ্তুগীজ সকলে মাত্ৰ কেইটামান থলুৱা উপজাতিক নিজৰ লগত লয় আৰু বাকীবোৰক দাস হিচাপে ব্যৱহাৰ কৰে, এই বাকী উপজাতি বিলাক, হয় দীৰ্ঘদিনীয়া যুদ্ধ, নহয় ইউৰোপৰ পৰা অহা নতুন ৰোগ বিলাকৰ বিৰুদ্ধে যুঁজি যুঁজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়। ১৬শ শতিকাৰ মাজভগলৈ চেনি ব্ৰাজিলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হয় আৰু তেতিয়াই পৰ্তুগীজসকলে বৰ্ধিত আন্তৰ্জাতিক বজাৰৰ মোকাবিলা কৰিবলৈ আফ্ৰিকাৰ পৰা কুঁহিয়াৰ খেতিৰ বাবে দাস অনা আৰম্ভ কৰে।

ফ্ৰান্সৰ সৈতে একেৰাহে হৈ থকা যুদ্ধৰ পৰিপ্ৰক্ষিততো, পৰ্তুগীজ সকলে লাহে লাহে এই ভূখণ্ডত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰে আৰু ১৫৬৭ খ্ৰীষ্টাব্দত দক্ষিণ-পূবৰ ৰিঅ’ ডে জেনিৰ’ আৰু ১৬১৫ চনত উত্তৰ পূবৰ চাও লুইচ নিজৰ দখললৈ আনে। তেওঁলোকে আমাজনৰ বৰ্ষাৰণ্যত সামৰিক অভিযান চলাই ইংৰাজ আৰু ডাচ্ছ সকলৰ শক্তিশালী অধিকাৰ থকা অঞ্চলসমূহতো নিজৰ স্থিতি সবল কৰি তোলে। আৰু ১৬৬৯ চনৰ পৰা বিভিন্ন ঠাইত নিজৰ সৰু সুৰা চহৰ আৰু দুৰ্গ প্ৰতিষ্ঠা কৰে ১৬৮০ চনত তেওঁলোকে এই ভুখণ্ডৰ দক্ষিণতম সীমালৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে আৰু পূব তীৰবৰ্তী অঞ্চলত কলনিয়া ডেল চাক্ৰামাণ্টো চহৰৰ প্ৰতিষ্ঠা কৰে। ১৭ শ শতিকাৰ শেষৰ ফালে চেনিৰ ৰপ্তানি ক্ৰমাগত ভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে, কিন্তু ১৬৯০ৰ আৰম্ভণিতে সোণৰ খনিৰ আৱিষ্কাৰে এই উপনিবেশক অৱশ্যম্ভাৱী ধ্বংসৰ পৰা ৰক্ষা কৰে। ব্ৰাজিলৰ সকলো স্থানৰ লগতে পৰ্তুগালৰ পৰাও এই খনি বিলাকলৈ প্ৰব্ৰজন আৰম্ভ হয়।


তথ্য সংগ্ৰহ

Further reading

বাহ্যিক সংযোগ


Tags:

ব্ৰাজিল নামৰ উৎপত্তিব্ৰাজিল ইতিহাসব্ৰাজিল তথ্য সংগ্ৰহব্ৰাজিল Bibliographyব্ৰাজিল Further readingব্ৰাজিল বাহ্যিক সংযোগব্ৰাজিলদক্ষিণ আমেৰিকা

🔥 Trending searches on Wiki অসমীয়া:

এলুমিনিয়ামবড়ো চুক্তি ২০২০বহনক্ষম উন্নয়নৰ লক্ষ্যঋতুবৰপেটাঅসমৰ বনৌষধিবাল্য বিবাহৰজনীকান্ত বৰদলৈবংগ বিভাজন (১৯০৫)পাঠ পৰিকল্পনাচাৰ্লছ ডাৰউইনমোৱামৰীয়া বিদ্ৰোহপৰ্যাবৃত্ত তালিকামালিনী থানতথ্য জনাৰ অধিকাৰ আইন, ২০০৫উমাকান্ত শৰ্মাগোপাল কৃষ্ণ গোখলেভাৰতীয় শিল্পকলাকলিকতাউত্তৰ-পূব ভাৰতভাৰতৰ উপৰাষ্ট্ৰপতিপৃথিৱীৰ বায়ুমণ্ডলবিজ্ঞানতথ্যৰাম মন্দিৰ, অযোধ্যাৰাষ্ট্ৰসংঘকামৰূপী উপভাষাৰোমাণ্টিক কবিতাশক্তিঅসমীয়া ভাষা আন্দোলনচাহেবপুৰাৰ বৰষুণগোপীনাথ বৰদলৈবহুভাষাবাদদৌল গোবিন্দ মন্দিৰঅখণ্ড সংখ্যাগগনাএলবাৰ্ট আইনষ্টাইনশব্দ (অভিধান)বৃত্তগুকেশ ডিযতি-চিনকৃষ্ণচূড়াকেন্দ্ৰীয় শাসিত অঞ্চলমহাকাব্যভাৰতৰ নিৰ্বাচন আয়োগঅসমৰ জাতীয় গীতচ্যু-কা-ফাপাতভঠেলিঅনুৰাধা শৰ্মা পূজাৰীফেইচবুকৰংঘৰঅসমত দেখা চৰাইবোৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰজৈৱ বৈচিত্ৰ্যগামখাৰুহস্তমৈথুনবিয়া নামঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদকাৰেংঘৰশিৱসাগৰ জিলামৌখিক পৰম্পৰাহয়গ্ৰীৱ মাধৱ মন্দিৰগুৰু আসনথমাছ আলভা এডিচনযনিজল সংৰক্ষণচিলাৰায়পাঠ্যক্ৰমজোনবিল মেলাজ্যোতিপ্ৰসাদ আগৰৱালামেকুৰী🡆 More